সূৰ্য

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


সূৰ্য সূৰ্যৰ জোতিৰ্বৈজ্ঞানিক প্ৰতীক
সূৰ্য
'পৰ্যবেক্ষণলব্ধ তথ্য
পৃথিৱী পৰা গড় দূৰত্ব ১৪৯.৬×১০ কিমি (৯২.৯৫×১০ মা)
(পোহৰ গতিত ৮.৩১ মিনিট)
দৃশ্যমান উজ্জ্বলতা (ভি) −২৬.৮m
পৰম মান ৪.৮m
বৰ্ণালীভিত্তিক শ্ৰেণীবিন্যাস জি২ভি
কক্ষীয় বৈশিষ্ট্যসমূহ
হাতীপতিৰ কেন্দ্ৰৰ গড় দূৰত্ব ~২.৫×১০১৭ কিমি
(২৬,০০০-২৮,০০০ আলোকবৰ্ষ)
কক্ষপথৰ পৰ্যায়কাল ২.২৫-২.৫০×১০ a
বেগ ২১৭ কিমি/ছে তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালৰ কক্ষপথত ২০ কিমি/ছে প্ৰতিবেশি নক্ষত্ৰৰ আপেক্ষিকত
ভৌতিক বৈশিষ্ট্যসমূহ
গড় ব্যাস ১.৩৯২×১০ কিমি (১০৯ পৃথিৱী)
পৰিধি ৪.৩৭৩×১০ কিমি
কমলাকৃতি 9×১০−6
পৃষ্ঠৰ ক্ষেত্ৰফল ৬.০৯×১০১৮ মি² (১১,৯০০ পৃথিৱী)
আয়তন ১.৪১×১০২৭ মি³ (১,৩০০,০০০ পৃথিৱী)
ভৰ ১.৯৮৮ ৪৩৫×১০৩০ কেজি (৩৩২,৯৪৬ পৃথিৱী)
ঘনত্ব ১,৪০৮ কেজি/মি³
পৃষ্ঠৰ মধ্যাকৰ্ষণ ২৭৩.৯৫ মি সে-২ ( g ৰ ২৭.৯ গুন)
পৃষ্ঠৰ পলায়ন বেগ ৬১৭.৫৪ কিমি/সে (৫৫ পৃথিৱী)
পৃষ্ঠৰ তাপমাত্ৰা ৫৭৮৫ K
কৰোনাৰ তাপমাত্ৰা ৫ MK
কেন্দ্ৰৰ তাপমাত্ৰা ~১৩.৬ MK
উজ্জ্বলতা (Lsol) W]]
~৩.৭৫×১০২৮ lm
(~98 lm/W ফলপ্ৰসূতা)
গড় তীব্ৰতা (Isol) ২.০০৯×১০ W m-২ sr-১
ঘূৰ্ণন বৈশিষ্ট্যসমূহ
ক্ৰান্তিকোণ ৭.২৫° (ভূকক্ষৰ লগত)
৬৭.২৩° (কক্ষপথৰ তলৰ লগত)
উত্তৰ মেৰুৰ বিষুৱাংশ ২৮৬.১৩°
(১৯ ঘ ৪ মিন ৩০ ছে)
উত্তৰ মেৰুৰ বিষুবলম্ব +৬৩.৮৭°
(৬৩°৫২' উত্তৰ)
বিষুৱৰেখাৰ ঘূৰ্ণন কাল ২৫.৩৮ দিন
(২৫ দ ৯ ঘ ৭ মিন ১৩ ছে)
বিষুৱৰেখাৰ বেগ ৭১৭৪ কিমি/ঘ
আলোক মণ্ডলীয় গঠন (ভৰ অনুসৰে)
হাইড্ৰ’জেন ৭৩.৪৬ %
হিলিয়াম ২৪.৮৫ %
অক্সিজেন ০.৭৭ %
কাৰ্বন ০.২৯%
লো ০.১৬ %
নিয়ন ০.১২ %
নাইট্ৰ’জেন ০.০৯ %
ছিলিকন ০.০৭ %
মেগনেছিয়াম ০.০৫ %
ছালফাৰ ০.০২ %

সৌৰজগতৰ কেন্দ্ৰত থকা নক্ষত্ৰটো হ’ল সূৰ্য । সৌৰজগতৰ মুঠ ভৰৰ ৯৮.৫% ভৰৰ গৰাকী হ’ল সূৰ্য । পৃথিৱী সূৰ্যৰ পৰা গড়ে ১৪,৯৫,৭৮,০০০ কিমি (৯,২৯,৫৬,০০০ মাইল) আঁতৰত আছে । পোহৰে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৮ মিনিট ১৯ ছেকেণ্ড সময় লয় । সূৰ্যৰ পৰা পৃথিৱীৰ নিকটতম দূৰত্ব হ’ল ১৪,১০,০০,০০০ কিমি আৰু সৰ্বোচ্চ দূৰত্ব হ’ল ১৫,২০,০০,০০০ কিমি । পোহৰৰ যোগেদি সূৰ্যৰ শক্তি পৃথিৱীলৈ আহে । ইয়াৰ বলতেই ধৰাত সমগ্ৰ জীৱজগত জীয়াই আছে । ইয়েই বতৰ পৰিবৰ্তনৰ মূল কাৰক ।

সূৰ্যৰ পৃষ্ঠভাগৰ উপাদান সমূহ হ’ল হাইড্ৰ’জেন (প্ৰায় মুঠ ভৰৰ ৭৪% বা মুঠ আয়তনৰ ৯২%), হিলিয়াম (প্ৰায় মুঠ ভৰৰ ২৪% বা মুঠ আয়তনৰ ৭%) আৰু কম পৰিমাণৰ লো, নিকেল, অক্সিজেন, কেলছিয়াম, ছিলিকন, মেগনেছিয়াম, কাৰ্বন, নিয়ন আৰু ক্ৰমিয়ামসৌৰ বৰ্ণালী হ’ল G2V শ্ৰেণীৰ । G2 মানে ইয়াৰ পৃষ্ঠভাগৰ প্ৰায় ৫৭৪০কেলভিন (৫৫০০ ডিগ্ৰী ছেলছিয়াছ) ঊষ্ণতাৰ পৰা বগা পোহৰ নিৰ্গত হয়, যি বায়ুমণ্ডলৰ বিচ্ছুৰণৰ প্ৰভাৱত আমি হালধীয়া দেখো । বিচ্ছুৰণ হ’ল এটা বিয়োগাত্মক প্ৰক্ৰিয়া, য’ত চুটি তৰংগ দৈৰ্ঘৰ বেঙুনীয়া ৰশ্মি আৰু নীলা ৰশ্মি শোষণ হয় আৰু আমাৰ চকুত ধৰা পৰা হালধীয়া ৰশ্মিৰ তৰংগৰ কম্পনাংক পৃথিৱীপৃষ্ঠ ষ্পৰ্শ কৰে। এই পক্ৰিয়াত নীলা ৰশ্মিৰ বিচ্ছুৰণৰ কাৰেণই আমি দেখা আকাশৰ ৰং নীলা । ৰাতিপূৱা আৰু গধূলি সময়ত যেতিয়া সূৰ্যৰ পোহৰে অধিক বায়ুমণ্ডল আঞ্চল অতিক্ৰম কৰি আহে, তেতিয়া আৰু অধিক তৰংগৰ বিচ্ছুৰণ ঘটে, ফলত আমি আকাশখন হালধীয়াৰ পৰা ৰঙা পৰ্যন্ত দেখো ।

সূৰ্যৰ বৰ্ণালীত আয়নিভূত আৰু নিষ্ক্ৰিয়(neutral) ধাতু আৰু অতি সূক্ষ্ম হাইড্ৰ’জেনৰ পতি পোৱা যায় । এই বৰ্ণালী শ্ৰেণীৰ V (ৰোমান সংখ্যা ৫) এ আঙুলিয়াই দিয়ে যে গৰিষ্ঠ সংখ্যক নক্ষত্ৰৰ দৰে ই মূল সূঁতি (main sequence)ৰ নক্ষত্ৰ । ইয়াৰ অৰ্থ হ’ল সূৰ্যই শক্তি হাইড্ৰ’জেনৰ পৰা হিলিয়ামলৈ ৰূপান্তৰিত হোৱা পাৰমাণৱিক সংযোজন প্ৰক্ৰিয়াৰ পৰা পায় । আমাৰ তাৰকাৰাজ্যত ১০০ মিলিয়নতৈকও অধিক G2 শ্ৰেণীৰ নক্ষত্ৰ আছে । সূৰ্য ইয়াৰে ৮৫% নক্ষত্ৰ (য’ৰ অধিকাংশই হ’ল ৰক্তিম বাওনা(red dwarf) নক্ষত্ৰতকৈ উজ্জ্বল ।

সূৰ্যই নিজ কক্ষপথত হাতিপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ পৰা ২৪০০০ৰ পৰা ২৬০০০ আলোকবৰ্ষ দূৰত্বত থাকি কেন্দ্ৰক পৰিক্ৰমা কৰি থাকে। সূৰ্যক এবাৰ পৰিক্ৰমা কৰোতে প্ৰায় ২২৫-২৫০ মিলিয়ন বছৰ লাগে (এক গেলেটিক বা তাৰকাৰাজ্যিক বৰ্ষ) । সূৰ্যৰ কক্ষীয় গতিবেগ হ’ল ২২০+/-২০কিমি/ছে, কিন্তু শেহতীয়া গণনা মতে ই ২৫২কিমি/ছে। ই প্ৰায় ১১৯০ বছৰত ১ আলোকবৰ্ষ বা ৭ বছৰত এক সৌৰবৰ্ষৰ সমকক্ষ। বৰ্তমান উপলব্ধ তথ্যৰ মতে এই আন্তঃতাৰকাৰাজ্যিক দূৰত্ব আৰু গতিবেগ শুদ্ধ বুলি মনা হৈছে যদিও নতুন তথ্যৰ সন্ধান পালে এই মান সলনি কৰিব পাৰে । যিহেতু cosmic background radiation(CMB) ৰ আপেক্ষিক ভাৱে আমাৰ তাৰকাৰাজ্যখন হাইড্ৰা (hydra) ৰ দিশত ৫৫০কিমি/ছে গতি কৰি আছে, গতিকে সূৰ্যৰ CMB ৰ আপেক্ষিকভাৱে সামগ্ৰিক বেগ crater বা leo ৰ দিশত ৩৭০কিমি/ছে হ’ব ।

সৰ্য বৰ্তমান হাতিপতি তাৰকাৰাজ্যৰ বৃহতাকাৰ Perseus বাহু আৰু Segittarius বাহুৰ মাজৰ Orion বাহুৰ ভিতৰ ফালৰ কাষটোত স্থানীয় আন্তঃনক্ষত্ৰীয় ডাৱৰ(Local Interstellar Cloud) ৰ উচ্চ উষ্ণতাৰ গেছৰ লঘূভিত কম ঘনত্বৰ স্থানীয় বাবল (Local Bubble) অঞ্চলৰ মাজেদি গৈ আছে । সূৰ্যৰ নিকটৱৰ্তি ১৭ আলোকবৰ্ষৰ ভিতৰৰ ৫০ খন নক্ষত্ৰজগত (Stellar System) ৰ ভিতৰত সূৰ্যৰ পৰম মাত্ৰা(Absolute Magnitude)ৰ স্থান চতুৰ্থ ।

সূৰ্য বুধ শুক্ৰ চন্দ্ৰ পৃথিৱী Phobos and Deimos মঙ্গল Ceres The asteroid belt বৃহস্পতি Jupiter's natural satellites শনি Saturn's natural satellites ইউৰেনাচ Uranus' natural satellites Neptune's natural satellites নেপচুন Charon, Nix, and Hydra প্লুটো The Kuiper belt Dysnomia এৰিছ The scattered disc ওৰ্ট মেঘSolar System XXVII.png
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ= বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়নকিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান
ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত