ৱেবছাইট

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে চাকৰিবিজ্ঞাপনৰ সন্ধান কৰিবলৈ sakori.org নামৰ এটা ৱেবছাইট

ৱেবছাইট (ইংৰাজী: website)[1] যিকোনো ৱেব চাৰ্ভাৰত ৰখা ৱেব পেজ, ছবি, সংগীত, চলচ্চিত্ৰ আৰু অনান্য ডিজিটেল তথ্যৰ সমষ্টিকেই বুজাই, যি ইণ্টাৰনেটৰ মাধ্যমৰ যোগেদি আহৰণ কৰা হয়। ৱেবছাইট এটা ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ সহায়ত যিকোনো কম্পিউটাৰ নেটৱৰ্ক যেনে ইন্টাৰনেট নাইবা ব্যক্তিগত লোকেল এৰিয়া নেটৱ'ৰ্ক (LAN)-অত উপলব্ধ। ইয়াক কোনো ৱেব চাৰ্ভাৰৰ পৰা হ'ষ্ট কৰা হয় । সাৰ্বজনিন ভাৱে উপলব্ধ সমগ্ৰ ৱেবছাইটবোৰক সমষ্টিগতভাৱে "ৱৰ্ল্ড ৱাইড ৱেব" বা "বিশ্বব্যাপি জাল" নাম দিয়া হৈছে।

ৱেবপেজ মূলত এক HTML Document যি HTTP Protocol ৰ মাধ্যমেৰে ৱেব চাৰ্ভাৰৰ পৰা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হয়। এখন ৱেবপেজত আন আন ৱেবছাইটৰ বিভিন্ন তথ্য মাৰ্কাপ এংকৰৰ (markup anchors) সহায়ত সন্নিৱিস্ত কৰা হয় ।

ৱেবছাইট এটাৰ পৃষ্ঠা এটা সাধাৰণতে ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ (URL) নামৰ ঠিকনা (Web Address) এটাৰ পৰা খোলা হয় যাক হোম পেজ (homepage) বুলি কোৱা হয় । URL সমূহে ৱেবপেজ বিলাকক এক সজ্জা প্ৰদান কৰে আৰু হাইপৰলিংকৰ সহায়ত পঢ়ুৱৈ এজনে ৱেবছাইটটোৰ গঠন অনুসাৰে ৱেবপেজ বিলাক পঢ়িব পাৰে । কিছুমান ৱেবছাইট খুলিবলৈ আৰু তাৰ ভিতৰৰ বস্তু বিলাক চাবলৈ গ্ৰাহকভুক্তিৰ বাবে আবেদন কৰিবলগীয়া হয় । তাৰ ভিতৰত যেনে কিছুমান ব্যৱসায়িক ৱেবছাইট, খবৰ বাতৰিৰ ৱেবছাইট, শিক্ষামূলক ৱেবছাইট, ভিডিঅ’ গেমৰ ৱেবছাইট, ফাইল ছেয়াৰ কৰিব পৰা ৱেবছাইট, বাৰ্তাবাহক ৱেবছাইট, ই-মেইল যুক্ত ৱেবছাইট, চ’চিয়েল নেটৱ’ৰ্কিং ৱেবছাইট, ষ্ট’ক মাৰ্কেটৰ খবৰ জনোৱা ৱেবছাইট, আৰু বিভীন্ন সেৱা আগবঢ়োৱা ৱেবছাইট সমূহ পোৱা যায় ।

[সম্পাদনা কৰক] ইতিহাস

চাৰ্ন (CERN) অৰ পদাৰ্থ বিজ্ঞানি টিম বাৰ্নাৰ্ছ লী[2]য়ে ১৯৯০ চনত ৱৰ্ল্ড ৱাইড ৱেব গঠন কৰিছিল । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত চাৰ্নে ৱৰ্ল্ড ৱাইড ৱেব বিনামুল্য বুলি ঘোষনা কৰিছিল । [3]

[সম্পাদনা কৰক] সামগ্ৰিক নিৰীক্ষন

প্ৰকাৰ অনুসৰি ৱেবছাইট সমুহক এনেদৰে ভাগ কৰিব পাৰি

  • ব্যক্তিগত ৱেবছাইট
  • বাণিজ্যিক ৱেবছাইট
  • চৰকাৰি ৱেবছাইট
  • লাভনিৰপেক্ষ সংস্থা সমূহৰ ৱেবছাইট (nonprofit organization)

ই কোনোবাৰ ব্যক্তিগত বা ব্যবসায়িক বা কোনো সংস্থাৰ বাবে হ’ব পাৰে আৰু বিশিষ্টভাৱে কোনো উদ্দেশ্যত নাইবা কোনো বিষয়ত সমৰ্পিত হয় । যিকোনো ৱেবছাইট এটা আন এটা ৱেবছাইটৰ লগত হাইপৰলিংকেৰে জড়িত হৈ থাকিব পাৰে ।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত