ওজাপালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওজাপালি নৃত্য

ওজাপালি (ইংৰাজী: Ojapali) অসমৰ এক অৰ্ধ নাটকীয় পৰিবেশ্য কলা ৷ সৰ্বভাৰতীয় কথকতা পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহক ওজাপালি প্ৰাচীন কালৰে পৰা অসমত এক জনপ্ৰিয় কলা হিচাপে প্ৰচলিত হৈ আহিছে[1]৷ ১৯৭৪ চনত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ সঞ্চালক লুইতকোঁৱৰ ৰুদ্ৰ বৰুৱা আৰু আনন্দমোহন ভাগৱতীৰ সহযোগত ওজাপালি ৰাস্ত্ৰীয় কাৰ্য্যসূচীত অন্তৰ্ভুক্ত হয়।

উদ্ভৱ আৰু বিকাশ[সম্পাদনা কৰক]

ওড্ৰ মাগধী শৈলীৰ চৰিত্ৰৰ লগত ভালেখিনি খাপখোৱা ওজাপালি অনুষ্ঠান ভাৰতীয় মাৰ্গী সংগীত পৰম্পৰাৰ পৰা জন্ম ৷ ইয়াৰ উদ্ভৱ আৰু বিকাশত মন্দিৰৰ প্ৰভূত অৰিহণা আছে ৷ এই ওজাপালি কলাশৈলীৰ উদ্ভৱ আৰু বিকাশ সন্দৰ্ভত বিভিন্ন জনশ্ৰুতি জড়িত হৈ আছে৷ এই দৈৱিক মতবাদ অনুসৰি বৃহন্নলাৰূপী অৰ্জুনৰ দ্বাৰা এইবিধ কলা স্বৰ্গৰ পৰা মৰ্ত্যত প্ৰচলিত হয় ৷ পাৰিজাত নামৰ এগৰাকী মহিলাই স্বপ্নৰ দ্বাৰা এই কলা আয়ত্ব কৰি শিষ্যসকলক শিকাই বুলিও বিয়াহৰ ওজাপালিসকলে বিশ্বাস কৰে ৷ বিয়াহ কলাই আৰু কেন্দুকলাই এই দুয়োগৰাকী ব্যক্তিবিশেষো ওজাপালিৰ জনক বুলি জনশ্ৰুতি প্ৰচলিত৷ খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ বিশিষ্ট পণ্ডিত বেদাচাৰ্যৰ স্মৃতি-ৰত্নাকৰ, অসমতাম্ৰ শাসন, গুৰু-চৰিত কথা আৰু বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যত এই ওজাপালি প্ৰাচীন কালৰে পৰা প্ৰচলন থকাৰ তথ্য দেখা পোৱা যায় ৷

বিষয়বস্তু, প্ৰকাৰ[সম্পাদনা কৰক]

ওজাপালি নৃত্য

ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভগাব পাৰি ৷

  • মহাকাব্য আশ্ৰয়ী
  • মহাকাব্য অনাশ্ৰয়ী

মহাকাব্য আশ্ৰয়ীক আকৌ সাঁতোটা ভাগত ভগাব পাৰি ৷

  • বিয়াহৰ অথবা সভাগোৱা ওজাপালি
  • ৰামায়ণ ওজাপালি
  • ভাইৰা ওজাপালি
  • দুৰ্গাবৰী ওজাপালি
  • সত্ৰীয়া ওজাপালি
  • পাঞ্চালি ওজাপালি
  • দুলৰি ওজাপালি

মহাকাব্য অনাশ্ৰয়ীক পাঁচটা ভাগত ভগাব পাৰি

  • সুকন্নানী ওজাপালি
  • বিষহৰি গান
  • মাৰে গান
  • পদ্ম পুৰাণৰ গান
  • টুকুৰীয়া ওজাপালি

