বিহু

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
বিহু
বিহু
ঢুলিয়াৰ সৈতে বিহু নৃত্য শিল্পী
সম্পুৰ্ণ নাম অসমীয়া: বিহু
পালন কৰে অসমীয়া
প্রকাৰ কৃষিভিত্তিক উৎসৱ
ভাৰতীয় উৎসৱ

বিহু অসমঅসমীয়া আৰু অসমৰ অন্যান্য কোনো কোনো জাতি-উপজাতি যেনে কাৰ্বি, বড়ো, ৰাভা, মিচিং, দেউৰী আদিয়ে পালন কৰা এলানি লোক উৎসৱ। অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়।

সূচী

[সম্পাদনা কৰক] বিহু শব্দৰ উৎপত্তি

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।

সকলো জাতিৰ মানুহৰে কিছুমান স্বকীয় উৎসৱ আছে ৷ অসমীয়াসকলৰো তেনে উৎসৱৰ ভিতৰত বিহু উৎসৱ প্ৰধান৷ সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে৷ বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ এই দিনটেই 'গৰু-ম'হ' আদিৰ সংগ্ৰহৰ অৰ্থে আৰু পোহনীয়া জন্তুৰ মংগল কামনা কৰি সূৰ্য্য দেৱতাক স্তুতি কৰা হৈছিল৷ অসমীয়া ভাষাত প্ৰচলিত বিহু (বিহু 'সং বিষু) পদটিৰ প্ৰকাৰ্য্যৰ লগত বৈদিকৰ 'বিষুবন' পদৰ মিল লক্ষ্য কৰা যায়৷ যিহেতু বিহু উৎসৱতো বিভিন্ন ধৰ্মীয়কৃত্য উদযাপিত হোৱাৰ উপিৰও গৰু-ম'হ আদি পোহনীয়া জন্তুৰ মংগল আৰু কল্যাণ কামনা কৰি অগ্নি আদি দেৱতাক প্ৰাৰ্থনা কৰা হয়৷ অসমীয়া বিহু মূলত তিনিটা, ৰঙালী বিহু বা ব'হাগ বিহু, কঙালী বিহু বা কাতি বিহু, আৰু ভোগালী বিহু বা মাঘ বিহু

[সম্পাদনা কৰক] ৰঙালী বিহু বা ব'হাগ বিহু

[সম্পাদনা কৰক] উৰুকা

চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈ সাতদিন থাকে৷ ৰঙালী বিহু ব'হাগ বিহু ৰূপেও পৰিচিত৷ বিহুৰ আগদিনাখনক উৰুকা বোলে৷ প্ৰথম বিহুটিৰ নাম গৰু বিহু৷ এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়৷ গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত৷
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু৷
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা ।

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে৷ এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়৷ দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়৷ গধুলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়৷

[সম্পাদনা কৰক] দ্বিতীয় দিনা

দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু৷ সিদিনাও নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়৷ সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়৷ এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়৷ ইও এক ধৰণৰ পৰম্পৰা৷ বহাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়৷ ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে৷ লগতে মানুহৰ ঘৰে ঘৰে গৈ বিহু-হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে৷ আনহাতে কোনো কোনো ঠাইত শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদিৰো ব্যৱস্থা আছে৷

[সম্পাদনা কৰক] ব’হাগ বিহুৰ লোকবিশ্বাস

বিহু অসমৰ ঋতুকালীন কৃষি উৎসৱ ৷ ব’হাগ বিহু বা ৰঙালী বিহু সম্পৰ্কীয় ভালেমান লোকবিশ্বাস পোৱা যায় ৷ চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰপৰাই সাদিনীয়া বহাগ বিহু আৰম্ভ হয় ৷ গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ-হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে ৷ গধূলি পদূলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তুঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয় ৷ এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে ৷ ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয় ৷ গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয় ৷ অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয় ৷ বিহুৰ প্ৰথম দিনা কিছুমানলোকে স্নানাদি কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰাৰ উপৰি ব্ৰাহ্মণ-জ্যোতিষাদিৰ কথানুষাৰে অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনী, নিমখ, মৌ, গাখীৰ আদি খায় ৷ ‘বিহুত বিহোঁ অমৃত হয়’ বুলি এষাৰ কথা আছে ৷ সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায় ৷ এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে ৷ অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে ৷ কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে ৷ এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ ৷ ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে ৷ ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’ ৷ অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা ৷ সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয় ৷ জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয় ৷ পহিলা বহাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে ৷ ‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ চ’ত মাহ সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ ‘চেনেহৰ বিহুৱান’খনি বৈ-কাটিবলৈ গাত ত’ত নাইকিয়া হয় ৷ কিয়নো বিহুৰ পিছত ব’বলৈ থোৱা কোনো কাপোৰ বা বিহুৱান কোনো পুৰুষক দিয়া নহয় ৷ বিশ্বাস ‘বিহুচেৰা’ বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে ৷ অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয় ৷ যদি বহাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ’ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয় ৷ বহাগ বিহু ৰং-ধেমালিৰ উৎসৱ ৷ বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই বহাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায় ৷ তাৰ ভিতৰত কড়িখেল উল্লেখযোগ্য ৷ কড়ি প্ৰজননৰ প্ৰতীক ৷ কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে ৷ বহাগ বিহুৰ সময়ত হুচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে ৷ সেয়েহে অনাখৰী কবিয়ে গায়- ‘‘গৰু বিহু দিনাখন- ল’বা আশীৰ্বাদ/তেহে পাবা বৈকুণ্ঠত থান"

[সম্পাদনা কৰক] কঙালী বিহু বা কাতি বিহু

আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়৷

[সম্পাদনা কৰক] ভোগালী বিহু বা মাঘ বিহু

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু৷ এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়৷ এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা।

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে৷ উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে৷ ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে৷ মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়৷ এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি৷

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে৷ বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে৷ বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়৷ বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে৷

[সম্পাদনা কৰক] লগতে চাওক

[সম্পাদনা কৰক] বাহিৰৰ তথ্য-সম্ভাৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত