কামপুৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কামপুৰ
—  নগৰ  —
কামপুৰ
কামপুৰৰ অৱস্থান
অসম
স্থানাঙ্ক 26.20° N 92.63° E
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাঁও
জনসংখ্যা 1,85,087 (2011)
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
কামপুৰ মহাবিদ্যালয়ৰ গেট

অসমনগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত । নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত । কামপুৰ এখন উন্নত ঠাই । ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায় । অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে । কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা । ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে । কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল । কামপুৰ মৌজাত ১৩৫ খন গাওঁ আছে।[1] এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল । ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে ।[2]

সূচী

[সম্পাদনা কৰক] কামপুৰ নামৰ উৎপত্তি

কামপুৰ নামটোৰ উৎপত্তি সম্পৰ্কত কেইবাটাও জনশ্ৰুতি আছে । যেনে-

১. ডিমাচা কছাৰী ভাষাত ‘খাম’ মানে ‘কোনো ঠাই অধিকাৰ কৰা’, ‘বহা’ বুজায় । ‘পুৰ’ মানে শাৰী শাৰীকৈ গাঁও পাতি বসতি স্থাপন কৰা বুজায় । পুৰ মূলত সংস্কৃত শব্দহে । গতিকে খাম+পুৰ > কামপুৰ হব পাৰে । উল্লেখযোগ্য যে পূৰ্বে কামপুৰ কছাৰী পাৰ নামেৰেহে জনাজাত আছিল । খামপুৰ > কামপুৰ শব্দই কছাৰী সকলে কপিলী নৈৰ পাৰত বসতি স্থাপনৰ ইংগিত দিয়ে ।[3]

২. আন এক কিংবদন্তি মতে মহাভাৰতৰ যুগত এই অঞ্চলতেই দ্বিতীয় পাণ্ডৱ ভীমৰ লগত হিড়িম্বদাৰ আৰু অৰ্জুনৰ লগত প্ৰমীলা সুন্দৰীৰ কামনা পূৰ্ণ হৈছিল বাবেই এই অঞ্চলৰ নাম কামপুৰ নামে প্ৰখ্যাত হৈছিল । [4]

[সম্পাদনা কৰক] পৰিবহন

[সম্পাদনা কৰক] ৰেলপথ

কামপুৰ অঞ্চলৰ মাজ মজিয়াতে স্থাপন হৈছে ৰেল আস্থান । নাম কামপুৰ ৰেলোৱে ষ্টেচন (ষ্টেচন ক'ড-KWM) । এই কামপুৰ ৰেল আস্থানত অসমৰ সমূহ স্থানীয় ৰেল ৰখোৱাৰ লগতে বহুকেইখন অস্থানীয় ৰেলো ৰখোৱা হয় ।অস্থানিয় হিচাপে ব্ৰহ্মপুত্ৰ মেইল, আলিপুৰযোৱাৰ ট্ৰেইন, মৰিয়নি এক্সপ্ৰেছ, লামডিং ইন্টাৰচিটি আদি ।

[সম্পাদনা কৰক] বিমানপথ

ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে গুৱাহাটী আৰু তেজপুৰ


[সম্পাদনা কৰক] কামপুৰ চিকিৎসালয়

[সম্পাদনা কৰক] উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান

[সম্পাদনা কৰক] কামপুৰৰ ধৰ্মীয় অনুষ্ঠান

[সম্পাদনা কৰক] লগতে চাওক

[সম্পাদনা কৰক] তথ্য সুত্ৰ

  1. http://censusindia.gov.in/PopulationFinder/Sub_Districts_Master.aspx?state_code=18&district_code=10
  2. http://censusindia.gov.in/PopulationFinder/Sub_Districts_Master.aspx?state_code=18&district_code=10
  3. কামপুৰৰ ইতিবৃত্ত - প্ৰমোদ বৰা
  4. কামপুৰৰ ইতিবৃত্ত - প্ৰমোদ বৰা
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত