ভাৰতৰ জলবায়ু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ জলবায়ু (ইংৰাজী: Climate of India) ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়৷ প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে৷ সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়৷ শীতকালত ভাৰতৰ উত্তৰাংশত একে অক্ষাংশৰ ঠাইসমূহত ৩° ৰ পৰা ৮° ছেণ্টিগ্ৰেড উত্তাপ বৃদ্ধি হয়৷ কাৰণ বৃহৎ হিমায়লয়ে শীতল মেৰুবায়ু ভাৰতলৈ অহাত বাধা দিয়ে৷ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ,চীনদেশ আদিত এইদৰে বাধা প্ৰাপ্ত নোহোৱা বাবে শীতল মেৰুবায়ুৱে এই অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায়৷ দেশখনৰ বিস্তৃতি বৃহৎ হোৱা কাৰণে ইয়াৰ ভিতৰুৱা ঠাইবিলাকত গ্ৰীষ্মকালত উত্তাপ বেচি হয়৷ উত্তৰ পশ্চিম ভাৰতৰ নিম্নভূমি বিলাকত গ্ৰীষ্মকালত উত্তাপ বেচি হয়৷ কিন্তু শীতকালত অতিপাত শীত হয়৷[1]

Many areas remain flooded during the heavy rains brought by monsoon in West Bengal.


ঋতু অনুযায়ী ভাৰতৰ জলবায়ু[সম্পাদনা কৰক]

National Highway 31A winds along the banks of the Teesta River near Kalimpong, in the Darjeeling Himalayan hill region in West Bengal.

ঋতু অনুযায়ী ভাৰতৰ জলবায়ুক চাৰিটা ভাগত ভাগ কৰিব পাৰি৷

শীতকাল (ডিচেম্বৰ আৰু জানুৱাৰী)[সম্পাদনা কৰক]

নৱেম্বৰ মাহৰ শেষৰ পৰা শীতকাল আৰম্ভ হয়৷ জানুৱাৰী মাহৰ আৰম্ভণিতে সমগ্ৰ ভাৰতবৰ্ষতে সৰ্বনিম্ন তাপমাত্ৰা অনুভৱ হয়৷ এই সময়ত দিন-ৰাতিৰ উত্তাপৰ প্ৰভেদ বৰ বেছি হয়৷ উত্তৰ-পশ্চিম ভাৰতত উত্তাপ ১৬° ৰ পৰা ২০° ছেণ্টিগ্ৰেড হয়৷ মধ্য ভাৰতত ইয়াৰ পৰিমাণ হয় ৫৫° ছেণ্টিগ্ৰেড আৰু উপকূলীয় অঞ্চলত উত্তাপৰ মাত্ৰা উত্তৰ পশ্চিম ভাৰতৰ আধা হয়৷ উত্তৰ ভাৰতৰ ওপৰত বায়ুৰ উচ্চ চাপৰ সৃষ্টি হয়৷ দক্ষিণ ভাৰতৰ কেৱল দাক্ষিণাত্য মালভূমি অঞ্চল,কৰ্ণাটক মালভূমি অঞ্চল আৰু পাহাৰীয়া অঞ্চলত শীতৰ প্ৰকোপ বেছি৷ উপকূলীয় নিম্নভূমি আৰু নিম্নভূমিৰ ভিতৰুৱা কিছুমান অংশ এই সময়ত গৰম হৈয়েই থাকে৷ ডিচেম্বৰ আৰু জানুৱাৰী আটাইতকৈ শীতল মাহ৷ পঞ্জাৱ সমভূমিত জানুৱাৰী মাহৰ গড় উত্তাপ ১২.৫° ছেণ্টিগ্ৰেড৷ সেই একে সময়তে তামিলনাডুত ২৫.৫° ছেণ্টিগ্ৰেড উত্তাপ হয়৷ উত্তাপ কমি যোৱাৰ কাৰণে উত্তৰ-পশ্চিম ভাৰতত নিম্নচাপ কেন্দ্ৰ দুৰ্বল হয় আৰু তাৰ পৰিৱৰ্তে তাত প্ৰতীপ ঘূৰ্ণিবতাহৰ সৃষ্টি হয়৷ এই সময়ত নিম্নচাপ কেন্দ্ৰ উত্তৰ ভাৰত এৰি বঙ্গোপসাগৰত আৰু তামিলনাডু,কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ আদিত গৈ থিতাপি লয়৷ শীতকালত ভাৰতবৰষুণৰ পৰিমাণ সেৰেঙা হয়৷ হিমালয় আৰু তামিলনাডুভাৰতৰ আন ঠাইতকৈ বেছি বৰষুণ হয়৷ হিমালয় পৰ্বতাঞ্চলত ১৫ ৰ পৰা ৬০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ ৰাজস্থান,গুজৰাট,মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ,উত্তৰ কৰ্ণাটক ৰাজ্য আৰু অন্ধ্ৰপ্ৰদেশত ৫ ছেণ্টিমিটাৰৰ কম বৰষুণ হয়৷ তামিলনাডু উপত্যকা আৰু কৰ্ণাটকৰ বাহিৰে বাকীবোৰ ৰাজ্যত ৫ ৰ পৰা ১০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ ডিচেম্বৰ-জানুৱাৰী মাহত মাজে মাজে ভূমধ্যসাগৰীয় নিম্নচাপে দেখা দিয়ে৷ এই নিম্নচাপৰ লগতে মৃদু ধুমুহা বৰষুণ হয়৷ এই নিম্নচাপ কেন্দ্ৰ আৰু ধুমুহা পঞ্জাৱ আৰু হিমালয়ৰ নামনিয়েদি অসম পায়হি৷ এই ধুমুহাৰ প্ৰভাৱত কাশ্মীৰ আৰু হিমালয় পৰ্বতাঞ্চলত যথেষ্ট পৰিমাণৰ তুষাৰপাত হয় আৰু সমগ্ৰ উত্তৰ ভাৰতত কিছু বৰষুণ হয়৷[1]

গ্ৰীষ্মকাল (মাৰ্চৰ পৰা মে' মাহলৈ)[সম্পাদনা কৰক]

গ্ৰীষ্মকাল আৰম্ভ হয় মাৰ্চ মাহৰ পৰা৷ এই সময়ত উত্তৰ ভাৰতৰ তাপমাত্ৰা ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু সেই অনুপাতে বায়ুৰ চাপ কমিবলৈ ধৰে৷ মাৰ্চ মাহৰ পৰা মে' মাহলৈ এইখিনি গ্ৰীষ্মকাল বুলি কোৱা হয়৷ এই সময়ত বতৰ শুকান হয় আৰু গোটেই ভাৰতবৰ্ষতে অসহ্য গৰম হয়৷ মাৰ্চৰ পিছত ভাৰত উপদ্বীপৰ অন্তৰ্ভাগ গৰম হ'বলৈ আৰম্ভ কৰে৷ মাৰ্চ মাহত দক্ষিণ ভাৰত মালভূমিত দৈনিক তাপমাত্ৰা ৩৮° ছেণ্টিগ্ৰেড হয়৷ কিন্তু গুজৰাট,মধ্যপ্ৰদেশ আদিৰ উত্তাপ এপ্ৰিল মাহতহে ৩৮° ৰ পৰা ৪৩° ছেণ্টিগ্ৰেড পৰ্য্যন্ত হয়৷ যিহেতু লম্ব সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ফালে আগবাঢ়ি যায়,সেয়েহে উত্তৰ ভাৰতত উত্তাপ বাঢ়ি যায়৷ মে' মাহৰ মাজভাগত গড় মাহিলী উত্তাপ গোটেই দেশতে বেছি হয়৷ এই সময়ত উত্তৰ ভাৰতত দিনৰ তাপমাত্ৰা অত্যধিক হয় আৰু উত্তৰ পশ্চিমত থকা মৰুভূমিত সৰ্বোচ্চ তাপমাত্ৰা ৪৮° ছেণ্টিগ্ৰেডতকৈও অধিক হয়৷ এই সময়খিনিত ভাৰতবৰ্ষৰ প্ৰায়বিলাক ঠাইতে বতৰ শুকান হয়৷ ভূ-পৃষ্ঠ অতিপাত গৰম হোৱাৰ ফলত ইয়াৰ শুকান বায়ু সাগৰৰ আৰ্দ্ৰ বায়ুৰ সংস্পৰ্শলৈ আহিলে ভয়ঙ্কৰ ধুমুহাৰ সৃষ্টি হয়৷ এই ধুমুহাবোৰৰ পৰাই শিলাবৃষ্টিও হয়৷ এই ধুমুহাবোৰক অসম,পশ্চিমবঙ্গ,উৰিষ্যা আদিত "নৰৱেষ্টাৰ (Norwester)" বুলি কোৱা হয়৷ এপ্ৰিল মাহৰ মাজভাগৰ পৰা হোৱা এনে ধৰণৰ ধুমুহা বতাহবোৰক বংগদেশত "কালবৈশাখী" আৰু অসমত "বৰদৈচিলা" বুলি কোৱা হয়৷ ধুমুহা বৰষুণৰ ফলত অসমত এই সময়ত ৫০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ আনহাতে হিমালয় অঞ্চল,উৰিষ্যাৰ উপকূল আৰু পশ্চিমবংগত ২৫ ছেণ্টিমিটাৰ বৰষুণ দিয়ে আৰু তামিলনাডু আৰু কৰ্ণাটক ৰাজ্যৰ কাষৰীয়া অঞ্চলবিলাকত ১০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ এইটো ঋতুৰ বৰষুণ,চাহ খেতিৰ কাৰণে অতি উপযোগী৷[1]

বৰ্ষাকাল (জুন মাহৰ পৰা ছেপ্তেম্বৰলৈ)[সম্পাদনা কৰক]

জুন মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈ তাপমাত্ৰা বঢ়াৰ লগে লগে উত্তৰ ভাৰতত বিশেষকৈ পশ্চিম ৰাজস্থান অঞ্চলত এটা গভীৰ নিম্নচাপৰ সৃষ্টি হয়৷ এই নিম্নচাপ ক্ৰমাৎ পশ্চিমবংগ পৰ্য্যন্ত বিয়পি পৰে৷ এই সময়খিনিক বৰ্ষাকাল বুলি কোৱা হয়৷ মে' মাহৰ চতুৰ্থ সপ্তাহমানৰ পৰা উত্তাপ অতি বৃদ্ধি হয়৷ উত্তৰ পশ্চিম ভাৰত আৰু মধ্যভাৰতৰ কিছুমান অঞ্চলত উত্তাপ বৃদ্ধি হৈ ৪৬° ছেণ্টিগ্ৰেড হয়৷ ইয়াৰ লগে লগে বায়ুৰ চাপ কমি যায় আৰু জুলাই মাহত চাপ একেবাৰে কমি যায়৷ উত্তৰ পশ্চিম ভাৰতৰ নিম্নচাপ অঞ্চললৈ চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰা বায়ু প্ৰবাহিত হ'বলৈ ধৰে৷ দক্ষিণফালে এই সময়ত বায়ুৰ চাপ বাঢ়ে৷

প্ৰত্যাৱৰ্তন মৌচুমী ঋতু (অক্টোবৰৰ পৰা নবেম্বৰলৈ)[সম্পাদনা কৰক]

অক্টোবৰ মাহৰ পৰা উত্তৰ পশ্চিম ভাৰতৰ বতৰ ফৰকাল হয় আৰু দাক্ষিণাত্যৰ দক্ষিণ-পূব উপকূলৰ বাহিৰে প্ৰায় সমগ্ৰ ভাৰততে বতৰ মুকলি আৰু ফৰকাল হয়৷ এই সময়ত দক্ষিণ-পূব উপকূলত প্ৰত্যায়ন বায়ুৰ প্ৰভাৱত বতৰ ডাৱৰীয়া হৈ থাকে আৰু বৰষুণ হয়৷ এই বৰষুণ উত্তৰ-পূব মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বুলি কোৱা হয়৷[1]

ভাৰতৰ জলবায়ু অঞ্চল[সম্পাদনা কৰক]

প্ৰাকৃতিক গঠন,অৱস্থিতি আৰু বন্ধুৰতাৰ ওপৰত নিৰ্ভৰ কৰি আৰু জলবায়ুৰ সাদৃশ্য অনুসাৰে ভাৰতক কেইটামান জলবায়ু অঞ্চলত ভাগ কৰিব পাৰি৷

উত্তৰ-পশ্চিম ভাৰত জলবায়ু অঞ্চল[সম্পাদনা কৰক]

পশ্চিম ৰাজস্থান,পঞ্জাৱ,হাৰিয়ানা আৰু কাশ্মীৰ এই অঞ্চলৰ অন্তৰ্ভূক্ত৷ ৰাজস্থানৰ জলবায়ু মৰুদেশীয় শুকান৷ ইয়াত বৰষুণ ৪০ ছেন্টিমিটাৰতকৈ বেছি নহয়৷ দিল্লী,পঞ্জাৱ,হাৰিয়ানা আদি অঞ্চলত গ্ৰীষ্মকালত অত্যন্ত গৰম আৰু শীতকালত অত্যন্ত শীত হয়৷ বছৰি গড়ে ইয়াত ৬০ ৰ পৰা ১৫০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ পঞ্জাৱ,হাৰিয়ানা আদিত শীতকালতো ভূমধ্য সাগৰীয় নিম্নচাপৰ প্ৰভাৱৰ বাবে ধুমুহা বৰষুণ হয়৷ এই অঞ্চলৰ জলবায়ুক ক্ৰান্তীয় আৰু উপক্ৰান্তীয় মৰুদেশীয় আৰু ষ্টেপছ জলবায়ু বুলি কোৱা হয়৷

মধ্য ভাৰত জলবায়ু অঞ্চল[সম্পাদনা কৰক]

এই অঞ্চলে মধ্যপ্ৰদেশ,উত্তৰ প্ৰদেশ,বিহাৰ,ৰাজস্থানৰ পূবভাগ,পশ্চিমবংগৰ কিছু অংশ আগুৰিছে৷ ইয়াত শীতকাল শুকান আৰু গ্ৰীষ্মকাল গৰম আৰু সেমেকা৷ গ্ৰীষ্মকালত ৩৭.৮° ছেণ্টিগ্ৰেড উত্তাপ হয়৷ ইয়াত বছৰি গড়ে ১০০ ৰ পৰা ১৬০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়৷ ইয়াৰ জলবায়ু উপক্ৰান্তীয় আৰ্দ্ৰ আৰু শুকান শীতল জলবায়ুৰ লগত মিলে৷ গ্ৰীষ্মীকালতেই ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়৷

দাক্ষিণাত্য মালভূমি অঞ্চল[সম্পাদনা কৰক]

সমগ্ৰ দাক্ষিণাত্য মালভূমি,মধ্যপ্ৰদেশৰ দক্ষিণভাগ,কৰ্ণাটকৰ কিছু অংশ এই জলবায়ু অঞ্চলৰ অন্তৰ্গত৷ এই অঞ্চল বৃষ্টিছায়া অঞ্চলত পৰিছে৷ বছৰি গড়ে ইয়াত ৬০ ৰ পৰা ১০০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ এই অঞ্চলত শীতকাল শুকান হয়৷ সচৰাচৰ জুনমাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে বৰষুণ হয়৷ ডিচেম্বৰ মাহৰ ফালে বৰষুণ প্ৰায়ে কমি যায়৷ গড় তাপমাত্ৰা ১৮°-২৪° ছেণ্টিগ্ৰেড৷ শীতকালত গড় মাহিলী উত্তাপ ১৮.২° ছেণ্টিগ্ৰেড হয়৷ গ্ৰীষ্মকালত কোনো কোনো ঠাইত উত্তাপ ৪৬° ছেণ্টিগ্ৰেড পৰ্যন্ত হয়৷

পূব আৰু পশ্চিম উপকূলীয় অঞ্চল[সম্পাদনা কৰক]

পূব আৰু পশ্চিম উপকূলীয় অঞ্চলত সাগৰৰ সান্নিধ্যৰ কাৰণে জলবায়ু মৃদুভাৱাপন্ন৷ ইয়াত উত্তাপ প্ৰখৰ নহয়৷ গ্ৰীষ্মকালত ইয়াত প্ৰচুৰ বৰষুণ হয়৷ শীতকালতো উত্তৰ-পূব মৌচুমীৰ প্ৰভাৱত পূব উপকূলৰ দক্ষিণ অংশত বৰষুণ হয়৷ পশ্চিম উপকূলত বছৰি গড়ে ১৫০ ৰ পৰা ৪০০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়৷ মাঙ্গালোৰত বছৰি ৩৪৬.৭ ছেণ্টিমিটাৰ আৰু মাৰাকাৰাত ৩৩৪.৫ ছেণ্টিমিটাৰ বৰষুণ হয়৷ মে'ৰ পৰা নবেম্বৰলৈ প্ৰচুৰ বৰষুণ হয়৷ কিন্তু ডিচেম্বৰৰ পৰা মাৰ্চলৈ একেবাৰে শুকান৷ পূব উপকূলত বৰষুণ কম হয়,৮০ ৰ পৰা ১২০ ছেণ্টিমিটাৰ মাত্ৰ৷

গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল[সম্পাদনা কৰক]

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ আৰু উৰিষ্যা,পশ্চিমবঙ্গ,বিহাৰ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশ এই অঞ্চলৰ অন্তৰ্গত৷ ইয়াত শীতকাল প্ৰায় শুকান,গ্ৰীষ্মকাল উষ্ণ৷ গ্ৰীষ্মকালৰ গড় উত্তাপ ২০°-২৫° ছেণ্টিগ্ৰেড৷ আনহাতে শীতকালৰ গড় উত্তাপ ১০°-১৫° ছেণ্টিগ্ৰেড৷ ইয়াত বছৰি গড়ে ২০০ ৰ পৰা ৫০০ ছেণ্টিমিটাৰ বৰষুণ হয়৷ বেছিভাগ বৰষুণ গ্ৰীষ্মকালতেই হয়৷ চেৰাপুঞ্জি আৰু মৌচিনৰাম অঞ্চলত গড়ে বছৰি ১০০০ ছেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়৷

পাৰ্বত্য অঞ্চল[সম্পাদনা কৰক]

হিমালয় আৰু কাৰাকৰম পৰ্বতাঞ্চলত,শীতকালত উত্তাপ হিমাংক বিন্দুৰ তললৈ নামে আৰু তুষাৰপাত হয়৷ বৃহৎ হিমালয়ৰ দক্ষিণফালে গ্ৰীষ্ম মৌচুমীৰ দ্বাৰা প্ৰচুৰ বৰষুণ হয়৷ বৰষুণ সকলো ঠাইতে সমান নহয়,পৰ্বতৰ ঢালবিলাকত বৰষুণ বেছি হয়৷ সাগৰ পৃষ্ঠৰ পৰা ১০৭০ ৰ পৰা ২২৯০ মিটাৰ উচ্চতাৰ ঠাইবিলাকত প্ৰচুৰ বৰষুণ হয়৷ চিমলা আৰু শ্ৰীনগৰত বছৰি ক্ৰমান্বয়ে ১৪৮.০ ছেণ্টিমিটাৰ আৰু ৬৬.৪ ছেণ্টিমিটাৰ বৃষ্টিপাত হয়৷ মুচৌৰীত বছৰি ২৩৬.৮ ছেণ্টিমিটাৰ আৰু দাৰ্জিলিঙত ২৭৫.৮ ছেণ্টিমিটাৰ বৰষুণ হয়৷ চিকিম,ভূটান,হিমালয়,অসমৰ সীমান্ত অঞ্চল আদিত বৰষুণ বছৰি ৫০০ ছেণ্টিমিটাৰ পৰ্যন্ত হয়৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 উচ্চতৰ মাধ্যমিক ভূগোল বিজ্ঞান" দ্বিতীয় খণ্ড (দ্বিতীয় বাৰ্ষিকৰ বাবে),লেখকদ্বয় - ড° লোকেশ্বৰ নাথ আৰু ড° চাৰু চহৰীয়া নাথ৷ প্ৰকাশক - স্বস্ত্যয়ন বুক ষ্টল,খাৰুপেটীয়া (দৰং)৷