শ্ৰীমদ্ভগৱতগীতা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

হিন্দু ধৰ্ম

হিন্দু ধৰ্মOhm.GIF

ওঁব্ৰহ্মাঈশ্বৰ
হিন্দুহিন্দু ধৰ্মৰ ইতিহাস

ৱিকিপিডিয়া:হিন্দু ধৰ্মHinduSwastika.svg

হিন্দু ধৰ্ম বাটচ'ৰা
হিন্দু পুৰাণ বাটচ'ৰা
 প্ৰ     

কুৰুক্ষেত্ৰত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ, ওঠৰ-উন্নৈশ শতিকাৰ এখন চিত্ৰকলা

শ্ৰীমদ্ভাগৱতগীতা (সংস্কৃত: भगवद्गीता, এই শব্দটোৰ বিষয়ে ˈbʱəɡəʋəd̪ ɡiːˈt̪aː , ভগৱানৰ গান) বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰত-ৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ বা বৈদান্তিক সাহিত্যৰ অন্তৰ্গত।[1]

হিন্দুসকলৰ গীতাত ভগৱানৰ মুখেৰে নিসৃত বাণীসমূহ লিপিবদ্ধ কৰা হৈছে। হিন্দু ধৰ্ম, দৰ্শন আৰু সাহিত্যৰ ইতিহাসত গীতা এক বিশেষ স্থানত অধিস্থিত।[2] গীতাৰ বক্তা শ্ৰীকৃষ্ণ হিন্দুসকলৰ দৃষ্টিত ভগৱান শ্ৰীবিষ্ণুৰ এক অৱতাৰ বুলি কোৱা হয়।[2] সেয়েহে গীতাক "শ্ৰীভগৱান" বুলিও নামাকৰণ কৰা হৈছে।[3]

গীতা-ৰ বিষয়বস্তু হৈছে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱ ৰাজকুমাৰ অৰ্জুনৰ কথোপকথন। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ ঠিক আগে আগে শত্ৰুপক্ষত আত্মীয়, বন্ধু আৰু গুৰুক দেখি অৰ্জুন কিংকৰ্তব্যবিমূঢ় হয় পৰিছিল। সেই সময়তে ভগৱান কৃষ্ণই অৰ্জুনক ক্ষত্ৰিয় যোদ্ধাৰ ধৰ্ম স্মৰণ কৰি দিছিল আৰু বিভিন্ন প্ৰকাৰ যোগশাস্ত্ৰ[4] আৰু বৈদান্তিক দৰ্শন ব্যাখ্যা কৰি অৰ্জুনক যুদ্ধ কৰিবৰ বাবে উৎসাহিত কৰিছিল। সেইকাৰণে 'গীতাক হিন্দু ধৰ্মতত্ত্বৰ এটা সংক্ষিপ্ত পাঠ আৰু হিন্দুসকলৰ জীৱনচৰ্যাৰ এখন ব্যৱহাৰিক পথনিৰ্দেশিকা বুলি কোৱা হয়। যোগশাস্ত্ৰ ব্যাখ্যাৰ সময়ত কৃষ্ণই নিজৰ "স্বয়ং ভগৱান" ৰূপটি উন্মোচিত কৰিছিল আৰু বিশ্বৰূপে অৰ্জুনক দৰ্শন দি আশীৰ্বাদ কৰিছিল।

“শ্ৰীমদ্ভগৱদগীতা মানবীয় জ্ঞান আৰু উপলদ্ধিৰ সৰ্বোত্তম ফল। ইয়াৰ দৰ্শন আৰু সাহিত্য দুয়োটাৰে অবিভাজ্য সংশ্লেষন ঘটিছে। তত্ব-জিজ্ঞাসু সকলক গীতাই তত্বৰ সন্ধান দিছে আৰু ৰসান্বেসী সকলক দান কৰিছে ৰসৰ সন্ধান। গীতাই কাকো বিমুখ কৰা নাই, কাকো বিমুখ নকৰে।


মূখ্যত গীতা দৰ্শন শাস্ত্ৰ। এই গ্ৰন্থ হ’ল উপনিষদ তথা বেদান্তৰ সাৰ। আত্মাৰ অমৰত্ব, নিষ্কাম কৰ্মযোগ আৰু ঈশ্বৰৰ ওচৰত পৰিপূৰ্ণভাৱে আত্মসমৰ্পন - গীতাই এই মৰ্মবানী ঘোষনা কৰি আহিছে। গীতা উপনিষদেই; গীত কৰি গাব পৰাকৈ ৰচনা কৰা বাবে ’গীতা’”। ড° নগেন শ‍ইকীয়া

[5]


[সম্পাদনা কৰক] বাহ্যিক সংযোগ

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. The phrase marking the end of each chapter identifies the book as Gītopanishad. The book is identified as "the essence of the Upanishads" in the Gītā-māhātmya 6, quoted in the introduction to the book by the founder of ISKCON Bhaktivedanta Swami Prabhupada, A.C. (1983), Bhagavad-gītā As It Is, Los Angeles: The Bhaktivedanta Book Trust, http://vedabase.net/bg .
  2. 2.0 2.1 Nikhilananda, Swami, "Introduction", The Bhagavad Gita, p. 1 
  3. "Bhagavan". Bhaktivedanta VedaBase Network (ISKCON). http://www.vedabase.net/b/bhagavan. Retrieved 2008-01-14. 
  4. Introduction to the Bhagavad Gita
  5. প্ৰশান্ত কুমাৰ বৰদলৈ (২০০৬). "সহজ অসমীয়াত গীতাৰ শেষপৃষ্ঠা". পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী. 



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত