শৰাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰাই
পৰ্যটকক আদৰণি জনাবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত থকা শৰাই ৰ ভাষ্কৰ্য

শৰাই (ইংৰাজী: Xorai) অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ।[1] দেৱতাক নৈবেদ্য দিয়া বা কোনো মহৎ গ্ৰন্থ ৰখা আৰু ডাঙৰ মানুহক মান ধৰা এবিধ থিয় কাণেৰে খুৰা লগোৱা অসমীয়া পৰম্পৰাগত পাত্ৰ।[2] ই একেধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহেৰে শৰাই নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি ৰূপ আৰু তামেৰেও শৰাই নিৰ্মাণ কৰা দেখা যায়।

মধ্যযুগত সিংহাসনৰ সন্মুখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত সামাজিক কৰ্মাদি যেনে সকাম, উৎসৱ আদিত প্ৰসাদ সজাবৰ বাবে শৰাই ব্যৱহাৰ কৰা হয়।

নিৰ্মাণ[সম্পাদনা কৰক]

পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মাণ কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়।[2]

ব্যৱহাৰ[সম্পাদনা কৰক]

অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। মধ্যযুগত সিংহাসনৰ সন্মূখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়।

আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পূণ্যৰ কাম হিচাপে গণ্য কৰা হ’য়।


লগতে চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Assam General Knowledge. Bright Publications. পৃষ্ঠা. 20–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA20। আহৰণ কৰা হৈছে: 21 November 2012. 
  2. 2.0 2.1 "about xorai". xobdo.org. http://www.xobdo.org/asm/%E0%A6%B6%E0%A7%B0%E0%A6%BE%E0%A6%87। আহৰণ কৰা হৈছে: January 20, 2013.