দীঘলীপুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দীঘলীপুখুৰী (ইংৰাজী: Dighalipukhuri)অসমব্ৰহ্মপুত্ৰ নদীৰ পাৰত গুৱাহাটীত অৱস্থিত এটা আয়তাকাৰ (rectangular) কৃত্ৰিম পুখুৰী৷ এই পুখুৰীৰ প্ৰায় আধা মাইল দৈৰ্ঘ্যৰ বাবেই ইয়াৰ নাম দীঘলীপুখুৰী হয় বুলি জনা যায়৷ গুৱাহাটীত অৱস্থিত ঐতিহাসিক পুখুৰীসমূহৰ ভিতৰত ই অন্যতম৷ [1]

Dighalipukhuri

ইতিহাস[সম্পাদনা কৰক]

দীঘলীপুখুৰীৰ এক নৈসৰ্গিক দৃশ্য

লোকপ্ৰবাদ অনুসৰি, দীঘলীপুখুৰী প্ৰকৃততে প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তব্ৰহ্মপুত্ৰৰ পৰা এটা সুঁতি খান্দি সৃষ্টি কৰিছিল৷ পৰৱৰ্ত্তী কালত আহোম ৰজাসকলে এই পুখুৰীটোৰ প্ৰতিপালনত গুৰুত্ব দিয়া বুলি জনা যায়৷ তথ্য অনুসৰি দীঘলীপুখুৰী ব্ৰহ্মপুত্ৰৰ মূল নদীৰ সৈতে এটা সুঁতিৰে সংযুক্ত হৈ আছিল৷ আহোম সকলে এই পুখুৰীত নাওৰ চলাচল আৰু পূজা-পাতলৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা বুলি জানিব পৰা যায়৷

সময়ৰ লগে লগে এই পুখুৰীৰ ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ বিছিন্ন হৈ পৰে৷ বৃটিছৰ শাসনকালত এই পুখুৰীৰ উত্তৰভাগৰ কিছু অংশ পুতি পেলোৱা হয়৷ বৰ্তমান এই অংশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণ কৰা হয়৷[2]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

দীঘলীপুখুৰীৰ চাৰিওকাষে বিভিন্ন শিক্ষানুষ্ঠান যেনে, কটন কলেজ, সন্দিকৈ বালিকা মহাবিদ্যালয় আদি অৱস্থিত৷ তাৰোপৰি ইয়াৰ চাৰিওকাষে থকা অন্যান্য কেইটামান উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন, ৰাজ্যিক গ্ৰন্থাগাৰ, গুৱাহাটী ৰাজ্যিক সংগ্ৰহালয়[3]

তথ্যসুত্ৰ[সম্পাদনা কৰক]