অসম সাহিত্য সভা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Asom sahityo sobha.jpg

১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে । ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত । ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুস্থিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাদেৱে ।

সূচী

[সম্পাদনা কৰক] অসম সাহিত্য সভাৰ ইতিহাস

ঊনৈছ শতিকাৰ শেষৰফালে কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ দেহেকেহে খাটিছিল । অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ কথা মনত ৰাখিয়েই তেওঁলোকে ১৮৮৮ চনৰ ২৫ আগষ্টত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে । ইয়াৰ লগত জড়িত ব্যক্তিসমূহ আছিল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমলচন্দ্ৰ শৰ্মা ইত্যাদি । লাহে লাহে ইয়াৰ সদস্যসংখ্যা বাঢ়িবলৈ ধৰিলে । শেষত পুলিয়ে পোখাই গজালি মেলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৯১৭ চনত অসম সাহিত্য সভাৰ ৰূপ ধাৰণ কৰে ।

[সম্পাদনা কৰক] উদ্দেশ্য

অসম সাহিত্য সভাৰ সংবিধানত উল্লেখ কৰা মতে ইয়াৰ উদ্দেশ্য এনে ধৰণৰ । "অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰাই এই সভাৰ ঘাই উদ্দেশ্য, লগতে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাও সভাৰ অন্যতম উদ্দেশ্য হ’ব । সেই উদ্দেশ্যে তলত দিইয়া ধৰণে কাৰ্য কৰিবলৈ সভা যত্নপৰ হ’ব :

  1. অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থৰ সংকলন আৰু প্ৰকাশ কৰা ;
  2. প্ৰাচীন সাহিত্য আৰু লোক-সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা ;
  3. অসমীয়া সাহিত্যত যি যি বিষয়ৰ পুথিৰ অভাৱ, সেই অভাৱ দুৰ কৰা ;
  4. প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উপযুক্ত গ্ৰন্থৰ গ্ৰন্থকাৰক বঁটা আৰু সামৰ্থহীন সাহিত্যিকক সাহাৰ্য্য প্ৰদান কৰা ;
  5. সংগীত, চিত্ৰবিদ্যা আৰু ভাস্কৰ্যবিদ্যাৰ উন্নতিসূচক কাৰ্য্য কৰা ;
  6. সভাৰ এখন মুখপত্ৰ আৰু প্ৰচাৰপত্ৰ প্ৰকাশ কৰা ;
  7. ভাষা আৰু সাহিত্যৰ প্ৰচাৰ-পত্ৰাদি প্ৰকাশ কৰা ;
  8. ভাষা-সাহিত্য-সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা ;
  9. সাহিত্য আৰু সংস্কৃতি সম্পৰ্কীয় বিনিময় আচঁনি কাৰ্যকৰী কৰা ;
  10. অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায় দুৰ কৰা ;
  11. অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ অৰ্থে আন আন কাৰ্য্য কৰা ।

[সম্পাদনা কৰক] অসম সাহিত্য সভা পত্ৰিকা

১৯২৬ চনৰ পৰা অসম সাহিত্য সভাই অসম সাহিত্য সভা পত্ৰিকা নামেৰে অসমীয়া ভাষা সাহিত্যৰ গৱেষণাধৰ্মী, বিশ্লেষণাত্মক প্ৰবন্ধৰে এখন তিনিমহীয়া আলোচনী প্ৰকাশ কৰি আহিছে। দ্বিতীয় মহাসমৰৰ সময়ত পত্ৰিকাখনৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হয়। কেইবছমান প্ৰকাশ বন্ধ হৈ থাকি ১৯৫৪ চনৰ পৰা ই পুনৰ নিয়মিতভাৱে প্ৰকাশ হৈ আছে।[1]

