অসম আন্দোলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম আন্দোলনৰ দৃশ্য

অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিছাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল[1]। অহিংস হিছাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে।

ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দ‍ই অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে।

ইতিহাস[সম্পাদনা কৰক]

বিক্ষোভত ৰাইজৰ অংশগ্ৰহণ
অসম চুক্তিত স্বাক্ষৰ

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ছোৱাত পূব পাকিস্তানৰ পৰা বহুসংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰবজন কৰে। বাংলাদেশৰ সৃষ্টিৰ পিছত ইয়াৰে বহুতো ঘূৰি যায় যদিও কিছু অসমতে থাকি যায়। ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে অনুপ্ৰবেশকাৰী সমস্যাই অসমীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। ১৯৭৮ চনৰ 28 মাৰ্চত লোকসভাৰ সদস্য হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাৰ ফলত মঙ্গলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়। ২৭ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰা হয়। তেতিয়া এই কথা ধৰা পৰে যে কেৱল মঙলদৈতে প্ৰায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত আছে[2]

১৯৭৯ চনৰ মাৰ্চ মাহত সদৌ অসম ছাত্ৰ সন্থাৰ এখন সভাত প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন ক্ৰমে সভাপতি আৰু সম্পাদক নিৰ্বাচিত হয়। । ২৭ জুনত 'আছু'ৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয় চৌদহত বহিৰাগত সমস্যাক লৈ অনুষ্ঠিত এখন সভাত জাতীয়তাবাদী দলে এই সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ জনায়[2]। আছুৱে "বিদেশী বহিষ্কাৰ"ক মূল দাবী হিচাপে লৈ আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭৯ চনৰ চেপ্তেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। ইফালে মুখ্য নিৰ্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া বিদেশী ভোটাৰৰ নাম থকা ভোটাৰ তালিকাৰে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব নিদিবলৈ গণ আন্দোলনে গা কৰি উঠে। নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ যোৱা প্ৰাৰ্থীক বাধা প্ৰদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম ছহীদ হয়[2]

অসম আন্দোলনৰ বা বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰধান উদ্দেশ্যসমূহ আছিল: পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰীসকলক চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম আঁতৰোৱা আৰু তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰা[1]। অসমৰ জনসাধাৰণেও এই বিক্ষোভৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি আগবঢ়ায়। আন্দোলনৰ নেতৃবৃন্দ আৰু ভাৰতৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মাজত কেইবালানিও আলোচনা হয় । ছাত্ৰসন্থাই ১৯৫১ চনক অবৈধ অনুপ্ৰবেশকাৰী বহিষ্কৰণৰ ভিত্তিবৰ্ষ হিছাপে ধৰিবলৈ দাবী জনাই কিন্তু চৰকাৰে ১৯৬৬ চনহে প্ৰস্তাৱ কৰে। ফলত আলোচনালানি বিফল হয়।

১৯৮০ চনৰ শেষৰে পৰা কেন্দ্ৰীয় চৰকাৰএ আন্দোলনটোৰ প্ৰতি কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ধৰে। লাহে লাহে জনসমৰ্থনো কমি আহে আৰু ১৯৮১ৰ পৰা ১৯৮২ চনলৈকে আন্দোলনৰ গতি স্থবিৰ হৈ পৰে। ৰাজ্যৰ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাৱলী সংঘটিত হ’বলৈ ধৰে। ১৯৮৩ চনত ৰাইজৰ প্ৰবল বিৰোধিতা আৰু বৰ্জন সত্ত্বেও অসমত ৰক্তক্ষয়ী নিৰ্বাচন অনুষ্ঠিত হয় আৰু হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হয়৷ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱনেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় ১৮০০ লোকৰ (চৰকাৰী সূত্ৰৰ মতে) মৃত্যু হয়[3]। আন্দোলনৰ সময়ছোৱাত ৮৫৫ জন ছাত্ৰ সদস্যৰো মৃত্যু হয়। ১৯৮৪ চনৰ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আন্দোলনকাৰীসকলৰ লগত এলানি আলোচনাত মিলিত হয়। অৱশেষত ১৯৮৫ চনৰ ১৫ আগষ্টত ছাত্ৰসন্থাৰ নেতৃবৃন্দ আৰু ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত নতুন দিল্লীত "অসম চুক্তি" সাক্ষৰিত হয় আৰু ছবছৰীয়া অসম আন্দোলনৰ সামৰণি পৰে।

চুক্তিমতে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰে পদত্যাগ কৰে আৰু আন্দোলনৰ নেতাসকলে অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে আৰু প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়।

অসম আন্দোলনৰ ফলাফল[সম্পাদনা কৰক]

প্ৰধান প্ৰবন্ধ: অসম চুক্তি

অসম আন্দোলনৰ প্ৰধান কাৰণ অবৈধ বিদেশী সমস্যাৰ এতিয়াও সমাধান হোৱা নাই যদিও "অসম চুক্তি"ৰ কিছু চৰ্ত ৰূপায়ণ কৰা হৈছে[4]। সেইসমূহ হ’ল:

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 [1]Digital NorthEast, আহৰণ ১১.১০.২০১১
  2. 2.0 2.1 2.2 সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড), শান্তনু কৌশিক বৰুৱা৷
  3. [2]It is 26 years since Nellie massacre:victims still await justice, আহৰণ ১১.১০.২০১১
  4. [3]Tripartite talks to review the implementation of the Assam Accord held in New Delhi on 31.05.2000, আহৰণ ১১.১০.২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • [4]Assam Accord