শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


স্থানাংক: 26°07′50″N 91°49′21″E / 26.1306°N 91.8224°E / 26.1306; 91.8224

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ
প্ৰতিষ্ঠা ২ ফেব্ৰুৱাৰী, ১৯৮৮[1]
অৱস্থিতি পাঞ্জাবাৰী, গুৱাহাটী, অসম, ভাৰত
স্থানাংক 26°07′50″N 91°49′21″E / 26.1306°N 91.8224°E / 26.1306; 91.8224

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Srimanta Sankaradeva Kalakshetra) বা চমুলৈ কলাক্ষেত্ৰ গুৱাহাটীপাঞ্জাবাৰীত অৱস্থিত এক সাংস্কৃতিক ভৱন। এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ভৱনৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ, বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰখা হৈছে[2]অসমীয়া সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। অসমৰ সংগীত জগতৰ অন্যতম প্ৰসিদ্ধ আৰু পুৰোধ্য ব্যক্তি ভূপেন হাজৰিকাদেৱৰ এক সংগ্ৰহালয়ো ইয়াত স্থাপন কৰা হৈছে[3]

প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক ভৱন ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হৈছিল। এই প্ৰকল্পৰ সজ্জা ৰূপায়নৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে[1]

পৰিধি[সম্পাদনা কৰক]

  • অসমৰ সাংস্কৃতিক সংগ্ৰহালয়
  • উন্মূক্ত প্ৰেক্ষাগৃহ (open-air theater)
  • ললিত কলা ভৱন
  • ভূপেন হাজৰিকা সংগ্ৰহালয়[2]
  • শিশু উদ্যান বা শিশু বন, এই উদ্যানখন ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উত্‍সৰ্গ কৰা হৈছে, এই উদ্যান প্ৰায় ১২ বিঘা মাটিকালি জুৰি আছে য’ত এটা শিশু পুথিভঁৰাল, পেট্ৰকেমিকেল গেলেৰী, ছ’লাৰ হাট (solar hut), পুতলা সংগ্ৰাহলয় আদি আছে[1]

চিত্ৰভঁৰাল[সম্পাদনা কৰক]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Srimanta Sankardev Kalakshetra". Guwahatitimes.com. 2011-09-24. http://www.guwahatitimes.com/guwahati/kalakshetra.html। আহৰণ কৰা হৈছে: 2013-03-12. 
  2. 2.0 2.1 "Srimanta Sankardeva Kalakshetra India Tourist Information". Touristlink.com. http://www.touristlink.com/india/srimanta-sankardeva-kalakshetra/overview.html। আহৰণ কৰা হৈছে: 2013-03-12. 
  3. "Srimanta Sankaradeva Kalakshetra". Kalakshetra-assam.gov.in. http://www.kalakshetra-assam.gov.in/। আহৰণ কৰা হৈছে: 2013-03-12. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]