কম্পিউটাৰ নেটৱৰ্ক
কম্পিউটাৰ নেটৱৰ্ক (ইংৰাজী: Computer network) হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ মাধ্যমৰ দ্বাৰা ইটো সিটোৰ লগত সংযুক্ত হৈ থাকে। এনে কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে সম্পদ (ৰিচ’ৰ্চ) আৰু তথ্য আদান-প্ৰদান কৰিব পাৰে।[1]
কম্পিউটাৰ নেটৱৰ্কৰ সংজ্ঞা এনেধৰনেও দিব পাৰি: যেতিয়া কোনো এক কম্পিউটাৰৰ কমেও এটা প্ৰচেচে আতৰত থকা অন্য এক কম্পিউটাৰৰ এটি প্ৰচেচলৈ তথ্য প্ৰেৰণ কৰিব বা প্ৰচেচৰ পৰা তথ্য গ্ৰহণ কৰিব পাৰে, তেন্তে তেনে কম্পিউটাৰ দুটাক নেটৱৰ্কত থকা বুলিব পাৰি। ইয়াত কম্পিউটাৰে যিকোনো পৰিকলন যন্ত্ৰকে বুজাইছে।
কম্পিউটাৰ নেটৱৰ্কসমূহক বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগাব পাৰি। এনে কেইটামান বৈশিষ্ট্য হৈছে: তথ্য আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰা যোগাযোগ মাধ্যম, যোগাযোগ প্ৰট’কল, আবৰি থকা অঞ্চলৰ পৰিধি, টপ’লজি আদি।
যোগাযোগ প্ৰট’কলসমূহ হৈছে আদান-প্ৰদানৰ বাবে ব্যৱহাৰ কৰা নীতি-নিয়মসমূহ। কিছুমান সু-পৰিচিত প্ৰট’কল হৈছে ইথাৰনেট, ট্ৰানচমিছন কন্ট্ৰ’ল প্ৰট’কল/ ইণ্টাৰনেট প্ৰট’কল (টি চি পি/ আই পি) আদি।
কম্পিউটাৰ নেটৱৰ্কক সচৰাচৰ কম্পিউটাৰ বিজ্ঞান, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, তথ্য প্ৰযুক্তি, ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু টেলিকমিউনিকেচনৰ উপ-বিভাগ ৰূপে গণ্য কৰা হয়।
[সম্পাদনা কৰক] তথসূত্ৰ
- ↑ Computer network definition, http://www.atis.org/glossary/definition.aspx?id=6555, retrieved 2012-01-06