চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
Chakravarti Rajagopalachari

দপ্তৰৰ কাৰ্যকাল
২১ জুন, ১৯৪৮ – ২৬ জানুৱাৰী, ১৯৫০
সম্ৰাট জৰ্জ VI
প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু
পূৰ্বসূৰী দ্য আৰ্ল মাউণ্টবেটেন (বাৰ্মা)
উত্তৰসূৰী Position abolished

দপ্তৰৰ কাৰ্যকাল
১০ এপ্ৰিল ১৯৫২ – ১৩ এপ্ৰিল ১৯৫৪
ৰাজ্যপাল শ্ৰী প্ৰকাশা
পূৰ্বসূৰী পি. এছ. কুমাৰাস্বামী ৰাজা
উত্তৰসূৰী কে. কামাৰাজ

দপ্তৰৰ কাৰ্যকাল
২৬ ডিচেম্বৰ ১৯৫০ – ২৫ অক্টোবৰ ১৯৫১
প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু
পূৰ্বসূৰী বল্লবভাই পেটেল
উত্তৰসূৰী কৈলাশ নাথ কাটজু

দপ্তৰৰ কাৰ্যকাল
১৫ আগষ্ট ১৯৪৭ – ২১ জুন ১৯৪৮
Premier প্ৰফুল্ল চন্দ্ৰ ঘোষ<br বিধান চন্দ্ৰ ৰয়
পূৰ্বসূৰী ফ্ৰেডেৰিক বুৰৌচ
উত্তৰসূৰী কৈলাশ নাথ কাটজু

মাদ্ৰাজৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী)
দপ্তৰৰ কাৰ্যকাল
১৪ জুলাই ১৯৩৭ – ৯ অক্টোবৰ ১৯৩৯
ৰাজ্যপাল দ্য লৰ্ড এৰছকাইন
পূৰ্বসূৰী কুমাৰ ভেংকট ৰেড্ডী নাইডু
উত্তৰসূৰী টাংগুটুৰি প্ৰকাশম

জন্ম ডিচেম্বৰ ১০, ১৮৭৮
থৰাপল্লি, ব্ৰিটিছ ৰাজ (বৰ্তমান ভাৰতত)
মৃত্যু ডিচেম্বৰ ২৫, ১৯৭২ (৯৪ বছৰ)
মাদ্ৰাজ, ভাৰত
ৰাজনৈতিক দল স্বতন্ত্ৰ দ’ল (১৯৫৯–১৯৭২)
অনান্য ৰাজনৈতিক
দল
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৫৭ ৰ আগত)
ভাৰতৰ ৰাষ্ট্ৰীয় গনতান্ত্ৰিক কংগ্ৰেছ (১৯৫৭–১৯৫৯)
দাম্পত্য সঙ্গী আলামেলু মাংগাম্মা (১৮৯৭ - ১৯১৬)
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান কেন্দ্ৰীয় মহাবিদ্যালয়<br প্ৰেছিডেন্সী মহাবিদ্যালয়, মাদ্ৰাজ
পেছা উকীল
লিখক
ষ্টেটছমেন
ধৰ্ম হিন্দু ধৰ্ম
স্বাক্ষৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী's signature

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (ইংৰাজী: Chakravarti Rajagopalachari; (জন্ম:১৮৭৯ - মৃত্যু:১৯৭২) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুত্পত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল। সকলো শ্ৰেণীৰ লোককে তেওঁ সমভাৱত চাইছিল। তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হৱপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজাগোপালাচাৰী বুলিহে সম্বোধন কৰিছিল। ১০৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল, ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। [1]


জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ জন্ম হয় ১৮৭৯ চনত মাদ্ৰাছ প্ৰেছিডেন্সীৰ অন্তৰ্গত তামিলনাডুৰ থোৰাপল্লী গাঁৱত[2][3][4]। পিতাক আছিল মুন্সিফ। ৰাজাজী সৰুৰে পৰা পঢ়াত বৰ চোকা বুদ্ধিৰ আছিল। কিন্তু সৰু কালত হোৱা তেওঁৰ চকুৰ অসুখৰ বাবে, সৰু কালছোৱাত তেওঁক পঢ়া-শুনাত বৰ আমনি দিছিল। কিন্তু তেনে অসুখত ভুগিও তেওঁ পঢ়া-শুনাত সদায় সুনাম আৰ্জিছিল।

