ৰাজেন্দ্ৰ প্ৰসাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ

দপ্তৰৰ কাৰ্যকাল
২৬ জানুৱাৰী, ১৯৫০ – ১৩ মে', ১৯৬২
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
উপ ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণ
পূৰ্বসূৰী Position Established
উত্তৰসূৰী সৰ্বপল্লী ৰাধাকৃষ্ণণ

জন্ম ডিচেম্বৰ ৩, ১৮৮৪
জীৰাদেঈ গাওঁ, সাৰণ জিলা, বিহাৰ
মৃত্যু ফেব্ৰুৱাৰী ২৮, ১৯৬৩ (৭৮ বছৰ)
পাটনা, বিহাৰ
জাতীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্য সঙ্গী ৰাজবংশী দেৱী
অধ্যয়নকৃত শিক্ষা প্ৰতিষ্ঠান কলিকতা বিশ্ববিদ্যালয়
জীৱিকা ৰাষ্ট্ৰপতি, উকীল, আষ্ঠীকল কেৰাণী,
মন্ত্ৰী, খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী,
সাংবাদিক,সাহিত্যিক


ৰাজেন্দ্ৰ প্ৰসাদ (ইংৰাজী: Rajendra Prasad)(জন্ম:১৮৮৪- মৃত্যু:১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম বাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত ৰাজেন্দ্ৰ বাবু বুলি জনাজাত ডঃ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল। তেওঁ সাহিত্যিক আৰু সাংবাদিক হিচাপেও প্ৰখ্যাতি আছিল প্ৰচুৰ, সাংবাদিক জীৱনত তেওঁ চাৰ্চলাইট নামৰ এখন ইংৰাজী কাকত আৰু দেশ নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল।[1]


জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জন্ম হোৱা এবছৰ আগেয়ে, ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল মুঞ্চি মহাদেউ সহায়। তেওঁলোক আছিল কায়স্থ পৰিয়ালৰ লোক। তেওঁলোকৰ পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰ আছিল। বিহাৰলৈ আহি তেওঁলোকে হাথুৱা ৰাজ জমিদাৰীত সাধাৰণ ৰায়ত হিচাপে কিছুদিন বসবাস কৰাৰ পিছত সেই পৰিয়ালৰ লোকে লাহে লাহে এখন দুখনকৈ কেবাখনো গাওঁ কিনি লৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে তেওঁ ৰাজবংশী দেৱীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। তেওঁলোকৰ পৰিয়ালে পৰ্দা প্ৰথা বৰকৈ মানি চলিছিল। তেওঁৰ ২৩ বছৰ বয়সত পিতাকৰ মৃত্যু হয়।[1]

শিক্ষা[সম্পাদনা কৰক]

ৰাজেন্দ্ৰ প্ৰসাদ ছাত্ৰ হিছাপে প্ৰখৰ বুদ্ধিৰ অধিকাৰী আছিল। কোনো পৰীক্ষাতে তেওঁৰ প্ৰথমৰ বাহিৰে দ্বিতীয় স্থান পোৱাৰ দৃষ্টান্ত নাছিল। তেওঁ প্ৰাথমিক শিক্ষা এজন মৌলবীৰ তত্বাবধানত ঘৰতে লাভ কৰিছিল। তেওঁ উৰ্দু আৰু পাৰ্চী ভাষা ঘৰতে পঢ়ি আয়ত্ত কৰিছিল। সৰ্ম্পূন ৯ বছৰ বয়সতহে তেওঁক বিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯০২ চনত সুখ্যাতিৰে এণ্ট্ৰেস পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয়। প্ৰেছিডেন্সী কলেজৰ পৰা তেওঁ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম বিভাগৰ প্ৰথম স্থান অধিকৰা কৰি উত্তীৰ্ণ হয়। তেওঁক এলাহাবাদ বিশ্ববিদ্যালয়ে এল-এল-ডি উপাধিৰে সন্মানীত কৰিছিল আৰু ডক্টৰেট উপাধি প্ৰদান কৰিছিল পাটনা, কাশী]] আৰু আগ্ৰা বিশ্ববিদ্যালয়ে। [1]

কৰ্মজীৱন আৰু আন্দোলনত ভুমিকা[সম্পাদনা কৰক]

১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহ তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৰ্বৰ্তী কালিন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈয়েই কৰ্মজীৱনৰ পাতনি মেলিছিল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ সাৰ্বভৌম ভাৰত গনৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় আৰু যথাক্ৰমে ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছতো তেৱেঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। ১৯৬২ চনৰ ১২ মে তাৰিখলৈ তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। তেওঁ ৰাষ্ট্ৰপতি পদত থকা কালচোৱাত ৰাষ্ট্ৰপতি হিচাপে ১০,০০০ হাজাৰ টকা বেতনৰ প্ৰথম তিনি বছৰৰ সম্পূৰ্ণ দৰমহা লৈ, পিছত ১৯৫৩ চনৰ পৰা পাঁচ হাজাৰকৈ আৰু ১৯৫৭ চনৰ পৰা আঢ়ৈ হাজাকৈ দৰমহা গ্ৰহণ কৰিছিল।

১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ নীল খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহৰ সময়ৰ পৰা গান্ধীৰ লগত তেওঁৰ সমন্ধ গঢ়ি উঠে আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ বৈপ্লৱিক পৰিবৰ্তনো আনি দিয়ে। তেতিয়াই তেওঁ স্বদেশী ব্যৱহাৰ ধ্বনিলৈ সঁহাৰি দিছিল। ছাত্ৰ অৱস্থাতে তেওঁ ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ডন নাম সংঘ এটাৰ লগত জড়িত হৈছিল। ১৯০৫ চনত তেওঁ বংগ বিভাজন ৰদ কৰিবলৈ চলা আন্দোলনত অংশ লোৱাৰ উপৰিও তেওঁ বিহাৰৰ এখন ছাত্ৰ-সন্মিলন সংগঠন কৰিছিল। ১৯১১ চনত তেওঁ কলিকতাত বহা কংগ্ৰেছ অধিবেশনত আনুষ্ঠানিকভাবে যোগদান কৰে আৰু নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীলৈ তেওঁ নিৰ্বাচিত হয়। ১৯১১ চনতে তেওঁ আইনজীৱী খান বাহাদুৰ হুদাৰ তলত "আষ্ঠীকল ক্লাৰ্ক" হিচাপে আইন ব্যৱসায় আৰম্ভ কৰে আৰু আদালতত প্ৰথমবাৰ উপস্থিত হৈয়ে ন্যায়ধীশ চাৰ আশুতোষ মুখাৰ্জীক অভিভূত কৰি আইন কলেজত প্ৰবক্তাৰ পদত নিযুক্তি পায়। ১৯১১ চনৰ পা ১৯১৬ চনলৈ কলিকতা উচ্ছ ন্যায়লয়ত আৰু ১৯১৬ চনৰ পৰা ১৯২০ চনলৈ পাটনা উচ্চ ন্যায়লয়ত তেওঁ ওকালতি কৰিছিল। কলিকতাত ওকালতি কৰি থকা কালছোৱাতে তেওঁ গোপালকৃষ্ণ গোখলেৰ সম্পৰ্কলৈ অহাৰ সুযোগ পাইছিল।

১৯২০ চনত শেষলৈ তেওঁ তিনিহাজাৰ টকা উপাৰ্জন কৰা ওকালতি ব্যৱসায় বাদ দি তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ [[[আইন অমান্য আন্দোলন]] আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয় অংশ গ্ৰহন কৰাৰ কাৰণে কেইবাবাৰো কাৰাবৰণো খাটিছিল। তেওঁ ভাৰতীয় কংগ্ৰছৰ সাধাৰণ সম্পাদক পদত নিযুক্ত হোৱাৰ উপৰিও কাৰ্যকৰী কমিটীৰ সদস্য মনোনীত হৈছিল, তাৰোপৰি কিছুদিন বিহাৰ প্ৰাদেশিক কংগ্ৰছ কমিটীৰো সভাপতি আছিল। ১৯৩২,১৯৩৫, ১৯৩৮, আৰু ১৯৪৭ চনত অনুষ্ঠিত হোৱা বাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ তেওঁ সভাপতি নিৰ্বাচিত হৈছিল।

