যমুনা নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্থানাংক: 25°30′N 81°53′E / 25.5°N 81.883°E / 25.5; 81.883
যমুনা (यमुना)
নদী
যমুনা নদীৰ তীৰত আগ্ৰাৰ তাজমহল
দেশ ভাৰত
উপনৈ
 - বাঁওদিশত চম্বল, বেতোৱা, কেন, সিন্ধ
 - সোঁদিশত টোনচ, হিন্দোন, সাৰদা, কুন্টা, গিৰি, ঋষিগঙ্গা, হনুমান গঙ্গা
চহৰসমূহ দিল্লী, মথুৰা, আগ্ৰা, এটাওৱা, কলপি
উৎস যমুনোত্ৰী হিমবাহ
 - অৱস্থান বান্দাৰপুচ শৃঙ্গ, উত্তৰকাশী জিলা, উত্তৰাখণ্ড, ভাৰত
 - উচ্চতা 6,387 m (20,955 ft)
 - স্থানাঙ্ক 38°59′N 78°27′E / 38.983°N 78.45°E / 38.983; 78.45
মোহনা ত্ৰিবেণী সঙ্গম
 - অৱস্থান এলাহাবাদ, ভাৰত
 - উচ্চতা 0 m (0 ft)
 - স্থানাঙ্ক 25°30′N 81°53′E / 25.5°N 81.883°E / 25.5; 81.883
দৈৰ্ঘ্য 1,376 km (855 mi)
অৱবাহিকা 3,66,223 বৰ্গকিলোমিটাৰ (1,41,399 বৰ্গমাইল)
সিন্ধু-গাঙ্গেয় সমভূমি অঞ্চলে যমুনা নদীৰ প্ৰবাহপথ
উত্তৰাখণ্ডত উৎসস্থল যমুনোত্ৰীত যমুনা নদী

যমুনা (সংস্কৃত: यमुना) উত্তৰ ভাৰতৰ এক অন্যতম প্ৰধান নদী। এইখন ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় নদী গঙ্গাৰ প্ৰধান উপনদী। যমুনা নদীৰ উৎস মধ্য হিমালয়ৰ বান্দাৰপুচ পৰ্বতশৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত অবস্থিত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত।[1] এই নদীৰ দৈৰ্ঘ্য ১,৩৭৬ কিলোমিটাৰ (৮৫৫ মাইল)।[1] এই নদীৰ জলনিৰ্গম প্ৰণালীৰ আয়তন ৩৬৬,২২৩ বৰ্গ কিলোমিটাৰ;[1] যিটো সমগ্ৰ গাঙ্গেয় অববাহিকাৰ ৪০.২ শতাংশ।[1] এই নদী এলাহাবাদৰ ত্ৰিবেণী সঙ্গমত গঙ্গা নদীৰ লগত মিলিত হৈছে। গঙ্গা আৰু যমুনাৰ মিলনস্থলত প্ৰতি বাৰ বছৰৰ অন্তৰত কুম্ভমেলা আয়োজিত হয়।

যমুনা নদী উত্তৰাখণ্ড, হাৰিয়ানা অৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ মাজেৰে আৰু হিমাচল প্ৰদেশ আৰু দিল্লীৰ কাষেৰে প্ৰবাহিত হৈছে। প্ৰবাহপথত একাধিক উপনদী যমুনা নদীত মিলিত হৈছে। যমুনাৰ বৃহত্তম আৰু দীৰ্ঘতম উপনদী হল টোনচ। যমুনাৰ আন উপনদী চম্বলৰ নিজস্ব এটা অববাহিকা আছে। যমুনাৰ অন্যান্য উপনদীসমূ হ’ল সিন্ধ, বেতোৱা আৰু কেন। যমুনাৰ নদী উপত্যকাৰ সৰ্বপেক্ষা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল সিন্ধু গাঙ্গেয় সমভূমি অঞ্চলত গঙ্গা আৰু যমুনাৰ মধ্যবৰ্তী অঞ্চলত অবস্থিত অতি উৰ্বৰ পললসমৃদ্ধ 'গঙ্গা-যমুনা দোয়াব' অঞ্চল। প্ৰায় ৫৭,০০০,০০০ মানুহ যমুনাৰ পানীৰ উপৰত নিৰ্ভৰশীল।[1] যমুনা নদীত বাৰ্ষিক ১০,০০০ কিউবিক মিটাৰ পানী প্ৰবাহিত হয়।[1] ইয়াৰ মাজত ৪,৪০০ কিউবিক মিটাৰ পানী ব্যবহাৰ কৰা হয়।[1] যমুনাৰ ব্যবহৃত পানীৰ ৯৬ শতাংশই লাগে জলসিঞ্চনৰ কামত।[1] দিল্লীৰ জল সৰবৰাহ ব্যবস্থাৰ ৭০ শতাংশই আহে যমুনা নদীৰ পৰা।[1]

গঙ্গাৰ তুলনাত যমুনাও হিন্দুধৰ্মত এখন পবিত্ৰ নদী বুলি বিবেচিত হয়। হিন্দুসকলে যমুনাক দেৱী যমুনা জ্ঞানেৰে পূজা কৰে। হিন্দু পুৰাণ অনুসৰি, যমুনা সূৰ্যৰ কন্যা আৰু মৃত্যুৰ দেবতা যমৰ ভগিনী। কেইবাটাও জনপ্ৰিয় কিংবদন্তিমতে তেওঁ যমী নামেৰেও পৰিচিত। হিন্দুসকলে বিশ্বাস কৰে, যমুনাৰ পবিত্ৰ পানীয়ে মৃত্যু যন্ত্ৰণাৰ পৰা মানুহক নিস্তাৰ দিয়ে[1][2]

হিমালয়ৰ যমুনোত্ৰীৰ পৰা দিল্লীৰ ওৱাজিৰাবাদ পৰ্যন্ত যমুনাৰ পানীৰ "মান মোটামুটি ভাল"। যমুনাৰ এই পথটুকুৰাৰ দৈৰ্ঘ্য ৩৭৫ কিলোমিটাৰ। ওৱাজিৰাবাদৰ বান্ধৰ পৰা ওখলা বান্ধ পৰ্যন্ত নদীৰ গতিপথত ১৫টি পয়ঃপ্ৰণালীৰ মাধ্যমেৰে বৰ্জিত পানী নদীত নিক্ষেপ কৰা হয়। ইয়াৰ ফলত দিল্লীৰ ওৱাজিৰাবাদৰ পৰা যমুনাৰ পানী অত্যন্ত দূষিত হয়। এজন পদাধিকাৰীয়ে নদীখনক সেইবাবে ১৪ – ২৮ এমজি/১ বায়োকেমিক্যাল অক্সিজেন ডিম্যান্ড (বিওডি) আৰু উচ্চহাৰত কোলিফৰ্ম উপাদানযুক্ত এক "নিকাশী নলা" বুলি উল্লেখ কৰে।[3] যমুনা প্ৰদূষণৰ তিনিটি প্ৰধান উৎস হল গাৰ্হস্থ্য আৰু পৌৰ বৰ্জ্যভূমি, কৃষিৰ বাবে বনচ্ছেদনৰ ফলত ভূমিক্ষয় আৰু বিভিন্ন কৃষি আৰু শিল্পক্ষেত্ৰৰ পৰা নি:সৃত বিষাক্ত ৰাসায়নিক পদাৰ্থ।

প্ৰবাহপথ[সম্পাদনা কৰক]

যমুনাৰ উৎস বান্দাৰপুচ শৃঙ্গ, মুচৌৰিৰ পৰা তোলা ছবি।
যমুনাৰ তীৰত যমুনোত্ৰী মন্দিৰ, দেৱী যমুনাৰ প্ৰতি উৎসৰ্গিত

হৰিদ্বাৰৰ উত্তৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত মধ্য হিমালয়ৰ মুচৌৰি পৰ্বতশ্ৰেণীৰ বান্দাৰপুচ শৃঙ্গৰ দক্ষিণ-পশ্চিম পাদদেশত যমুনোত্ৰী হিমবাহৰ ৬,৩৮৭ মিটাৰ উচ্চতাত যমুনা নদীৰ উৎপত্তি।[1] ইয়াত দেৱী যমুনাৰ প্ৰতি উৎসৰ্গিত যমুনোত্ৰী মন্দিৰ হিন্দুধৰ্মৰ পবিত্ৰ তীৰ্থসমূহৰ অন্যতম। এই মন্দিৰ সৰু চাৰিধাম যাত্ৰাচক্ৰৰ অন্যতম। এই মন্দিৰৰ অনতিদূৰত নদীৰ সোঁ তীৰ অবধি ১৩ কিলোমিটাৰ ট্ৰেকৰুটত মাৰ্কণ্ডেয় তীৰ্থ অবস্থিত। লোকবিশ্বাস অনুসৰি, ইয়াতেই মাৰ্কণ্ডেয় পুৰাণ ৰচনা কৰিছিল ঋষি মাৰ্কণ্ডেয়ই।[4][5]

ইয়াৰ পৰা যমুনা প্ৰবাহিত হৈছে দক্ষিণাভিমুখে। মধ্য হিমালয়, শিবালিক পৰ্বতশ্ৰেণী আৰু মোৰাইনিক নদীৰ মাজেদি এই নদীৰ ২০০ কিলোমিটাৰ প্ৰবাহপথ উচ্চ যমুনা উপত্যকা নামেৰে পৰিচিত। এই উপত্যকাৰ জিওমৰফোলজিক্যাল বৈশিষ্ট্যসমূহ হ’ল শৃঙ্খলিত শৈলশিখৰ, শুদ্ধ পাথৰৰ ভূমিতল আৰু একাধিক নদীমঞ্চ। নওগাঁও অঞ্চলৰ দৰে নদীৰ নিম্ন উপত্যকাত বহুকাল প্ৰাচীন বৃহত্তৰ নদীমঞ্চসমূহ দেখা যায়। হিমাচল প্ৰদেশত ২,৩২০ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট যমুনা নদীৰ এক প্ৰাচীন নদী ধাৰণ অঞ্চলৰ সন্ধান পোৱা যায়। উচ্চ ধাৰণ অঞ্চলৰ এক গুৰুত্বপূৰ্ণ উপনদী হল টোনচ। এইখন যমুনাৰ দীৰ্ঘতম আৰু বৃহত্তম উপনদী। টোনচ নদীৰ উৎপত্তি হৰি-কি-দুন উপত্যকাত। মূল নদীতকৈ এই নদীৰ জলধাৰণ ক্ষমতা বেছি। কলসিৰ পাছতেই হৰিদ্বাৰৰ কাষত ই যমুনাৰ লগত মিলিত হৈছে। এই নদীৰ সমগ্ৰ জলনিৰ্গম প্ৰণালীটো প্ৰসাৰিত হৈছে হিমাচল প্ৰদেশৰ গিৰি-শতদ্ৰু ধাৰণ অববাহিকা আৰু গাড়োৱালৰ যমুনা-ভিলংনা ধাৰণ অববাহিকাৰ মধ্যবৰ্তী অঞ্চলত। চিমলাৰ দক্ষিণ শৈলশিখৰটো এই প্ৰণালীৰ অন্তৰ্গত।

যমুনা অববাহিকাৰ উচ্চ ধাৰণ অঞ্চলৰ অন্যতম উপনদীসমূহ হল গিৰি, ঋষিগঙ্গা, কুন্টা, হনুমানগঙ্গা আৰু বাটা।[6] ইয়াৰপাছত দেৰাদুনৰ নিকটৱৰ্তী ডাকপাথৰত যমুনা নদী দুন উপত্যকাৰ সমভূমিত অবতীৰ্ণ হৈছে। ইয়াত এটা জলপ্ৰপাত জলাধাৰাৰৰ সাহায্যৰে নদীৰ পানী জলবিদ্যুৎ উৎপাদনৰ বাবে এটা খালৰ মাজৰে প্ৰবাহিত হৈছে। ইয়াৰ অলপ দূৰত যমুনা আৰু আচচান নদীৰ সংযোগস্থলত আচচান বান্ধ অবস্থিত। ইয়াত এটা পক্ষীগৃহও আছে। শিখ তীৰ্থস্থান পাওন্টা চাহিব পাৰ হৈয়ে যমুনা নদী হাৰিয়ানাৰ যমুনা নগৰ জিলাৰ তাজেওৱালাত উপস্থিত হৈছে। ১৮৭৩ চনত ইয়াত এটা জলাধাৰ নিৰ্মিত হয়। এই জলাধাৰটো পূৰ্ব আৰু পশ্চিম যমুনা খাল নামেৰে দুটা গুৰুত্বপূৰ্ণ খালৰ উৎপত্তিস্থল। এই খালদুটাৰ মাধ্যমেৰে হাৰিয়ানা আৰু উত্তৰপ্ৰদেশ ৰাজ্যৰ জনসিঞ্চনৰ পানী সৰবৰাহ কৰা হয়। পশ্চিম যমুনা খাল যমুনা নগৰ, কাৰনাল আৰু পানিপথ পাৰ হৈ হায়দাৰপুৰ ট্ৰিটমেন্ট প্ল্যান্টত উপস্থিত হৈছে। এই প্ল্যান্টটো দিলীৰ পৌৰ জল সৰবৰাহ ব্যবস্থাৰ এটি উৎস। ইয়াৰ পাছত ইয়াতে যমুনা নগৰ আৰু পানিপথ চহৰৰ বৰ্জিত পানী আহি মিশ্ৰিত হৈছে। অতঃপৰ শূন্য যমুনা নদী আকৌ পূৰ্ণ হৈছে বিভিন্ন ঋতুগত জলধাৰা আৰু ভৌমজলৰ উৎসৰ পৰা। শুষ্ক ঋতুত তাজেওৱালাৰ পৰা দিল্লী পৰ্যন্ত প্ৰবাহপথত যমুনাৰ অনেকাংশই শুকান হৈ থাকে। তাৰপাছত ২২৪ কিলোমিটাৰ পথ অতিক্ৰম কৰি যমুনা প্ৰবেশ কৰে পাল্লা জিলাত।

দোয়াব, যুক্তপ্ৰদেশ, ১৯০৮ চনৰ মানচিত্ৰ

যমুনা নদীয়ে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ৰাজ্যৰ প্ৰাকৃতিক সীমাও নিৰ্ধাৰণ কৰিছে। বিশ্বৰ বৃহত্তম পললসমৃদ্ধ উৰ্বৰ সমভূমি সিন্ধু-গাঙ্গেয় সমভূমি অঞ্চলত গঙ্গা নদীৰ লগত সমান্তৰালভাবে প্ৰবাহিত হৈ যমুনা নদীয়ে ৬৯,০০০ বৰ্গকিলোমিটাৰ আয়তন বিশিষ্ট গঙ্গা-যমুনা দোয়াব অঞ্চলৰ সৃষ্টি কৰিছে। এই অঞ্চল সমগ্ৰ সমভূমিৰ এক-তৃতীয়াংশ অঞ্চল ব্যাপী অবস্থান কৰিছে। বৰ্তমান এই অঞ্চল কৃষিক্ষেত্ৰত সমৃদ্ধিৰ বাবে সুপ্ৰসিদ্ধ। ইয়াৰ উৎপাদিত শস্যসমূহৰৰ মাজত বাচমতী চাউল বিশেষ উল্লেখযোগ্য। ভাৰতৰ কৃষকসকলৰৰ এক তৃতীয়াংশ এই সমভূমি অঞ্চলতেই বাস কৰে।[7]

ৰাজ্য ধাৰণ অঞ্চল (বৰ্গকিলোমিটাৰ) ধাৰণ অঞ্চলৰ শতকৰা হাৰ
উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ড ৭৪,২০৮ ২১.৫ %
হিমাচল প্ৰদেশ ৫,৭৯৯ ১.৬ %
হাৰিয়ানা ২১,২৬৫ ৬.৫ %
ৰাজস্থান ১০২,৮৮৩ ২৯.৮ %
মধ্যপ্ৰদেশ ১৪,০২৩ ৪০.৪ %
দিল্লী ১,৪৮৫ ০.৪ %

দিল্লী, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ মাজেদি প্ৰবাহিত হৈ এলাহাবাদৰ পবিত্ৰ হিন্দু তীৰ্থ ত্ৰিবেণী সঙ্গমত ১,৩৭৬ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পাছত গঙ্গা নদীৰ লগত মিলিত হৈছে যমুনা। ইয়াত নদীৰ মধ্যভাগত এক উচ্চ মঞ্চত অবস্থিত তীৰ্থক্ষেত্ৰত তীৰ্থযাত্ৰীসকলে নৌকাযোগে পূজা দিবলৈ যায়। প্ৰতি বাৰ বছৰৰ অন্তৰে সঙ্গমৰ ঘাটসমূহত কুম্ভমেলা আয়োজিত হয়। এই সময়ত পূণ্যাৰ্থীসকলে নদীত স্নান কৰে।[8] যমুনা নদীৰ তীৰত অবস্থিত চহৰসমূহ হ’ল বাঘপত, দিল্লী, নইডা, মথুৰা, আগ্ৰা, ফিৰোজাবাদ, এটাওৱা, কলপি, হামিৰপুৰ আৰু এলাহাবাদ। এটাওৱাৰ আন এক গুৰুত্বপূৰ্ণ উপনদী চম্বল যমুনাৰ লগত মিলিত হৈছে। ইয়াৰ পাছত সিন্ধ, বেতোৱা আৰু কেন নদী মিলিত হৈছে যমুনাৰ লগত।[2][9]

প্ৰাচীন সাহিত্য আৰু ইতিহাসত যমুনা নদী[সম্পাদনা কৰক]

বসুদেব শিশু কৃষ্ণক লৈ যমুনা পাৰ হৈছে; এই কাহিনীটো ভাগবত পুৰাণৰ এটি জনপ্ৰিয় কিংবদন্তি।
দেৱী যমুনাৰ এটি ভাস্কৰ্য; অষ্টম শতাব্দী

সংস্কৃত ভাষাত "যমুনা" নামটোৰ অৰ্থ "যমজ"। গঙ্গা নদীৰ সমান্তৰালভাবে এই নদী প্ৰবাহিত বুলিয়েই যমুনাৰ এই নামকৰণ। বৈদিক যুগত (১৭০০ – ১১০০ খ্ৰীষ্টপূৰ্বে) ৰচিত ঋগ্বেদৰ একাধিক স্থানত "যমুনা" নামটোৰ উল্লেখ পোৱা যায়। পৰবৰ্তীকালত ৰচিত অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আৰু শতপথ ব্ৰাহ্মণতো "যমুনা" নামটোৰ সন্ধান পোৱা গৈছে।[10] ঋগ্বেদৰ এটি উপাখ্যানত ভ্ৰাতা যমৰ প্ৰতি যমুনাৰ "অত্যধিক স্নেহ"ৰ বৰ্ণনা আছে। যমে যমুনাক নিজৰ বাবে এজন উপযুক্ত স্বামী বাচি লবলৈ কোৱাত যমুনাই কৃষ্ণক বৰণ কৰে। ষোড়শ শতাব্দীত দাৰ্শনিক বল্লভাচাৰ্য ৰচিত যমুনাষ্টকম্ স্তোত্ৰত এই কাহিনীৰ বৰ্ণনা আছে। এই কাব্যৰ বৰ্ণনা অনুযায়ী যমুনাই তেওঁৰ প্ৰেমিক কৃষ্ণৰ লগত মিলিত হয় আৰু জগতৰ পাপস্খলন কৰিবলৈ মৰ্ত্যলৈ নামি আহিছিল। এই স্তবত যমুনাক সকলো আধ্যাত্মিকতাৰ উৎস বুলি বন্দনা কৰা হৈছে; কোৱা হৈছে যে গঙ্গা বৈৰাগ্য, উচ্চ জ্ঞান আৰু মোক্ষ দানত সমৰ্থ, কিন্তু যমুনাই তেওঁৰ জ্যেষ্ঠ ভ্ৰাতা যমৰ অত্যন্ত প্ৰিয় বুলিয়েই মৃত্যুৰ পৰাও মুক্তি দিয়াত সমৰ্থ। হিন্দু পুৰাণৰ বৰ্ণনা অনুযায়ী, যমুনা কালিন্দ পৰ্বতৰ পৰা উৎসাৰিত। এই কাৰণে তেওঁক কালিন্দৰ কন্যা কালিন্দী নামেৰেও অভিহিত কৰা হয়। কৃষ্ণৰ লীলাবৰ্ণনাত আৰু বৈষ্ণৱ পদাবলীত কালিন্দী নামটোৰ বহুল প্ৰয়োগ পৰিলক্ষিত হয়।[11][12]