[সম্পাদনা কৰক] অসম সাহিত্য সভাৰ সভাপতিসকল

চন সভাপতি অধিবেশন ছবি
১৯১৭ পদ্মনাথ গোহাঞিবৰুৱা শিৱসাগৰ
১৯১৮ চন্দ্ৰধৰ বৰুৱা গোৱালপাৰা
১৯১৯ কালিৰাম মেধি বৰপেটা
১৯২০ হেমচন্দ্ৰ গোস্বামী তেজপুৰ
১৯২৩ অমৃতভূষণ দেৱ অধিকাৰী যোৰহাট
১৯২৪ কনকলাল বৰুৱা ডিব্ৰুগড়
১৯২৪ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটী
১৯২৫ ৰজনীকান্ত বৰদলৈ নগাঁও
১৯২৬ বেণুধৰ ৰাজখোৱা ধুবুৰী
১৯২৭ তৰুণৰাম ফুকন গোৱালপাৰা
১৯২৯ কমলাকান্ত ভট্টাচাৰ্য্য যোৰহাট
১৯৩০ মফুজুদ্দিন আহমদ হাজৰিকা গোলাঘাট
১৯৩১ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী শিৱসাগৰ
১৯৩৩ জ্ঞানদাভিৰাম বৰুৱা উত্তৰ লখিমপুৰ
১৯৩৪ আনন্দ চন্দ্ৰ আগৰৱালা মঙ্গলদৈ
১৯৩৬ ৰঘুনাথ চৌধাৰী তেজপুৰ
১৯৩৭ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী
১৯৪০ ময়িদুল ইছলাম বৰা যোৰহাট
১৯৪৪ নীলমণি ফুকন শিৱসাগৰ
১৯৪৭ নীলমণি ফুকন ডিব্ৰুগড়
১৯৫০ অম্বিকাগিৰি ৰায়চৌধুৰী মাৰ্ঘেৰিটা
১৯৫৩ সূৰ্য্যকুমাৰ ভূঞা শ্বিলং
১৯৫৪ নলিনীবালা দেৱী যোৰহাট
১৯৫৫ যতীন্দ্ৰনাথ দুৱৰা গুৱাহাটী
১৯৫৬ বেণুধৰ শৰ্মা ধুবুৰী
১৯৫৮ পদ্মধৰ চলিহা তিনচুকীয়া
১৯৫৯ অতুল চন্দ্ৰ হাজৰিকা নগাঁও
১৯৬০ ত্ৰৈলোক্যনাথ গোস্বামী মিৰ্জা, পলাশবাৰী
১৯৬১ ত্ৰৈলোক্যনাথ গোস্বামী গোৱালপাৰা
১৯৬৩ ৰত্নকান্ত বৰকাকতী নাজিৰা
১৯৬৪ মিত্ৰদেৱ মহন্ত ডিগবৈ
১৯৬৫ ডিম্বেশ্বৰ নেওগ নলবাৰী
১৯৬৬ বিনন্দ চন্দ্ৰ বৰুৱা উত্তৰ লক্ষিমপুৰ
১৯৬৭ নকুল চন্দ্ৰ ভূঞা ডিব্ৰুগড়
১৯৬৮ জ্ঞাননাথ বৰা তেজপুৰ
১৯৬৯ আনন্দ চন্দ্ৰ বৰুৱা বৰপেটা
১৯৭০ উপেন্দ্ৰনাথ লেখাৰু ধিং
১৯৭১ তীৰ্থনাথ শৰ্মা মাকুম
১৯৭২ হেম বৰুৱা ধুবুৰী
১৯৭৩ গিৰিধৰ শৰ্মা ৰঙিয়া
১৯৭৪ মহেশ্বৰ নেওগ মঙ্গলদৈ
১৯৭৫ সত্যেন্দ্ৰনাথ শৰ্মা তিতাবৰ
১৯৭৬ যজ্ঞেশ্বৰ শৰ্মা টিহু
১৯৭৭ চৈয়দ আব্দুল মালিক অভয়াপুৰী
১৯৭৮ প্ৰসন্নলাল চৌধুৰী গোলাঘাট
১৯৭৯ অতুল চন্দ্ৰ বৰুৱা শুৱালকুছি
১৯৮০ যতীন্দ্ৰনাথ গোস্বামী ৰহা
১৯৮১ সীতানাথ ব্ৰহ্মচৌধুৰী তিনচুকীয়া
১৯৮২ সীতানাথ ব্ৰহ্মচৌধুৰী ডিফু
১৯৮৩ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঙাইগাঁও
১৯৮৫ যোগেশ দাস বিহপুৰীয়া
১৯৮৬ বীৰেণ বৰকটকী কামপুৰ
১৯৮৭ মহেন্দ্ৰ বৰা পাঠশালা
১৯৮৮ কীৰ্তিনাথ হাজৰিকা হাইলাকান্দি
১৯৮৯ মহিম বৰা ডুমডুমা
১৯৯০ নৱকান্ত বৰুৱা বিশ্বনাথ চাৰিআলি
১৯৯১ নিৰ্মলপ্ৰভা বৰদলৈ দুধনৈ
১৯৯২ লক্ষ্যধৰ চৌধুৰী গোৰেশ্বৰ
১৯৯৩ ভূপেন হাজৰিকা শিৱসাগৰ
১৯৯৪ লীলা গগৈ মৰিগাঁও
১৯৯৫ হিতেশ ডেকা সৰ্থেবাৰী
১৯৯৬ লক্ষ্মীনন্দন বৰা বোকাখাত
১৯৯৭ নগেন শইকীয়া বিলাসীপাৰা
১৯৯৮ নগেন শইকীয়া হাওৰাঘাট
১৯৯৯ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া হাজো
২০০০ চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া যোৰহাট
২০০১ হোমেন বৰগোহাঞি ডিব্ৰুগড়
২০০২ হোমেন বৰগোহাঞি কলগাছিয়া
২০০৩ বীৰেন্দ্ৰনাথ দত্ত উত্তৰ লখিমপুৰ
২০০৪ বীৰেন্দ্ৰনাথ দত্ত হোজাই
২০০৫ কনকসেন ডেকা ছিপাঝাৰ
২০০৬ কনকসেন ডেকা বেলশৰ
২০০৭ কনকসেন ডেকা চাপৰ
২০০৯ ৰংবং তেৰাং ধেমাজি
২০১০ ৰংবং তেৰাং দেৰগাঁও

[সম্পাদনা কৰক] তথ্য সংগ্ৰহ

  1. [অসম সাহিত্য সভা পত্ৰিকাৰ ষটষষ্টিতম বৰ্ষ, প্ৰথম সংখ্যাৰ সম্পাদকীয়]



[সম্পাদনা কৰক] বাহ্যিক সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত