মুনীন বৰকটকী বঁটা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
প্ৰতিশ্ৰুতিসম্পন্ন লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে সাধাৰণতে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ২৫,০০০ টকা আৰু এখন মানপত্ৰ৷
[সম্পাদনা কৰক] মুনীন বৰকটকী বঁটা বিজয়ীসকল
| ক্ৰমিক নং | চন | ব্যক্তিৰ নাম |
| ১ | ১৯৯৫ | ড: ৰবীন শৰ্মা (পাঁচাৰ পাচালী, গল্প) আৰু শিৱানন্দ কাকতি (আমৃত্যু অমৃত, গল্প) |
| ২ | ১৯৯৬ | লুৎফা হানুম চেলিমা বেগম (সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে, কবিতা) আৰু ডঃ ভৃংগেশ্বৰ শৰ্মা (কামাখ্যা ফাৰ্মাচীত চাৰিজন বন্ধু, গল্প) |
| ৩ | ১৯৯৭ | অনুভৱ তুলসী (দোৰোণ ফুল, কবিতা) |
| ৪ | ১৯৯৮ | কুল শইকীয়া (আখৰাত মই আৰু অন্যান্য, গল্প) |
| ৫ | ১৯৯৯ | বিতোপন বৰবৰা (মোৰো এটা সপোন আছিল, গল্প) আৰু ৰাজীৱ বৰুৱা (পানীৰ ঘৰ, কবিতা) |
| ৬ | ২০০০ | মৌচুমী কন্দলী (লামবাদা নাচৰ শেষত, গল্প), দীপক কুমাৰ গগৈ আৰু পঙ্কজজ্যোতি ভূঞা (ইষ্টাণ্টিক, নাটক) |
| ৭ | ২০০১ | নৱনীতা গগৈ (ছাঁ-পোহৰত অকলে, গল্প) আৰু মুনীন বায়ন (কিতাপ আৰু সংলাপ, সমালোচনা) |
| ৮ | ২০০২ | হেমাঙ্গ কুমাৰ দত্ত (অথবা, কবিতা) আৰু গংগা মোহন মিলি (নদী মানুহৰ ঠিকনা, কবিতা) |
| ৯ | ২০০৩ | কুশল দত্ত (ইলেক্ট্ৰনিক চৰাই, কবিতা) আৰু মনোজ বৰপূজাৰী (আমলখি গছৰ সুহুৰি, কবিতা) |
| ১০ | ২০০৪ | মণিকুন্তলা ভট্টাচাৰ্য (প্ৰস্তৰ কন্যা, গল্প) আৰু মনালিছা শইকীয়া (পুনৰ জনম লৈ তেজিমলাই, গল্প) |
| ১১ | ২০০৫ | মণিকা দেৱী (প্ৰিয় আলাপ, গল্প) আৰু ধ্ৰুৱজ্যোতি শৰ্মা (দ্বীপ, গল্প) |
| ১২ | ২০০৬ | অজিৎ গগৈ (ৰঙা জেঠি, কবিতা) আৰু আব্দুছ ছামাদ (বৈ যায় চম্পাৱতী, উপন্যাস) |
| ১৩ | ২০০৭ | অনামিকা বৰা (জলাশয়, গল্প) আৰু বিজয় শংকৰ বৰ্মন (দেও, কবিতা) |
| ১৪ | ২০০৮ | গীতালি বৰা (সম্ভৱতঃ, গল্প) আৰু কমল কুমাৰ তাঁতী (মাৰাংবুৰু আমাৰ পিতা, কবিতা) |
| ১৫ | ২০০৯ | দিগন্ত ওজা (সন্ধিক্ষণত মানুহ, আলোচনা) আৰু ৰত্না ভৰালী তালুকদাৰ (ঘৰ ঘৰ খেলিবা আহা, গল্প) |
| ১৬ | ২০১০ | অৰূপ নাথ (সাউদ, গল্প) আৰু ৰূপলেখা দেৱী (অন্যত্ৰ বিৰলা দেৱী, উপন্যাস) |
১৭ ২০১১ ৰশ্মিৰেখা বৰা (শিঙৰাজানৰ ৰূপকথা, গল্প) আৰু অৰিন্দম বৰকটকী (অনুশীলন, সমালোচনা)