মাঘ বিহু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাঘ বিহু
ঠাই অসম, ভাৰত
মাঘ বিহুত জলোৱা মেজি

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়।[1] এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়।[2] এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।[2] মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

সূচী

উৰুকা [সম্পাদনা কৰক]

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে।[3] উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে।

বিহু [সম্পাদনা কৰক]

ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে।[1][3] মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি।

মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন খেল ধেমালি [সম্পাদনা কৰক]

বুলবুলি চৰাইৰ যুঁজ [সম্পাদনা কৰক]

এহাল যুঁজাৰু বুলবুলি চৰাইৰ

অসমহাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ দেৱালয়বুলবুলি চৰাইৰ যুঁজে এক সুকীয়া ঐতিহ্য বহন কৰি আহিছে। দুটা বুলবুলি চৰাইৰ মাজত অনুষ্ঠিত এই যুঁজত আটাইতকৈ শক্তিশালী বুলবুলি চৰাইটোৱেই জয়লাভ কৰে। এই বুলবুলি চৰাইৰ যুঁজৰ আৰম্ভণি কেতিয়া সেয়া পৰিষ্কাৰ নহয়। কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুলি চৰাইৰ মাজত এখন যুঁজ দেখি মুগ্ধ হৈ পৰে আৰু তেতিয়াৰে পৰাই তাত বছৰি মাঘ বিহুত এই যুঁজ অনুষ্ঠিত হৈ আহিছে।

ইয়াৰ বাবে বিশেষ ফান্দৰ সহায়ত বুলবুলি চৰাই ধৰা হয় আৰু এমাহ মান যুঁজৰ প্ৰশিক্ষণ দিয়া হয়। উৰুকাৰ দিনা নিচাজাতীয় ভোগ খুৱাই বুলবুলি বোৰ উত্তেজিত কৰি ৰখা হয় আৰু পাছদিনা অৰ্থাৎ বিহুৰ দিনা যুঁজৰ বাবে সজা বিশেষ মঞ্চত বুলবুলি চৰাইবোৰ এৰি দিয়া হয়।

এখন যুঁজত দুটা বুলবুলিয়ে অংশ লয় আৰু যিটো চৰাই বিজয়ী হয়, তাক পাছৰ যুঁজলৈ বাচনি কৰা হয়। যুঁজত হৰা বুলবুলি চৰাইবোৰক আঁতৰাই দিয়া হয়। সাধাৰণতে এডোখৰ ভীমকলৰ লোভ দেখুৱাই দুটা বুলবুলিৰ মাজত যুঁজ লগোৱা হয়। যুঁজত দেখুওৱা পাৰদৰ্শিতাৰ ভিতৰত তিনিটা বুলবুলি চৰাইক প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ প্ৰদান কৰা হয়, চৰাইৰ মালিকে এই বঁটা লাভ কৰে। যুঁজ শেষ হোৱাৰ পাছত চৰাইবোৰ মুকলি কৰি দিয়া হয়।

বৰ্তমান বুলবুলি চৰাইৰ যুঁজ অসমৰ হাজো অঞ্চলত প্ৰচলিত হোৱা দেখা যায়। অৱশ্যে মাজে মাজে জীৱ-জন্তু প্ৰেমী সংগঠন সমূহে এই যুঁজৰ ব্যাপক সমালোচনা কৰাও দেখা যায়।[4]

ম'হ যুঁজ [সম্পাদনা কৰক]

ম'হ যুঁজ


মাঘ বিহু উপলক্ষে অসমত অনুষ্ঠিত বিভিন্ন মেলাসমূহ [সম্পাদনা কৰক]

জোনবিল মেলা [সম্পাদনা কৰক]

জোনবিল মেলাৰ প্ৰধান প্ৰৱেশদ্বাৰ

অসমৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা৷ মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল৷ এই বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা৷ মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত হয়৷[5]

এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷ ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে৷ সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা৷[5][6]

জোনবিল মেলাৰ আৰম্ভণিত মাছ মৰাৰ দৃশ্য

জোনবিল মেলা মাঘ বিহুৰ পিছৰ সপ্তাহত আৰম্ভ হয়৷ সপ্তাহটোৰ মঙ্গল-বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান মেলা হয়৷ মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট ব্যক্তিবোৰে মাছ মাৰে, ইয়াক 'ৰজা মাছ' মৰা বুলি কয়৷ সেই মাছেৰে জোনবিলৰ পাৰত ৰজাৰ সহিতে সকলোৱে মিলিজুলি ভোজভাত খায়৷ ইয়াৰ পিছদিনা সকলো ৰাইজলৈ এই বিলখন মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে৷[5]

তথ্য সংগ্ৰহ [সম্পাদনা কৰক]

  1. 1.0 1.1 "Magh Bihu or Bhogali Bihu:". Assam Electronics Development Corporation Ltd. Govt Of Assam. http://online.assam.gov.in/web/guest/introductionofassam। আহৰণ কৰা হৈছে: January 13, 2013. 
  2. 2.0 2.1 "The Bihu Festival of Assam". http://assamtoday.tripod.com/bihu1.htm। আহৰণ কৰা হৈছে: January 13, 2013. 
  3. 3.0 3.1 "ভোগালী বিহু". Pan India Internet Private Limited. http://www.festivalsofindia.in/BhogaliBihu/। আহৰণ কৰা হৈছে: January 13, 2013. 
  4. [1] ব্ল'গ: মই আৰু মোৰ পৃথিৱী, হিমজ্যোতি তালুকদাৰ
  5. 5.0 5.1 5.2 [2] "মৰিগাঁও জিলাৰ তিৱাসকলৰ জোনবিল মেলা", ধীৰাজ পাটৰ; গণ অধিকাৰ, ১৮ জানুৱাৰী ২০১২; আহৰণ: ১৮ জানুৱাৰী ২০১২
  6. [3] Jonbeel Mela, Vedanti.com, 2 Feb 2011; আহৰণ: ১৮ জানুৱাৰী ২০১২