জাল কটা জুই
জাল কটা জুই | |
---|---|
লেখক | নয়নজ্যোতি শৰ্মা |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প-সংকলন |
প্ৰকাশ | ডিচেম্বৰ, ২০২২, প্ৰথম প্ৰকাশ (প্ৰকাশক: পূৰ্বায়ণ) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
আই.এচ.বি.এন. | 978-81-960230-1-0 |
জাল কটা জুই হৈছে গল্পকাৰ নয়নজ্যোতি শৰ্মাৰ এখন গল্প সংকলন।[1] ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশিত তেওঁৰ এই গল্প সংকলনখনত চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই সংকলনখনে ২০২৩ চনত মুনীন বৰকটকী বঁটা লাভ কৰে।[2] গ্ৰন্থখনিৰ প্ৰথম সংস্কৰণৰ বেটুপাতৰ শিল্পী সৌৰিশ মিত্ৰ।[1]
গল্পকাৰৰ চমু পৰিচয়[সম্পাদনা কৰক]
নয়নজ্যোতি শৰ্মা একাধাৰে এজন গল্পকাৰ, চিকিৎসক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ নলবাৰীৰৰ শুশ্ৰূষা চিকিৎসালয়ৰ এজন চিকিৎসক।
বিৱৰণ[সম্পাদনা কৰক]
সংকলনটিত মুঠ চৈধ্যটা গল্প সন্নিৱিষ্ট কৰা হৈছে। এই গল্পসমূহৰ বেছিভাগেই দৈনিক অসম, প্ৰকাশ, সাতসৰী, অন্যযুগ, সাপ্তাহিক জনমভূমি, গৰীয়সী, হৃদয় আদি বিভিন্ন কাকত-আলোচনীত পূৰ্বে প্ৰকাশিত। গল্পসমূহ গল্পকাৰে ২০১৬ চনৰ পৰা আৰম্ভ কৰি ২০২২ চনৰ ভিতৰত ৰচনা কৰা বুলি উল্লেখ কৰি প্ৰাক্-কথনত লিখিছে-
"গল্প এটাই সম্পূৰ্ণ কৰিবলগীয়া বৃত্তাকাৰ পৰিক্ৰমা হয়তো এই গল্পসমূহে আয়ত্ত কৰিব পৰা নাই। হয়তো সিহঁত কিছুমান অসম্পূৰ্ণ জ্যামিতিক আকাৰ হৈ ৰৈছে, আৰু কিছুমান হৈ পৰিছে নিষ্প্ৰয়োজন আঁক-বাঁক। তথাপি পাঠকৰ হাতত এই সংকলনটি তুলি দিয়াৰ আঁৰত এই সময়খিনিৰ এক অভিলেখ সংৰক্ষণ কৰাৰ এটি গোপন উদ্দেশ্য নিহিত হৈ আছে।"
গল্পসমূহ[সম্পাদনা কৰক]
সংকলনটিত অন্তৰ্ভুক্ত গল্পবোৰ হৈছে[1] -
- অপৰিগ্ৰহ
- বে-ঘ-নী-সে-হা-সু-ৰ
- হাড়ত গজা সেউজ বন
- এখন নৰ্মেল পৃথিৱীৰ কাহিনী
- জাল কটা জুই
- কাঁথিৰ মালিতা
- এটা ডিছটোপিয়ান সাধু
- মাটিৰ মানুহ
- বিনিময়
- নৈ আৰু মৰিশালি
- শেষ গাড়ী
- বধ্যভূমি
- অবাক চহৰ সবাক চহৰ
- বোধিসত্ত্ব
বঁটা আৰু সন্মান[সম্পাদনা কৰক]
- ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা[2]