| পাৰ্বতী দেৱী |

পাৰ্বতী দেৱীৰ চিত্ৰ |
| অধিকাৰ |
শক্তি |
| দেৱনাগৰী |
पार्वती |
| গোত্ৰ |
দেৱী |
| অধিষ্ঠান |
হিমালয়, কৈলাশ |
| দাম্পত্যসঙ্গী |
শিৱ |
পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়। পাৰ্বতীৰ জন্মৰ বাৰ্তা শুনি নাৰদ হিমালয়ৰ ঘৰলৈ আহিছিল আৰু হিমালয়ৰ প্ৰশ্ন কৰাত কৈছিল যে পাৰ্বতী সৰ্ব সুলক্ষীনি আৰু এওঁৰ বিবাহ ভগৱান শিৱৰ সৈতে হ’ব। কিন্তু মহাদেৱক পতিৰূপে পাৱৰ বাবে পাৰ্বতীয়ে ঘোৰ তপস্যা কৰিব লাগিব| পূৰ্বজন্মত পাৰ্বতী দক্ষ প্ৰজাপতিৰ জীয়ৰী আছিল আৰু সেইজন্মটো তেওঁ ভগৱান শিৱৰ পত্নী আছিল| পাৰ্বতী হিন্দু ত্ৰিদেৱীসকলৰ মাজৰ এগৰাকী বুলিও সুপৰিচিত|