ষ্টিলৱেল পথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীনলৈ নতুন পথ
১৯৪৪ চনৰ বাৰ্মা আৰু লিডু ৰোড
১৯৪২-৪৩ত এচিয়াৰ প্ৰধান পথসমূহ, সোঁফালে লিডু ৰোড, দেখুওৱা হৈছে
লিডু ৰোড আৰু বাৰ্মা ৰোড
১৯৪৫ চনত এজন মাৰ্কিন আৰু এজন চীনা সৈনিকে ষ্টিলৱেল ৰোডৰ ওপৰেৰে ভাৰত (লিডু)ৰ পৰা চীন (কুনমিং)লৈ যোৱা প্ৰথমটো কনভয়ৰ এখন জীপ গাড়ীৰ ওপৰত নিজৰ দেশৰ পতাকা আঁৰিছে

ষ্টিলৱেল ৰোড নামৰ বুৰঞ্জীপ্ৰসিদ্ধ পথটো আগতে জনা গৈছিল লিডু ৰোড নামেৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে এই পথটিৰ নিৰ্মান কৰা হৈছিল, কিয়নো বাৰ্মা ৰোড জাপানী সৈন্যই ১৯৪২ চনত দখল কৰি লৈছিল। ছিয়াং কাই শ্বেকৰ পৰামৰ্শ মতে ১৯৪৫ চনৰ আগভাগত আমেৰিকান সৈন্যবাহিনীৰ জেনেৰেল "ভিনেগাৰ জো ষ্টিলৱেলৰ" প্ৰতি সন্মান জনাই এই পথটিৰ নামাকৰণ কৰা হয় "ষ্টিলৱেল ৰোড" নামেৰে। ভাৰতঅসম ৰাজ্যৰ লিডু নামৰ ঠাইত আৰম্ভ হোৱা এই পথ ম্যানমাৰকাচিন প্ৰদেশৰ শ্বিংব্ৱিয়াং, ম্যিট্‌ক্যিনা আৰু ভামো হৈ চীনদেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত শেষ হৈছে।[1]

ঊনৈছ শতিকাত ব্ৰিটিছ ৰে’লৱেৰ নিৰ্মাণকাৰী সকলে ভাৰত-বাৰ্মা সীমান্তৰ পাটকাই পৰ্বতত ৩,৭২৭ ফুট (১,১৩৬ মিটাৰ) উচ্চতাত থকা পাংচাউ-পাচ নামে ঠাইত এক জৰীপ চলাইছিল। তেওঁলোকে ঠাৱৰ কৰিছিল যে এই অঞ্চলত বাৰ্মাৰ হুকাৱঙ উপত্যকালৈকে এক ৰে’লপথ নিৰ্মাণ কৰিব পৰা যাব। এই পৰিকল্পনাটো পিছলৈ বাদ দিয়া হৈছিল যদিও ব্ৰিটিছসকলে অসমৰ পৰা বাৰ্মালৈ এক পথ নিৰ্মাণৰ বাবে পাটকাই অঞ্চলত জৰীপ কাৰ্য্য চলাই গৈছিল। ব্ৰিটিছ অভিযন্তা সকলে এই সাম্ভাব্য পথটিৰ প্ৰথম আশী মাইলৰ জৰীপ সম্পুৰ্ন কৰাৰ পিছত এই কাম বাদ দিব লগীয়া হৈছিল কিয়নো বাৰ্মাৰ প্ৰায়বিলাক ঠাই জাপানীসকলে অধিকাৰ কৰি লৈছিল। ইয়াৰ পিছত আমেৰিকান সকলৰ বাবে এই পথটি নিৰ্মাণ এক প্ৰয়োজন হৈ পৰিছিল। ইয়াৰ এক প্ৰধান কাৰন হৈছে, ৰেংগুন জাপানৰ দখললৈ যোৱাৰ পিছৰ আৰু ষ্টিলৱেল ৰোড নিৰ্মাণৰ আগৰ সময়ছোৱাত চীনাসকলক সামগ্ৰী যোগান ধৰিবৰ বাবে আমেৰিকান আৰু মিত্ৰ শক্তিৰ হাতত এটাই মাত্ৰ পথ আছিল - "দা হাম্প" নামে বিখ্যাত পূৰ্বোত্তৰ হিমালয় পৰ্ব্বতৰ ওপৰেদি কঠিন বায়ুপথ অতিক্ৰম কৰা।

নিৰ্মাণ[সম্পাদনা কৰক]

১৯৪২ চনৰ ১ ডিচেম্বৰ তাৰিখে, ফাৰ ইষ্টাৰ্ন থিয়েটাৰৰ(Far Eastern Theatre, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পূব এছিয়াৰ দেশসমুহত, যেনে বাৰ্মা, থাইলেণ্ড, ভাৰত, শ্ৰীলংকা আদিত হোৱা সামৰিক অভিযানসমুহক সামগ্ৰিকভাৱে এই নাম দিয়া হৈছে) সেনাধক্ষ্য, ব্ৰিটিছ জেনেৰেল ছাৰ ৱাভেল আৰু আমেৰিকান জেনেৰেল ষ্টিলৱেলৰ মাজত হোৱা বুজাবুজিৰ মতে লিডু ৰোড বনোৱাৰ কাম আমেৰিকান NCAC (Northern Combat Area Command, দ্বিতীয় মহাসমৰৰ সময়ত উত্তৰ বাৰ্মাত কৰ্মৰত মিত্ৰশক্তিৰ চীনা-আমেৰিকান জোঁট) অপাৰেশ্যনৰ অধীনলৈ যায়। লিডু ৰোড নিৰ্মাণৰ মুখ্য উদ্দেশ্য আছিল চীন দেশলৈ এক সামগ্ৰী আৰু শক্তি সৰবৰাহৰ স্থলপথ স্থাপন কৰা। জেনেৰেল ষ্টিলৱেলৰ অধীনত আৰম্ভ হোৱা এই পথৰ আৰম্ভ হ’ব অসমৰ ৰে’ল আস্থান লিডুত আৰু ই মঙ-য়ুত বৰ্মা ৰোডৰ সৈতে সংযুক্ত হ’ব। তাৰপৰা সেই পথেদি ট্ৰাকসমুহে চীন সীমান্তৰ ৱান্টিঙলৈ যাত্ৰা কৰিব পাৰিব যাতে যাৱতীয় সামগ্ৰী চীনৰ কুনমিঙলৈ লৈ যাব পৰা যায়। ষ্টিলৱেলৰ কৰ্মচাৰীসকলৰ এক অনুমান মতে নতুনকৈ নিৰ্মাণ হ’বলগা এই পথেদি মাহিলী প্ৰায় ৬৫,০০০ টন সামগ্ৰী সৰবৰাহ কৰিব পৰা যাৱ, এই পৰিমান সেই সময়ত "দা হাম্প"ৰ ওপৰৰ বায়ুপথেদি সৰবৰাহ কৰি থকা সামগ্ৰীৰ পৰিমানতকৈ বহুগুণে বেছি আছিল।[2] আমেৰিকান বায়ুসেনাৰ তেতিয়াৰ এজন জেনেৰেল ক্লেয়াল লী চেনাউল্টৰ মতে কিন্তু এই আনুমানিক পৰিমানটো এক অত্যুক্তি আছিল। ঘন বৰ্ষাৰণ্যৰ মাজেৰে ইমান দীঘল আৰু কঠিন এক যাত্ৰা অতিক্ৰম কৰি আচলতে কিমান পৰিমানৰ সামগ্ৰী সৰবৰাহ কৰিব পৰা যাব, আৰু এই পৰিমানটো যে তেতিয়াৰ বস্তু কঢ়িওৱা উৰাজাহাজৰ ক্ষমতাতকৈ যে বেছি হ’ব, এই বিষয়ত জেনেৰেল চেনাউল্টে সন্দেহ প্ৰকাশ কৰিছিল।[3]

