পশ্চিমবঙ্গ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
পশ্চিমবঙ্গ
—  ৰাজ্য  —

Seal
ভাৰতত পশ্চিমবঙ্গৰ অৱস্থান
পশ্চিমবঙ্গৰ মানচিত্ৰ
দেশ  ভাৰত
অঞ্চল পূৰ্ব ভাৰত
প্ৰতিষ্ঠা ১ নৱেম্বৰ, ১৯৫৬
ৰাজধানী কলকাতা
জিলা মুঠ ১৯ খন
চৰকাৰ
 - ৰাজ্যপাল এম কে নাৰায়ণন
 - মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়
 - বিধানসভা এককক্ষীয় (২৯৫টি* আসনবিশিষ্ট)
মাটিকালি
 - মুঠ 88,752 km2 (34,267.3 sq mi)
Area rank 13th
জনসংখ্যা (2011)[1]
 - মুঠ 9,13,47,736
 - স্থান 4th
 - জনঘনত্ব 1,029.2/km2 (2,665.7/sq mi)
সময় অঞ্চল ভাৰতীয় মান সময় (UTC+০৫:৩০)
ISO 3166 code IN-WB
মানৱ উন্নয়ন সূচক decrease ০.৬২৫ (মধ্যম)
মানৱ উন্নয়ন সূচক স্তৰ ১৯তম (২০০৫)
সাক্ষৰতা ৭৭.১%[2] (16th)
চৰকাৰী ভাষা বাংলাইংৰাজী
ৱেবছাইট wbgov.com
^* ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত

পশ্চিমবঙ্গ (বাংলা: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[3] পশ্চিমবঙ্গ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।[4] এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভুটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাড়খণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবঙ্গ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল[5]। বৃটিচ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বাংলা দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবঙ্গ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভূক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছোভিয়েট ৰাছিয়াৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।[6][7][8][9][10]

পশ্চিমবঙ্গ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবঙ্গত ভাৰতীয় কমিউনিস্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰন্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিস্ট চৰকাৰ।[11][12][13] বৰ্তমানে বামফ্ৰন্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।

পশ্চিমবঙ্গত দু'টি ইউনেস্কোবিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন জাতীয় উদ্যান

সূচী

[সম্পাদনা কৰক] ইতিহাস

[সম্পাদনা কৰক] প্ৰাচীন যুগ


[সম্পাদনা কৰক] আদিমধ্য ও মধ্যযুগ


[সম্পাদনা কৰক] ব্ৰিটিছ শাসন


[সম্পাদনা কৰক] স্বাধীনোত্তৰ যুগ


[সম্পাদনা কৰক] ভূগোল আৰু জলবায়ু


[সম্পাদনা কৰক] জীৱজগৎ


[সম্পাদনা কৰক] চৰকাৰ ব্যৱস্থা আৰু ৰাজনীতি


[সম্পাদনা কৰক] প্ৰশাসনিক বিভাগ


[সম্পাদনা কৰক] অৰ্থনীতি


[সম্পাদনা কৰক] পৰিবহন ব্যৱস্থা


[সম্পাদনা কৰক] জনপৰিসংখ্যা


[সম্পাদনা কৰক] সংস্কৃতি


[সম্পাদনা কৰক] উৎসৱ আৰু মেলা


[সম্পাদনা কৰক] শিক্ষা


[সম্পাদনা কৰক] গণমাধ্যম


[সম্পাদনা কৰক] খেলাধূলা


[সম্পাদনা কৰক] লগতে চাওঁক

[সম্পাদনা কৰক] বহিঃসংযোগ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Census of India, 2011. Census Data Online, Population.
  2. "West Bengal front final printing" (html). http://www.censusindia.gov.in/2011-prov-results/indiaatglance.html. Retrieved 30 July 2009. 
  3. "India: Administrative Divisions (population and area)". Census of India. http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x. Retrieved 2009-04-17. 
  4. Gross Domestic Product by prices as of 28 February, 2008
  5. "Bengal Presidency, British India". indianetzone.com. http://www.indianetzone.com/34/bengal_presidency_british_india.htm. Retrieved December 09, 2011. 
  6. "Why India’s Stalinists oppose the US nuclear deal" (aspx). WSWS. http://www.wsws.org/articles/2008/jul2008/indi-j15.shtml. Retrieved March 27, 2010. 
  7. "Fresh gunfight between police, Naxals in West Bengal" (aspx). DNA. http://www.dnaindia.com/india/report_fresh-gunfight-between-police-naxals-in-west-bengal_1364127. Retrieved March 27, 2010. 
  8. "A slaughter reveals the inadequacy of India’s counterinsurgency effort" (aspx). The Economist. http://www.economist.com/world/asia/displaystory.cfm?story_id=15869400. Retrieved Apr 8th 2010. 
  9. "While the debate goes on whether trade unions must be allowed in the IT sector, the CITU forms one in West Bengal". FrontLine. http://www.hindu.com/fline/fl2323/stories/20061201002503300.htm. Retrieved Dec. 01, 2006. 
  10. "Waking up too late". The Statesman. http://www.thestatesman.net/index.php?option=com_content&view=article&id=325041&catid=51. Retrieved 11 April 2010. 
  11. "CPI(M) architect of misrule in Bengal". Government of India (2001). IBNLive. http://ibnlive.in.com/blogs/mamatabanerjee/2446/53353/cpim-architect-of-misrule-in-bengal.html. Retrieved April 15, 2009. 
  12. "The question is not who will win but what lies behind the Left Front's impending electoral victory, its 15th in succession". Government of India (2001). The Hindu. http://www.hindu.com/2006/04/16/stories/2006041609221200.htm. Retrieved April 15, 2009. 
  13. "CPI dominana in West Bengal". RUDRANGSHU MUKHERJEE. http://www.india-seminar.com/2010/605/605_rudrangshu_mukherjee.htm. Retrieved Jun 10, 2009. 


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত