ভাৰতীয় টকা
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
টকা হৈছে ভাৰতৰ মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee (ৰুপী), কিন্তু কেৱল বাংলা আৰৃ অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়।
ৰুপীয়া শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। এক ৰুপীয়াত ১৬ অনা, বা ৬৪ পইছা, বা ১৯২ পাই আছিল। এক ৰূপৰ টকা ১১.৬৬ গ্ৰাম ০.৯১৭ বিশুদ্ধতাৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল।
কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছত এয়া সলনি কৰা হয়, এতিয়া এক টকাত ১০০ পইছা থাকে। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমুহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰন কৰে। ৰিজাৰ্ভ বেংকে বিভিন্ন মূল্যৰ টকা উলিয়াই, সেইবোৰ হলঃ
কাগজৰ নোটঃ ৫ টকা, ১০ টকা, ২০ টকা, ৫০ টকা, ১০০ টকা, ৫০০ টকা, ১০০০ টকা।
ধাতুৰ মুদ্ৰা: ২৫ পইছা, ৫০ পইছা, ১ টকা, ২ টকা আৰু ৫ টকা। এতিয়া মুদ্ৰা ৰূপেৰে নহয়্, মিশ্ৰিত ধাতুৰে নিৰ্মান কৰা হয়।
উচ্চ মূল্যৰ নোট, বিশেষকৈ ৫০০ টকা আৰু ১০০০ টকা নোটৰ বহুল পৰিমাণে জাল হয়, সেইবাবে ৰিজাৰ্ভ বেংকে নোট ছপা কৰোতে বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰে যাতে সহজে জাল কৰিব নোৱাৰি।