ভাৰতৰ প্ৰধানমন্ত্ৰী
| ভাৰতৰ প্ৰধান মন্ত্ৰী प्रधान मंत्री |
|
|---|---|
Emblem of India |
|
| সম্বোধন | Mr. Prime Minister (Informal) The Honourable (Formal) |
| চৰকাৰী বাসগৃহ | 7, Race Course Road, New Delhi |
| নিযুক্তি দিয়ে | President of India |
| কাৰ্যকাল | General Elections are held every five years at a maximum, but may be held sooner. The Prime Minister is by convention the leader of the victorious party. No term limits are imposed on the office. |
| প্ৰথম কাৰ্যকৰ্তা | জৱাহৰলাল নেহৰু 15 আগষ্ট 1947 |
| গঠন | Indian Constitution 15 আগষ্ট 1947 |
| ৱেবচাইট | প্ৰধান মন্ত্ৰীৰ কাৰ্যালয় |
ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধান মন্ত্ৰী । সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । একে সময়তে প্ৰধান মন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয় । প্ৰধান মন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব । যদিহে প্ৰথম অৱ্স্থাত তেওঁৰ এই যোগ্যতে নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব । যদিহে প্ৰধান মন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে । কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধান মন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা । দ্বিতীয়ত, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা । তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা । প্ৰধান মন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে । ইয়াৰ ওপৰিওদেশৰ প্ৰধান হিচাপে প্ৰধান মন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
ভাৰতৰ প্ৰধান মন্ত্ৰীসকল [সম্পাদনা কৰক]
- জৱাহৰলাল নেহৰু
- গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)
- লাল বাহাদুৰ শাস্ত্ৰী
- গুলজাৰিলাল নন্দ (ভাৰপ্ৰাপ্ত)
- ইন্দিৰা গান্ধী
- মোৰাৰজী দেশাই
- চৰণ সিং
- ইন্দিৰা গান্ধী
- ৰাজীৱ গান্ধী
- বিশ্বনাথ প্ৰতাপ সিং
- চন্দ্ৰশেখৰ
- পি ভি নৰসিংহ ৰাও
- অটল বিহাৰী বাজপেয়ী
- এইচ ডি দেৱেগৌৰা
- ইন্দৰ কুমাৰ গুজৰাল
- অটল বিহাৰী বাজপেয়ী
- ডঃ মনমোহন সিং (দ্বিতীয়বাৰলৈ বৰ্তমান)
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
|
|
|||||||