১৫০ মিলিয়ন আমেৰিকান ডলাৰ খৰচ হোৱা এই পথনিৰ্মাণ কাৰ্য্যত ৩৫,০০০ জন থলুৱা আৰু ১৫,০০০ জন আমেৰিকান (ইয়াৰ ৬০%ই আছিল আফ্ৰিকান-আমেৰিকান বংশোদ্ভৱ লোক) সৈ’ন্য নিয়োজিত হৈছিল। ইয়াৰে ১,১০০ জন আমেৰিকান সৈ’ন্য আৰু বহুতো থলুৱা সৈ’ন্য[4] পথনিৰ্মাণৰ সময়ত মৃত্যুমুখত পৰিছিল। বাৰ্মাৰ বেছিভাগ ঠাই জাপানী দখলত থকা কাৰনে বাৰ্মাৰ ভিতৰ অঞ্চলৰ ভৌগোলিক তথ্য, যেনে - মাটিৰ গঠন, নদীসমুহৰ স্থিতি আৰু প্ৰকৃতি ইত্যাদি পথ নিৰ্মাণৰ আগতে জনাটো অসম্ভৱ আছিল। এইবিলাক তথ্য পথনিৰ্মাণৰ সময়তহে সংগ্ৰহ কৰা হৈছিল।

লিডো ৰোডৰ নিৰ্মাণ কাৰ্য্য চলাই নিবৰ বাবে জেনেৰেল ষ্টিলৱেলে এক "Service or Supply (SOS)" গোট গঠন কৰে আৰু ইয়াৰ নেতৃত্ব প্ৰদান কৰে মেজৰ জেনেৰেল ৰে’মণ্ড এ হুইলাৰক। মেজৰ জেনেৰেল ৰে’মণ্ড এজন উচ্চখাপৰ সেনা বিষয়া আছিল। তেখেতে পথ নিৰ্মাণৰ চোৱাচিতা কৰিবৰ বাবে মূখ্য নিৰ্দেশক হিচাপে কৰ্ণেল জন চি এৰ’স্মিথক নিয়োগ কৰে। পিচত কৰ্ণেল এৰ’স্মিথৰ ঠাইত এই কামৰ বাবে সুদক্ষ সেনা অভিযন্তা কৰ্ণেল লুইচ অ পিক-অক নিয়োগ কৰা হয়।

১৯৪২ চনৰ ডিচেম্বৰ মাহত এই পথনিৰ্মাণৰ প্ৰথম ১০৩ মাইল (১৬৬ কিল’মিটাৰ) পথৰ কাম আৰম্ভ কৰা হয়। এই পৰ্য্যায়ত বনোৱা পথৰ অংশ ঠেক আৰু ক্ৰমান্বয়ে ওখ হৈ যোৱা, কোনো কোনো ঠাইত ইয়াৰ উচ্চতা ৪,৫০০ ফুট (১,৪০০ মিটাৰ) পৰ্য্যন্তও হৈছেগৈ। লিডুৰপৰা আৰম্ভ হোৱা এই পথে পাটকাই পৰ্ব্বতৰ পাংচাউ-পাচৰ মাজেৰে গৈ বাৰ্মাৰ শ্বিংব্ৱিয়াং পাইছেগৈ। পাংচাউ-পাচৰ বিপদসংকুল আৰু কঠিন ভৌগোলিক অৱস্থানৰ বাবে তেতিয়া ইয়াক "নৰকৰ পাচ" (Hell Pass) বুলিও কোৱা হৈছিল। এইছোৱা পথ নিৰ্মাণ কৰোঁতে ১,০০,০০০ কিউবিক ফুট প্ৰতি মাইল (১৮০০ কিউবিক মিটাৰ প্ৰতি কিলোমিটাৰ) হাৰত মাটি কটা হৈছিল। এই পথছোৱাৰ কিছুমান বৈশিষ্ট হ’ল ঠায়ে ঠায়ে অতি ওখলৈ উঠি যোৱা পথ, একা বেকা কেকুৰি, ঠায়ে ঠায়ে হঠাতে প্ৰায় ২০০ ফুট তললৈ নামি যোৱা পথ, চাৰিওফালে থকা ঘন বৰ্ষাৰণ্য ইত্যাদি। নিৰ্ধাৰিত সময়তকৈ তিনি দিন আগতে, ১৯৪৩ চনৰ ২৭ ডিচেম্বৰ তাৰিখে প্ৰথমখন বুলড’জাৰ শ্বিংব্ৱিয়াং পাইছিলগৈ।

উত্তৰ বাৰ্মাৰ কামাইং, ম’গুআং আৰু ম্যিট্‌ক্যিনা চহৰক কেন্দ্ৰ কৰি এই অঞ্চলক অধিকাৰ কৰি থকা ১৮ নং জাপানী গোটৰ সামৰিক শক্তিক আক্ৰমণ কৰিবলৈ মিত্ৰ শক্তিক প্ৰয়োজন হোৱা ৰচদ পাতি আৰু অন্যান্য সামগ্ৰী যোগান ধৰাটো এই পথছোৱা নিৰ্মাণৰ পিছত সহজ হৈ পৰিছিল। বাৰ্মাৰ শ্বিংব্ৱিয়াঙলৈকে লিডু ৰোডৰ এই অংশটো নিৰ্মাণ হৈ উঠাৰ আগেয়ে মিত্ৰ শক্তিৰ সৈন্য’বিলাকক বস্তু যোগান ধৰাৰ একমাত্ৰ উপায় আছিল পাটকাই পৰ্ব্বতৰ ওপৰৰ বায়ুপথ। মিত্ৰ শক্তিৰ এই সৈন্য’বাহিনীৰ বেছিভাগ সৈন্য’ই আছিল আমেৰিকাই প্ৰশিক্ষণ দিয়া এক্স-ফ’ৰ্চ নামৰ বিশেষ সামৰিক গোটৰ চীনা সৈন্য’। এই পথছোৱা সম্পূৰ্ণ হোৱাৰ পিছত জাপানী সৈন্য’ দক্ষিণলৈ পিছুৱাই যাব লগীয়া হ’ল আৰু লিডু ৰোডৰ নিৰ্মাণ আগুৱাই গৈ থাকিল। শ্বিংব্ৱিয়াঙৰ পিছত লিডু ৰোড বনোৱাটো সহজ আছিল, কিয়নো জাপানী সৈন্য’বাহিনীয়ে আগতেই ইয়াত এক পথ নিৰ্মাণ কৰি থৈছিল আৰু লিডু ৰোডৰ নিৰ্মাণ এই পথৰ ওপৰতেই কৰা হৈছিল। লিডু ৰোড নিৰ্মাণ কৰি গৈ থাকোঁতে পথৰ দাঁতিত দুডাল ১০ ছেন্টিমিটাৰ (৪ ইঞ্চি) জোখৰ পাইপ-লাইনো বনাই গৈ থকা হৈছিল। ইয়াৰ মূখ্য উদ্দেশ্য আছিল এই পথেদি যাবলগীয়া বাহন বোৰক ট্ৰাকেদি ইন্ধন যোগান ধৰাৰ পৰিৱৰ্তে এই পাইপ-লাইনেদি ইন্ধন যোগান ধৰা।

শ্বিংব্ৱিয়াঙলৈকে পথছোৱা নিৰ্মাণ হোৱাৰ পিছত বাকী অংশবিলাক সম্পূৰ্ণ কৰা হয়। প্ৰথমেই আহে ৱাৰাজাপ, ম্যিট্‌কিনা আৰু ভামোলৈকে ৩৭২ মাইল (৬০০ কিলোমিটাৰ) অংশ। ইয়াৰ পিছত লিডু ৰোড পুৰণি বাৰ্মা ৰোডৰ এক শাখাৰ লগ লাগিছে। এইছোৱা পথ ব্যৱহাৰযোগ্য আছিল যদিও ইয়াৰ উন্নয়ন কৰা হয়। এই শাখাটো নামখাম (লিডুৰপৰা ৪৩৯ মাইল (৫৫৮ কিলোমিটাৰ) দূৰত্বত) হৈ শেষত মঙ-য়ু পাইছেগৈ। মঙ-য়ুৰ লিডুৰপৰা দূৰত্ব হৈছে ৪৬৫ মাইল (৭৪৮ কিলোমিটাৰ) আৰু ইয়াতেই লিডু ৰোড বাৰ্মা ৰোডৰ লগ লাগিছে। মঙ-য়ুৰ এই সন্ধিস্থল পোৱালৈকে লিডু ৰোড প্ৰায় ১০ খন প্ৰধান নদী আৰু ১৫৫ খন উপনদীৰ ওপৰেদি পাৰ হৈ গৈছে, গড় হিছাপত প্ৰত্যেক ২.৮ মাইলত (৪.৫ কিলোমিটাৰত) এখনকৈ দলং।

ইয়াত যদি সৈন্য’বাহিনীৰ গাড়ীবিলাকে সোঁফালে ঘূৰে, তেওঁলোকে দক্ষিণৰ জাপানী অধিকৃত বাৰ্মাৰ মাজেৰে গৈ ১০০ মাইল (১৬০ কিলোমিটাৰ) দূৰৈত থকা লাছিঅ’ পাবগৈ পাৰে। আৰু যদি তেওঁলোকে বাওঁফালে ঘূৰে, তেন্তে ৬০ মাইল (১০০ কিলোমিটাৰ) উত্তৰে চীন-বাৰ্মা সীমান্তত থকা ৱান্টিং পাবগৈ পাৰে। ১৯৪৪ চনৰ শেষৰ ভাগলৈকেও কিন্তু এই পথৰ নিৰ্মাণ আৰম্ভনিতে নিৰ্ধাৰণ কৰাধৰনে চীনলৈকে সম্পূৰ্ণ হৈ উঠা নাছিল। আৰু সেই একেখিনি সময়লৈকে সৈন্য’বাহিনীলৈ আধুনিক বিমানৰ আগমন ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে "দা হাম্প"ৰ ওপৰেদি চীনলৈ বায়ুপথেদি সৰবৰাহ কৰা সামগ্ৰীৰ পৰিমাণ বহুগুণে বাঢ়ি গৈছিল।

জেনেৰেল ষ্টিলৱেলে লিডু ৰোডৰ নিৰ্মাণ কাৰ্য্য হাতলৈ লোৱাৰ প্ৰায় দুবছৰৰ পিছত, ১৯৪৪ চনৰ শেষভাগত এই পথটো বাৰ্মাৰোডত সংযোগ হৈ অসমৰ লিডুৰপৰা চীনৰ কুনমিঙলৈকে ব্যপ্ত এক ১,০৭৯ মাইল (১৭৩৬ কিলোমিটাৰ) দীঘল ঘাইপথৰ ৰূপ লয়। ১৯৪৫ চনৰ ১২ জানুৱাৰী তৰিখে জেনেৰেল পিক নামৰ এজন সেনা বিষয়াৰ নেতৃত্বত ১১৩ খন গাড়ীৰ এক গোটে লিডুৰপৰা প্ৰথমবাৰৰ বাবে লিডু ৰোডেৰে যাত্ৰা আৰম্ভ কৰে। এই গোটতো কুনমিঙ গৈ পায়গৈ ১৯৪৫ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে। ইয়াৰ পিছৰ ছমাহত এই পথেদি ভাৰতৰ পৰা চীনলৈ ট্ৰাকেৰে প্ৰায় ১,২৯,০০০ টন সামগ্ৰী সৰবৰাহ কৰা হয়।[5] ভাৰতৰপৰা চীন দেশ অভিমুখে সামগ্ৰী কঢ়িয়াই নিয়া ছাব্বিশ হেজাৰ ট্ৰাক চীন দেশক গতাই দিয়া হয়।[5]

জেনেৰেল চেনাউল্ট নামৰ সেনা বিষয়া গৰাকীয়ে সন্দেহ প্ৰকাশ কৰাটো পিছত সঁচা প্ৰমানিত হৈছিল, কিয়নো এই পথেদি সৰবৰাহ কৰা সামগ্ৰীৰ পৰিমাণ কেতিয়াও "দা হাম্প"ৰ ওপৰেদি বায়ুপথেদি সৰবৰাহ কৰা সামগ্ৰীৰ পৰিমাণতকৈ বেছি হোৱা নাছিল।[6] যুদ্ধ শেষ হোৱাৰ আগৰ মাহ, ১৯৪৫ চনৰ জুলাই মাহত বায়ুপথেদি সৰবৰাহ কৰা সামগ্ৰীৰ পৰিমাণ আছিল ৭১,০০০ টন। সেই একে মাহতে লিডু ৰোডেৰে সৰবৰাহ কৰা সামগ্ৰীৰ পৰিমাণ আছিল মাত্ৰ ৬০০০ টন। দ্বিতীয় বিশ্বযুদ্ধৰ শেষ সময়লৈকে "দা হাম্প"ৰ ওপৰেদি বায়ুপথেৰে সামগ্ৰী সৰবৰাহ চলি আছিল, এই পথেৰে সৰ্বমুঠ ৬,৫০,০০০ টন সামগ্ৰী সৰবৰাহ হৈছিল। ইয়াৰ বিপৰীতে লিডু ৰোডেৰে সৰবৰাহ কৰা সামগ্ৰীৰ সৰ্বমুঠ পৰিমাণ আছিল ১,৪৭,০০০ টন।[3][6]

কোৱা হয়, এটা বাৰিষাত হুকাৱঙ উপত্যকাৰ ওপৰেদি বিমানেৰে গৈ থাকোঁতে মাউন্টবেটেনে তেওঁৰ কৰ্মচাৰীসকলক তেওঁলোকৰ তলত দেখা পোৱা নদীখনৰ নাম সুধিছিল। এজন আমেৰিকান বিষয়াই মাউন্টবেটেনক উত্তৰ দিছিল, "সেইখন নদী নহয়, সেইটো হৈছে লিডু ৰোড"।[7]

লিডু ৰোডত কৰ্মৰত আমেৰিকান সৈন্য’বাহিনীৰ গোটবিলাক[সম্পাদনা কৰক]

প্ৰথমতে লিডু ৰোডত নিয়োজিত সৈন্য’ গোট বিলাক হৈছে[8] : 45th Engineer General Service Regiment আৰু 823rd Aviation Engineer Battalion (EAB)। ১৯৪৩ চনত এওঁলোকৰ লগ লগা গোট বিলাক হৈছে : 848th EAB, 849th EAB, 858th EAB আৰু 1883rd EAB। এই সকলোখিনি সৈনিক গোটেই আফ্ৰিকান-আমেৰিকান সৈন্য’বাহিনী আছিল।

১৯৪৪ চনৰ এপ্ৰিল মাহৰ মাজৰপৰা মে’ মাহলৈকে 879th Airborne Engineer Battalion-অৰ সৈনিক সকলে দিনটোৰ ২৪ ঘন্টাই লিডু ৰোডত কাম কৰিছিল। তেওঁলোকৰ মূখ্য কাম আছিল বে’ছ কেম্প নিৰ্মাণ কৰা আৰু শ্বিংব্ৱিয়াং বিমানঘাটি নিৰ্মাণ কৰা। পিছত এই গোটতো জাপানী দখলৰ পৰা মুক্ত কৰা পুৰণি ব্ৰিটিছ বিমানঘাটি এটাৰ উন্নয়নৰ কামত ম্যিট্‌ক্যিনালৈ গুছি যায়।[9][10]

১৯৪৪ চনৰ ডিচেম্বৰ মাহৰ শেষৰফালে এই পথটো সামগ্ৰী সৰবৰাহৰ বাবে মুকলি কৰি দিয়া হয় যদিও ১৯৪৫ চনলৈকে এই পথৰ উন্নয়ন আৰু বহলোৱাৰ কাম তাত থকা সামৰিক গোটবিলাকে চলাই গৈছিল। তেতিয়ালৈকে এই পথৰ পুনঃনামাকৰণ কৰা হৈছিল - ষ্টিলৱেল ৰোড।

ষ্টিলৱেল পথ নিৰ্মাণকাৰ্য্যৰ ওপৰত কৰা বিভিন্ন উক্তি[সম্পাদনা কৰক]

ৱিনষ্টন চাৰ্চিলে এই গোটেই প্ৰকল্পটোৰ ওপৰত উক্তি কৰিছিল এইধৰনে : "an immense, laborious task, unlikely to be finished until the need for it has passed"

১৪ নং ব্ৰিটিছ সৈন্য’বাহিনীক ভাৰত আৰু বাৰ্মাত নেতৃত্ব দিয়া ব্ৰিটিছ ফিল্ড মাৰ্ছেল ৱিলিয়াম স্মিথে লিডু ৰোডৰ বিষয়ে এইদৰে লিখিছে :

I agreed with Stilwell that the road could be built. I believed that, properly equipped and efficiently led, Chinese troops could defeat Japanese if, as would be the case with his Ledo force, they had a considerable numerical superiority. On the engineering side I had no doubts. We had built roads over country as difficult, with much less technical equipment than the Americans would have. My British engineers, who had surveyed the trace for the road for the first eighty miles [130 km], were quite confident about that. We were already, on the Central front, maintaining great labour forces over equally gimcrack lines of communication. Thus far Stilwell and I were in complete agreement, but I did not hold two articles of his faith. I doubted the overwhelming war-winning value of this road, and, in any case, I believed it was starting from the wrong place. The American amphibious strategy in the Pacific, of hopping from island to island would, I was sure, bring much quicker results than an overland advance across Asia with a Chinese army yet to be formed. In any case, if the road was to be really effective, its feeder railway should start from Rangoon, not Calcutta.
—William Slim.[11]

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰিস্থিতি[সম্পাদনা কৰক]

বাৰ্মাৰ স্বাধীনতাৰ পিছত এই পথটি মেৰামতি আৰু সংৰক্ষনৰ অভাৱত ক্ৰমে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। ষ্টিলৱেল ৰোডেৰে কৰা অন্তিমটো তথ্যভুক্ত যাত্ৰা কৰা হৈছিল ১৯৫৫ চনত। এই যাত্ৰাতো Oxford-Cambridge Overland Expedition-অৰ এক অংশ আছিল। টিম শ্লেচৰ নামৰ ব্যক্তি গৰাকীয়ে এই যাত্ৰাৰ ওপৰত ভিত্তি কৰি লিখা "ফাৰ্ষ্ট অ’ভাৰলেণ্ড" নামৰ কিতাপখনত উল্লেখ কৰিছে যে পাংচাউ-পাচ আৰু শ্বিংব্ৱিয়াঙৰ মাজৰ পথছোৱাত দলং বিলাক ভাগি গৈছিল। বাৰ্মাত আশ্ৰয় লোৱা বিভিন্ন ভাৰতীয় আতংকবাদী গোটৰ কাৰ্য্যকলাপৰ বাবে ভাৰত চৰকাৰেও এই পথেৰে যাত্ৰা কৰাত বাধা আৰোপ কৰে।

ভাৰত-ম্যানমাৰ সম্পৰ্কত উন্নতি ঘ্টাৰ ফলস্বৰুপে এই দুয়োখন দেশৰ মাজত এতিয়া পৰ্যটন আৰম্ভ হৈছে। এই পথ এতিয়াও ভাৰতৰ দিশৰপৰা বন্ধ আছে, কিন্তু ম্যানমাৰত থকা ষ্টিলৱেল পথছোৱা যাত্ৰাৰ উপযোগী বুলি জনা যায়। এই পথেদি বিভিন্ন সময়ত বিভিন্ন অভিযান আদি চলোৱা হৈছে যদিও সেই অভিযান বিলাকত অংশ লোৱা ব্যক্তিসকলে এই পথটোৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে কোনো ধৰনৰ মন্তব্য কৰা নাই।

পুনৰ্নিৰ্মাণ[সম্পাদনা কৰক]

ম্যানমাৰৰ চৰকাৰে লাচিঅ’-কুনমিং বাৰ্মা ৰোডৰ পৰিৱৰ্ত হিচাপে ষ্টিলৱেল ৰোডৰ পুনৰ্নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। চীনৰ চৰকাৰে ২০০৭ চনত এই পথৰ ম্যিট্‌ক্যিনা-কামবাইটি অংশৰ পুনৰ্নিৰ্মাণৰ কাম সম্পুৰ্ন কৰে। ৰেংগুনৰ য়ুজানা নামৰ প্ৰতিষ্ঠান এটাই ম্যিট্‌ক্যিনা আৰু টানাইৰ মাজৰ পথছোৱাৰ কামো কৰি আছে। ইয়াৰ বিপৰীতে, ভাৰত চৰকাৰে এই পথ মুকলি কৰিলে উত্তৰ-পূৱ ভাৰতৰ বিদ্ৰোহী সংগঠন বিলাকৰ কাৰ্য্যকলাপ বৃদ্ধি পাব বুলি সন্দেহ কৰে।[12][13][14]


টোকা[সম্পাদনা কৰক]

  1. Bhaumik, Subir (2009-08-11). "India not to reopen key WWII road". BBC News. http://news.bbc.co.uk/2/hi/south_asia/8194622.stm। আহৰণ কৰা হৈছে: 2010-05-07. 
  2. Sherry, Mark D., China Defensive 1942-1945, United States Army Center of Military History, CBI Background. Chapter: "China Defensive"
  3. 3.0 3.1 Xu, p. 191
  4. Sankar, Anand (2009-02-14). "On the road to China". Business Standard. http://www.business-standard.com/india/storypage.php?autono=323868। আহৰণ কৰা হৈছে: 2009-02-13. 
  5. 5.0 5.1 American Embassy in China, U.S. Embassy Marks 60th Anniversary of Ledo Road, U.S. Embassy Press Briefing and Release, February 2, 2005
  6. 6.0 6.1 Schoenherr Steven,The Burma Front, History Department at the University of San Diego
  7. Moser, p. 139
  8. Staff. EAB in China-Burma-India, National Museum of the U.S. Air Force, Retrieved 2008-10-01
  9. 879th Airborne Engineers Official Battalion History declassified NND957710
  10. Zaitsoff, Mark P. (7 September 2010). "879th Engineer Battalion (aviation):Engineers by Glider to Myitkyina – Company A, 879th Engineers 17 May 1944". In Goldblatt, Gary. CBI Order of Battle, linages and history. http://www.cbi-history.com/part_vi_879th_eng_batt.html। আহৰণ কৰা হৈছে: March 2012. 
  11. Slim, start of Chapter XII: The Northern Front
  12. Staff. Resident's homes on Ledo Road to move back 20 feet, Kachin News Group (KNG), 7 August 2008
  13. Human Rights Documentation Unit, Burma Human Rights Yearbook 2007, National Coalition Government of the Union of Burma, September 2008. p. 214
  14. http://ibnlive.in.com/news/stilwell-road-indochina-road-to-peace/163192-3.html

তথ্যসূত্ৰ[সম্পাদনা কৰক]

অন্যান্য সমল[সম্পাদনা কৰক]

স্থানাংক: 27°41′18″N 95°55′57″E / 27.68839°N 95.93262°E / 27.68839; 95.93262