ইউটিউব
| প্ৰকাৰ | পৰিপূৰক (Subsidiary) , limited liability company |
||
|---|---|---|---|
| প্ৰতিষ্ঠা | ১৪ ফেব্ৰুৱাৰী, ২০০৫ | ||
| প্ৰতিষ্ঠাপক | ষ্টিভ চেন চাড হাৰ্লে জাৱেদ কৰিম |
||
| মূখ্য কাৰ্যালয় | 901 Cherry Ave, চেন ব্ৰুন’, কেলিফৰ্ণিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
||
| কৰ্মৰ এলেকা | বিশ্বব্যাপী | ||
| উল্লেখযোগ্য ব্যক্তি | Salar Kamangar, CEO চাড হাৰ্লে, উপদেষ্টা |
||
| গৰাকী | স্বাধীন (২০০৫–২০০৬) গুগল ইনকৰ্পোৰেটেড (২০০৬–বৰ্তমান) |
||
| শ্লোগান | Broadcast Yourself | ||
| ৱেবছাইট | youtube.com | ||
| এলেক্সা তালিকাত স্থান | |||
| ৱেবছাইটৰ প্ৰকাৰ | ভিডিঅ’ বিতৰণ | ||
| বিজ্ঞাপন | গুগল এডচেঞ্চ | ||
| পঞ্জীকৰণ | ঐচ্ছিক (কিছুমান বিশেষ কাম, যেনে মন্তব্য দিয়া, ভিডিঅ’ আপলোড কৰা আদিৰ বাবে প্ৰয়োজন) | ||
| উপলব্ধ ভাষা | ৫১টা ভাষাৰ সংস্কৰণ | ||
| প্ৰচলন হয় | ১৪ ফেব্ৰুৱাৰী ২০০৫ | ||
| বৰ্তমানৰ স্থিতি | সক্ৰিয় | ||
|
|||
ইউটিউব হৈছে ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত তিনিজন ভুতপুৰ্ব পে'-পেল (PayPal) কৰ্মচাৰীৰ দ্বাৰা গঠিত এটা চলচ্চিত্ৰ বা ভিডিঅ’ বিতৰণ (video-sharing) কৰিব পৰা জালস্থান বা ৱেবছাইট, য'ত উপভোক্তাসকলে ভিডিঅ’ সমূহ আপ-লোড, দৰ্শন আৰু বিতৰণ কৰিব পাৰে। এই কোম্পানীটো কেলিফৰ্ণিয়াৰ সান ব্ৰুন’ নামৰ ঠাইত অৱস্থিত আৰু ই বহু ৰকমৰ উপভোক্তাৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ (user-generated), যেনে কথাছবিৰ অংশবিশেষ বা দূৰদৰ্শনৰ অংশবিশেষ আৰু সঙ্গীতৰ ভিডিঅ’ৰ লগতে কিছুমান চৌখিন বিষয় যেনে video blogging আৰু ক্ষুদ্ৰ প্ৰাৰম্ভিক ভিডিঅ’ৰ প্ৰদৰ্শন কৰিবলৈ Adobe Flash Video আৰু HTML5 প্ৰযুক্তি ব্যৱহাৰ কৰে। ইউটিউবৰ বেছিভাগ বিষয় ব্যক্তিবিশেষৰ দ্বাৰা আপ-লোড কৰা হয় যদিও চি-বি-এছ (CBS), বি-বি-ছি (BBC), ৱিৱ' (VEVO), হুলু (Hulu) আৰু আন কিছুমান সংস্থাৰ নিচিনা মিডিয়া কৰ্প'ৰেচনবোৰে ইউটিউব পাৰ্টনাৰশ্বিপ প্ৰ'গ্ৰামৰ (YouTube partnership program) অংশ হিচাপে তেওঁলোকৰ কিছু সামগ্ৰী ইউটিউবলৈ হস্তান্তৰ কৰে।
অপঞ্জীভুক্ত সদস্যসকলে ভিডিঅ’ চাব পাৰে আৰু পঞ্জীভুক্ত সদস্যসকলে অসীম সংখ্যক ভিডিঅ’ আপ-লোড কৰিব পাৰে। ইয়াতে আক্ৰমক, অৰুচিকৰ বা অশ্লীল বিষয়ক ভিডিঅ’ সমূহ অকল ১৮ বছৰ বা তাতোকৈ বেছি বয়সৰ পঞ্জীভুক্ত সদস্যসকলেহে চাব পাৰে।
২০০৬ চনৰ নৱেম্বৰ মাহত ইউটিউবক, YouTube LLC গুগলে (Google Inc.) ১.৬৫ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিময়ত কিনি লয় আৰু ই এতিয়া গুগলৰ পৰিপূৰক (subsidiary) হিচাপে পৰিচালিত হৈ আছে।
সূচী |
[সম্পাদনা কৰক] কোম্পানীৰ ইতিহাস
ইউটিউব তিনিজন ভুতপুৰ্ব PayPal কৰ্মচাৰী চাড হাৰ্লে, ষ্টিভ চেন, আৰু জাভেদ কৰিম ৰ দ্বাৰা স্থাপন কৰা হৈছিল। হাৰ্লেই পেনিচেলভিনিয়াৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত অভিকল্প (design) অধ্যয়ন কৰিছিল। আনহাতে চেন আৰু কৰিমে আৰ্বানা-চেম্পিয়েনৰ ইলিঅনচ্ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰিছিল। মাধ্যম(media) সমূহত সঘনাই পোৱা এক কাহিনী অনুসৰি সান ফ্ৰান্সিচক’ত থকা চেনৰ বাসগৃহত হোৱা এটা নৈশ ভোজৰ ভিডিঅ’ কিছুমানৰ বিতৰণত অসুবিধাৰ সৃষ্টি হওঁতে হাৰ্লি আৰু চেনে ২০০৫ চনৰ প্ৰথম ভাগত ইউটিউবৰ ধাৰণা কৰিছিল। কৰিম সেইদিনাৰ ভোজত উপস্থিত নাছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাক অস্বীকাৰ কৰিছিল।
ইউটিউব প্ৰথমে আৰম্ভ কৰিছিল Sequoia Capitalএ ২০০৫ৰ নৱেম্বৰৰ পৰা ২০০৬ৰ এপ্ৰিলৰ মাজভাগত। ইয়াৰ প্ৰথম মুখ্যকাৰ্য্যালয় আছিল কেলিফ'ৰ্ণিয়াৰ সান মাতেওত থকা পিজ্জাৰিয়া আৰু জাপানিজ চৰাইখানা এখনৰ ওপৰত। ইয়াৰ ডোমেইন নাম www.youtube.com ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে সক্ৰিয় কৰা হৈছিল আৰু পৰবৰ্ত্তী মাহবোৰত জালস্থানটোৰ উন্নতি সাধন কৰা হৈছিল।
প্ৰথম ইউটিউব ভিডিঅ’টোৰ নাম আছিল "Me at the zoo", য’ত উদ্ভাৱক জাৱেদ কৰিমক দেখা গৈছিল চেন ডিয়েগ’ চিৰিয়াখানাত। এই ভিডিঅ’টো ২০০৫ চনৰ ২৩ এপ্ৰিলত আপ-লোড কৰা হৈছিল আৰু এতিয়াও ই জালস্থানটোত উপলব্ধ।
[সম্পাদনা কৰক] বিশেষত্ব সমূহ
[সম্পাদনা কৰক] ভিডিঅ’ প্ৰযুক্তিবিদ্যা
[সম্পাদনা কৰক] প্লে'-বে'ক
ইউটিউবৰ ভিডিঅ’ চাবলৈ ব্যক্তিগত কম্পিউটাৰ এটাৰ ব্ৰাউজাৰত Adobe Flash Player plug-in স্থাপন কৰাটো প্ৰয়োজনীয়।[2]
[সম্পাদনা কৰক] আপ-লোড
সকলো ইউটিউব উপভোক্তায়ে ১৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’বোৰ আপ-লোড কৰিব পাৰে। যিসকল উপভোক্তাই ইউটিউবৰ কমিউনিটি গাইডলাইন সফলভাৱে পালন কৰে তেওঁলোকে অসীম দৈৰ্ঘৰ ভিডিঅ’ আপ-লোড কৰাৰ সুবিধা লাভ কৰে যাৰ কাৰণে তেওঁলোকৰ একাউন্ট সাধাৰণতে মোবাইল ফোনৰ সহায়ত সত্যাপন কৰিব লাগে।[3] ২০০৫ চনত ইউটিউব আৰম্ভ কৰাৰ সময়ত ইয়াত দীঘল দৈৰ্ঘ্যৰ ভিডিঅ’ও আপ-লোড কৰিব পৰা গৈছিল কিন্তু ২০০৬ চনৰ মাৰ্চ মাহত ইয়াত ১০ মিনিটৰ এটা সীমা নিৰ্ধাৰণ কৰা হয় কাৰণ তেতিয়া ইউটিউবত বহুতো দূৰদৰ্শন আৰু কথাছৱিৰ অনাধিকৃত ভিডিঅ’ আপ-লোড কৰা হৈছিলে।[4][5] ১০ মিনিটৰ সীমাটো ২০১০ৰ জুলাই মাহত ১৫ মিনিটলৈ বঢ়াই দিয়া হয়।[6] সাধাৰণতে ইউটিউবত আপ-লোড কৰা ফাইলৰ আকাৰ ২ জিবি হয় যদিও জাভা আধাৰিত আপ-লোডাৰ ব্যৱহাৰ কৰিলে ২০ জিবিলৈকে আপ-লোড কৰিব পৰা যায়।
ইউটিউবত বিভিন্ন ক’ন্টেইনাৰ ফ’ৰমেটৰ (container format) ভিডিঅ’ আপ-লোড কৰিব পাৰি যেনে ডট এভিআই (.AVI), ডট এমকেভি (.MKV), ডট এমওভি (.MOV), ডট এমপিফ’ৰ (.MP4), ডট ডিভএক্স (.DivX), ডট এফএলভি (.FLV), ডট ওগগ(.ogg), ডট ওজিভি (.ogv) ইত্যাদি। এইবিলাকৰ ভিডিঅ’ ফ্’ৰমেট সমূহ এনে ধৰণৰ এমপেগ (MPEG), এমপেগ-ফ’ৰ (MPEG-4), ভ’ৱ (VOB), আৰু ডাব্লিউএমভি (WMV). মবাইল ফ’নৰ পৰা ইয়াত থ্ৰীজিপি (3GP) ভিডিঅ’ও আপ-লোড কৰিব পাৰি।[7] সকলো ইউটিউব ভিডিঅ’ই প্ৰ’গ্ৰেছিভ স্কেনিঙ (progressive scanning) পদ্ধতি ব্যৱহাৰ কৰে।[8]
[সম্পাদনা কৰক] থ্ৰী-ডি ভিডিঅ’ সমূহ
২০০৯ চনৰ ২১ জুলাইত[9] আপ-লোড কৰা এক ভিডিঅ’ত ইউটিউবৰ চফ্টৱেৰ অভিযন্তা পিটাৰ ব্ৰ্যেডস্বয়ে ইউটিউবত থ্ৰীডি ভিডিঅ’ আপ-লোড কৰিব পাৰিব বুলি ঘোষণা কৰে। এই ভিডিঅ’ সমূহ বিভিন্ন উপায়েৰে চাব পাৰি যাৰ ভিতৰত আনাগ্লিফ্ (anaglyph) পদ্ধতিয়ে সাধাৰণতে প্ৰযোয্য য’ত থ্ৰীডিৰ প্ৰভাৱ উপলব্ধি কৰিবলৈ উপভোক্তাই বিতচকু পৰিধান কৰি লয়।[10][11][12]
[সম্পাদনা কৰক] বিষয়বস্তুৰ উপলব্ধতা
ইউটিউবৰ ভিডিঅ’ সমূহ জালস্থানটোৰ বাহিৰতো উপলব্ধ হোৱাটোৱে ইয়াৰ বিশেষত্ব। প্ৰত্যেকটো ইউটিউবৰ চলচ্চিত্ৰৰ লগতে HTMLৰ এটা টুকুৰা গাঁঠি থোৱা থাকে যাৰ সহায়ত ইয়াক জালস্থানৰ বাহিৰৰ আন বেলেগ পৃষ্ঠাৰ সতে যোৰা দিব (embedding) পাৰি।[13]
ইউটিউবে সাধাৰণতে ইয়াৰ চলচ্চিত্ৰ এটাৰ ডাউনলোড লিংক নিদিয়ে আৰু ইয়াক অকল জালস্থানটোৰ ভিতৰতহে চাব পাৰি।[14] কিন্তু বিভিন্ন ধৰণৰ বেলেগ বেলেগ জালস্থান নাইবা সঁজুলিৰ (application) সহায়ত চলচ্চিত্ৰ এটা ইউটিউবৰ পৰা ডাইনলোড কৰিব পাৰি।[15]
[সম্পাদনা কৰক] প্লে'টফ’ৰ্ম
কিছুমান স্মাৰ্ট ফ’নঅত ইউটিউবৰ ভিডিঅ’ চাব পাৰি কিন্তু সেইটো নিৰ্ভৰ কৰিব তাৰ চাৰ্ভিচ প্ৰ’ভাইদাৰ আৰু ডাটা প্লেনৰ ওপৰত। প্ৰথম ইউটিউব ম’বাইল ২০০৭ চনৰ জুলাই মাহত মুকলি কৰা হৈছিল আৰু ই RTSP পদ্ধতি ব্যৱহাৰ কৰিছিল।[16] সকলো ইউটিউব ভিডিঅ’ জালস্থানটোৰ ম’বাইল ভাৰ্ছনত উপলব্ধ নহয়।[17]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Youtube.com Site Info". Alexa Internet. http://www.alexa.com/siteinfo/youtube.com. Retrieved 2011-11-02.
- ↑ Fildes, Jonathan (October 5, 2009). "Flash moves on to smart phones". BBC. http://news.bbc.co.uk/1/hi/8287239.stm. Retrieved November 30, 2009.
- ↑ Video length for uploading YouTube Help. Retrieved November 2, 2011.
- ↑ Fisher, Ken. "YouTube caps video lengths to reduce infringement". Ars Technica. http://arstechnica.com/news.ars/post/20060329-6481.html. Retrieved December 4, 2008.
- ↑ "Account Types: Longer videos". YouTube. http://www.google.com/support/youtube/bin/answer.py?answer=71673&ctx=sibling. Retrieved December 4, 2008.
- ↑ Lowensohn, Josh (July 29, 2010). "YouTube bumps video limit to 15 minutes". CNET. http://news.cnet.com/8301-27076_3-20012090-248.html. Retrieved July 29, 2010.
- ↑ "Video Formats: File formats". YouTube. http://www.google.com/support/youtube/bin/answer.py?answer=55744&topic=10526. Retrieved December 4, 2008.
- ↑ "Getting Started: File formats". YouTube. http://www.google.com/support/youtube/bin/answer.py?hl=en&answer=55744. Retrieved August 14, 2010.
- ↑ "YouTube in 3D". YouTube. July 21, 2009. http://www.youtube.com/watch?v=5ANcspdYh_U. Retrieved August 3, 2009.
- ↑ Marquit, Miranda (July 23, 2009). "YouTube in 3D?". Physorg. http://www.physorg.com/news167575864.html. Retrieved August 3, 2009.
- ↑ Dsouza, Keith (July 20, 2009). "YouTube 3D Videos". Techie Buzz. http://techie-buzz.com/video-tools/youtube-3d-videos.html. Retrieved August 3, 2009.
- ↑ Sobti, Kshitij (July 21, 2009). "YouTube adds a dimension, 3D goggles not included". thinkdigit. http://www.thinkdigit.com/Internet/YouTube-adds-a-dimension-3D-goggles-not_3219.html. Retrieved August 3, 2009.
- ↑ YouTube. "Sharing YouTube Videos". http://youtube.com/sharing. Retrieved January 17, 2009.
- ↑ "Terms of Use, 5.B". YouTube. http://www.youtube.com/t/terms. Retrieved August 25, 2010.
- ↑ Milian, Mark (February 19, 2009). "YouTube looks out for content owners, disables video ripping". Los Angeles Times. http://latimesblogs.latimes.com/technology/2009/02/---mark-milian.html?cid=149000259. Retrieved February 21, 2009.
- ↑ "YouTube Mobile". http://m.youtube.com/.
- ↑ Google Operating System (June 15, 2007). "Mobile YouTube". http://googlesystem.blogspot.com/2007/06/mobile-youtube.html. Retrieved January 17, 2009.