ধুবুৰী জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধুবুৰী জিলা
—  জিলা  —
Dhuburi collage
(ওপৰৰ পৰা ঘড়ীৰ কাটাৰ দিশত) নেতাই ধুবুনীৰ ঘাট, ঐতিহাসিক পানবাৰী মছজিদ, ধুবুৰী নগৰৰ চিলাৰাইৰ প্ৰতিমূৰ্তি, শ্ৰী গুৰু তেগবাহাদুৰ চাহিৱ গুৰুদ্বাৰ, আৰু ভোলা নাথ মহাবিদ্যালয়
অসমৰ মানচিত্ৰত ধুবুৰী জিলাৰ অৱস্থান
ৰাজ্য অসম
দেশ  ভাৰত
আসন ধুবুৰী
মাটিকালি
 - মুঠ 2,838 কি.মি. (1,095.8 বৰ্গ মাইল)
জনসংখ্যা (2011)
 - মুঠ 19,48,632
 - জনঘনত্ব 686.6/কি.মি. (1,778.3/বৰ্গ মিটাৰ)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-AS-DB
ৱেবছাইট http://dhubri.gov.in/

ধুবুৰী (ইংৰাজী: Dhubri) ভাৰতঅসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা জিলা সদৰ ধুবুৰী নগৰত অৱস্থিত। ইয়াৰ পৰা গুৱাহাটী মহানগৰলৈ দূৰত্ব ২৯০ কিঃমিঃ। ধুবুৰী পুৰণি গোৱালপাৰা জিলাৰো সদৰ আছিল, যিখন জিলা ১৮৭৬ চনতে বৃটিছ চৰকাৰে স্থাপন কৰিছিল। ১৯৮৩ চনত গোৱালপাৰা জিলাৰ বিভাজন ঘটাই ধুবুৰী জিলাৰ সৃষ্টি কৰা হয়। ধুবুৰী জিলা ভাৰতৰ মুচলমান সংখ্যাগৰিষ্ঠ জিলাসমূহৰ অন্যতম। জিলাখনত বাস কৰা মুচলমান লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি নগাঁও জিলাৰ পিছতে ধুবুৰী জিলা অসমৰ দ্বিতীয় জনবহুল জিলা [1]

ধুবুৰী নামৰ উত্পত্তি[সম্পাদনা কৰক]

ধুবুৰী নামটো চান্দ সদাগৰৰ আখ্যানৰ সৈতে জড়িত। সৰ্পৰ দেৱী মনসাৰ ভগ্নী নেতাই আছিল এজনী ধুবুনী। নেতাইৰ পৰামৰ্শ মতে কাম কৰি সতী বেউলাই তেওঁৰ স্বামী লক্ষীন্দৰৰ জীৱন যমৰ হাতৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিল। প্ৰবাদ আছে যে এই নেতাই ধুবুনীৰ কাপোৰ ধোৱা ঘাট আছিল বৰ্তমানৰ ধুবুৰী নগৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত। "নেতাই ধুবুনীৰ ঘাট"ত থকা এচটা প্ৰকাণ্ড শিলত হেনো নেতায়ে কাপোৰ ধুইছিল। এই ধুবুনী শব্দৰ পৰাই ধুবুৰী শব্দটোৰ উত্পত্তি হৈছে।

ইতিহাস[সম্পাদনা কৰক]

ইতিহাসৰ বিভিন্ন যুগত ধুবুৰী অঞ্চলত আক্ৰমণকাৰী, প্ৰব্ৰজনকাৰী আদি নানা ৰূপত বিভিন্ন জাতি-গোষ্ঠীৰ আগমন হৈছে। তাৰেই ফলস্বৰূপে এই অঞ্চলত এক সংমিশ্ৰিত সংস্কৃতিৰ বিকাশ হৈছে।

১৯৬৯ খৃষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱে অম্বৰৰাজ ৰাম সিংহক আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ বিৰুদ্ধে ৰণ কৰিবলৈ পঠিয়াইছিল। কিন্তু অসম আছিল এখন দুৰ্গম দেশ, যাক জয় কৰা সহজসাধ্য নাছিল। সেয়েহে ৰাম সিংহই শিখ গুৰু তেগ বাহাদুৰক (পাঞ্জাবী: ਗੁਰੂ ਤੇਗ਼ ਬਹਾਦੁਰ, হিন্দী: गुरू तेग़ बहादुर) তেওঁৰ সৈতে আহিবলৈ অনুৰোধ জনাইছিল। ১৯৬৯ খৃষ্টাব্দৰ ফ্ৰেব্ৰুৱাৰী মাহত ৰাম সিংহৰ সেনাবাহিনী অসম আহি পালেহি। ৰাম সিংহই ৰঙামাটিত শিৱিৰ পাতিলে আৰু শিখ গুৰুজনা ধুবুৰীতে ৰ'ল।

On arrival to Kamrup early in February 1669 AD, Guru Teg Bahadur camped at Dhubri while Raja Ram Singh with his army camped at Rangamati Fort. Though the Imperial Army was confident but still not sure whether the holy man with them would be able to destroy the evil effects of magic and witchcraft of the Assamese. Just across the river the Assamese were unnerved by the superior numbers of the Imperial Army but they were confident that the supernatural powers of their magicians would keep the attackers at bay.

The Assamese women magicians with their tantric paraphernalia began reciting mantras of destruction in their encampment directly across the river of the camp of Guru Teg Bahadur. But all their magical effects failed to harm the Guru. The magicians were over confident about their ability to destroy any human being. From across the river they hurled a 26 feet long stone, which came arcing across the sky like a missile and struck the ground, near Guru's camp, so hard that nearly half of its length was embedded in the ground. It can still be seen in the same position. A historical brass tablet was placed by the British when they tried to dismantle the tilted stone in the heart of the city.

When their missile of stone failed to harm the Guru, the magician next flung a tree, which fell very close to the Guru's camp without causing injury to any one. Then, as Guru Teg Bahadur took his bow and aimed an arrow at the altar of magic, all of their magic and sorcery came to a sudden end. The magicians realized that superior powers had completely deprived them of their magical strengths and blocked their will power. Then they crossed the river to the Guru's camp and begged forgiveness for having offended him. They told him that they were fighting only to repel the foreigners who had come to enslave them. They told him that they were fighting only to repel the foreigners who had come to enslave them.

Guru Teg Bahadur assured the magicians that he would work to bring peace between Raja Ram Singh and the Ahom King, for which, a change of heart was necessary on both sides. Consequently, he advised Raja Ram Singh to achieve his rulers objectives through peaceful negotiations and not to fight unless he was attacked.

The peace settlement brought about by the efforts of Guru Teg Bahadur was celebrated by a joint homage to the shrine of Guru Nanak by both the Mughal and the Ahom armies. The mound of peace of Dhubri was erected with the red earth carried by the soldiers of both the armies on their shields. This permanent monument to Guru Tegh Bahadur's a successful peace efforts stands at Dhubri to this day. Pilgrims from all over India visit Dhubri to pay homage at Gurdwara Damdama Sahib. They also visit the mound of peace constructed by Hindus an& Muslims soldiers of the two armies.

There is also Panchpeer Dargaha It is Mazar Sharif of five Sufi Saints who accompanied Mughal General Raja Ram Singh during his time of Mughal fight with the Ahom Regime of Assam

ধুবুৰী নগৰৰ শ্ৰী গুৰু তেগবাহাদুৰ চাহিৱ গুৰুদ্বাৰা
ধুবুৰী নগৰৰ চিলাৰাইৰ প্ৰতিমূৰ্তি

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ধুবুৰী জিলাৰ মাটি কালি ২৮৩৮ বৰ্গ কিঃমিঃ। [2] এই মাটি কালি ৰুচিয়াৰ Zemlya Georga প্ৰদেশৰ প্ৰায় সমান।[3] ধুবুৰী জিলা ৮৯.৪২- ৯০.১২ ডিগ্ৰী পূব দ্ৰাঘিমাংশ আৰু ২৬.২২- ২৫.২৮ ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। সমুদ্ৰ পৃষ্ঠৰ পৰা জিলাখনৰ উচ্চতা ৩০ মিটাৰ। জিলাখনৰ ভূভাগ সমভূমি প্ৰকৃতিৰ যদিও ঠায়ে ঠায়ে কিছুমান চাপৰ পাহাৰ দেখা যায়। টোকোৰাবন্ধা, দুধনাথ, চান্দৰ দিঙা, বৌকুমাৰী, চক্ৰশীল আদি এনে কেইখনমান পাহাৰ। ব্ৰহ্মপুত্ৰ নৈ জিলাখনৰ মাজেৰে বৈ গৈছে। চম্পাৱতী, গৌৰাং, গদাধৰ, গংগাধৰ, টিপকাই, সোণকোষ, শিলাই, জিঞ্জিৰাম ধুবুৰী জিলাৰ উপনৈ।

জিলাখনক আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক উভয় সীমান্তই চুই গৈছে। জিলাখনৰ উত্তৰে কোকৰাঝাৰ জিলা; পূবে গোৱালপাৰা জিলা, বঙাইগাঁও জিলা আৰু মেঘালয়; দক্ষিণে বাংলাদেশ আৰু মেঘালয়; পশ্চিমে পশ্চিম বংগ আৰু বাংলাদেশ।

দৰ্শনীয় স্থান[সম্পাদনা কৰক]

পানবাৰী মছজিদৰ অন্তৰ্ভাগ
নেতাই ধুবুনীৰ ঘাট

পানবাৰী মছজিদ
ঐতিহাসিক পানবাৰী মছজিদ ধুবুৰীৰ পৰা ২৫ কিঃমিঃ পূবত পানবাৰী আৰু ৰঙামাটিৰ ওচৰত, ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত।[4] এইটো মছজিদক অসমৰ আটাইতকৈ পুৰণি মছজিদ বুলি ভবা হয়। ইয়াক বংগৰ শাসক হুচেইন শ্বাহে ১৪৯৩- ১৫১৯ খৃষ্টাব্দৰ সময়চোৱাত নিৰ্মাণ কৰিছিল। মছজিদটোক ইচলামধৰ্মী মোগল সেনাসকলে প্ৰাৰ্থনা-গৃহৰূপে ব্যৱহাৰ কৰিছিল। মছজিদটোৰ সৈতে থকা ইদগাহ পথাৰ আৰু কুঁৱা এটাও উল্লিখিত সময়চোৱাতে সম্ভৱতঃ নিৰ্মাণ কৰা হৈছিল। Panbari "Pahar", thus is known as the holy seat of the Muslims in Assam. The scenic beauty of the hills with its rich flora, its unique location together with the archeological importance, holds promise of becoming an important tourist spot in India. It is said that about 200 years ago, the local people of this place found this mosque in Panbari "Pahar" under the thick foliage. They cleaned this place and started to offer Namaz there. During ‘Idd’ this mosque wears a special look. Thousands of people from different parts of the country visit this mosque. Not only the people from India but also from England and Japan visit this place. But the masjid is fast losing its glory due to lack of proper maintenance.

পঞ্চপীৰ দৰগাহ
পঞ্চপীৰ দৰগাহ হ'ল পাঁচগৰাকী চুফী সন্তৰ মাজাৰ চৰিফ। এই সন্তকেইগৰাকী আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ মোগল সেনাপতি ৰামসিংহৰ সৈতে অসমলৈ আহিছিল।[5]

মহামায়া থান
ধুবুৰী জিলাৰ বগৰীবাৰীৰ এখন চাপৰ পাহাৰৰ ওপৰত এই থানখন অৱস্থিত। ঘন জংঘলেৰে আৱৰি থকা এই থানখনৰ নৈসৰ্গিক শোভা আকৰ্ষণীয়। মহামায়া থান নামনি অসমৰ এখন প্ৰখ্যাত শক্তিপীঠ।[6]

ৰামৰায়কুটী সত্ৰ
এই সত্ৰখন ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমা আৰু অসম-পশ্চিম বংগ আন্তঃৰাজ্যিক সীমাৰ ওচৰৰ ছত্ৰশাল নামে ঠাইখনত অৱস্থিত। সত্ৰখন স্থাপন কৰিছিল শংকৰ গুৰুৱে। ইয়াতে গুৰুজনাৰ সম্পৰ্কীয় ভাতৃ ৰামৰায়ৰ জীয়ৰী ভূৱনেশ্বৰীৰ সৈতে কোঁচ সেনাপতি চিলাৰায়ৰ বিবাহ অনুষ্ঠিত হৈছিল। পিতলেৰে নিৰ্মিত এখন ঐতিহাসিক ৰথ ইয়াত সংৰক্ষিত হৈ আছে।[7]

ধুবুৰী নগৰৰ গুৰুদ্বাৰ
এই গুৰুদ্বাৰটোক 'শ্ৰীগুৰু তেগ বাহাদুৰ চাহিব' বুলি জনা যায়। সোতৰ শতিকাত নৱম শিখগুৰু তেগবাহাদুৰে (Punjabi: ਗੁਰੂ ਤੇਗ਼ ਬਹਾਦੁਰ, Hindi: गुरू तेग़ बहादुर) এই গুৰুদ্বাৰটো প্ৰতিষ্ঠা কৰিছিল।[8]

চক্ৰশিলা অভয়াৰণ্য

শিল্প-সংস্কৃতি[সম্পাদনা কৰক]

আশাৰকান্দি গাঁওৰ টেৰাকোটা শিল্প
Dhubri district of Assam have occupied a pivotal position in terracotta market of the world. The Assamese terracotta art and culture took its birth at Asharikandi, a small village near Gauripur town in Dhubri district. More than 80% families of this craft village are engaged in this ethnic based art (handicraft) and pass their life after selling these terracotta products in the national and international markets.[9]

কুহিলা শিল্প

অৰ্থনীতি[সম্পাদনা কৰক]

ধুবুৰী জিলাখন মূলতঃ কৃষি আৰু বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল । এই জিলাৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস হৈছে ধানখেতি (শীতকাল আৰু শৰৎ কাল)। ইয়াৰোপৰি মৰাপাট, সৰিয়হ,ঘেঁহু আৰু কুহিয়াৰৰ খেতিও কৰা হয়। বনজ সম্পদৰ ভিতৰত কাঠ, বাঁহ, শিল আৰু বালি আহৰণ কৰা হয়। মাছ,গাখীৰ, মাংস আৰু কণী উৎপাদনো যথেষ্ট পৰিমাণে কৰা হয়। বৰ্তমান জিলাখনত ১৩৬২.৩৩ হেক্টৰ আগুৰি তিনিখন চাহ বাগিছা আছে, কিন্তু জিলাখনৰ অৰ্থনীতিলৈ বাগান কেইখনৰ অৱদান নগণ্য। ভূমি ৰাজহ সামাণ্য আহৰণ কৰা হয় যদিও চেক গেটৰ কৰ আৰু এক্সাইজ ডিউটি চৰকাৰে যথেষ্ট পৰিমাণে আহৰণ কৰে। জিলাখনৰ প্ৰাকৃতিক সম্পদ সমূহ এতিয়াও পৰ্যাপ্ত পৰিমানে আহৰণ কৰা হোৱা নাই। জিলাখনৰ প্ৰাকৃতিক সম্পদ সমূহ এতিয়াও সঠিকভাৱে আহৰণ কৰিব পৰা হোৱা নাই, এই সম্পদসমূহ সঠিকভাৱে আহৰণ আৰু ব্যৱহাৰ কৰিব পাৰিলে জিলা তথা ৰাজ্যৰ অৰ্থনীতি যথেষ্ট সবল হৈ পৰিব।

ধুবুৰী জিলাৰ কেইবিধমান উল্লেখযোগ্য উ‍ৎপাদন আৰু ইয়াৰ পৰা লাভ কৰা আৰ্জন এনে ধৰণৰ-

  • ধান উৎপাদন: ১৫,০০০ টন (প্ৰায়)
  • বনজ সম্পদৰ পৰা আহৰণ কৰা ৰাজহ: ৪০ লাখ টকা (প্ৰায়)
  • আবকাৰী ৰাজহ: ১,৭০,৮০,৭৪২ টকা ( ২০০০-০১ চন)
  • বিক্ৰী কৰ: ১০,১৩,৩৬,৯০২ টকা ( ২০০০-০১ চন)[10]

ৰাজনৈতিক আৰু প্ৰশাসনিক গাঁথনি[সম্পাদনা কৰক]

ধুবুৰী জিলাৰ মহকুমা তিনিটা-

  1. ধুবুৰী (সদৰ মহকুমা)
  2. বিলাসীপাৰা
  3. দক্ষিণ শালমাৰা- সদৰ হাটশিঙিমাৰী।

পৌৰ নগৰ ৫ খন-

  1. ধুবুৰী
  2. গৌৰীপুৰ
  3. সাপটগ্ৰাম
  4. বিলাসীপাৰা
  5. চাপৰ

বিধানসভাৰ সমষ্টি ৭ টা। সাতোটা বিধানসভাৰ সমষ্টিয়ে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।

  1. মানকাচাৰ
  2. শালমাৰা দক্ষিণ
  3. ধুবুৰী
  4. গৌৰীপুৰ
  5. গোলোকগঞ্জ
  6. বিলাসীপাৰা পশ্চিম
  7. বিলাসীপাৰা পূব।[11]

জিলাখনৰ ৰাজহ চক্ৰ ৮টা, পুলিচ থানা ৮ খন।

যাতায়ত[সম্পাদনা কৰক]

Dhubri has an airport at Rupshi which is about 23 km away from the town. It was constructed during World War II by the British Govt. mainly for military purpose. Till 1983, the Indian Airlines and some private commercial flights operated regularly between Calcutta, Guwahati and Dhubri. Now it is totally closed. However, recently the ministry of DONER, GOI, has taken some initiative to renovate and functionalise the airport. The town had a very busy river port on the bank of the Brahmaputra which was used as an international trade centre with the neighbouring countries, specially in British era. At present, this port is lying idle. The importance of the Railway station and the MG line was also decreased since 1947, when the direct line to Calcutta was snapped as it ran through erstwhile East Pakistan (now Bangladesh). However the train facilities are running from Dhubri taking a new route from Dhubri to Guwahati Kamakhya station. The train has newly started on 2010 again, and it is functioning smoothly. the Government Boys Higher secondary School and GOVT Girls Higher secondary school are the two important schools of Dhubri town and the oldest too.

জনগাঁথনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি ভুবুৰী জিলাৰ জনসংখ্যা ১৯,৪৮,৬৩২ জন।[1] ই আফ্ৰিকীয় দেশ লেচ'থো (Lesotho)[12] বা যুক্তৰাষ্ট্ৰৰ পশ্চিম ভাৰ্জিনিয়া প্ৰদেশৰ.[13] জনসংখ্যাৰ প্ৰায় সমান। জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ১১৭১ জন। ২০০১- ২০১১ দশকটোত জনসংখ্যা বৃদ্ধিৰ হাৰ ২৪.৪ %। ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫২ জনী। শিক্ষিতৰ হাৰ ৫৯.৪ %।[1]

জিলাখনৰ সংখ্যা গৰিষ্ঠ লোক মুচলমান। মুচলমান লোকৰ সংখ্যা ১২,১৬,৪৫৫ জন- মুঠ জনসংখ্যাৰ ৭৪ %। হিন্দু আৰু খ্ৰীষ্টিয়ান লোকৰ সংখ্যা ক্ৰমে ৪,০৫,০৬৫ আৰু ১২,৪৭৭ জন।[14] বেছি সংখ্যক লোকে বাংলা আৰু গোৱালপৰীয়া উপভাষা কয়।

শিক্ষা[সম্পাদনা কৰক]

ভোলানাথ মহাবিদ্যালয়

বৰ্তমান জিলাখনত উচ্চ শিক্ষাৰ বাবে ১৫ খন মহাবিদ্যালয় আছে। ১৯৪৬ চনত স্থাপিত ভোলানাথ মহাবিদ্যালয় খন হৈছে ধুবুৰীৰ আটাইতকৈ পুৰণি আৰু বিখ্যাত শিক্ষা প্ৰতিষ্ঠান।

ইয়াৰোপৰি ধুবুৰীত এখন আই টি আই আৰু এশখনৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। আগন্তক ২ বছৰৰ ভিতৰত ধুবুৰীত ধুবুৰী চিকিৎসা মহাবিদ্যালয় গঢ় লৈ উঠিব।[উদ্ধৃতিৰ প্ৰয়োজন]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. http://dhubri.gov.in/
  3. "Island Directory Tables: Islands by Land Area". United Nations Environment Program. 1998-02-18. http://islands.unep.ch/Tiarea.htm। আহৰণ কৰা হৈছে: 2011-10-11. "Zemlya Georga 2,821km2" 
  4. A forgotten chapter of history – Panbari mosque. http://itsmynortheast.com/2011/06/a-forgotten-chapter-of-history-panbari-mosque/. 
  5. http://dhubri.gov.in/PlaceOfInterest.html
  6. http://dhubri.gov.in/PlaceOfInterest.html
  7. http://dhubri.gov.in/PlaceOfInterest.html
  8. http://dhubri.gov.in/PlaceOfInterest.html
  9. Asharikandi: Famous for Terracota
  10. http://dhubri.gov.in/DBBEconomy.html
  11. "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  12. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Lesotho 1,924,886" 
  13. "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "West Virginia 1,852,994" 
  14. Indian Census

বাহ্যিক সংযোগ[সম্পাদনা কৰক]