মহামতি আলেকজেণ্ডাৰৰ পদাধিকাৰী চেলুকচ প্ৰথম নিকাটৰৰ জৰীপ আৰু ৩০৫ খ্ৰীষ্টপূৰ্বে ভাৰত ভ্ৰমণকাৰী জনৈক ডায়াডকিৰ বৰ্ণনাত এই নদী ইয়োমেনস (Iomanes) বা ইওয়ামেস (Ioames) নামেৰে পৰিচিত। ২৮৮ খ্ৰীষ্টপূৰ্বে চন্দ্ৰগুপ্ত মৌৰ্যৰ মৃত্যুৰ আগলৈকে পূৰ্বতে কোনো সময়ত ভাৰত পৰ্যটনকাৰীয়ে গ্ৰীক পৰ্যটক আৰু ভৌগোলিক মেগাস্থেনিচ তেওঁৰ ইণ্ডিকা গ্ৰন্থত এই নদীৰ উল্লেখ কৰে। তেওঁৰ বৰ্ণনা অনুযায়ী, যমুনা অববাহিকাত অবস্থিত দেশখন শূৰসেন নামেৰে পৰিচিত আছিল।[13] মহাভাৰতৰ বৰ্ণনা অনুযায়ী পাণ্ডবসকলৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ যমুনা নদীৰ তীৰত অবস্থিত আছিল। ধৰা হয় যে, এই অঞ্চলটো অবস্থিত আছিল বৰ্তমান দিল্লী অঞ্চলত।

পুৰাতাত্ত্বিক প্ৰমাণৰ পৰা জনা যায়, যমুনা এসময়ত ঘগ্গৰ নদীৰ উপনদী আছিল। প্ৰাচীনযুগত এই ঘগ্গৰ নদীখন বৈদিক সৰস্বতী নদী নামেৰে অভিহিত হৈছিল। সৰস্বতী, সিন্ধু আৰু ইয়াৰ পাঁচ উপনদী একত্ৰে সপ্তসিন্ধু নামেৰে পৰিচিত আছিল। উত্তৰ ভাৰতৰ এক ভূআন্দোলনৰ ফলত যমুনাই নিজৰ অস্তিত্ব পৰিবৰ্তন কৰি গঙ্গাৰ উপনদীত পৰিণত হয়। মানি লোৱা হয়, ইয়াৰ পাছৰ পৰাই সৰস্বতী নদী শুকায় যায়। ইয়াতে সিন্ধু সভ্যতাৰ একাধিক জনবসতিৰ পতন ঘটে আৰু থৰ মৰুভূমিৰ উদ্ভব ঘটে। ঘগ্গৰ-হাকৰা নদীত বৰ্তমানে কেবল বৰ্ষাকালতহে পানী থাকে।[14][15][16] প্ৰাচীনকালৰ পৰাই গঙ্গা-যমুনা নদী অববাহিকা আৰু দোয়াব অঞ্চল এক ঐতিহ্যবাহী ক্ষমতাকেন্দ্ৰ বুলি বিবেচিত হৈ আহিছে। চালুক্য ৰাজ বিনয়াদিত্যৰ ৰাজত্বকাল পৰ্যন্ত প্ৰাচীন ভাৰতৰ একাধিক বৃহৎ সাম্ৰাজ্যৰ কেন্দ্ৰ আছিল এই অঞ্চল। এইবোৰৰ মাজত উল্লেখযোগ্য: মগধ (৬০০ খ্ৰীষ্টপূৰ্ব), মৌৰ্য সাম্ৰাজ্য (৩২১-১৮৫ খ্ৰীষ্টপূৰ্ব), শূঙ্গ সাম্ৰাজ্য (১৮৫-৭৩ খ্ৰীষ্টপূৰ্ব), কুষাণ সাম্ৰাজ্য (খ্ৰীষ্টিয় প্ৰথম-তৃতীয় শতাব্দী) আৰু গুপ্ত সাম্ৰাজ্য (২৮০-৫৫০ খ্ৰীষ্টাব্দ)। এই সাম্ৰাজ্যসমূহৰ কেইবাখনৰো ৰাজধানী আছিল মথুৰা অথবা পাটলিপুত্ৰ চহৰত। এই সকলো সাম্ৰাজ্যই গঙ্গা আৰু যমুনা নদীৰ তীৰতেই বিকাশলাভ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনকালত (৩৭৫-৪১৫ খ্ৰীষ্টাব্দ) গঙ্গা আৰু যমুনাৰ মূৰ্তি সমগ্ৰ গুপ্ত সাম্ৰাজ্যত বিয়পি পৰে। দাক্ষিণাত্যতো চালুক্য আৰু ৰাষ্ট্ৰকূটসকলৰ (৭৫৩-৯৮২ খ্ৰীষ্টাব্দ) নিৰ্মিত মন্দিৰ আৰু ৰাজকীয় চিললমোহৰত গঙ্গা আৰু যমুনাৰ ছবি পোৱা যায়। তাৰো আগেয়ে চোল সাম্ৰাজ্যৰ স্থাপত্য নক্সাত স্থান পাইছিল এই দুই নদীয়ে। ৰাষ্ট্ৰকূট ৰজা তৃতীয় গোবিন্দ ইলোৰাৰ কৈলাশ মন্দিৰ চত্বৰ পাথৰ কাটি তেওঁ নদীদেৱী গঙ্গা, যমুনা আৰু সৰস্বতীৰ নামেৰে তিনিটা মন্দিৰ নিৰ্মাণ কৰে।[17]

পুৰাণ[সম্পাদনা কৰক]

যমুনা নদীৰ দেৱীকল্প যমী বা দেৱী যমুনা নামেৰে পৰিচিত। তেওঁ হিন্দু সূৰ্যদেৱতা সূৰ্য আৰু তেওঁৰ পত্নী সমজ্ঞাৰ কন্যা আৰু মৃত্যুদেৱতা যমৰ ভগিনী। কৃষ্ণধৰ্মৰ কৃষ্ণ সংক্ৰান্ত উপাখ্যানসমূহৰ লগত ওত:প্ৰত:ভাবে জড়িত এই দেৱী। হিন্দু পুৰাণতো কৃষ্ণ আৰু যমুনা নদী বিষয়ক অনেকবোৰ কাহিনী প্ৰচলিত আছে। এইবোৰৰ মাজত উল্লেখযোগ্য হ’ল কালীয় দমন। এই কাহিনী অনুসৰি, যমুনাৰ পানীৰ তলিত কালীয় নামেৰে এক বিষধৰ নাগৰ বসতি আছিল। এই নাগে ব্ৰজৰ অধিবাসীসকলক ভয় দেখুৱাইছিল। কৃষ্ণই এই নাগক পৰাস্ত কৰে আৰু ইয়াৰ ফণাৰ উপৰত উঠি নৃত্য কৰে।[18][19]

গুৰুত্বপূৰ্ণ উপনদী[সম্পাদনা কৰক]

জলসিঞ্চন[সম্পাদনা কৰক]

ওখলা বান্ধৰ পৰা নিৰ্গত আগ্ৰা খাল, দিলী ১৮৭১

সিন্ধু গাঙ্গেয় সমভূমি অঞ্চলত যমুনা নদীৰ গুৰুত্ব বৃদ্ধি কৰিছে এই নদীৰ খালসমূহে। খ্ৰীষ্টীয় চতুৰ্দশ শতাব্দীত টোঘলক শাসনকালত নহৰ-ই-বেহিস্ত নামেৰে যমুনা নদীৰ সমান্তৰালকৈ এটি খাল কটা হৈছিল। পৰবৰ্তীকালত সপ্তদশ শতাব্দীৰ প্ৰথমাৰ্ধত মোগল শাসনকালত বাস্তুকাৰ আলি মৰ্দান খানে খালটোৰ সংস্কাৰ কৰে আৰু প্ৰসাৰিত কৰে। এই সময়ত বেনাওয়াচত যমুনাৰ সমভূমিত প্ৰবেশস্থলৰ পৰা মোগল ৰাজধানী চাহজাহানাবাদ (অধুনা দিল্লী) পৰ্যন্ত খালটো প্ৰসাৰিত আছিল।[20] সমুদ্ৰপৃষ্ঠৰ পৰা ৭৯০ মিটাৰ উচ্চতাত ডাকপাথৰৰ কাষত যমুনা উত্তৰৰ সমভূমি অঞ্চলত প্ৰবেশ কৰিছে। দুন উপত্যকাৰ ডাকপাথৰৰ পৰা ১১ কিলোমিটাৰ দূৰত আচচান বান্ধৰ পৰা উৎপন্ন হৈছে পূৰ্ব আৰু পশ্চিম যমুনা খাল। এই খালদুটাৰ মাধ্যমেৰে এই অঞ্চলৰ এক বিৰাট অংশত জলসিঞ্চনৰ কাম সম্পন্ন হয় । ইয়াৰ পাছত দিলী পাৰ হোৱাৰ পাছত যমুনাই আগ্ৰা খাল নামেৰে আন এক খালক পুষ্ট কৰিছে। ১৮৭৪ চনত নিজামুদ্দিন সেতুৰ অদূৰত ওখলা বান্ধৰ পৰা এই খালটোৰ উৎপত্তি। খাড়ি নদী আৰু যমুনাৰ মধ্যবৰ্তী উচ্চভূমি অঞ্চলত প্ৰবাহিত হৈ এই খাল আগ্ৰা পৰা ২০ মাইল দূৰত বনগঙ্গা নদীত মিলিত হৈছে। এই কাৰণে গ্ৰীষ্মকালত আগ্ৰাৰ উজনিত অবস্থিত যমুনাৰ মূল স্ৰোতটোত যথেষ্ট পানী নাথাকে।[2]

শতদ্ৰু-যমুনা লিঙ্ক (এসওয়াইএল) নামেৰে এটি গধুৰ পণ্যবাহী খাল বৰ্তমান নিৰ্মাণাধীন। যমুনা নদীৰ পৰা উৎপন্ন হোৱা এই খালটো পাঞ্জাব অঞ্চলৰ এটি প্ৰাচীন ক্যাৰাভান পথ আৰু উচ্চভূমি গিৰিপথৰ মাজেদি প্ৰবাহিত হৈ পতিত হয় শতদ্ৰু-সিন্ধু জলনিৰ্গম প্ৰণালীৰ নৌবহনযোগ্য অংশলৈ। পূৰ্ব দিশেৰে এই লিঙ্কটো গঙ্গা নদীৰ লগত সংযুক্ত হব। এই লিঙ্কটোৰ মাধ্যমেৰে ভাৰতৰ পূৰ্ব উপকূল পাকিস্তানৰ মাজেৰে পশ্চিম উপকূলৰ লগত সংযুক্ত হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতৰ পূব উপকূলৰ লগত পশ্চিম উপকূল তথা আৰব সাগৰৰ নৌদূৰত্ব বহুলাংশ কমি যাব। ফলত উত্তৰ-মধ্য ভাৰতৰ বাণিজ্য লাভবান হব। দিল্লীৰ নিকটস্থ পাল্লা গ্ৰামৰ পৰা উৎপন্ন হৈ হাৰিয়ানা ৰাজ্যৰ মাজেৰে প্ৰবাহিত হৈ এই লিঙ্কটো পাঞ্জাবত প্ৰবেশ কৰিব। হাৰিয়ানাৰ অংশত লিঙ্কটো নিৰ্মাণৰ কাম শেষ হলেও, পাঞ্জাব ৰাজ্য এই লিঙ্কটোৰ নিৰ্মাণৰ বিপক্ষে। পাঞ্জাব বিধানসভাই "পাঞ্জাব টাৰ্মিনেশন অফ এগ্ৰিমেন্টস অ্যাক্ট ২০০৪" জাৰি কৰি পূৰ্ববৰ্তী সকলো চুক্তি বাতিল ঘোষণা কৰিছে।[1]

ব্যবস্থাপনা[সম্পাদনা কৰক]

উৎসস্থলৰ পৰা দিল্লীৰ ওখলা পৰ্যন্ত যমুনাৰ প্ৰবাহপথটো “উচ্চ যমুনা” (Upper Yamuna) নামেৰে পৰিচিত। ১৯৯৪ চনৰ ১২ মে, উচ্চ যমুনাৰ জলবণ্টনৰ লক্ষ্যেৰে পাঁচ অববাহিকা ৰাজ্য উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান আৰু দিল্লীৰ মাজত এক মউ (মেমোৰাণ্ডাম অফ আন্ডাৰস্ট্যান্ডিং) সাক্ষৰিত হয়। ইয়াৰ পাছতেই জলসম্পদ মন্ত্ৰকৰ অধীনত উচ্চ যমুনা নদী পৰিষদ গঠিত হয়। এই পৰিষদৰ প্ৰাথমিক কাম হ’ল লাভগ্ৰহীতা ৰাজ্যসমূহৰ মাজত নদীৰ পানীৰ ন্যায্য ভাগৰ সুষম বণ্টনৰ তত্ত্বাবধান; ভূতল আৰু ভৌমজলৰ সংৰক্ষণ আৰু মানোন্নয়ন; অববাহিকাৰ জল-অৱহাৱাতত্ত্ব সংক্ৰান্ত তথ্য সংৰক্ষণ; অববাহিকা ব্যবস্থাপনা সংক্ৰান্ত পৰিকল্পনাসমূহৰ পৰ্যবেক্ষণ; ওখলা বান্ধ পৰ্যন্ত সকলো প্ৰকল্পৰ কামৰ তত্ত্বাবধান আৰু পৰ্যবেক্ষণ।[21]

পাওন্টা চাহিবত য’ত যমুনা নদীৰ লগত উপনদী টোনচ, পওয়াৰ আৰু গিৰি মিলিত হৈছে, তাত এটা বান পূৰ্বাভাষ কেন্দ্ৰ আছে। পৰবৰ্তী কেন্দ্ৰসমূহ হ’ল হাৰিয়ানাৰ কালানৌৰৰ তাজেওৱালা আৰু দিল্লীৰ নিকটবৰ্তী মাওয়াই। তাজেওৱালাৰ পৰা দিল্লীলৈ আহিবলৈ নদীৰ পানীৰ সময় লাগে ৬০ ঘণ্টা। এই কাৰণে দুদিন আগতেই বানৰ পূৰ্বাভাষ দিয়াৰ পৰিসেৱা ইয়াত সম্ভব হৈছে।[1][22][23] ১৯৫৮ চনত কেন্দ্ৰীয় জল কমিছন গঠিত হোৱাত যমুনা নদীৰ উপৰত অবস্থিত দিল্লী ৰেলৱে ব্ৰীজ স্টেচনৰ পৰা প্ৰথম বান পূৰ্বাভাষ পৰিসেৱা আৰম্ভ কৰা হৈছিল।[24]

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 Jain, Sharad K.; Pushpendra K. Agarwal, Vijay P. Singh (2007). Hydrology and water resources of India- Volume 57 of Water science and technology library. Springer. পৃষ্ঠা. 344–354. ISBN 1402051794. http://books.google.com/books?id=ZKs1gBhJSWIC&pg=RA1-PA345&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna%20River&f=false. 
  2. 2.0 2.1 2.2 Hoiberg, Dale (2000). Students' Britannica India, Volumes 1-5. Popular Prakashan. পৃষ্ঠা. 290–291. ISBN 0852297602. http://books.google.com/books?id=DPP7O3nb3g0C&pg=PA290&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna%20River&f=false. 
  3. "'Ganga is the most polluted river'". The Hindu. Nov 23, 2003. http://www.hinduonnet.com/2003/11/23/stories/2003112300531100.htm. 
  4. Yamunotri Temple Uttarkashi district website.
  5. Nand, Nitya; Kamlesh Kumar (1989). The holy Himalaya: a geographical interpretation of Garhwal - Yamuna Drainage System. Daya Books. পৃষ্ঠা. 49. ISBN 8170350557. http://books.google.com/books?id=wmNGKpcE83cC&pg=PA49&dq=Yamuna&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. 
  6. General outline of rivers in Himachal @ webindia123
  7. Sharma, Deo Prakash (2006). Archaeology of Lower Ganga-Yamuna Doab (circa 1200 B.C. to 1200 A.D.). Bharatiya Kala Prakashan. পৃষ্ঠা. 10, 214. ISBN 8180900339. ""Doab is a Persian word, from Do-Ab, literally meaning 'two rivers', or land between two rivers"." 
  8. At the Three Rivers TIME, February 23, 1948.
  9. State of River Yamuna
  10. Macdonell, Arthur Anthony; Arthur Berriedale Keith (1995). Vedic Index of Names and Subjects (Volume 2). Motilal Banarsidass. পৃষ্ঠা. 186. ISBN 8120813332. http://books.google.com/books?id=U5GaKHfNzScC&pg=PA186&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna%20River&f=false. 
  11. Shiva, Vandana (2006). Earth democracy: justice, sustainability and peace-G - Reference,Information and Interdisciplinary Subjects Series. Zed Books. পৃষ্ঠা. 172–173. ISBN 1842777777. http://books.google.com/books?id=iQzwwzBYGDkC&pg=PA172&dq=Yamuna&as_brr=0#v=onepage&q=Yamuna&f=false. 
  12. Chamberlain, Gary (2008). Troubled waters: religion, ethics, and the global water crisis. Rowman & Littlefield. পৃষ্ঠা. 18. ISBN 0742552454. http://books.google.com/books?id=oAHhdczi9CcC&pg=PA16&dq=Yamuna+River&lr=#v=onepage&q=Yamuna%20River&f=false. 
  13. Dahlaquist, Allan (1996). Megasthenes and Indian Religion- Volume 11 of History and Culture Series. Motilal Banarsidass Publ.. পৃষ্ঠা. 386. ISBN 8120813235. http://books.google.com/books?id=xp35-8gTRDkC&pg=PA130&dq=Yamuna&as_brr=0#v=onepage&q=Yamuna&f=false. 
  14. Ghosh, A. (1991). Encyclopedia of Indian Archaeology. BRILL. পৃষ্ঠা. 214. ISBN 9004092641. http://books.google.com/books?id=Wba-EZhZcfgC&pg=PA214&lpg=PA214&dq=yamuna+ghaggar+tributary&source=web&ots=zQcdxns2o9&sig=PGW3O2ddkPKCdDu37THMb7mxLL8&hl=en&sa=X&oi=book_result&resnum=5&ct=result. 
  15. Feuerstein, Georg; Subhash Kak, David Frawley (2001). In Search of the Cradle of Civilization. Quest Books. পৃষ্ঠা. 89. ISBN 0835607410. http://books.google.com/books?id=Ermk_FmwcS4C&pg=PA89&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. 
  16. Frawley, David (2000). Gods, Sages and Kings: Vedic Secrets of Ancient Civilization. Lotus Press. পৃষ্ঠা. 95. ISBN 0910261377. http://books.google.com/books?id=DM58BhuR2KwC&pg=PA108&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. 
  17. Davis, Richard H. (1999). Lives of Indian images. Princeton University Press. পৃষ্ঠা. 74–76. ISBN 0691005206. http://books.google.com/books?id=5OGFrDcLbogC&pg=PA75&dq=Yamuna+River&lr=#v=onepage&q=Yamuna%20River&f=false. 
  18. Dimmitt, Cornelia (1978). Classical Hindu mythology: a reader in the Sanskrit Purānas. Temple University Press. পৃষ্ঠা. 329. ISBN 0877221227. http://books.google.com/books?id=TmFOX7q2IqgC&pg=PA329&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna%20River&f=false. 
  19. Yamunashtakam Text and Translation
  20. Woodward, David; John Brian Harley (1987). The History of cartography, Volume 2, Part 1. Oxford University Press US. পৃষ্ঠা. 438. ISBN 0226316351. http://books.google.com/books?id=ocoV2iI4vcoC&pg=RA2-PA311&dq=Yamuna+River&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. 
  21. Upper Yamuna River Board Official website.
  22. Rao, K.L. (1979). India's Water Wealth - Flood Forecasting system of Yamuna. Orient Blackswan. পৃষ্ঠা. 163. ISBN 8125007040. http://books.google.com/books?id=DZNrXuA2y3MC&pg=PA163&dq=Yamuna&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. .
  23. Negi, Sharad Singh (1991). Himalayan rivers, lakes, and glaciers. Indus Publishing. পৃষ্ঠা. 141–142. ISBN 8185182612. http://books.google.com/books?id=5YtUShKY8zcC&pg=PA142&dq=Yamuna&lr=&as_brr=0#v=onepage&q=Yamuna&f=false. 
  24. Flood Forecasting Network in India Ministry of Water Resources website.

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]