সৌৰজগত
সূৰ্য আৰু তাক কেন্দ্ৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি থকা ৮ টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি গ্ৰহ, ইউৰেনাছ, আৰু নেপচুন লগেতে সিহঁতৰ উপগ্ৰহসমূহ, গ্ৰহবোৰৰ মাজত অৱস্থান কৰি থকা অসংখ্য গ্ৰহাণু, লগতে সূৰ্য্যৰ লগত মহাকৰ্ষণ শক্তিৰ বলত বান্ধ খাই ইয়াক প্ৰদক্ষিণ কৰি থকা সকলো মহাজাগতিক পদাৰ্থক একেলগে সৌৰজগত বোলে। আজিৰ পৰা প্ৰায় ৪.৬ বিলিয়ন বছৰৰ পূৰ্বে এক বৃহৎ আণৱিক ডাৱৰৰ খুন্দাৰ ফলত সৌৰজগতৰ সৃষ্টি হৈছিল। সূৰ্য ইয়াৰ সকলো সদস্যৰ সৈতে প্ৰায় কাঁহী আকাৰত আছে যাক “ইক্লিপ্টিক প্লে’ন” (ecliptic plane) বুলি কোৱা হয়। ইক্লিপ্তিক প্লে’নৰ মূঠ ভৰৰ অধিকাংশ অধিকাৰ কৰি থকা গ্ৰহ কেইটাই প্ৰায় বৃত্তকাৰ কক্ষপথেৰে সূৰ্য্যক পৰিভ্ৰমণ কৰে। ইয়াৰে তুলনামূলক ভাৱে ৪ টা সৰু গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মঙ্গল বিশেষকৈ শিল আৰু ধাতুৰ দ্বাৰা গঠিত। এই গ্ৰহ কেইটাক আভ্যন্তৰীণ গ্ৰহ বোলে। বাকী চাৰিটা গ্ৰহক বাহ্যিক গ্ৰহ বোলে। এই গ্ৰহকেইটা প্ৰধানৈক হাইড্ৰ’জেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত।
সৌৰজগতত ৫ টা গ্ৰহাণুপুঞ্জৰ পতি আছে – এটা মঙ্গল আৰু বৃহস্পতিৰ মাজত যি শিল আৰু ধাতুৰে গঠিত আৰু আনটো পতি আছে নেপচুন গ্ৰহৰ পাছত যাক কুইপাৰ বেল্ট (Kuiper belt) বোলা হয়, ই বৰফ, এম’নিয়া আৰু মিথেনৰ দ্বাৰা গঠিত। এই বেল্টৰ ৫ টা মহাজাগতিক খণ্ড – প্লুটু, হাউনেয়া, মাকেমাকে(makemake) আৰু এৰিছ বৃহৎ আকাৰৰ বাবে নিজ মধ্যাকৰ্ষণ শক্তিৰ ফলত গোলাকাৰ হোৱা বাবে বাওনা গ্ৰহ(dwarf planet) বুলিও কোৱা হয়। কাল্পনিক অ’ৰ্ট ক্লাওড (oort cloud) যি অতি দীৰ্ঘ সময়ৰ মূৰত দেখা দিয়া ধূমকেতুৰ উৎস বুলি ভৱা হয়, এই ক্ষেত্ৰৰ পৰা প্ৰায় এহেজাৰ গুণ আঁতৰত।
সৌৰজগতৰ অন্যান্য সদস্য সমূহ হ’ল ধুমকেতু, আন্তঃগ্ৰহীয় ধূলি, আৰু উপগ্ৰহ সমূহ। উপগ্ৰহ হ’ল গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা গ্ৰহ গুণ সম্পন্ন মহাকাশীয় অৱয়ব।
[সম্পাদনা কৰক] আৱিষ্কাৰ আৰু অনুসন্ধান
কেইবা হাজাৰ বছৰ ধৰি মানুহে, দুই এজন মনিষীৰ বাদে, সৌৰজগতৰ অস্তিত্ব স্বীকাৰ কৰা নাছিল। তেতিয়া বিশ্বাস আছিল যে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ আৰু সকলো গ্ৰহ-নক্ষত্ৰ পৃথিৱীক কেন্দ্ৰ কৰি পৰিক্ৰমা কৰে। অৱশ্যে ভাৰতীয় গনিতজ্ঞ, জ্যোতিবিজ্ঞানী আৰ্য্যভট্ট আৰু গ্ৰীক দাৰ্শিনক এৰিষ্টাক্ৰাচে সূৰ্যক কেন্দ্ৰ কৰি পৰিক্ৰমা কৰা ব্ৰহ্মাণ্ডৰ কথা উল্লেখ কৰিছিল। নিক’লাছ ক’পাৰনিকাছএ প্ৰথমে সূৰ্যক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহৰ গণিতিক বাখ্যা আগবঢ়ায়। পাছত ১৭ শ শতাব্দীত গেলিলিও গেলিলি, জ’হানেচ কেপ্লাৰ, আৰু আইজাক নিউটনৰ দিনত পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতি হোৱাত সূৰ্যক কেন্দ্ৰ কৰা সৌৰজগতৰ প্ৰমাণ হয় আৰু ইয়াক গ্ৰহণ কৰা হয়।
[সম্পাদনা কৰক] গাঠনি
মূল সূঁতি (main sequence) ৰ G2 নক্ষত্ৰ সূৰ্যৰ ভৰ সৌৰজগতৰ মুঠ ভৰৰ ৯৯.৮৬% আৰু সকলোতকৈ অধিক মধ্যাকৰ্ষণ শক্তিৰ অধিকাৰী। বাকী ভৰৰ ৯০% ভৰ বৃহস্পতি আৰু শনি গ্ৰহৰ।
প্ৰায় সকলো গ্ৰহ আদিৰ কক্ষপথ পৃথিৱীৰ কক্ষপথ তলৰ লগত প্ৰায় সমান যাক এক্লিপ্তিক (ecliptic) বোলা হয়। গ্ৰহ বোৰৰ এক্লিপিকৰ লগত কোণৰ মান যথেষ্ট কম আনহাতে ধুমকেতু আৰু কুইপাৰ বেল্টৰ পদাৰ্থবোৰৰ কোণৰ মান যথেষ্ট বেছি।
সকলো গ্ৰহ আৰু সৌৰ সদস্যই সূৰ্যৰ আৱৰ্তনৰ লগত নিজ কক্ষপথত গতি কৰে (সূৰ্যৰ উত্তৰ মেৰু ওপৰ ফালে ৰাখি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰ্ণন)। অৱশ্যে হেলিৰ ধুমকেতুৰ দৰে দুই এক ব্যতিক্ৰমো আছে।
কেপ্লাৰৰ গ্ৰহগতি সুত্ৰই সৰ্যক প্ৰদক্ষিণ কৰা অৱয়ব সমূহৰ কক্ষপথ বাখ্যা কৰে। এই সূত্ৰমেত সকলো অৱয়েব উপবৃত্তকাৰ (ellipse) পথেৰে সূৰ্যক ইয়াৰ এটা ফ’কাচ (focus)-ত ৰাখি গতি কৰে। উপবৃত্তকাৰ কক্ষপথটোত আৱয়বটোৰ দূৰত্ব মুঠ পৰিভ্ৰমণ কাল ভিন্ন সময়ত ভিন্ন হয়। সূৰ্যৰ আটাইতকৈ ওচৰত থকা বিন্দুটোক perihelion আৰু আটাইতকৈ আঁতৰত থকা বিন্দুটোক aphelion বোলে। Perihelion বিন্দুটোত অৱয়বটোৰ গতি সৰ্বোচ্ছ আৰু aphelion বিন্দুত গতি সৰ্বনিম্ন হয়। গ্ৰহবোৰৰ কক্ষপথ প্ৰায় বৃত্তকাৰ যদিও ধুমকেতু আৰু কুইপাৰ বেল্টৰ বস্তুবোৰৰ কক্ষপথ অতিকৈ ellipse আকাৰৰ।
৬ টা গ্ৰহৰ নিজা উপগ্ৰহ আছে। কিছুমান উপগ্ৰহ কিছুমান গ্ৰহতকৈও ডাঙৰ। বেছিভাগ উপগ্ৰেহ নিজৰ এটা ফাল সদায়ে নিজ মূল গ্ৰহটোৰ দিশত ৰাখে। বাহ্যিক গ্ৰহ কেইটাৰ আঙঠি আছে। আঙঠিবোৰ হ’ল বহু সৰু শিলাখণ্ড, ধূলি আদিৰ সমষ্টি।
[সম্পাদনা কৰক] নামাৱলী
অনানুষ্ঠানিকভাৱে কেতিয়াবা কেতিয়াবা সৌৰজগতক কেইবাটাও ভাগত ভাগ কৰা দেখা যায়। আন্তঃসৌৰজগত য’ত আভ্যন্তৰীণ গ্ৰহ চাৰিটা আৰু মূল গ্ৰহাণুপুঞ্জৰ পতিটো আন্তৰ্ভুক্ত কৰা হয়। বৰ্হি-সৌৰজগতত বাহ্যিক গ্ৰহ চাৰিটা অন্তৰ্ভুক্ত কৰা হয়। কুইপাৰ বেল্টৰ আৱিষ্কাৰৰ পাছত নেপচুন গ্ৰহৰ পাছৰ অঞ্চলক এক নিৰ্দিষ্ট অঞ্চল বুলি গন্য কৰা হয়।
সূৰ্যক প্ৰদক্ষিণ কৰা অৱয়ব বোৰক তিনি ভাগত ভাগ কৰা হৈছে – গ্ৰহ, বাওনা গ্ৰহ আৰু সুক্ষ্ম সৌৰজাগতিক অৱয়ব। গ্ৰহ হ’ল সূৰ্যৰ চাৰিওকাষে প্ৰদক্ষিণ কৰা এনে এটা অৱয়ব যাৰ নিজ গোলাকাৰ ৰূপ তাৰ নিজ ভৰৰ বাবে সৃষ্টি হৈছে আৰু নিজ দাতিকাষৰ সুক্ষ্ম মহাজাগতিক বস্তু বোৰ আঁতৰাই চৌপাশ নিকা কৰি লৈছে। বাওনা গ্ৰহ হ’ল যি গ্ৰহৰ উপৰোক্ত সংজ্ঞা নামানে অৰ্থাৎ এনে গ্ৰহ সদৃশ অৱয়ব যাৰ গতিপথ চৌপাশৰ সামগ্ৰীৰে ভিৰ থাকে। বাকী থকা সকলো সৌৰ সদস্যক সূক্ষ্ম সৌৰজাগিতক অৱয়বৰ ভিতৰত ধৰা হয়।
|
সৌৰজগত
|
||||||
|---|---|---|---|---|---|---|
|
|
||||||
| সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
| বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
| বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
| সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্রেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱর্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা |
||||
| আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
| নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
| ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
| আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান | ||||||