তেওঁ মাদ্ৰাজচেন্ট্ৰল হিন্দু কলেজৰ পৰা বি এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু মাদ্ৰাজৰপৰাই তেওঁ আইন পৰীক্ষাতো উত্তীৰ্ণ হৈছিল। আইন পৰীক্ষাত উত্তীৰ্ণ হৈয়ে তেওঁ ওকালতিত মনোযোগ দিছিল। কম দিনৰ ভিতৰতে তেওঁ এজন ভাল উকিল হিচাপে সমাজত জনাজাত হৈছিল। [1]


কৰ্মজীৱন[সম্পাদনা কৰক]

মহামানৱ মহাত্মা গান্ধীৰ অহিংস অসহযোগৰ আহ্বান দিয়াৰ সময়তে দেশৰৰ শ শ লোকৰ সৈতে ৰাজাজীয়েও নিজৰ লাভবান ব্যৱসায় এৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। এনেদৰে তেওঁ ১৯২০ চনৰ পৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিটো আন্দোলনতে অংশ গ্ৰহণ কৰি বহুবাৰ কাৰাবৰণ কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ প্ৰস্তাৱৰ সময়ত আন আন নেতাৰ লগত মনোমালিন্য ঘটি তেওঁ কংগ্ৰেছৰ পৰা ওলাই আহিছিল। তেওঁ বিভিন্ন ৰাজহুৱা বিষয়-পদত থাকি, দেশলৈ অৰিহণা আগবঢ়াইছিল। তেওঁ জৱাহৰলাল নেহৰু চৰকাৰৰ মন্ত্ৰীসভাতো যোগদান কৰিছিল। কিছুদিনৰ কাৰণে তেওঁ পশ্চিমবংগৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল। ১৯৪৮ চনৰ পৰা ১৯৫০ চনলৈ তেওঁ ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৫১ চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪চনলৈ তেওঁ আছিল মাদ্ৰাজ (তামিলনাডু)ৰ মুখ্যমন্ত্ৰী।

ভাষা সাহিত্যলৈও তেওঁ যথেষ্ট বৰঙণি আগবঢ়াইছে। সাহিত্য-সাধক ৰাজাজীয়ে ভালেকেইখন ইংৰাজী আৰু তামিল গ্ৰন্থ ৰচনা কৰিছিল। ৰাজাজীৰ ৰমায়ণ আৰু মহাভাৰত সমগ্ৰ ভাৰতৰে আজিও আদৰৰ বস্তু । তেওঁৰ আন দুখন জনপ্ৰিয় গ্ৰন্থ হল-চক্ৰেটিছ আৰু মাৰ্ক্স আৰেলিয়চ[1]


পুৰস্কাৰ প্ৰাপ্ত বঁটা[সম্পাদনা কৰক]

গ্ৰন্থ সংকলন[সম্পাদনা কৰক]

  1. চক্ৰেটিছ,
  2. মাৰ্ক্স আৰেলিয়চ,
  3. ৰামায়ণ,
  4. মহাভাৰত,


মৃত্যু[সম্পাদনা কৰক]

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰ্য্য, এই লোহ মানৱগৰাকীয় দেহাৱসান ঘটে ১৯৭২ চনত মাদ্ৰাজ (চেন্নাই) চহৰত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭,৮. 
  2. Bakshi, p 1
  3. Famous Indians of the 21st Century. Pustak Mahal. 2007. পৃষ্ঠা. 42. ISBN 81-223-0829-5, ISBN 978-81-223-0829-7. 
  4. Hopley, Antony R. H.. "Chakravarti Rajagopalachari". Oxford Dictionary of National Biography. http://www.oxforddnb.com/view/article/31579. 
  5. "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]


অধিক পঢ়ক[সম্পাদনা কৰক]

ৰাজনৈতিক কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
Kurma Venkata Reddy Naidu
Premier of Madras
1937–1939
পৰৱৰ্তী
Tanguturi Prakasam
পূৰ্বৱৰ্তী
Frederick Burrows
Governor of West Bengal
1947–1948
পৰৱৰ্তী
Kailash Nath Katju
পূৰ্বৱৰ্তী
Vallabhbhai Patel
Minister of Home Affairs
1950–1951
পূৰ্বৱৰ্তী
Poosapati Sanjeevi Kumarswamy Raja
Chief Minister of Madras
1952–1954
পৰৱৰ্তী
Kumarasami Kamaraj
চৰকাৰী কাৰ্যালয়সমূহ
পূৰ্বৱৰ্তী
The Earl Mountbatten of Burma
Governor General of India
1948–1950
পৰৱৰ্তী
Rajendra Prasad
as President of India