সত্ৰীয়া নৃত্য
প্ৰাচীন কালৰে পৰাই অসমত নৃত্য-কলাৰ প্ৰচলন হৈ আহিছিল। সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম । সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ' ৰ পৰা আহিছে [1]। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়। [2]
সূচী |
[সম্পাদনা কৰক] ইতিহাস
প্ৰায় ১৫ শ শতিকৰ পৰা প্ৰচলিত এই নৃত্যধাৰা, ১৯ শ শতিকাৰ মাজভাগত বৈষ্ণৱ ধৰ্মীয় সত্ৰসমুহৰ পৰা আধুনিক মঞ্চলৈ ওলাই আহে । পৰম্পৰাগতভাৱে সত্ৰসমূহত এই নৃত্য মাথো ভকত(পুৰুষ)সকলৰ মাজতে আৱদ্ধ আছিল । কিন্তু আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে । ২০০০ চনৰ ১৫ নৱেম্বৰত এক সুকীয়া শৈলীৰ এই নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে ।
[সম্পাদনা কৰক] নৃত্যশৈলী
প্ৰচলিত ধৰ্মীয় আখ্যানসমুহ এক বিশেষ শৈলীৰে এই নৃত্যৰ দ্বাৰা বাখ্যা কৰা হয় ।
সত্ৰীয়া নৃত্য বিভিন্ন ভাগত বিভক্ত।
- সুত্ৰধাৰ
- অপ্সৰা নৃত্য
- বেহাৰ নৃত্য
- ছালি নৃত্য
- দশাৱতাৰ নৃত্য
- ৰাস নৃত্য
- গোসাই প্ৰৱেশ
- গোপী প্ৰৱেশ ইত্যাদি
[সম্পাদনা কৰক] বৰিষ্ঠ শিল্পী আৰু সংগীত নাটক একাডেমী বঁটা
- মনিৰাম দত্ত মোক্তাৰ ১৯৬৩ চন
- বাপুৰাম বায়ন আতাই, ১৯৭৮ চন
- ৰসেস্বৰ শইকীয়া বায়ন মোক্তাৰ, ১৯৮০
- ইন্দিৰা পি. পি. বৰা, ১৯৯৬
- প্ৰদীপ চলিহা, ১৯৯৮
- পৰমানন্দ বৰবায়ন, ১৯৯৯-২০০০
- ঘনকান্ত বৰা, ২০০১
- যতীন গোস্বামী, ২০০৪
- ঘনকান্ত দত্ত বৰবায়ন, ২০০৭
- মানিক বৰবায়ন, ২০১০
- মিনাক্ষী মেধি
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
- satriya_dance_of_assam
- Sattriya Dance By Mrs Devika P. Borthakur and Mr.Pulak J. Borthakur,news,feedback,legends,performances,news,events,interviews of sattriya dance of Assam
[সম্পাদনা কৰক] তথ্যসূত্ৰ
|
|
|||||