ইণ্টাৰনেট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্বৰ দেশে দেশে ইন্টাৰনেট ব্যবহাৰকাৰীৰ সংখ্যা প্ৰদৰ্শনকাৰী মানচিত্ৰ, ২০০৭ চনৰ হিচাব অনুসৰি

ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্ক-অৰ এটা অত্যাধুনিক ব্যৱস্থা ৷ ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, ব্যৱসায় সংক্ৰান্তীয় ডে'টাসমূহ চেটেলাইট, অপ্টিকেল ফাইবাৰ, ৱায়াৰলেচ বা কেব'লৰ মাধ্যমেৰে আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে ৷ ইণ্টাৰনেটে ইলেক্ট্ৰ'নিক মেইল, অনলাইন চ্যাট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-অৰ মাধ্যমেৰে যোগান ধৰে ৷ ইণ্টাৰনেট হৈছে গ্ল'বেল যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয় ৷ ইণ্টাৰনেটে হাইপাৰলিংক বা URL-অৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডে'টা কঢ়িয়াই আনে ৷