দিন
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
এটা দিন হ’ল সময় নিৰূপনৰ এক একক।
[সম্পাদনা কৰক] সমাৰ্থক শব্দ
দিবা, দিৱস, অহ্ন, প্ৰহৰ
[সম্পাদনা কৰক] জ্যোতিৰ্বৈজ্ঞানিক সংজ্ঞা
জ্যোতিৰ্বিজ্ঞানে আহ্নিক গতিৰ এক আৱৰ্তন পূৰ্ণ হওঁতে যি সময় লাগে সিয়েই হ’ল এদিন। তেনেদৰে সূৰ্যৰ আপেক্ষিকবাদ সংজ্ঞাত ক’লে সৌৰদিন (solar day) যিটো বাৰ্ষিক গতিৰ কাৰণে নক্ষত্ৰ দিনৰ (sideral day) পৰা এটা দিঘলীয়া আৰু বিভিন্ন ঋতুত কম বেছি হয়।
ভাষাগত ভাবে দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত অংশ হ’ল "দিন" আৰু অন্ধকাৰ ভাগ ৰাতি (ৰজনী)। সেই ক্ষেত্ৰত গোটেই দিন-ৰাতি বুলি ক’লে সম্পূৰ্ণ ২৪ ঘণ্টা বুজায়।
[সম্পাদনা কৰক] অন্যান্য সময় এককৰ সৈতে সম্পৰ্ক
- ২৪ ঘন্টাই (৮৬,৪০০ ছেকেণ্ডত) এটা দিন হিচাপে ধৰা হয়।
- ১৫ দিনত এক পক্ষ বা পষেক হয়।
- ৩০ দিনত এক মাহ হয়।
- ৩৬৫ দিনত এক বছৰ হয়।
|
||||||||||