বিহু
|
|
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
| বিহু | |
|---|---|
ঢুলিয়াৰ সৈতে বিহু নৃত্য শিল্পী |
|
| সম্পুৰ্ণ নাম | অসমীয়া: বিহু |
| পালন কৰে | অসমীয়া |
| প্ৰকাৰ | কৃষিভিত্তিক উৎসৱ ভাৰতীয় উৎসৱ |
বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ।[1] বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত"[2]।
- ব’হাগ বিহু বা ৰঙালী বিহু
- কাতি বিহু বা কঙালী বিহু আৰু
- মাঘ বিহু বা ভোগালী বিহু
সূচী |
[সম্পাদনা কৰক] বিহু শব্দৰ উৎপত্তি
'বিহু' শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত 'বিষুবত' শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে।[3] বৈদিক 'বিষুবন' পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা 'সত্ৰ' বা 'যজ্ঞ'ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই 'বিষুবত' ৰূপে পৰিচিত৷ আন কোনোৰ মতে, বিহু শব্দটো টাই ভাষাৰ বৈ (উপাসনা) আৰু হু (গৰু) এই শব্দ দুটাৰ পৰা আহিছে। আনহাতে জয়কান্ত গন্ধীয়াই বিহু তাই -আহোমৰ 'পই - হু' শব্দৰ পৰিবৰ্ত ৰূপ বুলি প্ৰকাশ পাইছে।
[সম্পাদনা কৰক] বিহুৰ ইতিহাস
অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত আৰ্য্য, অষ্ট্ৰিক, আলপাইন আৰু মংগোলীয় সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে আৰু প্ৰত্যেক সভ্যতাৰে অৱদান বিহুৰ মাজত এনেদৰে মিহলি হৈ পৰিছে যে এতিয়া সেই বৈশিষ্টসমূহ পৃথক কৰা অসম্ভৱ। বিহুৰ বিবৰ্তনৰ মাজতেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল’বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিবৰ্তন হ'ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ'লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰিক আৰু মংগোলীয় সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। এই সময়ত ডেকা -গাভৰু মিলি চ'ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল । এই বিহু কেৱল বিহু মৰা-সকল নিজৰ আনন্দৰ বাবেহে আছিল, সেয়ে ইয়াত সামাজিক শৃংখলা আছিল নুন্যতম।
শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নামধৰ্মৰ সৰ্বব্যাপী প্ৰভাৱ অসমৰ জনসাধাৰণৰ মাজত পৰাৰ লগে লগে, বিহুলৈকো আমূল পৰিবৰ্তন আহিছিল। বিহুত প্ৰেম-পিৰিতীৰ ওপৰিও ধৰ্মীয় আদৰ্শৰ চাপ এই কালছোৱাতে পৰিল। আনহাতে বিহুৰ নৃত্যগীতৰ প্ৰভাৱো গুৰুজনা কৃত বৈষ্ণৱ সংস্কৃতিত নপৰাকৈ নাথাকিল। এই সময়তে বিহুৱে এক পুৰ্ণাংগ সামাজিক উৎসৱৰ ৰূপ পায়। তাৰো কিছুদিন পাছত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক আনি ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱা সকলক পুৰষ্কাৰ দিয়াৰো ব্যৱস্থা কৰে। তাৰোপৰি এইজান স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দল কাৰো ঘৰলৈ গৈ হুঁচৰি গোৱাৰ পৰম্পৰা নাছিল । কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়। পিচলৈ গৈ ইয়েই চোতালে চোতালে হুঁচৰি গোৱাৰ ৰীতিত পৰিণত হয়গৈ। এই সকলোবোৰ পৰিঘটনাই বিহুৰ আচাৰ নীতিলৈ আমূল পৰিবৰ্তন আনে যদিও, বিহুৰ যি আদিম আবেদন তাৰ ওপৰত বিশেষ প্ৰভাৱ নপৰিল।
১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মতে অসম বৃটিছৰ অধীনলৈ যোৱাৰ লগে লগে, অসমৰ সামাজিক, অৰ্থনৈতিক সাংষ্কৃতিক সকলো দিশতে যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা হয়। পশ্চিমীয়া শিক্ষা আৰু সভ্যতাৰ প্ৰভাৱে অসমৰ ৰাইজক নিজৰ থলুৱা কৃষ্টিৰ প্ৰতি উদাসীন কৰি তোলে। এনে কিছু লোকে বিহুক 'ইতৰ প্ৰাণীৰ নাচ গান" বুলি আখ্যা দি অসমৰ জনজীৱনত বিহুৰ গুৰুত্বক অৱমানান কৰিবৰো চেষ্টা চলায়। সৌভাগ্যক্ৰমে, সেই সময়তে, লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ পুৰোধা ব্যক্তি সকলে বিহুৰ সপক্ষে মাত মাতি বিহু বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিলে। তথাপিও বিহুৰ ওপৰত ক্ষতিকৰ প্ৰভাৱ নপৰাকৈ নাথাকিল। গৰিষ্ঠ সংখ্যক শিক্ষিত অসমীয়াই বিহুত হেপাঁহ পলুৱাই আনন্দ কৰাৰ পৰিবৰ্তে এক সামাজিক ভাৱে পালন কৰিব লগা ৰীতি বুলিহে মানিবলৈ ধৰিলে। এনে সময়তে বিহুত এক নতুন অধ্যায়ৰ সূচনা হ'ল - মঞ্চ বিহু।
ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পশ্চিমীয়া আৰ্হিৰ মঞ্চ তৈয়াৰ হৈছিল, তাত আন আন সাংস্কৃতিক অনুষ্ঠান ৰাইজৰ আগত প্ৰদৰ্শণ কৰাৰ ধাৰাও প্ৰচলিত হৈছিল । সেইসময়তে ১৯৪১ চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত, মঞ্চত বিহু প্ৰদৰ্শন কৰা হয়। ১৯৫১ চনত ৰাধাগোবিন্দ বৰুৱা পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মীলনৰ আয়োজন কৰা হয়। তাৰপাছতে মঞ্চ বিহুৱে সমগ্ৰ
অসম জুৰি অভুতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। মঞ্চ বিহুত বিহু -প্ৰদৰ্শনতকৈয়ো বিভিন্ন প্ৰতিযোগীতাৰ ওপৰত গুৰুত্ব দিয়া যায়, আৰু এই বিহু মূলতঃ দৰ্শকক আমোদ দিবলৈ কৰা হয় । গতিকে এই বিহু বহু নীতি নিৰ্দেশনা আৰু ব্যাকৰণৰ মাজত থাকি কৰা হয়। ইয়াৰ ফলত বিহু নৃত্য গীতে এক প্ৰদৰ্শণমূলক কলাৰ ৰূপ লয়। মঞ্চ বিহুৰ জনপ্ৰিয়তাৰ কোবত প্ৰকৃত স্বতঃস্ফুত গছ তলৰ বিহু বিলুপ্তপ্ৰায় হৈ পৰে।
বৰ্তমান মঞ্চ বিহু আৰু হুঁচৰি গাই ঘৰে ঘৰে আশীৰ্বাদ দিয়া, এই দুই ধৰণৰ বিহুৱেই অসমৰ সকলো প্ৰান্ততে উদযাপন কৰা দেখা যায়। বৰ্তমান বিহু সন্দৰ্ভত আন এক উল্লেখযোগ্য পৰিবৰ্তন অহা দেখা গৈছে। দৃশ্য-শ্ৰব্য মাধ্যমৰ মাজেদি প্ৰদৰ্শিত বিহু-সূৰীয়া গীত মাত নতুন প্ৰজন্মৰ মাজত অতীৱ জনপ্ৰিয় হোৱা দেখা গৈছে। অৱশ্যে, এই বিলাক প্ৰকৃত বিহু নাচ বা বিহু নাম নহয়, ই এক প্ৰকাৰ বিহু আৰু আধুনিক গীতৰ সংমিশ্ৰণহে বুলিব পাৰি। এই গীত বিলাকত বিহুৰ থলুৱা সুৰৰ ওপৰত ভিত্তি কৰি নতুনকৈ সুৰাৰোপণ কৰা হয় আৰু আধুনিক বাদ্যযন্ত্ৰও ব্যৱহাৰ কৰা হয়।
[সম্পাদনা কৰক] বিহুগীতৰ উদাহৰণ
অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।
ইয়াক যোজনা বুলি কোৱা হয়। বিহুনাচ আৰম্ভ কৰাৰ আগতে যোজনা গোৱা হয়। যোজনা বিলাকে অনেক ক্ষেত্ৰত সামাজিক আৰু সাংস্কৃতিক তথ্য প্ৰতীয়মান কৰে [4]
[সম্পাদনা কৰক] বহাগ বিহু বা ৰঙালী বিহু
বসন্তৰ আগমণত উদযাপন কৰা বহাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বহাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন 'গোঁসাই বিহু বুলিও পালন কৰা যায়।
[সম্পাদনা কৰক] কাতি বিহু বা কঙালী বিহু
আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়৷
[সম্পাদনা কৰক] মাঘ বিহু বা ভোগালী বিহু
খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি জ্বলোৱা।
গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে৷ উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে৷ ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে৷ মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়৷ এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি৷
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে৷ বিহুৰ সকলো কামেই হয় সমুহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে৷ বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়৷ বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।
[সম্পাদনা কৰক] লগতে চাওক
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ "Bihu Festival". www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL). http://www.festivalsofindia.in/bihu/। আহৰণ কৰা হৈছে: 2013-04-13.
- ↑ অসমৰ সংস্কৃতি- ড° লীলা গগৈ
- ↑ "Origin of the Word Bihu". festivalsofindia.in. Pan India Internet Private Limited (PIIPL. http://www.festivalsofindia.in/bihu/। আহৰণ কৰা হৈছে: 2013-04-13.
- ↑ লীলা গগৈ, বিহুগীত আৰু বনঘোষা।
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| ৱিকিমিডিয়া কমন্সত ‘বিহু’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- oldwikisource:বিহু গীত (ৱিকি উত্সত বিহুগীতসমূহৰ লিপি সন্নিবিষ্ট কৰা আছে।)
- মুকলি বিহু নৃত্য প্ৰতিযোগিতাৰ এটা দৃশ্য ইউটিউবত
- দেউৰী বিহু নৃত্য প্ৰদৰ্শন ইউটিউবত
- মিচিং বিহু নৃত্য প্ৰদৰ্শন ইউটিউবত
- অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা- ২৪০,২৪১,২৪২
- Rongali Bihu-the spring festival of Assam An article by Sawpon Dowerah
- Rongali Bihu through the ages An article by Debendra Prasad Das
- Bihu: The lifeline of Assamese culture An article by Journalist Md. Sabir Nishat
|
||||||||
|
|||||||||||||||||||