১৯১৪ চনত বিহাৰৰ বান-পীড়িত ৰাইজ আৰু ১৯৩৪ চনত প্ৰলয়ংকাৰী ভূমিকম্পই বিহাৰৰ ৰাইজৰ ক্ষতিসাধন কৰা সময়ত তেওঁ ৰুগীয়া শৰীৰেৰে ৰাইজৰ মাজত উপস্থিত হৈ ধান, চাউল, আটা আদিৰ উপৰিও টকা-পইচা সংগ্ৰহ কৰি মানুহৰ ঘৰে ঘৰে গৈ নিজে সেইবোৰ বিতৰণ কৰি ঘুৰি ফুৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদৰ জীৱনৰ শান্তিৰ আলয় আছিল সত্যৰ ভূমি সদাকত আশ্ৰম । ইয়াতেই তেওঁ কেন্দ্ৰীয় চৰকাৰৰ "খাদ্য মন্ত্ৰী" আৰু গণ-পৰিষদৰ সভাপতি হোৱাৰ আগৰ সময়ছোৱালৈ অতিবাহিত কৰিছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লৈ জীৱনৰ বাকীছোৱা কালো তেওঁ এই আশ্ৰমতে পৰম শান্তিৰে যোগীৰ জীৱন অতিবাহিত কৰিছিল। ১৯২৯ চনত তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু ইউৰোপ মহাদেশৰ নানা ঠাই ভ্ৰমণ কৰিছিল। তেওঁ বাৰ্লিনলৈ গৈ তাৰ এখন তসভাত নাত্সী দৰ্শন ৰ বিষয়ে এটি পাণ্ডিত্যপূৰ্ণ ভাষম দিছিল, যিটো ভাষনৰ প্ৰতিক্ৰিয়াত তাৰ ডেকা নাত্সী দলে সভাকক্ষত এক বিৰাট হুলস্থুলৰ সৃষ্টি কৰিছিল।[1]

প্ৰথম ৰাষ্ট্ৰপতি ৰূপে দায়িত্ব গ্ৰহণ আৰু শপত গ্ৰহণ[সম্পাদনা কৰক]

১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৮ মিনিট যোৱাত ভূতপূৰ্ব গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্ত্তী ৰাজাগোপালচাৰীয়ে ভাৰতত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তনৰ কথা ঘোষনা কৰে আৰু সেই লোকতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰে ডঃ ৰাজেন্দ্ৰ প্ৰসাদক। "কামানৰ গৰ্জন", "ভেৰীৰ নিনাদ", ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বন্দে মাতৰম, মহাত্মা গান্ধী কী জয় ধ্বনিৰ এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত, সংবিধান সভাৰ সদস্যবৃন্দ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকল, বিদেশী ৰাষ্ট্ৰনায়ক প্ৰতিনিধিসকল আৰু নিমন্ত্ৰিত বিশিষ্ট অতিথিবৃন্দৰ সন্মুখত দৰবাৰ হলত পুৱা ১০ বাজি ২১ মিনিট যোৱাত তেওঁ নিষ্ঠা আৰু পবিত্ৰতা ৰক্ষাৰ শপত বাক্য পাঠ কৰে। তেওঁক শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধিপতি হৰিলাল কানায়াই।[1]


পুৰস্কাৰ আৰু সন্মান সমূহ[সম্পাদনা কৰক]

  1. ভাৰত-ৰত্ন বঁটা,(১৯৬২)[2]
  2. এল-এল-ডি উপাধি,
  3. ডক্টৰেট উপাধি,

গ্ৰন্থ-সংকলন[সম্পাদনা কৰক]

  1. আত্মকথা,
  2. বাপুকে কদমোঁ মেঁ,
  3. ভাৰতীয় শিক্ষা,
  4. পাকিস্থান সত্যাগ্ৰহ ইন চম্পাৰাণ,
  5. কনষ্ট্ৰাকটিভ প্ৰগ্ৰাম,
  6. খণ্ডিত ভাৰত,
  7. শিক্ষা আৰু সংস্কৃতি।

মৃত্যু[সম্পাদনা কৰক]

ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ সদাকত আশ্ৰমত ১৯৬৩ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৩৮, ৩৯,৪০,৪১,৪২. 
  2. "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]