কম্পিউটাৰ বিজ্ঞান
কম্পিউটাৰ বিজ্ঞান হ'ল তথ্য আৰু ইয়াৰ পৰিস্কৰন/সংকলন (processing) সম্বন্ধিত তাত্বিক (theoretical) বিষয়মুহৰ প্ৰণালীবদ্ধ অধায়ন (study) ।
থোৰতে কবলৈ গলে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰনে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায় । এনে কিছুমান সমাৰ্থক হিচাবে ব্যবহাৰ কৰা নাম হল কম্পিউতাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা (computer science & engineering/technology), তথ্য প্ৰযুক্তি (information technology), তথ্য পৰিস্কৰন/সংকলন (data processing) ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰিস্কৰন/সংকলন সম্বন্ধিত তাত্বিক বিষয়মুহৰ অধায়ন"-কহে কম্পিউতাৰ বিজ্ঞান বুলিম । উল্লিখিত বাকীবোৰ বিষয় যোগ্যজনে উপযুক্ত স্থানত অৱতাৰনা কৰিব।
ইতিহাস [সম্পাদনা কৰক]
অধুনা বহুব্যৱহৃত আৰু বহুচৰ্চিত কম্পিউটাৰ বিজ্ঞান বাকাংশৰ উদ্ভাৱনৰো বহু আগৰে পৰাই, মানৱ-সমাজে গণিতৰ বিভিন্ন ৰূপত ইয়াৰ ব্যৱহাৰ কৰি আহিছে। গতিকে এই দিশৰ পৰা চাবলৈ গ'লে (প্ৰাক) বৈদিক যুগৰ ভাৰতবৰ্ষতে ইয়াৰ প্ৰাথমিক উত্কৰ্ষ সাধন আৰু পৰৱৰ্ত্তী যুগত যথাক্ৰমে মধ্যপ্ৰাচ্য আৰু ইউৰোপত, এই কম্পিউটাৰ বিজ্ঞান বা সংগণন বিদ্যা বিষয়টো বহু বিৱৰ্ত্তনৰ মাজেদি পাৰ হৈ আহিছে বুলি কব পৰা যায়। সংশ্লীষ্ট অভিযন্ত্ৰণৰ প্ৰয়াস আৰু সফল ব্যৱহাৰো যথেষ্ট পুৰণি।
কম্পিউটাৰৰ বিভিন্ন পুৰুষ [সম্পাদনা কৰক]
কম্পিউটাৰত সংযোজিত বিভিন্ন প্ৰচেছৰ (Processor)অনুযায়ী কম্পিউটাৰক বিভিন্ন পুৰুষত ভাগ কৰা হৈছে৷
প্ৰথম পুৰুষ (১৯৪০-৫৬) ভেকুৱাম টিউব(Vacuum Tubes) [সম্পাদনা কৰক]
প্ৰথম পুৰুষত ভেকুৱাম টিউব(Vacuum Tubes) সংযোজিত হৈছিল৷ কম্পিউটাৰ সমূহৰ আকাৰ বিৰাট ডাঙৰ আছিল আৰু সেইবোৰ ৰাখিবৰ বাবে এক বিৰাট ঠাইৰ প্ৰয়োজন হৈছিল৷ কৰ্মদক্ষতা যথেষ্ট কম আছিল৷ মেচিন লেংগুৱেজ(Machine Language) ব্যৱহাৰ হোৱা বাবে প্ৰ’গ্ৰামিং(Programming) কৰিবলৈ কঠিন হৈছিল৷ উদাহৰণ- ENIAC,EDVAC,UNIVAC
দ্বিতীয় পুৰুষ (১৯৫৬-৬৩)ট্ৰেনজিছটৰ(Transistors) [সম্পাদনা কৰক]
দ্বিতীয় পুৰুষৰ কম্পিউটাৰত ট্ৰেনজিছটৰ(Transistors) সংযোজিত হৈছিল৷ প্ৰথম পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ আকাৰ সৰু আছিল৷ হাৰ্ডৱেৰৰ(Hardware)ক্ষমতা বেছি আছিল৷ কম্পিউটাৰ সমূহত এছেম্বলী লেংগুৱেজ(Assembly Language)ব্যৱহাৰ হৈছিল৷ উদাহৰণ- PDP-8,IBM 1401, IBM 7090
তৃতীয় পুৰুষ (১৯৬৪-৭০)ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) [সম্পাদনা কৰক]
তৃতীয় পুৰুষৰ কম্পিউটাৰত ইনটিগ্ৰেটেড চাৰ্কিট(Integrated Circuits) সংযোজিত হৈছিল৷ দ্বিতীয় পুৰুষৰ কম্পিউটাৰতকৈ ইয়াৰ ক্ষমতা যথেষ্ট আছিল৷ আগৰ পুৰুষৰ তুলনাত তৃতীয় পুৰুষৰ কম্পিউটাৰক যথেষ্ট কম ঠাই লাগিছিল৷ উচ্চ পৰ্য্যায়ৰ লেংগুৱেজ ব্যৱহাৰ হৈছিল৷ উদাহৰণ- NCR 395, B6500
চতুৰ্থ পুৰুষ (১৯৭০- এতিয়ালৈকে) মাইক্ৰ’প্ৰচেছৰ(Microprocessors) [সম্পাদনা কৰক]
চতুৰ্থ পুৰুষৰ কম্পিউটাৰত মাইক্ৰ’প্ৰচেছৰ(Microprocessors) ব্যৱহাৰ হয়৷ ই আকাৰত যথেষ্ট সৰু আছিল আৰু কম খৰচী৷ হাৰ্ডৱেৰৰ(Hardware) যথেষ্ট দক্ষতা আছে৷ গ্ৰাফিক্স(Graphics)ৰ ব্যৱহাৰ তথা তথ্য আদান প্ৰদান অতি সহজে হৈছে৷ উদাহৰণ- Apple II, Altair 8800, CRAY-1
পঞ্চম পুৰুষ (বৰ্তমান আৰু ভৱিষ্যতলৈ)কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) [সম্পাদনা কৰক]
এই ধৰণৰ কম্পিউটাৰ বৰ্তমানেও নিৰ্মীয়মান অৱস্থাতেই আছে৷ আশা কৰা হৈছে যে পঞ্চম পুৰুষৰ কম্পিউটাৰে সিদ্ধান্ত সমূহ নিজে নিজে ল’ব পাৰিব৷ ই যথেষ্ট দ্ৰুতগতি সম্পন্ন হ’ব৷ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ বহুকেইটা কাম একেলগে কৰিব পাৰিব৷ এক যুগান্তকাৰী উদাহৰণ হ’ব এই পঞ্চম পুৰুষৰ কম্পিউটাৰ৷
কম্পিউটাৰৰ ঐতিহাসিক প্ৰয়োগ আৰু ঊৎকৰ্ষ [সম্পাদনা কৰক]
দক্ষিণ/মধ্য এচিয়াত বহু পুৰণিকালৰ পৰাই (আনকি এতিয়াও) "এবেকাচ" ব্যৱহাৰ কৰা হয়।
পৰৱৰ্ত্তীকালতো, বিভিন্ন কাৰ্যত প্ৰয়োজন হোৱা ক্ৰমশঃ জটিলতৰ প্ৰয়োগৰ (যেনে কামানৰ গোলাৰ পথনিৰ্দ্দেশন) লগে লগে গণনাৰ বেগ আৰু শুদ্ধতা বৃদ্ধিৰ বাবে নিত্য নতুন উপায় তথা ব্যাৱহাৰিক প্ৰয়োগ উদ্ভাৱনৰ প্ৰয়াসৰ প্ৰাসংগিতাও ক্ৰমশ: বৃদ্ধি পালে। উইলহেল্ম শ্চিকাৰ্ড-এ বিশ্বৰ প্ৰথম যান্ত্ৰিক কম্পিউটাৰ নিৰ্মাণ কৰিলে।
ভিক্টোৰিয়ান যুগৰ বিশিষ্ট কম্পিউটাৰ বিজ্ঞনীকসকলৰ ভিতৰত চাৰ্লচ বেবেজ-ৰ নাম বিশেষভাৱে উল্লেখনীয় । "ডিফাৰেনছিয়েল ইঞ্জিন" নামৰ যান্ত্ৰিক কম্পিউটাৰৰ আৱিষ্কাৰক বেবেজক আধুনিক সংগননবিদ্যাৰ জনক আখ্যা দিয়া হয়।
আধুনিক কম্পিউটাৰ বিজ্ঞানৰ জন্ম [সম্পাদনা কৰক]
মন কৰিবলগীয়া যে ওপৰোক্ত আবিস্কাৰবোৰক আজিৰ যুগত কম্পিউটাৰ বুলিলে আমি যি বুজোঁ সেয়া বুলিব পৰা নাযায়। সেইদৰে কম্পিটাৰ বিঞ্জানৰ সম্বন্ধিত অধ্যয়নো সেইকালত সীমিত আছিল। দৰাচলতে ১৯২০ মানৰপৰাহে বৰ্তমান যুগৰ অৰ্থত কম্পিউটাৰ শব্দৰ বহুল প্ৰয়োগ আৰম্ভ হয়। ১৯২০ চনত এলান টিউৰিঙ আৰু এলঞ্জ' চাৰ্চৰ গৱেষণালব্ধ "চাৰ্চ-টিউৰিং থেচিচ" বুলি জনাজাত এক প্ৰতিপাদৰ জৰিয়তে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ চৰ্চাৰ ভেটি স্থাপন হয় । ইয়াৰ সহায়ত কম্পিউটাৰৰ এক সৰল গাণিতিক আৰ্হি তৈয়াৰ কৰিব পৰা যায় । অতি সৰলীকৃত কৰি কবলৈ গলে এই ন্যুনতম গাণিতিক কম্পিউটাৰক ব্যৱহাৰ কৰি কম্পিউটাৰ বিজ্ঞানৰ বিভিন্ন জটিল তত্বসমুহ অধ্যয়ন কৰিব পৰা যায়।
সমসাময়িক অন্যান্য বৈজ্ঞানিক ষ্টীফেন ক্লীন, জে বি ৰজাৰ, কাৰ্ল গডেল ইত্যাদিৰ গৱেষণাও এই সম্পৰ্কত উল্লেখনীয়।
বৰ্তমান স্থিতি [সম্পাদনা কৰক]
১৯৬০ ৰ পৰা বিষয় হিচাবে কম্পিউটাৰ বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হয়[1]। IBM আদি কম্পেনিয়ে উদ্ভাৱন কৰা বিভিন্ন কম্পিউটাৰ যন্ত্ৰই লাহে লাহে বিষয়টোক জনপ্ৰীয় কৰাত সহায় কৰিলেও বিজ্ঞান হিচাবে কম্পিউটাৰ বিষয়টোৰ মান্যতাৰ বিষয়ে অনেক দিনলৈ বিতৰ্ক চলি থাকিলে। লাহে লাহে কম্পিউটাৰে জনজীৱনত বিস্তৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত কম্পিউটাৰ আৰু সংশ্লিষ্ট বিষয়ৰ যেনে কম্পিউটাৰ গ্ৰাফিক্স, ইনফৰ্মেশ্যন চিকিউৰিটী আদি বিষয়ৰ বৈজ্ঞানিক অধ্যয়নৰ প্ৰাসংগিকতা আৰু জনপ্ৰিয়তা বৃদ্ধি পালে।
আধুনিক কম্পিউটাৰ বিজ্ঞান [সম্পাদনা কৰক]
বৰ্তমান যুগত কম্পিউটাৰ বিজ্ঞান বুলিলে কেইবাটাও বিষয় সামৰি লোৱা হয়।
- কম্পিউটেবিলিটি থিয়ৰী বা সংগণনশীলতা তত্ব: ইয়াক কম্পিউটাৰ বিজ্ঞানৰ গাণিতীক ভেটি বুলিব পৰা যায়। "চাৰ্চ-টিউৰিং থেচিচ"-অৰ মূল ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়।
- কম্পিউটেশ্যনেল কম্লেক্সিটি থিয়ৰী বা সংগণন বিশ্লেষণ তত্ব: এই শীতানৰ অধীনত কম্পিউটাৰৰ সহায়ত সমস্যা সমাধানৰ বিভিন্ন পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। ইয়াক কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ মূল ভেটিও বুলিব পৰা যায়।
- অন্যান্য উৎপাদিত বিষয়সমূহ: এই শিতানত কম্পিউটাৰ বিজ্ঞানৰ প্ৰত্যক্ষ উপযোগীতাৰ ফলস্বৰূপে উৎপাদিত বিষয়সমূহক ধৰিব পৰা যায়, যথা-
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- ↑ Denning, P.J., Computer Science: The Discipline, Encyclopedia of Computer Science, 2000. http://web.archive.org/web/20060525195404/http://www.idi.ntnu.no/emner/dif8916/denning.pdf
