শিৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিৱ
দিল্লী-গুৰগাঁও হাইৱেৰ কাষত শিৱৰ প্ৰতিমূৰ্তি
দিল্লী-গুৰগাঁও হাইৱেৰ কাষত শিৱৰ প্ৰতিমূৰ্তি
দেৱনাগৰী शिव
গোত্ৰ দেৱতা
অধিষ্ঠান কৈলাস[1]
মন্ত্ৰ ॐ নমঃ শিৱায়
অস্ত্ৰ ত্ৰিশূল
দাম্পত্যসঙ্গী সতী, পাৰ্বতী
বাহন নন্দী

শিৱ (সংস্কৃত: शिव, Śiva, ˈɕivə; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্ত্বা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক।[2] হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।[3] যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে পৰিচিত।[4] বিষ্ণু-পূজক বৈষ্ণৱ বা দেৱী-পূজক শাক্তসকলৰ অনুসৰি শৈৱধৰ্মও হিন্দুধৰ্মৰ অন্যতম প্ৰধান শাখাসম্প্ৰদায়।[3]

শিৱক সাধাৰণত বিমূৰ্ত শিৱলিঙ্গৰ ৰূপত পূজা কৰা হয়। অন্য মূৰ্তিসমূহৰ মাজত ধ্যানমগ্ন অৱস্থাত বা মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থাৰ মূৰ্তি (নটৰাজ মূৰ্তি) অধিক প্ৰচলিত। শিৱ দুই প্ৰধান হিন্দু দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ।

ব্যুৎপত্তি আৰু অন্যান্য নাম[সম্পাদনা কৰক]

সংস্কৃতত শিৱ (দেৱনাগৰী: शिव, śiva) শব্দটো এটা বিশেষণ, যাৰ অৰ্থ "শুভ, দয়ালু আৰু মহৎ"।[5][6] ব্যক্তিনাম হিচাপে এই শব্দটিৰ অৰ্থ "মঙ্গলময়"। ৰূঢ় ৰুদ্ৰ শব্দটিৰ পৰিৱৰ্তে অপেক্ষাকৃত কোমল নাম হিচাপে এই শব্দটি ব্যবহৃত হয়।[6] বিশেষণ হিচাপে শিৱ শব্দটি কেৱলমাত্ৰ ৰুদ্ৰই নহয়, অন্যান্য বৈদিক দেৱদেৱীসকলৰ অভিধা ৰূপে ব্যৱহৃত হৈয়ো থাকে।[7] ঋগ্বেদত ইন্দ্ৰৰ একাধিক স্থানত নিজৰ বৰ্ণনাত এই শব্দটো ব্যৱহাৰ কৰিছে।

সংস্কৃত শৈৱ শব্দটোৰ অৰ্থ "শিৱ সংক্ৰা্ন্তীয়"। এই শব্দটো হিন্দুধৰ্মৰ এটা অন্যতম প্ৰধান শাখাসম্প্ৰদায় আৰু সেই সম্প্ৰদায়ৰ মতাবলম্বীসকলৰ নাম হিচাপে ব্যৱহৃত হয়।[8] শৈৱধৰ্মৰ কেইবাটাও প্ৰথা আৰু ধৰ্মবিশ্বাসৰ বিশেষণ ৰূপেই এই শব্দটো ব্যৱহৃত হৈ থাকে।[9]

বিষ্ণু সহস্ৰনাম স্তোত্ৰত আদি শংকৰ বিষ্ণুৰ ২৭তম আৰু ৬০০তম নাম হিচাপে শিৱ শব্দটিৰ একাধিক অৰ্থ ব্যাখ্যা কৰিছে: "পবিত্ৰ ব্যক্তি", অথবা "যাৰ নাম উচ্চাৰণ মাত্ৰেই মানুহ পাপমুক্ত হয়"।[10] স্বামী চিন্ময়ানন্দই তেখেতৰ বিষ্ণু সহস্ৰনাম অনুবাদত স্তৱকটোৰ ব্যাখ্যা আৰু প্ৰসাৰিত কৰি কৈছিল: শিৱ শব্দৰ অৰ্থ যিজন চিৰপবিত্ৰ বা যিজন ৰজ বা তমৰ দোষৰ দ্বাৰা স্পৰ্শিত নহয়[11]

শিৱৰ নাম সম্বলিত শিৱ সহস্ৰনাম স্তোত্ৰৰ অন্তত পাঠান্তৰ পোৱা যায়।[12] মহাভাৰতৰ ত্ৰয়োদশ পৰ্ব অনুশাসনপৰ্ব-ৰ অন্তৰ্গত পাঠটো এই ধাৰাৰ মূলৰচনা হিচাপে বিবেচিত হয়।[13] মহান্যাসত শিৱৰ এটা দশ সহস্ৰনাম স্তোত্ৰৰো সন্ধান পোৱা যায়। শতৰুদ্ৰীয় নামে পৰিচিত শ্ৰীৰুদ্ৰম্ চমকম্ স্তোত্ৰটোত শিৱক নানা নামেৰে বন্দনা কৰা হৈছে।[14][15]

ঐতিহাসিক বিবৰ্তন[সম্পাদনা কৰক]

ভাৰত, নেপাল আৰু শ্ৰীলঙ্কাৰ সমগ্ৰ হিন্দুসমাজতেই শিৱৰ পূজা প্ৰচলিত।[16][17] কোনো কোনো ঐতিহাসিকৰ মতে , একাধিক ধৰ্মীয় সম্প্ৰদায়ৰ ধাৰণা একক মূৰ্তিত একীভূত হৈ শিৱৰ আধুনিক ৰূপটোত দান কৰিছে।[18] তথাপি শিৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কিভাবে একক দেৱতাত সম্মিলিত হ’ল, সেই সম্পৰ্কত বিস্তাৰিত তথ্য পোৱা নাযায়।[19] অ্যাক্সেল মাইকেলচে শৈৱধৰ্মৰ এই সম্মিলিত জটিল প্ৰকৃতিটোৰ ব্যাখ্যা কৰিবলৈ গৈ কৈছে যে:

বিষ্ণুৰ দৰে, শিৱও এজন উচ্চস্থানীয় দেৱতা। তেখেতৰ নামানুসৰি "শৈৱধৰ্ম" নামৰ ধৰ্মীয় মত আৰু সম্প্ৰদায়ৰ নামকৰণ হৈছে। বৈষ্ণৱধৰ্মৰ দৰেই এই শব্দটোৰ দ্বাৰাও এনে এক ঐক্যমতক বুজোৱা যায় যি ধৰ্মানুশীলন বা দাৰ্শনিক আৰু আধ্যাত্মিক মতবাদৰ মাজত স্পষ্টৰূপে প্ৰতীয়মান নহয়। তাৰোপৰি ধৰ্মানুশীলন আৰু মতবাদক পৃথকে ৰখাই কৰ্তব্য।[20]

এই ধৰণৰ সম্মিলনৰ এটা উদাহৰণৰ মিল দেখা যায় মহাৰাষ্ট্ৰত। তাত কৃষি আৰু পশুপালনৰ দেৱতা আছিল খাণ্ডোবা নামৰ এক স্থানীয় দেৱতা।[21] মহাৰাষ্ট্ৰত খাণ্ডোবাৰ প্ৰধান উপাসনাকেন্দ্ৰ আছিল জেজুৰিত[22] খাণ্ডোবাৰ ৰূপকল্পটো ঠিক শিৱৰ দৰে[23] আৰু তেওঁক পূজাও কৰা হয় লিঙ্গৰ আকাৰত।[21][24] অৱশ্যে সূৰ্য[21] আৰু কাৰ্তিকৰ [25] লগতো খাণ্ডোবাৰ ৰূপগত মিল লক্ষ্য কৰা যায়।

পশুপতি ভাস্কৰ্য[সম্পাদনা কৰক]

মহেঞ্জোদাৰোত প্ৰাপ্ত পশুপতি ভাস্কৰ্য

মহেঞ্জোদাৰোত খননকাৰ্য চলোৱাৰ সময়ত এক প্ৰাচীন ভাস্কৰ্যৰ আৱিস্কাৰ হয়, য’ত খোদিত চিত্ৰটোৱে "আদি-শিৱ"-ৰ ("proto-Shiva") এক সম্ভাব্য প্ৰতিকৃতিৰূপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।[26] উপবিষ্ট, সম্ভবত: ইথিফেলিক, জন্তু-জানোৱাৰেৰে পৰিবেষ্টিত[27] এই মূৰ্তিটোক পশুপতি নামেৰে অভিহিত কৰা হয়।[28] চাৰ জন মাৰ্শাল আৰু অন্যান্যসকলে এই ছবিত আঁঠু কাঢ়ি বহা "যোগ ভঙ্গিমা" দেখি ইয়াক শিৱৰ আদিৰূপ বুলি দাবী কৰে। যদিও গেভিন ফ্লাড[26][29] আৰু জন কি[30] আদি প্ৰমুখ গৱেষকে এই দাবীক অস্বীকাৰ কৰিছে।

ৰুদ্ৰ[সম্পাদনা কৰক]

আধুনিক শিৱৰ লগত বৈদিক দেৱতা ৰুদ্ৰৰ নানা মিল পৰিলক্ষিত হয়।[31] হিন্দুসমাজত ৰুদ্ৰ আৰু শিৱক একেই ব্যক্তি বুলি ধৰা হয়। ৰুদ্ৰ আছিল বজ্ৰবিদ্যুৎসহ ধুমুহাৰ দেৱতা; তেওঁক এজন ভয়ানক, ধ্বংসকাৰী দেৱতা হিচাপে কল্পনা কৰা হয়।

হিন্দুধৰ্মৰ প্ৰাচীনতম ধৰ্মগ্ৰন্থ হ’ল ঋগ্বেদভাষাতাত্ত্বিক তথ্যৰ প্ৰমাণৰ পৰা জনা যায় যে ১৭০০ পৰা ১১০০ খ্ৰীষ্টপূৰ্বাব্দৰ মধ্যৱৰ্তী সময়ত এই গ্ৰন্থৰ ৰচনা হৈছিল।[32] ঋগ্বেদত ৰুদ্ৰ নামৰ এজন দেৱতাৰ উল্লেখ আছে। ৰুদ্ৰ নামটো আজিও শিৱৰ আন এক নাম হিচাপে ব্যৱহাৰ হয়। ঋগ্বেদত (২।৩৩) তেওঁক "মৰুৎগণৰ পিতা" বুলি উল্লেখ কৰা হৈছে; মৰুৎগণ হ’ল ঝঞ্ঝাৰ দেৱতাসকলৰ এটা গোষ্ঠী।[33] ইয়াৰ বাদেও ঋগ্বেদ আৰু যজুৰ্বেদত প্ৰাপ্ত ৰুদ্ৰম্ স্তোত্ৰটোত ৰুদ্ৰক নানা ক্ষেত্ৰত শিৱৰ নামেৰে বন্দনা কৰা হৈছে; এই স্তোত্ৰটো হিন্দুসকলৰ বাবে এটা অতি পবিত্ৰ স্তোত্ৰ। তথাপিও শিৱ শব্দটো ইন্দ্ৰ, মিত্ৰ আৰু অগ্নিৰ বিশেষণ হিচাপেও ব্যৱহৃত হয়।

তিনিমুখী শিৱ, গান্ধাৰ, খ্ৰীষ্টিয় দ্বিতীয় শতাব্দী

তথাপি প্ৰাচীন দেৱতা ৰুদ্ৰৰ লগত শিৱৰ এই সমত্বাৰোপ সাৰ্বজনীনভাবে স্বীকৃত নহয়। অ্যালেক্স মাইকেলচৰ ব্যাখ্যা অনুযায়ী:

To what extent Śiva's origins are in fact to be sought in Rudra is extremely unclear. The tendency to consider Śiva an ancient god is based on this identification, even though the facts that justify such a far-reaching assumption are meager.[34]

ৰুদ্ৰক "শৰ্ব" (ধনুৰ্ধৰ) নামেৰেও অভিহিত কৰা হয়।[35] ৰুদ্ৰৰ এক প্ৰধান অস্ত্ৰ হল ধনুৰ্বাণ।[36] নামটো শিৱ সহস্ৰনাম স্তোত্ৰতো পোৱা যায়। আৰ. কে. শৰ্মাৰ মতে , পৰৱৰ্তীকালৰ ভাষাসমূহতো এই নামটো শিৱৰ আন এক নাম হিচাপে ব্যৱহৃত হয়।[37] শব্দটোৰ ব্যুৎপত্তি সংস্কৃত শব্দ শৰ্ব ৰ পৰা, যাৰ অৰ্থ আঘাত কৰা বা হত্যা কৰা[38] আৰ. কে. শৰ্মাৰ ব্যাখ্যা অনুযায়ী এই শব্দটোৰ অৰ্থ "যি অন্ধকাৰৰ শক্তিসমূহক হত্যা কৰাত সক্ষম"।[37] শিৱৰ আন দুই নাম ধন্বী ("ধনুৰ্ধাৰী") [39] আৰু বাণহস্ত ("ধনুৰ্বিদ", আক্ষৰিক হস্তে "বাণধাৰী")[39][40] ধনুৰ্বিদ্যাৰ লগত সম্পৰ্কযুক্ত।

অন্যান্য বৈদিক দেৱতাসকলৰ লগত সম্পৰ্ক[সম্পাদনা কৰক]

হিন্দু দেৱমণ্ডলীত এজন প্ৰধান দেৱতাৰূপে শিৱৰ উত্থানৰ পশ্চাত কাৰ্যকৰী আছিল অগ্নি, ইন্দ্ৰ, প্ৰজাপতি, বায়ু প্ৰমুখে বৈদিক দেৱতাসকলৰ লগত তেখেতৰ সম্পৰ্ক।[41]

অগ্নি[সম্পাদনা কৰক]

ৰুদ্ৰৰ লগত অগ্নিৰ সম্পৰ্ক অত্যন্ত ঘনিষ্ঠ।[42][43] বৈদিক সাহিত্যত অগ্নি আৰু ৰুদ্ৰৰ পাৰস্পৰিক অঙ্গীভবন ৰুদ্ৰৰ ৰুদ্ৰ-শিৱ ৰূপে বিবৰ্তনৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কাৰণ।[44] নিৰুক্তি নামৰ প্ৰাচীন ব্যুৎপত্তিতত্ত্ববিষয়ক এখন গ্ৰন্থত এই অঙ্গীভবনৰ বিষয়টি অত্যন্ত সুস্পষ্ট। এই গ্ৰন্থত লিখা আছে যে, "অগ্নিক ৰুদ্ৰ নামেৰেও অভিহিত কৰা হয়"।[45] দুই দেৱতাৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়টি অত্যন্ত জটিল। ষ্টেল ক্ৰ্যামৰিকৰ মতে:

The fire myth of Rudra-Śiva plays on the whole gamut of fire, valuing all its potentialities and phases, from conflagration to illumination.[46]

শতৰুদ্ৰীয় স্তবত "সসিপঞ্জৰ" ("সোণোৱালী ৰঙা ৰঙৰ শিখাৰ দৰে আভাযুক্ত") আৰু "তিবষীমতি" ("জ্বলন্ত শিখা") বিশেষণ দুটাই ৰুদ্ৰ আৰু অগ্নিৰ সমৰূপক নিৰ্দেশ কৰিছে।[47] অগ্নিক ষাঁড়ৰ ৰূপত কল্পনা কৰা হয় , [48] আৰু শিৱৰ বাহনো হ’ল নন্দী নামৰ এটা ষাঁড়। ষাঁড়ৰ দৰে অগ্নিৰো শিং কল্পনা কৰা হয় ।[49][50] মধ্যযুগীয় ভাস্কৰ্য অগ্নি আৰু ভৈৰৱ শিৱ – উভয়ৰেই বিশেষত্ব হ’ল অগ্নিশিখাৰ ন্যায় মুক্ত কেশৰাশি।[51]

ইন্দ্ৰ[সম্পাদনা কৰক]

ঋগ্বেদত একাধিক স্থানত শিৱ শব্দটো ইন্দ্ৰৰ পৰিপূৰক ৰূপে ব্যৱহৃত হৈছে (২।২০।৩, [52] ৬।৪৫।১৭, [53][54] আৰু ৮।৯৩।৩[55])

ৰূপ[সম্পাদনা কৰক]

শিৱ আৰু পাৰ্বতী। শিৱ ইয়াত ত্ৰিনয়নধাৰী, মস্তকত অৰ্ধচন্দ্ৰধাৰী, সৰ্প আৰু নৰমুণ্ডৰ মালা পৰিহিত, সৰ্বাঙ্গ বিভূতি-মণ্ডিত আৰু ত্ৰিশূল আৰু ডম্বৰুধাৰী। তেখেতৰ শিৰৰ জঁটৰ পৰা গঙ্গা প্ৰবাহিত।
  • তৃতীয় নয়ন: শিৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল তেখেতৰ তৃতীয় নয়ন। এই নয়নৰ দ্বাৰা শিৱই কামদেৱক পুৰি ভস্ম কৰিছিল।[56] বিভিন্ন শাস্ত্ৰগ্ৰন্থত শিৱৰ যি ত্ৰ্যম্বকম্ (সংস্কৃত: त्र्यम्बकम्) নাম পোৱা যায় তাৰ প্ৰকৃত অৰ্থক লৈ মতবিৰোধ আছে।[57] ধ্ৰুপদী সংস্কৃতত অম্বক শব্দৰ অৰ্থ চক্ষু; মহাভাৰতত শিৱক ত্ৰিনয়ন ৰূপত কল্পনা কৰা হৈছে; সেইকাৰণে উক্ত নামৰ আক্ষৰিক অৰ্থ কৰা হয় "তৃতীয় নয়নধাৰী"।[58] যদিও বৈদিক সংস্কৃতত অম্বা বা অম্বিকা শব্দৰ অৰ্থ মা; এই প্ৰাচীন অৰ্থৰ ভিত্তিত ত্ৰ্যম্বকম্ নামটোৰ আক্ষৰিক অৰ্থ হয়, তিনিগৰাকী জননীৰ সন্তানম্যাক্স ম্যুলাৰ আৰু আৰ্থাৰ ম্যাকডানেলে শব্দৰ শেষোক্ত অৰ্থটোকেই ধৰিছে।[59][60] তথাপি শিৱৰ তিনিগৰাকী জননীৰ সংক্ৰান্তত কোনো কাহিনীৰ প্ৰচলন নাই। গতিকেই. ওয়াশবাৰ্ন হপকিনচে ভাবে য, এই নামৰ লগত তিনিগৰাকী জননীৰ কোনো সম্পৰ্ক নাই; বৰং অম্বিকা নামেৰে পৰিচিত তিনি মাতৃদেৱীৰ লগতহে ই সম্পৰ্কযুক্ত।[61] শব্দটোৰ অন্য এক অৰ্থ কৰা হয় "যাৰ তিনিগৰাকী স্ত্ৰী বা ভগিনী বৰ্তমান"। কোনো কোনোৱে ভাবে যে, শব্দটো আহিছে ৰুদ্ৰৰ লগত শিৱৰ সমত্বাৰোপৰ ফলস্ৰুতিত। কাৰণ ৰুদ্ৰৰ লগত দেৱী অম্বিকাৰ এটা সম্পৰ্ক আছে।[62]
  • অৰ্ধচন্দ্ৰ: শিৱৰ মস্তকত এটা অৰ্ধচন্দ্ৰ বিৰাজ কৰে।[63] সেই কাৰণে শিৱৰ আন এক নাম চন্দ্ৰশেখৰ (সংস্কৃত: चन्द्रशेखर)।[64][65][66] ৰুদ্ৰৰ ৰুদ্ৰ-শিৱ ৰূপ বিবৰ্তনৰ প্ৰথম যুগৰ পৰাই এই অৰ্ধচন্দ্ৰ শিৱৰ এটা বৈশিষ্ট্য।[67] সম্ভবত: বৈদিক আৰু পৰৱৰ্তীকালৰ সাহিত্যত চন্দ্ৰদেৱতা সোম আৰু ৰুদ্ৰৰ একীভূতৰ সূত্ৰেই শিৱৰ এই বৈশিষ্ট্যটোৰ উদ্ভব ঘটিছিল।[68]
  • বিভূতি: শিৱই তেখেতৰ সৰ্বাঙ্গত বিভূতি বা ভস্ম সানে।[69] ভৈৰৱ ইত্যাদি শিৱৰ কেইবাটাও ৰূপ প্ৰাচীন ভাৰতীয় শ্মশান বৈৰাগ্য দৰ্শনৰ লগত সংযুক্ত। ৰক্ষণশীল ব্ৰাহ্মণ্যবাদৰ লগত সম্পৰ্কহীন কেইবাটাও গোষ্ঠীয়ে এই মত অনুযায়ী ধৰ্মসাধনা কৰে।[70] থেৰবাথ বৌদ্ধধৰ্মৰ পালি ধৰ্মগ্ৰন্থতো এই শ্মশান সাধনাৰ উল্লেখ আছে।[71] এই কাৰণে শিৱৰ আন এক নাম শ্মশানবাসী বা বিভূতিভূষণ[72]
  • জঁট: শিৱৰ মস্তকৰ কেশৰাশি জঁটাবদ্ধ। এই কাৰণে শিৱৰ আন এক নাম জঁটী[73] বা কপৰ্দী ("কপৰ্দ বা কড়িৰ ন্যায় কেশযুক্ত")। [74][75]
  • নীলকণ্ঠ: সমুদ্ৰমন্থনকালত ওলোৱা হলাহল বিষ পান কৰি[76][77] শিৱই নীলকণ্ঠ (সংস্কৃত: नीलकण्ठ) নামেৰে পৰিচিত হয়।[78][79] আনহাতে, হৰিবংশ পুৰাণৰ বৰ্ণনা অনুযায়ী, বিষ্ণুৱে এবাৰ শিৱৰ ডিঙিত টিপি ধৰিছিল। শিৱই পলায়ন কৰিবলৈ সক্ষম হৈছিল। কিন্তু তেখেতৰ কণ্ঠ সেই তেতিয়াই নীলা হৈ যায়।[80]
গঙ্গাৰ মৰ্তলৈ নামি অহাকালত শিৱই তেওঁক জঁটাত ধাৰণ কৰিছে; সম্মুখত পাৰ্বতী, নন্দী আৰু ভগীৰথ, সন্ত নাৰায়ণৰ হিন্দী পাণ্ডুলিপিৰ চিত্ৰ, ১৭৪০ খ্ৰী..
  • পবিত্ৰ গঙ্গা: হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী, গঙ্গা নদীৰ উৎস হ’ল শিৱৰ জঁটা।[81] সেই কাৰণে শিৱৰ আন এক নাম গঙ্গাধৰ[82][83]
  • ব্যাঘ্ৰচৰ্ম: শিৱৰ পৰিধানত বস্ত্ৰ ব্যাঘ্ৰচৰ্ম বা বাঘছাল। সেই কাৰণে শিৱৰ আন এক নাম কৃত্তিবাস[69] শিৱই ব্যাঘ্ৰচৰ্মৰ আসনৰ উপৰত উপবিষ্ট হৈ থাকে। উল্লেখযোগ্য যে, ব্যাঘ্ৰচৰ্মৰ আসন আছিল প্ৰাচীন ভাৰতৰ ব্ৰহ্মৰ্ষিসকলৰ বাবে সংৰক্ষিত এক বিশেষ সম্মান।[84]
  • সৰ্প: শিৱৰ ডিঙিত এডাল সাপে সৰ্বদা শোভা পায়।[85]
  • ডম্বৰু: শিৱৰ হাতত ডম্বৰু নামৰ একপ্ৰকাৰৰ বাদ্যযন্ত্ৰই শোভা পায়।[86][87] নটৰাজ নামেৰে পৰিচিত শিৱৰ নৃত্যৰত মূৰ্তিৰ এইটো এটা বিশিষ্ট দিশ।[88] ডম্বৰুধাৰণৰ বাবে নিৰ্দিষ্ট এটা মুদ্ৰা বা হস্তভঙ্গিমা ডম্বৰুহস্ত নামেৰে পৰিচিত।[89] ডম্বৰু কাপালিক সম্প্ৰদায়ৰ প্ৰতীক হিচাপেও ব্যৱহৃত হয়।[90]
  • নন্দী: নন্দী নামৰ এটা পৌৰাণিক ষাঁড় শিৱৰ বাহন[91][92] শিৱক পশুৰ দেৱতা বুলি ধৰা হয়। গতিকে তেখেতৰ আন এক নাম পশুপতি (সংস্কৃত: पशुपति)।[93] আৰ. কে. শৰ্মাৰ মতে, পশুপতি শব্দৰ অৰ্থ "গবাদি পশুৰ দেৱতা"।[94] অন্যহাতে ক্ৰ্যামৰিকে এই নামটোক প্ৰাচীন ৰুদ্ৰৰ পৰিপূৰক হিচাপে আখ্যা দি ইয়াৰ অৰ্থ কৰিছে "পশুসকলৰ দেৱতা"।[95]
  • গণ: শিৱৰ অনুচৰসকলক গণ বোলা হয়। এওঁলোকৰ নিবাসো কৈলাসতেই। এওঁলোকক ভৌতিক প্ৰকৃতি অনুসৰি ভূতগণ নামেৰেও অভিহিত কৰা হয়। এওঁলোক সাধাৰণতে দয়ালু। কেৱল কোনো কাৰণত তেওঁলোকৰ প্ৰভু ক্ৰুদ্ধ হ’লে এওঁলোকে প্ৰভুৰ লগত ধ্বংসলীলাত মগ্ন হৈ উঠে। শিৱৰ স্বীয় পুত্ৰ গণেশক তেওঁলোকৰ নেতা মনোনীত কৰে। এই কাৰণেই গণেশক গণপতি নামেৰে অভিহিত কৰা হয়।[96]
  • কৈলাস: হিন্দু ধৰ্মৰ বিশ্বাস অনুযায়ী, শিৱৰ অধিষ্ঠান হিমালয়ৰ কৈলাস পৰ্বতত।[69] হিন্দুপুৰাণ অনুসৰি, লিঙ্গাকাৰ কৈলাস পৰ্বত মহাবিশ্বৰ কেন্দ্ৰস্থলত অৱস্থিত।[97]
  • বাৰাণসী: বাৰাণসী শিৱৰ প্ৰিয় নগৰী। এই নগৰী হিন্দুসকলৰ বাবে পবিত্ৰতম তীৰ্থসমূহৰ অন্যতম। হিন্দু ধৰ্মগ্ৰন্থত এই নগৰী কাশীধাম নামেৰে পৰিচিত।[98]

ৰূপভেদ[সম্পাদনা কৰক]

গেভিন ফ্লাডেৰ মতে, "শিৱ হ’ল দ্ব্যৰ্থবোধ আৰু বিৰোধাভাষৰ দেৱতা"; কাৰণ তেখেতৰ বৈশিষ্ঠ্যসমূহ অনেক ক্ষেত্ৰতেই পৰস্পৰবিৰোধী।[99] শিৱৰ বিভিন্ন নাম আৰু তেখেতৰ সম্পৰ্কে প্ৰচলিত বিভিন্ন কাহিনীত এই দ্বিমুখী সত্ত্বাৰ সন্ধান পোৱা যায়।

ধ্বংসকৰ্তা আৰু মঙ্গলময় সত্ত্বা[সম্পাদনা কৰক]

প্ৰথমা পত্নী দাক্ষায়ণী সতীৰ শৱদেহ কান্ধত লৈ শিৱ

যজুৰ্বেদত শিৱৰ দুটা পৰস্পৰবিৰোধী সত্ত্বাৰ উল্লেখ আছে। ইয়াত এফালে তেওঁ যিদৰে ক্ৰুৰ আৰু ভয়ংকৰ (ৰুদ্ৰ); অন্যহাতে সিমানেই দয়ালু আৰু মঙ্গলময় (শিৱ)। এই কাৰণে চক্ৰবৰ্তীয়ে ভাবে যে, " যিবোৰ মৌলিক উপাদানে পৰৱৰ্তীকালত জটিল ৰুদ্ৰ-শিৱ সম্প্ৰদায়ৰ জন্ম দিছিল, তেওঁলোকৰ স্ব-গ্ৰন্থ এই গ্ৰন্থতেই নিহিত হৈ আছে।"[100] মহাভাৰততো শিৱ একেধাৰে "দুৰ্জেয়তা, বিশালতা আৰু ভয়ংকৰৰ প্ৰতীক" আৰু সম্মান, আনন্দ আৰু মহত্ত্বৰ দ্বাৰা ভূষিত।[101] শিৱৰ নানা নামৰ মাজত তেখেতৰ এই ভয়াল আৰু মঙ্গলময় সত্ত্বাৰ বিৰোধৰ উল্লেখ আছে।

ৰুদ্ৰ (সংস্কৃত: ৰুদ্ৰ) নামটো শিৱৰ ভয়ংকৰ সত্ত্বাৰ পৰিচায়ক। প্ৰথাগত ব্যুৎপত্তিৰ ব্যাখ্যা অনুসৰি, ৰুদ্ৰ শব্দৰ মূল শব্দ হ’ল ৰুদ্-, যাৰ অৰ্থ ৰোদন কৰা বা চিৎকাৰ কৰা[102] ষ্টেলা ক্ৰ্যামৰিকে অৱশ্যে ইয়াৰ এটা পৃথক ব্যুৎপত্তিৰ ব্যাখ্যা দিছে। এই ব্যাখ্যাটিৰ বিশেষণ ৰৌদ্ৰ শব্দটোৰ লগত সম্পৰ্কযুক্ত, যাৰ অৰ্থ বন্য বা ৰুদ্ৰ প্ৰকৃতিৰ। এই ব্যাখ্যা অনুযায়ী, তেওঁ ৰুদ্ৰ নামটোৰ অৰ্থ কৰিছে যি বন্য বা উগ্ৰ দেৱতা[103] এই ব্যুৎপত্তি ৰ ব্যাখ্যা অনুসৰি, আৰ. কে. শৰ্মাই ৰুদ্ৰ শব্দৰ অৰ্থ কৰিছে ভয়ংকৰ[104] মহাভাৰতৰ অনুশাসন পৰ্বৰ অন্তৰ্গত শিৱ সহস্ৰনাম স্তোত্ৰত শিৱৰ হৰ (সংস্কৃত: हर) নামটোৰ উল্লেখ কৰা হৈছে তিনি বাৰ। এইটো শিৱৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ নাম। অনুশাসন পৰ্বত তিনি বাৰ এই নামৰ উল্লেখ কৰা হৈছে সম্পূৰ্ণ ভিন্ন অৰ্থত। আৰ. কে. শৰ্মাই এই তিনিটি অৰ্থৰ উল্লেখ কৰি কয় যে হৰ নামৰ অৰ্থ "যিয়ে বন্দী কৰে", "যিয়ে এক কৰে" আৰু "যিয়ে ধ্বংস কৰে"।[105] শিৱৰ আন দুই ভয়ংকৰ ৰূপ হল "কাল" (সংস্কৃত: काल) আৰু "মহাকাল" (সংস্কৃত: महाकाल)। এই দুই ৰূপত শিৱই সকলো সৃষ্টি ধ্বংস কৰে।[106][107][108] ধ্বংসৰ লগত সম্পৰ্কযুক্ত শিৱৰ আন এক ৰূপ হ’ল ভৈৰৱ (সংস্কৃত: भैरव)।[109] "ভৈৰৱ" শব্দৰ অৰ্থও হল "ভয়ানক"।[110]

আন এক পক্ষৰ মতে শিৱৰ শংকৰ (সংস্কৃত: शङ्कर) নামটোৰ অৰ্থ "মঙ্গলকাৰক"[37] বা "আনন্দদায়ক"।[111] এই নামটো শিৱৰ দয়ালু ৰূপৰ পৰিচায়ক। বৈদান্তিক দাৰ্শনিক আদি শংকৰে (৭৮৮-৮২০ খ্ৰি.) এই সন্ন্যাসজীৱনৰ নাম হিচাপে শংকৰ নামটোক গ্ৰহণ কৰি শংকৰাচাৰ্য নামেৰে পৰিচয় লাভ কৰে।[112][113] একেই ধৰণে শম্ভু (সংস্কৃত: शम्भु) নামটোৰ অৰ্থও "আনন্দদায়ক"। এই নামটোও শিৱৰ দয়ালু ৰূপৰ পৰিচায়ক।[114][115]

যোগী আৰু গৃহস্থী সত্ত্বা[সম্পাদনা কৰক]

সপৰিয়ালে শিৱ; শিৱৰ লগত পত্নী পাৰ্বতী আৰু পুত্ৰ গণেশ আৰু কাৰ্তিক

শিৱক একেধাৰে যোগী আৰু গৃহস্থী ৰূপত কল্পনা কৰা হয়।[116] যোগী শিৱৰ মূৰ্তি ধ্যানৰত।[117] যোগশাস্ত্ৰৰ লগত তেখেতৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিততে তেওঁক মহাযোগী নামেৰে অভিহিত কৰা হয়।[118] বৈদিক ধৰ্মত যজ্ঞৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’লেও, মহাকাব্যিক যুগত তপস্যা, যোগ আৰু কৃচ্ছসাধনাই অধিকতৰ গুৰুত্ব পাবলৈ আৰম্ভ কৰে। যোগীবেশত শিৱৰ কল্পনাৰ আবিৰ্ভাৱ সেইবাবে অপেক্ষাকৃতভাবে পৰৱৰ্তীকালতহে ঘটিছিল।[119]

গৃহস্থী ৰূপত তেওঁ পাৰ্বতীৰ স্বামী আৰু গণেশ আৰু কাৰ্তিক নামৰ দুই পুত্ৰৰ জনক। পাৰ্বতী বা উমা তেখেতৰ স্ত্ৰী বুলিয়েই তেওঁক উমাপতি, উমাকান্ত বা উমাধব নামেৰেও অভিহিত কৰা হয়।[120][121][122] শিৱৰ স্ত্ৰী পাৰ্বতী বিশ্বজননী বা মহাশক্তি। গৃহস্থী ৰূপত শিৱই নিজ পত্নীক ভালপায় আৰু শ্ৰদ্ধা কৰে।

শিৱ আৰু পাৰ্বতীৰ দুই পুত্ৰ – কাৰ্তিক আৰু গণেশ। দক্ষিণ ভাৰতত সুব্ৰহ্মণ্যন, ষন্মুখন, স্বামীনাথন আৰু মুৰুগান নামে কাৰ্তিকৰ পূজা বহুলভাব প্ৰচলিত; উত্তৰ ভাৰতত তেওঁ স্কন্দ, কুমাৰ আৰু কাৰ্তিকেয় নামেৰেই সৰ্বাধিক পৰিচিত।[123] শিৱৰ স্ত্ৰীক তেখেতৰ শক্তিৰ উৎস হিচাপে জ্ঞান কৰা হয়।[124]

নটৰাজ[সম্পাদনা কৰক]

নটৰাজ (তামিল: நடராஜா) বেশত শিৱৰ মূৰ্তি অত্যন্ত জনপ্ৰিয়।[125][126] শিৱ সহস্ৰনামত শিৱৰ নৰ্তক আৰু নিত্যনৰ্ত নামদুটা পোৱা যায়।[127] পৌৰাণিক যুগৰ পৰাই নৃত্য আৰু সঙ্গীতৰ লগত শিৱৰ যোগ বিদ্যমান।[128] সমগ্ৰ ভাৰততে, বিশেষত: তামিলনাড়ুত, নটৰাজৰ নিকটৱৰ্তী নৃত্যমূৰ্তি নামৰ শিৱৰ নানান নৃত্যৰত মূৰ্তি সমগ্ৰ ভাৰততে পোৱা যায়।[129] শিৱৰ লগত সম্পৰ্কযুক্ত দুটি নৃত্যৰ নাম হ’ল তাণ্ডৱ আৰু লাস্য। তাণ্ডৱ ধ্বংসাত্মক আৰু পুৰুষালি নৃত্য; শিৱই কাল-মহাকাল বেশত বিশ্বধ্বংসৰ উদ্দেশ্যে এই নাচ নাচে[130][131] আৰু মধুৰ আৰু সুচাৰু নৃত্যকলা; এই আবেগময় নৃত্যক পাৰ্বতীৰ নাচ ৰূপে কল্পনা কৰা হয়।[132][133] লাস্যক তাণ্ডৱৰ নাৰীসুলভ বিকল্প বুলি ধৰা হয়।[133] তাণ্ডৱ আৰু লাস্য নৃত্য যথাক্ৰমে ধ্বংস আৰু সৃষ্টিৰ লগত সম্পৰ্কযুক্ত।[134][135]

দক্ষিণামূৰ্তি[সম্পাদনা কৰক]

দক্ষিণামূৰ্তি (সংস্কৃত: दक्षिणामूर्ति)[136] শিৱৰ এটা বিশিষ্ট ৰূপ। আক্ষৰিকভাবে দক্ষিণামূৰ্তি কথাৰ অৰ্থ দক্ষিণফালে মুখ যাৰ। এই ৰূপত শিৱ যোগ, সঙ্গীত আৰু বিদ্যাচৰ্চাৰ গুৰু আৰু শাস্ত্ৰৰ ব্যাখ্যাকৰ্তা।[137] প্ৰধানত: তামিলনাড়ুত শিৱৰ এই মূৰ্তি প্ৰচলিত।[138] দক্ষিণামূৰ্তি শিৱ মৃগসিংহাসনত অধিষ্ঠিত আৰু জ্ঞানপিপাসু ঋষিগণৰ দ্বাৰা পৰিবেষ্টিত।[139]

মৃত্যুঞ্জয়[সম্পাদনা কৰক]

"মৃত্যুঞ্জয়" শব্দটোৰ আক্ষৰিক অৰ্থ "যি মৃত্যুক জয় কৰিছে"। কথিত আছে, শিৱই মৃত্যুৰ দেৱতা যমক জয় কৰিছিল। এক কিংবদন্তি অনুসৰি, ঋষি মাৰ্কণ্ডেয়ৰ ষোল্ল বছৰ বয়সতে মৃত্যুযোগ আছিল। মাৰ্কণ্ডেয়ে শিৱৰ আৰাধনা কৰে। মৃত্যুকাল উপস্থিত হ’লত, তেওঁ শিৱৰ কাষত জীৱন ভিক্ষা কৰে। শিৱই যমক পৰাজিত কৰি মাৰ্কণ্ডেয়ক জীৱন দান কৰে।

অৰ্ধনাৰীশ্বৰ[সম্পাদনা কৰক]

অৰ্ধনাৰীশ্বৰ বেশত শিৱ; একাদশ শতাব্দীৰ ব্ৰোঞ্জনিৰ্মিত চোল ভাস্কৰ্য

অৰ্ধনাৰীশ্বৰ বেশত শিৱ অৰ্ধেক পুৰুষ অৰ্ধেক নাৰীদেহধাৰী। এই ৰূপৰ আন এটা নাম হল "তৃতীয় প্ৰকৃতি"।[140] এলান গোল্ডবাৰ্গৰ মতে, সংস্কৃতত অৰ্ধনাৰীশ্বৰ শব্দৰ অৰ্থ যি দেৱতা অৰ্ধেক নাৰী; অৰ্ধেক পুৰুষ অৰ্ধেক নাৰী নহয়।[141] হিন্দু দৰ্শনত এই ৰূপৰ ব্যাখ্যা দিবলৈ গৈ কোৱা হৈছে যে, এই বিশ্বৰ পবিত্ৰ পৰমাশক্তি একেধাৰে পুৰুষ আৰু নাৰীশক্তি।[124]

ত্ৰিপুৰান্তক[সম্পাদনা কৰক]

এক পৌৰাণিক উপাখ্যান অনুসৰি, শিৱই ধনুৰ্ধৰ বেশত ত্ৰিপুৰ নামৰ অসুৰসকলৰ তিনিটি দুৰ্গ ধ্বংস কৰে।[142] এই কাৰণে শিৱৰ আন এক নাম ত্ৰিপুৰান্তক (সংস্কৃত: त्रिपुरान्तक)।[143]

শিৱৰ এই নামৰ এক দাৰ্শনিক ব্যাখ্যাও আছে। পণ্ডিতসকলে ভাবে যে মানৱদেহ তিনি প্ৰকাৰৰ - স্থূল শৰীৰ বা বহিঃস্থ দেহ, সূক্ষ্ম শৰীৰ বা মন আৰু কাৰণ শৰীৰ বা আত্মাৰ চৈতন্যময় ৰূপ। এই তিনি শৰীৰক একত্ৰে ত্ৰিপুৰ বলা হয়। ত্ৰিপুৰান্তক বেশত শিৱ মানৱ সত্ত্বাৰ এই ত্ৰিমুখী অস্তিত্বৰ ধ্বংস আৰু বিলোপ ঘটাই মানৱক পৰমসত্ত্বাৰ লগত লীন হোৱাত সহায় কৰে। এই বেশত তেওঁ মায়া আৰু অজ্ঞানক ধ্বংস কৰি পৰম চৈতন্যেৰ লগত মানুহৰ মিলন ঘটায়।

অষ্টমূৰ্তি[সম্পাদনা কৰক]

শিৱৰ আঠোটা বিশেষ ৰূপক একত্ৰে অষ্টমূৰ্তি বোলে। এওঁলোক হ’ল: ভব (অস্তিত্ব), শৰ্ভ (ধনুৰ্ধৰ), ৰুদ্ৰ (যি দুঃখ আৰু যন্ত্ৰণা প্ৰদান কৰে), পশুপতি (পশুপালক), উগ্ৰ (ভয়ংকৰ), মহান বা মহাদেব (সৰ্বোচ্চ আত্মা), ভীম (মহাশক্তিধৰ) আৰু ঈশান (মহাবিশ্বৰ দিশনিৰ্দেশক)।

শিৱলিঙ্গ[সম্পাদনা কৰক]

তিৰুবানাইকবলৰ জম্বুকেশ্বৰ মন্দিৰত সুসজ্জিত শিৱলিঙ্গ

নৃতত্ত্বাৰোপিত মূৰ্তি ব্যতিৰেকেও শিৱলিঙ্গ বা লিঙ্গ-ৰ আকাৰত শিৱৰ পূজাও অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়।[31][144][145] শিৱলিঙ্গ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। শিৱ শব্দৰ অৰ্থ মঙ্গলময় আৰু লিঙ্গ শব্দৰ অৰ্থ প্ৰতীক; এই কাৰণে শিৱলিঙ্গ শব্দৰ অৰ্থ সৰ্বমঙ্গলময় বিশ্ববিধাতাৰ প্ৰতীক[146] শিৱ শব্দৰ আন এটা অৰ্থ হ’ল যাৰ মাজত প্ৰলয়ৰ পাছত বিশ্ব নিদ্ৰিত অৱস্থাত থাকে; [146] আৰু লিঙ্গ শব্দৰ অৰ্থও একেই – য’ত বিশ্বধ্বংসৰ পাছত যত সকলো সৃষ্ট বস্তু বিলীন হৈ যায়। যিহেতু হিন্দুধৰ্মৰ মতে, জগতৰ সৃষ্টি, ৰক্ষা আৰু ধ্বংস এজন ঈশ্বৰৰ দ্বাৰা সম্পন্ন হয়, সেই হেতু শিৱলিঙ্গ স্বয়ং ঈশ্বৰৰ প্ৰতীক ৰূপে পৰিগণিত হয়।[146] মনিয়াৰ-উইলিয়ামস আৰু ওয়েণ্ডি ডনিগাৰ প্ৰমুখ কেইবজনো গৱেষকে শিৱলিঙ্গক এটা পুৰুষাঙ্গ-প্ৰতিম প্ৰতীক বুলি ধৰে।[147][148] যদিও ক্ৰিষ্টোফাৰ ইসাৰহুড,[149] স্বামী বিবেকানন্দ,[150] স্বামী শিৱানন্দ,[151] আৰু এস. এন. বালগঙ্গাধৰ[152] প্ৰমুখ বিশেষজ্ঞসকলে এই মতক খণ্ডন কৰিছে।

অথৰ্ববেদ সংহিতা গ্ৰন্থত যূপস্তম্ভ নামৰ একপ্ৰকাৰ বলিদান স্তম্ভৰ স্তোত্ৰত প্ৰথম শিৱ-লিঙ্গ পূজাৰ কথা জনা যায়। এই স্তোত্ৰৰ আদি ও অন্তত এক স্তম্ভ বা স্কম্ভ-ৰ বৰ্ণনা পোৱা যায়। এই স্কম্ভ-টো চিৰন্তন ব্ৰহ্মৰ স্থলত স্থাপিত। যজ্ঞৰ জুই, ধোঁৱা, ছাঁই, সোম লতা, আৰু যজ্ঞকাষ্ঠবাহী ষাঁড়ৰ ধাৰণাটোৰ পৰাই শিৱৰ উজ্জ্বল দেহ, তেখেতৰ জঁট, নীলকণ্ঠ আৰু বাহন বৃষৰ এটা ধাৰণা পোৱা যায়। গতিকে ধৰি লোৱা হয় যে, উক্ত যূপস্তম্ভই কালক্ৰমত শিৱলিঙ্গৰ ৰূপ ধাৰণ কৰিছে।[153][154] লিঙ্গপুৰাণ গ্ৰন্থত এই স্তোত্ৰটো উপাখ্যানৰ আকাৰত বিবৃত হৈছে। এই উপাখ্যানৰ কীৰ্তি হৈছে সেই মহাস্তম্ভ আৰু মহাদেৱ ৰূপে শিৱৰ মাহাত্ম্য।[154]

পঞ্চমন্ত্ৰ[সম্পাদনা কৰক]

পঞ্চানন শিৱ, চাৰিপাশে বিষ্ণু, ব্ৰহ্মা, গণেশ আৰু অন্যান্য দেৱতাসকল; লচ্‌ এঞ্জেলচ্‌ কাউন্টি মিউজিয়াম অফ আৰ্টৰ সংগ্ৰহ।

শিৱৰ পবিত্ৰ সংখ্যা হল পাঁচ।[155] তেখেতৰ সৰ্বাপেক্ষা গুৰুত্বপূৰ্ণ মন্ত্ৰসমূহৰ এটা (নমঃ শিৱায়) পাঁচটি আখৰৰ দ্বাৰা গঠিত।[156]

কথিত আছে যে, শিৱৰ শৰীৰ পাঁচটি মন্ত্ৰৰ দ্বাৰা গঠিত। এইবোৰক কোৱা হয় পঞ্চব্ৰহ্মণ।[157] দেৱতা ৰূপে এই পাঁচোটি মন্ত্ৰৰ নিজস্ব নাম আৰু মূৰ্তিতত্ত্ব বৰ্তমান:[158]

শিৱৰ মূৰ্তি এই পাঁচোটি ৰূপ পঞ্চাননৰ আকাৰত কল্পিত হয়। বিভিন্ন শাস্ত্ৰত এই পাঁচোটি ৰূপ পঞ্চভূত, পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু পঞ্চ কৰ্মেন্দ্ৰিয়ৰ লগত সংযুক্ত।[159][160] তথাপি এই পাঁচোটি ৰূপৰ বৰ্ণনা প্ৰসঙ্গত পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে।[161] ষ্টেলা ক্ৰ্যামৰিকে এই সম্মিলনৰ সামগ্ৰিক অৰ্থ সম্পৰ্কে মন্তব্য কৰিছে:

Through these transcendent categories, Śiva, the ultimate reality, becomes the efficient and material cause of all that exists.[162]

অন্যহাতে পঞ্চব্ৰহ্মণ উপনিষদ মতে:

জনা যায়, পাৰ্থিব জগতৰ সকলো বস্তুতেই পঞ্চমুখী চৰিত্ৰ বিদ্যমান। ইয়াৰ কাৰণ পঞ্চমুখী ব্ৰহ্মৰ চৰিত্ৰবৈশিষ্ট্যৰূপে শিৱৰ চিৰন্তন বৈচিত্ৰ্য। (পঞ্চব্ৰহ্মণ উপনিষদ ৩১)[163]

শিৱ লিঙ্গ পূজাৰ তাৎপৰ্য কি? শিৱ পূজা দুই ধৰণে কৰা হয় । মূৰ্তি আৰু লিঙ্গ। পূৰ্বতেই কোৱা হৈছে যে লিঙ্গ শব্দত অনেক প্ৰকাৰৰ অৰ্থ আছে। লিঙ্গ শব্দৰ অৰ্থ চিহ্ন বা প্ৰতীক। সাকাৰ ৰূপত এইৰূপ লিঙ্গ শৰীৰ বা চিহ্ন আমি সৰ্বত্ৰই ব্যৱহাৰ কৰোঁ। এই দেশৰ পৰিচয় বহন কৰে এখন পতাকাই। বিষ্ণুমন্ত্ৰৰ যিসকল অনুগামী তেওঁলোকৰ পৰিচয় তেওঁলোকে দিয়ে দেহত দীঘলীয়া ফোঁট এটাঅঙ্কিত কৰি। ঘটত আমি দেৱদেৱীৰ ছবি আঁকি দেৱতাৰ চিহ্ন বা প্ৰতীক বহোৱাওঁ। এইৰূপ দুটি প্ৰতীক বা লিঙ্গ বা চিহ্ন আমি পূজাত ব্যবহাৰ কৰোঁ। এটা শিৱ লিঙ্গ আৰু আনটি নাৰায়ণ শিলা। শিৱ লিঙ্গৰ গঠন প্ৰণালী সহজ হোৱাত মূৰ্তি তৈয়াৰ কৰাতকৈ লিঙ্গ পূজাত আমি বেছি আগ্ৰহী । মাটিৰে অতি সহজে অলপ সময়তে প্ৰতীক তৈয়াৰ কৰিব পৰা যায় আৰু পূজাৰ অন্তত বিসৰ্জনো দিয়া যায়। কিন্তু প্ৰতীকটোৰ নাম লিঙ্গ দিয়াত আমাৰ মাজত এই লৈ নীল সাহিত্য গঢ়ি উঠেছে যি সঁচাকৈয়ে দু:খজনক। অথচ একেই প্ৰতীক ব্যৱহৃত হৈছে নাৰায়ণ পূজাত, তেওঁক লৈ এইধৰণৰ আচৰণ আমি নকৰোঁ। বিশেষকৈ শিৱৰ লগত সৃষ্টিৰ কাৰ্যক্ৰম যুক্ত থকাত আমি লিঙ্গ শব্দটোক একেবাৰে পাৰ্থিব কাম কাজৰ লগত মিহলায় পেলাইছো। এই বিভ্ৰান্তিৰ পৰা আমি মুক্ত হ’ব লাগিব আৰু তেতিয়াহে আমাৰ শিৱত্ব উন্নীত হ’ব পাৰিব।

হৰিহৰ[সম্পাদনা কৰক]

বৈদিক যুগত বিষ্ণু আৰু ৰুদ্ৰৰূপী শিৱ আছিল অপেক্ষাকৃত অপ্ৰধান দেৱতা। তথাপি ব্ৰাহ্মণৰ (১০০০-৭০০খ্ৰীষ্টপূৰ্বাব্দ) ৰচনাৰ সময়ৰ পৰাই তেওঁলোকৰ গুৰুত্ব বৃদ্ধি পায়।[164] পৌৰাণিক যুগত দুই দেৱতাক কেন্দ্ৰ কৰিয়েই পৃথক সম্প্ৰদায় গঢ়ি উঠে। এই সম্প্ৰদায়সমূহে ভক্তক আকৰ্ষণৰ লক্ষ্যৰে পৰস্পৰৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হয়।[165] ফলত এই দুই প্ৰধান দেৱতাৰ পাৰস্পৰিক সম্পৰ্কটোক বৰ্ণনা কৰাৰ বাবে ৰচিত হয় একাধিক ভিন্নধৰ্মী কাহিনী।

প্ৰত্যেক সম্প্ৰদায়েই নিজ নিজ দেৱতাক সৰ্বোচ্চ দেৱতা ৰূপে উপস্থাপিত কৰে। এইভাবে বিষ্ণুকেন্দ্ৰিক পৌৰাণিক সাহিত্যত বিষ্ণু শিৱত "পৰিণত হয়"।[166] বিষ্ণুপুৰাণ (খ্ৰীষ্টীয় চতুৰ্থ শতাব্দী) গ্ৰন্থৰ উপাখ্যান অনুসৰি, বিষ্ণু জাগৃত হয় বিশ্ব সৃষ্টিৰ বাবে ব্ৰহ্মা আৰু তাক ধ্বংসৰ বাবে শিৱ ৰূপান্তৰিত হৈছিল।[167] ভাগবত পুৰাণ অনুসৰি, শিৱ বিষ্ণুৰেই এটা ৰূপ মাত্ৰ।[168] অন্যহাতে শিৱকেন্দ্ৰিক পৌৰাণিক সাহিত্যত দেখা যায়, শিৱই অকলেই আৰু স্বাধীনভাবেই বিশ্ব সৃষ্টি, ৰক্ষা আৰু ধ্বংস কৰিছে।[169] শিৱলিঙ্গৰ উৎপত্তি সংক্ৰান্ত এক শৈৱ পুৰাণত আছে যে, জ্যোতিৰ্লিঙ্গৰূপী শিৱৰ দেহৰ পৰাই বিষ্ণু আৰু ব্ৰহ্মাৰ উৎপত্তি হৈছিল।[170] শৈৱ শতৰুদ্ৰীয় স্তোত্ৰত শিৱক "বিষ্ণুৰূপী"-বুলিও কোৱা হৈছে।[171] শৰভৰ উপাখ্যানত দুই দেৱতাৰ পাৰস্পৰিক সম্পৰ্ক প্ৰসঙ্গত দুই সম্প্ৰদায়ৰ মতবাদৰ পাৰ্থক্যটো সুষ্পষ্ট হয় উঠে। উক্ত কাহিনীত শিৱ একেধাৰে মানুহ, চৰাই আৰু পশুৰ ৰূপত অৱতীৰ্ণ হৈছিল। হিৰণ্যকশিপু বধৰ বাবে নৃসিংহ ৰূপত অৱতাৰ গ্ৰহণৰ বাবে বিষ্ণুক ভৰ্ৎসনা কৰাৰ লক্ষ্যতেই শিৱই উক্ত ৰূপত অৱতীৰ্ণ হয়।[172][173] যদিও বৈষ্ণব আৰু বিজয়ীন্দ্ৰ তীৰ্থ (১৫৩৯-৯৫) প্ৰমুখ দ্বৈতবাদী পণ্ডিসকলে তেওঁলোকৰ সাত্ত্বিক পুৰাণ আৰু শ্ৰুতি পাঠৰ ভিত্তিত নৃসিংহ অৱতাৰ সম্পৰ্কত মতবিৰোধ পোষণ কৰিছিল।[174]

বিভিন্ন সমন্বয়বাদী গোষ্ঠীয়ে অৱশ্যে দুই দেৱতাৰ পাৰস্পৰিক মধুৰ আৰু সহযোগিতাপূৰ্ণ সম্পৰ্কৰ কথাই কয়। এই সকল গোষ্ঠীৰ মতবাদত হৰিহৰ নামৰ এক দেৱতাৰ অস্তিত্ব পৰিলক্ষিত হয়। এওঁ বিষ্ণু (হৰি) আৰু শিৱ (হৰ)-ৰ সম্মিলিত ৰূপ।[175] এই ৰূপ হৰিৰুদ্ৰ নামেৰেও পৰিচিত। মহাভাৰতত এই ৰূপৰ উল্লেখ আছে।[176] শিৱৰ মহাবলেশ্বৰ নামটোৰ উৎপত্তিৰ আখ্যানটো হ’ল এই জাতীয় সমন্বয়মূলক কাহিনীৰ এটা উদাহৰণ। এই আখ্যান অনুযায়ী, শিৱই ৰাৱণক বৰস্বৰূপে এটা শিৱলিঙ্গ প্ৰদান কৰিছিল। চৰ্ত আছিল লিঙ্গটো ৰাৱণে সদায় কঢ়িয়াই লৈ ফুৰিব লাগিব । এক স্থানত আহি ৰাৱণে মূত্ৰত্যাগ কৰাৰ বাবে ব্ৰাহ্মণৰ ছদ্মবেশধাৰী বিষ্ণুভক্ত নাৰদক লিঙ্গটো কিছুক্ষণৰ বাবে ধৰিবলৈ ক’লে। নাৰদে ইয়াক মাটিত ৰাখি থৈ অদৃশ্য হৈ যায়। ৰাৱণে ঘূৰি আহি লিঙ্গটোক স্থানান্তৰ কৰাত অসমৰ্থ হয় আৰু সেই তেতিয়াৰ পৰা লিঙ্গটো সেই স্থানতেই পৰি থাকে। কথিত আছে, এই স্থানডোখৰ হল অধুনা ঝাড়খণ্ড ৰাজ্যৰ দেওঘৰ[177] কৰ্ণাটকৰ গোকৰ্ণৰ কাহিনীটো কিছুদূৰ এই প্ৰকাৰৰ। এই আখ্যানত দেখা যায়, কৈলাসৰ পৰা লঙ্কালৈ প্ৰত্যাবৰ্তন কৰা কালত ৰাৱণে গণেশক এটা শিৱলিঙ্গ ধৰিবলৈ দি স্নান কৰিবলৈ যায়। কিন্তু গণেশে সেই লিঙ্গটোক ভূমিত স্থাপন কৰে। এই কাৰণে লিঙ্গটোৰ নাম হয় মহাবলেশ্বৰ।

আন এক কাহিনী অনুসৰি, শিৱই বিষ্ণুৰ নাৰী অবতাৰ মোহিনীৰ ৰূপত মুগ্ধ হৈ তেখেতৰ লগত মিলিত হয়। উভয়ৰ মিলনৰ ফলত আয়াপ্পাৰ জন্ম হয়। এই আয়াপ্পা শাস্তা বা আয়ানাৰেই সমৰূপীয়। এদল উদ্ধত ঋষিক শিক্ষা দিবৰ সময়োতো মোহিনীয়ে শিৱৰ সেৱা কৰে।

অৱতাৰ[সম্পাদনা কৰক]

লোকবিশ্বাস অনুসৰি, হিন্দুধৰ্মৰ অন্যান্য দেৱদেৱীসকলৰ দৰে শিৱৰো একাধিক অৱতাৰ বিদ্যমান। তথপি পুৰাণ শাস্ত্ৰত শিৱৰ অৱতাৰৰ উল্লেখ থাকিলেও, এই অতাৰতত্ত্ব শৈৱধৰ্মত স্বীকৃত নহয়।[178]

উৎসৱ[সম্পাদনা কৰক]

প্ৰতি বছৰে হিন্দু পঞ্জিকা অনুযায়ী ফাগুণ মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত শিৱৰাত্ৰি উৎসৱ উদযাপিত হয়। এই উৎসৱ হিন্দুসকলৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। সেই দিনা ভক্তই শিৱৰ মূৰত ফল, ফুল আৰু বিল্বপত্ৰ অৰ্পণ কৰে।

চৈত্ৰসংক্ৰান্তিৰ দিনা বাংলাত শিৱকেন্দ্ৰিক এটা বিশেষ উৎসৱ পালিত হয়। এইটো চড়ক উৎসৱ নামেৰে পৰিচিত। ই পৌৰাণিক উৎসৱ নহয়, লোকউৎসৱহে। গাজন এই উৎসৱৰ অন্যতম বৈশিষ্ট্য।[180]


মন্দিৰ[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশত অনেক শিৱমন্দিৰ আছে। এইসমূহৰ মাজত কেইটামান উল্লেখযোগ্য মন্দিৰ তলত উল্লেখ কৰা হ’ল।

জ্যোতিৰ্লিঙ্গ অৱস্থান
সোমনাথ Somanatha view-II.JPG প্ৰভাস পাটন, বেৰাবলৰ সমীপত, গুজৰাট
মল্লিকাৰ্জুন Srisailam-temple-entrance.jpg শ্ৰীশৈলম, অন্ধ্ৰপ্ৰদেশ
মহাকালেশ্বৰ Mahakal Temple Ujjain.JPG উজ্জ্বয়িনী, মধ্যপ্ৰদেশ
ওঙ্কাৰেশ্বৰ Omkareshwar.JPG ইন্দোৰৰ সমীপত, মধ্যপ্ৰদেশ
কেদাৰনাথ Kedarnath Temple.jpg কেদাৰনাথ, উত্তৰাখণ্ড
ভীমাশঙ্কৰ Bhimashankar.jpg বিতৰ্কিত:
কাশী বিশ্বনাথ বাৰাণসী, উত্তৰপ্ৰদেশ
ত্ৰ্যম্বকেশ্বৰ Trimbakeshwar Shiva Temple, Trimbak, Nashik district.jpg ত্ৰ্যম্বক, নাছিক, মহাৰাষ্ট্ৰ
ৰামনাথস্বামী Ramanathar-temple.jpg ৰামেশ্বৰম, তামিলনাড়ু
ঘৃষ্ণেশ্বৰ Grishneshwar Temple.jpg ইলোৰা, মহাৰাষ্ট্ৰ
বৈদ্যনাথ বিতৰ্কিত:
নাগেশ্বৰ Jageshwar main.JPG বিতৰ্কিত:


লগতে চাওক[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. For the name Kailāsagirivāsī (Sanskrit कैलासिगिरवासी), "With his abode on Mount Kailāsa", as a name appearing in the Shiva Sahasranama, see: Sharma 1996, পৃষ্ঠা 281.
  2. Zimmer (1972) p. 124.
  3. 3.0 3.1 Flood (1996), p. 17.
  4. Tattwananda, p. 45.
  5. Apte, p. 919.
  6. 6.0 6.1 Macdonell, p. 314.
  7. For use of the term śiva as an epithet for other Vedic deities, see: Chakravarti, p. 28.
  8. Apte, p. 927
  9. For the definition "Śaivism refers to the traditions which follow the teachings of Śiva (śivaśāna) and which focus on the deity Śiva... " see: Flood (1996), p. 149.
  10. Sri Vishnu Sahasranama, Ramakrishna Math edition, pg.47 and pg. 122.
  11. Swami Chinmayananda's translation of Vishnu sahasranama, pg. 24, Central Chinmaya Mission Trust.
  12. Sharma 1996, পৃষ্ঠা viii-ix
  13. This is the source for the version presented in Chidbhavananda, who refers to it being from the Mahabharata but does not explicitly clairify which of the two Mahabharata versions he is using. See Chidbhavananda, p.5.
  14. For an overview of the Śatarudriya see: Kramrisch, pp. 71-74.
  15. For complete Sanskrit text, translations, and commentary see: Sivaramamurti (1976).
  16. Flood (1996), p. 17
  17. Keay, p.xxvii.
  18. Keay, p. xxvii.
  19. For Shiva as a composite deity whose history is not well-documented, see: Keay, p. 147.
  20. Michaels, p. 215.
  21. 21.0 21.1 21.2 Courtright, p. 205.
  22. For Jejuri as the foremost center of worship see: Mate, p. 162.
  23. 'Khandoba: Ursprung, Geschiche und Umvelt von Pastoralem Gotheiten in Maharashtra, Wiesbaden 1976 (German with English Synopsis) pp. 180-98, "Khandoba is a local deity in Maharashtra and been Sanskritised as an incarnation of Shiva."
  24. For worship of Khandoba in the form of a lingam and possible identification with Shiva based on that, see: Mate, p. 176.
  25. For use of the name Khandoba as a name for Karttikeya in Maharashtra, see: Gupta, Preface, and p. 40.
  26. 26.0 26.1 Flood (1996), pp. 28-29.
  27. For a drawing of the seal see Figure 1 in: Flood (1996), p. 29.
  28. For translation of paśupati as "Lord of Animals" see: Michaels, p. 312.
  29. Flood (2003), pp. 204-205.
  30. Keay, p. 14.
  31. 31.0 31.1 Michaels, p. 216.
  32. For dating based on "cumulative evidence" see: Oberlies, p. 158.
  33. Doniger, pp. 221-223.
  34. Michaels, p. 217.
  35. For Śarva as a name of Shiva see: Apte, p. 910.
  36. For archer and arrow associations see Kramrisch, Chapter 2, and for the arrow as an "essential attribute" see: Kramrisch, p. 32.
  37. 37.0 37.1 37.2 Sharma 1996, পৃষ্ঠা 306
  38. For root śarv- see: Apte, p. 910.
  39. 39.0 39.1 Chidbhavananda, p. 33.
  40. For translation of Bāṇahasta as "Armed with arrows in his hands") see: Sharma 1996, পৃষ্ঠা 294.
  41. For Shiva being identified with Agni, Indra, Prajāpati, Vāyu, and others see: Chakravarti, p. 70.
  42. For general statement of the close relationship, and example shared epithets, see: Sivaramamurti, p. 11.
  43. For an overview of the Rudra-Fire complex of ideas, see: Kramrisch, pp. 15-19.
  44. For quotation "An important factor in the process of Rudra's growth is his identification with Agni in the Vedic literature and this identification contributed much to the transformation of his character as Rudra-Śiva." see: Chakravarti, p. 17.
  45. For translation from Nirukta 10.7, see: Sarup (1927), p. 155.
  46. Kramrisch, p. 18.
  47. For "Note Agni-Rudra concept fused" in epithets Sasipañjara and Tivaṣīmati see: Sivaramamurti, p. 45.
  48. Rig Veda: Rig-Veda, Book 6: HYMN XLVIII. Agni and Others
  49. For the parallel between the horns of Agni as bull, and Rudra, see: Chakravarti, p. 89.
  50. RV 8.49; 10.155.
  51. For flaming hair of Agni and Bhairava see: Sivaramamurti, p. 11.
  52. For text of RV 2.20.3a as स नो युवेन्द्रो जोहूत्रः सखा िशवो नरामस्तु पाता । and translation as "May that young adorable Indra, ever be the friend, the benefactor, and protector of us, his worshipper" see: Arya & Joshi (2001), p. 48, volume 2.
  53. For text of RV 6.45.17 as यो गृणतामिदासिथापिरूती िशवः सखा । स त्वं न इन्द्र मृलय ॥ and translation as "Indra, who has ever been the friend of those who praise you, and the insurer of their happiness by your protection, grant us felicity" see: Arya & Joshi (2001), p. 91, volume 3.
  54. For translation of RV 6.45.17 as "Thou who hast been the singers' Friend, a Friend auspicious with thine aid, As such, O Indra, favour us" see: Griffith 1973, পৃষ্ঠা 310.
  55. For text of RV 8.93.3 as स न इन्द्रः सिवः सखाश्चावद् गोमद्यवमत् । उरूधारेव दोहते ॥ and translation as "May Indra, our auspicious friend, milk for us, like a richly-streaming (cow), wealth of horses, kine, and barley" see: Arya & Joshi (2001), p. 48, volume 2.
  56. For Shiva as depicted with a third eye, and mention of the story of the destruction of Kama with it, see: Flood (1996), p. 151.
  57. For a review of theories about the meaning of tryambaka, see: Chakravarti, pp.37-39.
  58. For usage of the word ambaka in classical Sanskrit and connection to the Mahabharata depiction, see: Chakravarti, pp. 38-39.
  59. For translation of Tryambakam as "having three mothers" and as an epithet of Rudra, see: Kramrisch, p. 483.
  60. For vedic Sanskrit meaning and "having three mothers" as the translation of Max Müller and Macdonell, see: Chakravarti, pp. 37-38.
  61. For discussion of the problems in translation of this name, and the hypothesis regarding the Ambikās see: Hopkins (1968), p. 220.
  62. For the Ambikā variant, see: Chakravarti, pp. 17, 37.
  63. For the moon on the forehead see: Chakravarti, p. 109.
  64. For śekhara as crest or crown, see: Apte, p. 926.
  65. For Chandraśekhara as an iconographic form, see: Sivaramamurti (1976), p. 56.
  66. For translation "Having the moon as his crest" see: Kramrisch, p. 472.
  67. For the moon iconography as marking the rise of Rudra-Shiva, see: Chakravarti, p. 58.
  68. For discussion of the linkages between Soma, Moon, and Rudra, and citation to RV 7.74, see: Chakravarti, pp. 57-58.
  69. 69.0 69.1 69.2 69.3 Flood (1996), p. 151.
  70. Flood (1996), pp. 92, 161.
  71. Flood (1996), p. 161.
  72. Chidbhavananda, p. 23.
  73. Chidbhavananda, p. 22.
  74. Kramrisch, p. 475.
  75. For Kapardin as a name of Shiva, and description of the kaparda hair style, see, Macdonell, p. 62.
  76. For Shiva drinking the poison churned from the world ocean see: Flood (1996), p. 78.
  77. Kramrisch, p. 473.
  78. Sharma 1996, পৃষ্ঠা 290
  79. See: name #93 in Chidbhavananda, p. 31.
  80. Ziegenbalg, Bartholomaeus; Germann ,Wilhelm and Metzger, G.J. (869). Genealogy of the South-Indian Gods. Germann1. পৃষ্ঠা. 151. 
  81. For Shiva supporting Gaṅgā upon his head, see: Kramrisch, p. 473.
  82. For alternate stories about this feature, and use of the name Gaṅgādhara see: Chakravarti, pp. 59 and 109.
  83. For description of the Gaṅgādhara form, see: Sivaramamurti (1976), p. 8.
  84. "Mythology ~ The birth of Brahmarishis". http://www.tamilstar.com/mythology/brahmarishis। আহৰণ কৰা হৈছে: 2008-05-07. 
  85. Flood (1996), p. 151
  86. Michaels, p. 218.
  87. For definition and shape, see: Apte, p. 461.
  88. Jansen, p. 44.
  89. Jansen, p. 25.
  90. For use by Kāpālikas, see: Apte, p. 461.
  91. For a review of issues related to the evolution of the bull (Nandin) as Shiva's mount, see: Chakravarti, pp. 99-105.
  92. For spelling of alternate proper names Nandī and Nandin see: Stutley, p. 98.
  93. Sharma 1996, পৃষ্ঠা 291
  94. Sharma 1996, পৃষ্ঠা 291
  95. Kramrisch, p. 479.
  96. Dictionary of Hindu Lore and Legend (ISBN 0-500-51088-1) by Anna L. Dallapiccola
  97. For identification of Mount Kailāsa as the central linga, see: Stutley (1985), p. 62.
  98. Keay, p. 33.
  99. For quotation "Śiva is a god of ambiguity and paradox" and overview of conflicting attributes see: Flood (1996), p. 150.
  100. For quotation regarding Yajur Veda as containing contrary sets of attributes, ইবোৰand marking point for emergence of all basic elements of later sect forms, see: Chakravarti, p. 7.
  101. For summary of Shiva's contrasting depictions in the Mahabharata, see: Sharma 1988, পৃষ্ঠা 20-21.
  102. For rud- meaning "cry, howl" as a traditional etymology see: Kramrisch, p. 5.
  103. Citation to M. Mayrhofer, Concise Etymological Sanskrit Dictionary, s.v. "rudra", is provided in: Kramrisch, p. 5.
  104. Sharma 1996, পৃষ্ঠা 301.
  105. Sharma 1996, পৃষ্ঠা 314.
  106. For translation of Mahākāla as "Time beyond time" see: Kramrisch, p. 476.
  107. For the name Kāla translated as "time; death", see: Kramrisch, p. 474.
  108. The name Kāla appears in the Shiva Sahasranama, where it is translated by Ram Karan Sharma as "(The Supreme Lord of) Time". See: Sharma 1996, পৃষ্ঠা 280.
  109. For Bhairava form as associated with terror see: Kramrisch, p. 471.
  110. For भैरव as one of the eight forms of Shiva, and translation of the adjectival form as "terrible" or "frightful" see: Apte, p. 727, left column.
  111. Kramrisch, p. 481.
  112. For adoption of the name Śaṇkara by Shankaracarya see: Kramrisch, p. 481.
  113. For dating Shankaracharya as 788-820 CE see: Flood (1996), p. 92.
  114. For translation of Śambhu as "Causing Happiness" see: Kramrisch, p. 481.
  115. For speculation on the possible etymology of this name, see: Chakravarti, pp. 28 (note 7), and p. 177.
  116. For the contrast beteween ascetic and householder depictions, see: Flood (1996), pp. 150-151.
  117. For Shiva's representation as a yogin, see: Chakravarti, p. 32.
  118. For name Mahāyogi and associations with yoga, see, Chakravarti, pp. 23, 32, 150.
  119. For the ascetic yogin form as reflecting Epic period influences, see: Chakravarti, p. 32.
  120. For Umāpati, Umākānta and Umādhava as names in the Shiva Sahasranama literature, see: Sharma 1996, পৃষ্ঠা 278.
  121. For Umā as the oldest name, and variants including Pārvatī, see: Chakravarti, p. 40.
  122. For Pārvatī identified as the wife of Shiva, see: Kramrisch, p. 479.
  123. For regional name variants of Karttikeya see: Gupta, Preface.
  124. 124.0 124.1 Search for Meaning By Antonio R. Gualtieri
  125. For description of the nataraja form see: Jansen, pp. 110-111.
  126. For interpretation of the naṭarāja form see: Zimmer, pp. 151-157.
  127. For names Nartaka (Sanskrit नर्तक) and Nityanarta (Sanskrit नित्यनर्त) as names of Shiva, see: Sharma 1996, পৃষ্ঠা 289.
  128. For prominence of these associations in puranic times, see: Chakravarti, p. 62.
  129. For popularity of the nṛtyamūrti and prevalence in South India, see: Chakravarti, p. 63.
  130. Kramrisch, Stella (1994). "Siva's Dance". The Presence of Siva. Princeton University Press. পৃষ্ঠা. 439. 
  131. Klostermaier, Klaus K.. "Shiva the Dancer". Mythologies and Philosophies of Salvation in the Theistic Traditions of India. Wilfrid Laurier Univ. Press. পৃষ্ঠা. 151. 
  132. Massey, Reginald. "India's Kathak Dance". India's Kathak Dance, Past Present, Future. Abhinav Publications. পৃষ্ঠা. 8. 
  133. 133.0 133.1 Moorthy, Vijaya (2001). Romance of the Raga. Abhinav Publications. পৃষ্ঠা. 96. 
  134. Leeming, David Adams (2001). A Dictionary of Asian Mythology. Oxford University Press. পৃষ্ঠা. 45. 
  135. Radha, Sivananda (1992). "Mantra of Muladhara Chakra". Kuṇḍalinī Yoga. Motilal Banarsidass Publ.,. পৃষ্ঠা. 304. 
  136. For iconographic description of the Dakṣiṇāmūrti form, see: Sivaramamurti (1976), p. 47.
  137. For description of the form as representing teaching functions, see: Kramrisch, p. 472.
  138. For characterization of Dakṣiṇāmūrti as a mostly south Indian form, see: Chakravarti, p. 62.
  139. For the deer-throne and the audience of sages as Dakṣiṇāmūrti, see: Chakravarti, p. 155.
  140. Goldberg, p. 1.
  141. Goldberg specifically rejects the translation by Frederique Marglin (1989) as "half-man, half-woman", and instead adopts the translation by Marglin as "the lord who is half woman" as given in Marglin (1989, 216). Goldberg, p. 1.
  142. For evolution of this story from early sources to the epic period, when it was used to enhance Shiva's increasing influence, see: Chakravarti, p. 46.
  143. For the Tripurāntaka form, see: Sivaramamurti (1976), pp. 34, 49.
  144. Flood (1996), p. 29.
  145. Tattwanandaz, pp. 49-52.
  146. 146.0 146.1 146.2 Harshananda, Swami. "Sivalinga". Principal Symbols of World Religions. Sri Ramakrishna Math Mylapore. পৃষ্ঠা. 6–8. 
  147. See Monier William's Sanskrit to english Dictionary
  148. O'Flaherty, Wendy Doniger (1981). Śiva, the erotic ascetic. প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-520250-3. 
  149. Isherwood, Christopher. "Early days at Dakshineswar". Ramakrishna and his disciples. পৃষ্ঠা. 48. 
  150. Sen, Amiya P. (2006). "Editor's Introduction". The Indispensable Vivekananda. Orient Blackswan. পৃষ্ঠা. 25–26. 
  151. Sivananda, Swami (1996). "Worship of Siva Linga". Lord Siva and His Worship. The Divine Life Trust Society. http://www.dlshq.org/download/lordsiva.htm#_VPID_80. 
  152. Balagangadhara, S.N.; Sarah Claerhout (Spring 2008). "Are Dialogues Antidotes to Violence? Two Recent Examples From Hinduism Studies". Journal for the Study of Religions and Ideologies খণ্ড 7 (19): 118–143. http://www.jsri.ro/new/?download=19_balagangadhara_claerhout.pdf. 
  153. Harding, Elizabeth U. (1998). "God, the Father". Kali: The Black Goddess of Dakshineswar. Motilal Banarsidass. পৃষ্ঠা. 156–157. ISBN 9788120814509. 
  154. 154.0 154.1 Vivekananda, Swami. "THE PARIS CONGRESS OF THE HISTORY OF RELIGIONS". The Complete Works of Swami Vivekananda. Vol.4. http://www.ramakrishnavivekananda.info/vivekananda/volume_4/translation_prose/the_paris_congress.htm. 
  155. For five as a sacred number, see: Kramrisch, p. 182.
  156. It is first encountered in an almost identical form in the Rudram. For the five syllable mantra see: Kramrisch, p. 182.
  157. For discussion of these five forms and a table summarizing the associations of these five mantras see: Kramrisch, pp. 182-189.
  158. For distinct iconography, see Kramrisch, p. 185.
  159. For association with the five faces and other groups of five, see: Kramrisch, p. 182.
  160. For the epithets pañcamukha and pañcavaktra, both of which mean "five faces", as epithets of Śiva, see: Apte, p. 578, middle column.
  161. For variation in attributions among texts, see: Kramrisch, p. 187.
  162. Kramrisch, p. 184.
  163. Quotation from Pañcabrahma Upanishad 31 is from: Kramrisch, p. 182.
  164. For relatively minor position in Vedic times, and rise in progress by 1000-700 BCE see: Zimmer (1946), p. 125, note 2.
  165. For the rise in popularity of Shiva and Vishnu, and the role of Puranas in promoting sectarian positions, see: Flood (1996), pp. 110-111.
  166. For Visnu becoming Shiva in Vaishnava myths, see: Zimmer (1946), p. 125.
  167. For Vishnu Purana dating of 4th c. CE and role of Vishnu as supreme deity, see: Flood (1996), p. 111.
  168. For identification of Shiva as a manifestation of Vishnu see: Bhagavata Purana 4.30.23, 5.17.22-23, 10.14.19.
  169. For predominant role of Shiva in some myths, see: Zimmer (1946), p. 128.
  170. For the lingodbhava myth, and Vishnu and Brahmā as emanations of Shiva, see: Zimmer (1946), pp. 128-129.
  171. For translation of the epithet शिपिविष्ट (IAST: śipiviṣṭa) as "salutation to him of the form of Vishṇu" included in the fifth anuvāka, and comment that this epithet "links Śiva with Vishṇu" see: Sivaramamurti, pp. 21, 64.
  172. For Śarabha as an "animal symplegma" form of Shiva, see: Kramrisch, p. 481.
  173. For incarnation in composite form as man, bird, and beast to chastise Narasimha, see: Chakravarti, p. 49.
  174. Sharma, B. N. Krishnamurti (2000). A history of the Dvaita school of Vedānta and its literature: from the earliest beginnings to our own times. Motilal Banarsidass Publ.. পৃষ্ঠা. 412. http://books.google.com/books?id=FVtpFMPMulcC&pg=PA412&. 
  175. Chakravarti, pp. 54-55.
  176. For Harirudra citation to Mbh. III.39.76f see: Hopkins (1969), p. 221.
  177. For the story of Rāvaṇa and the Mahābaleśvara linga see: Chakravarti, p. 168.
  178. Parrinder, Edward Geoffrey (1982). Avatar and incarnation. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 88. ISBN 0-19-520361-5. 
  179. Sri Ramakrishna Math (1985) "Hanuman Chalisa" p. 5
  180. সনৎকুমাৰ মিত্ৰ: "শিৱেৰ চড়ক-গাজন", লোকসংস্কৃতি গবেষণা পত্ৰিকা, কাৰ্তিক-পৌষ ১৪১৩ সংখ্যা, পৃ. ৩০২-০৮

গ্ৰন্থ সংযোগ[সম্পাদনা কৰক]

  • Apte, Vaman Shivram (1965), The Practical Sanskrit Dictionary (Fourth revised and enlarged সম্পাদনা), প্ৰকাশক Delhi: Motilal Banarsidass Publishers, ISBN 81-208-0567-4 
  • Arya, Ravi Prakash & K. L. Joshi. Ṛgveda Saṃhitā: Sanskrit Text, English Translation. Parimal Publications, Delhi, 2001, ISBN 81-7110-138-7 (Set of four volumes). Parimal Sanskrit Series No. 45; 2003 reprint: 81-7020-070-9.
  • Chakravarti, Mahadev (1994), The Concept of Rudra-Śiva Through The Ages (Second Revised সম্পাদনা), প্ৰকাশক Delhi: Motilal Banarsidass, ISBN 81-208-0053-2 
  • Chidbhavananda, Swami (1997). Siva Sahasranama Stotram: With Navavali, Introduction, and English Rendering.. Sri Ramakrishna Tapovanam. ISBN 81-208-0567-4.  (Third edition). The version provided by Chidbhavananda is from chapter 17 of the Anuśāsana Parva of the Mahābharata.
  • Courtright, Paul B. (1985). Gaṇeśa: Lord of Obstacles, Lord of Beginnings. প্ৰকাশক New York: Oxford University Press. ISBN ISBN 0-19-505742-2. 
  • Flood, Gavin (1996). An Introduction to Hinduism. প্ৰকাশক Cambridge: Cambridge University Press. ISBN 0-521-43878-0. 
  • Flood, Gavin (Editor) (2003). The Blackwell Companion to Hinduism. প্ৰকাশক Malden, MA: Blackwell Publishing Ltd.. ISBN 1-4051-3251-5. 
  • Goldberg, Ellen (2002). The Lord Who is Half Woman: Ardhanārīśvara in Indian and Feminist Perspective. প্ৰকাশক Albany, New York: State University of New York Press. ISBN 0-7914-5326-X. 
  • Griffith, T. H. (1973), The Hymns of the Ṛgveda (New Revised সম্পাদনা), প্ৰকাশক Delhi: Motilal Banarsidass, ISBN 81-208-0046-X 
  • Gupta, Shakti M. (1988). Karttikeya: The Son of Shiva. প্ৰকাশক Bombay: Somaiya Publications Pvt. Ltd.. ISBN 81-7039-186-5. 
  • Hopkins, E. Washburn (1969). Epic Mythology. প্ৰকাশক New York: Biblo and Tannen.  Originally published in 1915.
  • Jansen, Eva Rudy (1993). The Book of Hindu Imagery. প্ৰকাশক Havelte, Holland: Binkey Kok Publications BV. ISBN 90-74597-07-6. 
  • Keay, John (2000). India: A History. প্ৰকাশক New York: Grove Press. ISBN 0-8021-3797-0. 
  • Kramrisch, Stella (1981). The Presence of Śiva. প্ৰকাশক Princeton, New Jersey: Princeton University Press. ISBN 0-691-01930-4. 
  • Macdonell, Arthur Anthony (1996). A Practical Sanskrit Dictionary. প্ৰকাশক New Delhi: Munshiram Manoharlal Publishers. ISBN 81-215-0715-4. 
  • Mate, M. S. (1988). Temples and Legends of Maharashtra. প্ৰকাশক Bombay: Bharatiya Vidya Bhavan. 
  • Michaels, Axel (2004). Hinduism: Past and Present. প্ৰকাশক Princeton, New Jersey: Princeton University Press. ISBN 0-691-08953-1. 
  • Sarup, Lakshman (1920-1927). The Nighaṇṭu and The Nirukta.  Reprint: Motilal Banarsidass, 2002, ISBN 81-208-1381-2.
  • Sharma, Ram Karan (1988), Elements of Poetry in the Mahābhārata (Second সম্পাদনা), প্ৰকাশক Delhi: Motilal Banarsidass, ISBN 81-208-0544-5 
  • Sharma, Ram Karan (1996), Śivasahasranāmāṣṭakam: Eight Collections of Hymns Containing One Thousand and Eight Names of Śiva, প্ৰকাশক Delhi: Nag Publishers, ISBN 81-7081-350-6  This work compares eight versions of the Śivasahasranāmāstotra with comparative analysis and Śivasahasranāmākoṣa (A Dictionary of Names). The text of the eight versions is given in Sanskrit.
  • Sivaramamurti, C. (1976). Śatarudrīya: Vibhūti of Śiva's Iconography. প্ৰকাশক Delhi: Abhinav Publications. 
  • Stutley, Margaret (1985). The Illustrated Dictionary of Hindu Iconography.  First Indian Edition: Munshiram Manoharlal, 2003, ISBN 81-215-1087-2.
  • Tattwananda, Swami (1984). Vaisnava Sects, Saiva Sects, Mother Worship. প্ৰকাশক Calcutta: Firma KLM Private Ltd..  First revised edition.
  • Zimmer, Heinrich (1946). Myths and Symbols in Indian Art and Civilization. প্ৰকাশক Princeton, New Jersey: Princeton University Press. ISBN 0-691-01778-6.  First Princeton-Bollingen printing, 1972.
  • Hanuman Chalisa. প্ৰকাশক Chennai, India: Sri Ramakrishna Math. 1985. ISBN 81-7120-086-9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]