ভাৰতৰ ৰাষ্ট্ৰপতি
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| ভাৰতৰ ৰাষ্ট্ৰপতি (भारत के राष्ट्रपति) |
|
|---|---|
Presidential Standard |
|
Emblem of India |
|
| সম্বোধন | Madame President (Within India) Her Excellency (Outside India) |
| চৰকাৰী বাসগৃহ | Rashtrapati Bhavan |
| মনোনীত কৰে | UPA, Left[1] |
| কাৰ্যকাল | Five years, renewable |
| প্ৰথম কাৰ্যকৰ্তা | Dr Rajendra Prasad January 26, 1950 |
| গঠন | Indian Constitution January 26, 1950 |
| ৱেবচাইট | President of India |
ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যদাত অসীত ব্যক্তিজনাই হ’ল ৰাষ্ট্ৰপতি । তেওঁ ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা[উদ্ধৃতিৰ প্ৰয়োজন]। তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মূৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত[উদ্ধৃতিৰ প্ৰয়োজন] পৰিচালিত। এয়ে তেওঁ দেশৰ নিয়মতান্ত্ৰিক শাসক (নমিনেল এক্জিকিউটিভ) - বাস্তৱ ক্ষেত্ৰত তেওঁৰ সৰ্বাত্মক কাৰ্যসূচী প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শই ৰূপায়ন কৰে । গতিকে প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী সভাৰ পৰামৰ্শত তেওঁ সংবিধানসন্মতভাৱে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰে ।
সূচী |
[সম্পাদনা কৰক] উপযুক্ততা
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হ’বৰ বাবে কোনো ব্যক্তি ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু ন্যুনতম বয়স ৩৫ বছৰ হ’ব লাগিব তথা তেওঁৰ লোকসভালৈ নিৰ্বাচন হোৱাৰ যোগ্যতা থাকিব লাগিব।
[সম্পাদনা কৰক] নিৰ্বাচন পদ্ধতি
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ ভাবে কৰা হয়। ইয়াত জনসাধাৰণে নিৰ্বাচন কৰা কেন্দ্ৰীয় সংসদৰ সদস্য আৰু ৰাজ্যিক বিধান সভাৰ সদস্যসকলৰ ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰা হয়।
[সম্পাদনা কৰক] কাৰ্যকাল
ৰাষ্ট্ৰপতিৰ কাৰ্যকাল ৫ (পাচঁ) বছৰ, দুবাৰ পৰ্য্যন্ত । মহাভিযোগ দি লোকসভাৰ দুই-তৃতীয়াংশ সদস্যৰ সন্মতিত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰি।
[সম্পাদনা কৰক] অধিকাৰ
ৰাষ্ট্ৰপতি ভাৰতৰ "নমিনেল এক্জিকিউটিভ"; ভাৰতবৰ্ষত শাসন ব্যৱস্থাৰ সকলোবোৰ ক্ষমতাই ৰাষ্ট্ৰপতিৰ নামত ন্যস্ত থাকে যদিও অনেক ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সভাৰ পৰামৰ্শ অবিহনে তেওঁ একো কৰিব নোৱাৰে । তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মূৰব্বী । তেওঁ প্ৰধান মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰী, ৰাজ্যপাল, ৰাষ্ট্ৰদূত, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিকে ধৰি অন্যান্য উচ্চ পদস্থ আমোলা-বিষয়া সকলক নিযুক্তি আৰু পদচ্যুত কৰিব পাৰে । তেওঁ কোনো ব্যক্তিক আদালতে আৰোপ কৰা শাস্তিৰ পৰ মুক্তি তথা শাস্তিৰ ম্যাদ হ্ৰাস কৰিব পাৰে । বৰ্হি শত্ৰুৰ আক্ৰমণ বা আভ্যন্তৰীণ সংকটৰ ক্ষণত ৰাষ্ট্ৰপতিয়ে কোনো এটা এলেকাত বা সমগ্ৰ দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ অবিহনে কোনো বিল আইনত পৰিণত নহয় । তেওঁ কোনো বিল পুনৰ বিবেচনাৰ কাৰণে ঘূৰাই পথাব পাৰে, কিন্তু দ্বিতীয় বাৰ তেওঁৰ ওচৰলৈ যোৱা বিলত তেওঁ স্বাক্ষৰ কৰিবলৈ বাধ্য ।
[সম্পাদনা কৰক] ভাৰতৰ ৰাষ্ট্ৰপতিসকল
- ৰাজেন্দ্ৰ প্ৰসাদ
- সৰ্বপল্লী ৰাধাকৃষ্ণন
- জাকিৰ হুছেইন
- বৰাহগিৰি ভেঙ্কট গিৰি
- মহম্মদ হিদায়াত উল্লাহ
- বৰাহগিৰি ভেঙ্কট গিৰি
- ফখৰুদ্দিন আলি আহমেদ
- বাসাপ্পা দানাপ্পা জাত্তি
- নীলম সঞ্জীব ৰেড্ডি
- জৈল সিং
- আৰ ভেঙ্কটৰমন
- শঙ্কৰ দয়াল শৰ্মা
- কে আৰ নাৰায়ণন
- এ পি জে আব্দুল কালাম
- প্ৰতিভা দেৱী সিং পাটিল
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "First formal step towards becoming first woman President". Press Trust of India. The Hindu. 24 June 2007. http://www.hindu.com/2007/06/24/stories/2007062455981000.htm. Retrieved 28 August 2011.