তামোল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামোল
Fruiting specimen
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Areca
প্ৰজাতি: A. catechu
বৈজ্ঞানিক নাম
Areca catechu

তামোল (ইংৰাজী: Areca catechu) গোত্ৰ - Arecaceae ৷ তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়৷ তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে৷ তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়৷ গুৱা মানে তামোল৷ অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে৷ অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে৷ [1]

উৎপত্তিস্থল[সম্পাদনা কৰক]

19th century drawing of Areca catechu

ভাৰতবৰ্ষ,মালয়েচিয়া,শ্ৰীলংকা,ম্যানমাৰ,মাদাগাস্কাৰ,ফিলিপাইনছ আদি দেশত তামোল গছ পোৱা যায়৷ ভাৰতবৰ্ষত তামোল প্ৰধানকৈ অসম আৰু পশ্চিমবংগত যথেষ্ট পৰিমাণত উৎপাদন হয়৷ [1]

বিৱৰণ[সম্পাদনা কৰক]

সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত পানী জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷ তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়৷ গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে৷ প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়৷ পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়৷ [1]

প্ৰজনন প্ৰক্ৰিয়া[সম্পাদনা কৰক]

তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত৷ গোটেই পুষ্পবিন্যাসটো পাৰম্ভণিটে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী ফুলৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে৷ তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়৷ এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে৷ প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়৷ তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়৷ দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হব৷ কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জল কমলা বৰণ লয়৷ তামোল এবিধ Nut জাতীয় ফল৷ ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়৷ তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে৷ [1]

উপাদান[সম্পাদনা কৰক]

পকা তামোলত থকা উপাদানসমূহ -

জলীয় বাষ্প ৩১.৩%
প্ৰটিন ৪.৯%
ফেট ৪.৪%
কাৰ্বোহাইড্ৰেট ৪৭.২%
অজৈৱ ১%
কেলছিয়াম ০.৫৫%
ফছফৰাছ ০.১৩%
আইৰন ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)

তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷[1]

ব্যৱহাৰ[সম্পাদনা কৰক]

অসমত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ মাটিত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ মাটিৰ কলহ বা তেনে ধৰণৰ পাত্ৰত পানীত দুমাহমান গোৰাই থয়৷ পশ্চিমবংগত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা পাণ,মিঠা পাণ আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা পানী আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা বিচনী সাজি গৰমৰ দিনত বতাহ লয়৷[1]

চিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "(ফল-মূলৰ বতৰা) তামোল". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ২৮-২৯. ডিছেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]