ওজা আৰু পালি এই দুইবিধ অনুষ্ঠান নিৰ্বাহিকাৰ দ্বাৰা ওজাপালি অনুষ্ঠান সংগঠিত ৷ পালি দুইবিধ-

  • দাইনা পালি
  • সাধাৰণ পালি

এইধৰণৰ শ্ৰেণীবিভাজন তথ্যসমৃদ্ধ হ’লেও আধুনিক সময়ত ওজাপালিক জীৱিত ৰূপত যি দুইধৰণেৰে পোৱা যায় সেয়া হ’ল—সুকনানি ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি। কামৰূপত ৰামায়ন গোৱা ওজাক সভা গোৱা ওজা বোলে। আনহাতে দৰঙত প্ৰচলিত পদ্মপূৰাণৰ গীত-পদ গোৱা ওজাক সুকনানি ওজা বোলা হয়। কামৰূপ আৰু বৰপেটা জিলাৰ কিছু কিছু অঞ্চলত কিছু বছৰ আগলৈকে ছোৱালীয়েও ওজাপালি প্ৰদৰ্শন কৰিছিল। ৰামায়ন বা সভাগোৱা ওজাপালিৰ বৈশিষ্ট্য থকা এইবিধ ওজাপালিক তিৰি বা আপী ওজাপালি বুলি জনা গৈছিল। কিন্তু সমাজৰ পৰিৱৰ্তনশীল ধাৰাটোৰ বাবেই হওক বা আধুনিকতাৰ প্ৰভাৱতেই হওক এইবিধ ওজাপালি এতিয়ালৈ কামৰূপ আৰু বৰপেটাৰ প্ৰায় দুই এঠাইতহে দেখিবলৈ পোৱা যায়।

ইয়াৰে আকৌ ওজাপালিয়ে গোৱা গীত-পদৰ বিষয় বস্তু, গীত-পদবোৰলৈ লক্ষ্য কৰি মহাকাব্য আসৃত ওজাপালিক বৈষ্ণৱ পৰিৱেষ্য কলা আৰু মহাকাব্য অনাসৃত ওজাপালিক সাক্ত পৰিৱেশ্য কলা বুলিও আখ্যা দিব পাৰি। ব্যাসৰ ওজাপালিয়ে ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ গীতপদসমুহ গাই যদিও সুকনানি ওজাপালী শাক্ত দেৱীপুজাৰ সৈতে জঢ়িত হয় আৰু ইয়াত মনসাদেৱীক আৰাধনা কৰি পদ্মপুৰাণৰ গীতপদেৰে মনসাদেৱীৰ বন্দনা কৰা হয়।

পৰিবেশন শৈলী[সম্পাদনা কৰক]

নৃত্য-গীতৰ দ্বাৰা ওজাই দিহা, ৰাগ আদি লগাই দিয়ে আৰু পালিসকলে সহযোগ কৰে। দাইনা পালি আৰু অন্য পালিৰ দ্বাৰা ওজাই পৰিবেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাবে অথবা অভিনয়ভংগীত দৰ্শকক বুজাই দিয়ে। মুখ্যতঃ ধৰ্মীয় দিশৰ সৈতে সংপৃক্ত হোৱা বাবে ওজাপালিসকলে শুভ্ৰ পোছাক পিন্ধে। ওজাই জামাৰ উপৰিও মূৰত বিশেষধৰণৰ টুপী অথবা পাগ মাৰে।[2]

পোচাক-পৰিচ্চদ, পদ-মুদ্ৰা ইত্যাদি[সম্পাদনা কৰক]

পোচাক পৰিচ্চদ হ’ল ওজাপালিৰ এটা লক্ষণীয় দীশ। সুকনানি ওজাপালিত ওজাই বগা ধুতি, গাত বগা চেলেং চাদৰ আৰু কপালত বগা চন্দনৰ ফোট লয়। ওজাজনৰ পাগুৰিটো দেখাত সাধাৰণযেন লাগিলেও ই ডিম্বাকৃতিৰ হয় আৰু সমুখৰফালটো এটা টেমুনাৰদৰে হয়। কিন্তু ৰামায়ণ গোৱা ওজাৰ সাজ-পাৰ কিছু পৃথক হয়।ৰামায়ন বা সভা গোৱা ওজাই সুকনানি ওজাৰ দৰে সাপকন চোলা পিন্ধে যদিও কপালত দীঘল ৰঙা-হালধীয়া বৰণৰ গামোচা বান্ধে। এনে ওজাই ভৰিত নূপুৰ, হাতত ৰূপৰ গামখাৰু আৰু কপালত চন্দনৰ ফোট লয়। আনহাতে এই দুয়োবিধ ওজাপালিতে পালিৰ পাগুৰিটোৰ ধৰণ একেই হয়। দেখাত সাধাৰণযেন লাগে যদিও এই পাগুৰিটোৰ সমুখভাগ ময়ুৰচৰাইৰ পাখীসদৃশ হয়। ইয়াৰ বৰণ বগা হয় আৰু কাপোৰত দহটা ভাঁজ দি ইয়াক ময়ুৰপাখীৰদৰে কৰি লোৱা হয়। পুৰণিকালত সুকনানি ওজাজনে তিৰোতাৰ নিচিনাকৈ দীঘল চুলি ৰাখিছিল আৰু খোপা বান্ধিছিল যদিও বৰ্তমান ই লোপ পাইছে বুলিব পাৰি। সভা গোৱা ওজাই আখ্যানৰ লগত ৰিজাই কিছুমান খুহুতীয়া কথাৰ মাজেৰে বৰ্ণনা দি দৰ্শকক হাঁহিৰ খোৰাক যোগায় আৰু সেইদৰেই নৃত্যটোক আমোদজনক কৰি তোলে। সভা গোৱা ওজাই খুটিতাল বজায়। কিন্তু সুকনানি ওজাপালিত পালিয়ে (আৰু কিছুক্ষেত্ৰহে ওজাই) এখন হাতেৰে বুঢ়া আঙুলিত ৰঙা ৰচীৰে মেৰিয়াই খঞ্জিৰা বজায়। নৃত্য-গীতৰ দ্বাৰা ওজাই প্ৰথমে স্বস্তি মুদ্ৰা আৰু তাৰ পাচত সংহাৰী মুদ্ৰাৰে অনুষ্ঠান আৰম্ভ কৰে। তাৰ পাচতে দেৱ-দেৱীৰ বন্দনা কৰা হয় আৰু শেষত আহে গীত পদ সমুহৰ সুৰসঞ্চাৰিত পৰিৱেশন। এই পদ গোৱা পৰ্বত ওজাই প্ৰথমে দিহা, ৰাগ আদি লগাই দিয়ে আৰু পালিসকলে ইয়াত সহযোগ কৰে। দাইনা পালি আৰু অন্য পালিৰ দ্বাৰা ওজাই পৰিবেশন কৰা গীতবোৰ কথিত গদ্যত ৰসালভাবে অথবা অভিনয়ভংগীত দৰ্শকক বুজাই দিয়ে। মুখ্যতঃ ধৰ্মীয় দিশৰ সৈতে সংপৃক্ত হোৱা বাবে ওজাপালিসকলে শুভ্ৰ পোছাক পিন্ধে বুলি জনশ্ৰোতিয়ে কয়।

দেওধনী নৃত্য[সম্পাদনা কৰক]

সুকনানি ওজাৰ ওজাপালিৰ এক আংগিক উপাদান হ’ল দেওধনী নৃত্য। ৰামায়ণ গোৱা ওজাৰ লগত দেওধনী নাথাকে, কিন্তু সুকনানি ওজাৰ দেওধনী একপ্ৰকাৰ প্ৰধান অংগ বুলিব পাৰি। আজিকালি এই দেওধনী প্ৰায় লোপ পাই আহিছে। দেওধনীয়ে কিছুমান অলৌকিক শক্তি দেখুৱাই মানুহৰ মন আকৰ্ষন কৰে। আখ্যানমতে বেউলাই লক্ষীন্দাৰক জীয়াই তুলিবলৈ দেৱতাৰ আগত কৰা নৃত্যটোৱেই হ’ল দেওধনী নৃত্য। এই দেওধনীৰ প্ৰাৰম্ভিক পদচালন মুদ্ৰা পালীৰ সৈতে একে হোৱাটো ইয়াৰ এটা সাধাৰণ বৈশিষ্ট।দেওধনী নৃত্যৰ পোচাক সাধাৰণতে ৰঙা বৰণৰ হয় আৰু বুকুত মৰা নীলা বৰণৰ মেথনিয়ে চুলিমেলি নচা নৰ্তকীক এক অনন্য মাত্ৰা প্ৰদান কৰে। এই নৃত্যক মৃত সঞ্জীৱনী নৃত্য বুলি ধৰা হয় আৰু ইয়াৰ পৰিৱেশনশৈলি আন নৃত্যৰ লগত নিমিলে। পুৰ্বতে অসমত দেওধনী নচা ছোৱালী নাছিল। সংৰক্ষণশীল সমাজব্যৱস্থাৰ বাবেই এনে হৈছিল। আনহাতে এই নৃত্যৰ যোগেদি ভগৱানৰ আগত সতী বেউলাই নিজৰ স্বামী লক্ষীন্দাৰক জীয়াই তুলিবলৈ নাচিছিল বাবে সমাজে তেনে নৃত্য কৰা ছোৱালীক অসতী আৰু সতীৰ শ্ৰেণীতে ধৰিছিল আৰু হেয় জ্ঞান কৰাৰ লগতে বিবাহৰ অযোগ্য বুলি ভাবিছিল। সময়ৰ পৰিৱৰ্তনশীল ধাৰাটোৱে এই আহুকলিয়া চিন্তনত কিছু শিথিলতা আনে যদিও আজিও দেওধনী নচা ছোৱালীৰ সংখ্যা তেনেই নগন্য বুলিব পাৰি।

বৰ্তমানৰ ওজাপালি[সম্পাদনা কৰক]

জীৱনৰ চৌষষ্ঠী কলাৰ ভিতৰত বিশেষকৈ সাহিত্য, সংগীত আৰু নৃত্যকলাৰ এক সমন্বয় হ’ল ওজাপালি। প্ৰাক শংকৰী যুগৰো বহুকাল আগতে সুস্থৰূপত প্ৰচলিত আছিল ওজাপালি। ইয়াক ধৰ্মীয় অনুষ্ঠান হিচাবে গণ্য কৰিলেও তেতিয়াৰ সময়ত ওজাপালিক অসমীয়া জাতিৰ এটা অতি আপুৰুগীয়া আৰু প্ৰধান কলা হিচাপে গণ্য কৰা হৈছিল। এই কলাক জীয়াই ৰখাৰ বাবে কেৱল অসমীয়া লোকেই আহুপুৰোষাৰ্থ কৰিছিল তেনে নহয়। এই নৃত্যত আন আন জনগোষ্ঠীৰ লোকো সমানে জঢ়িত আছিল। উদাহৰণস্বৰূপে পৰশু শেখ ওজাৰ নাম সজোৰে উচ্ছাৰণ কৰিব পাৰি। এইজন লোক ধৰ্মত ইচলাম আছিল যদিও ওজাপালি আৰু দেওধনী নৃত্যৰ বাবে আহুপুৰূষাৰ্থ কৰিছিল। তেওঁকেই প্ৰথম মুচলমান ওজা বুলি ধৰা হয়। তেওঁৰ নাট্যদলৰ কেইজনমান বিখ্যাত পালি হ’ল ফুটামৰা শেখ, পনৌ চানা, দুৰাণ আৰু পুৰাণ। আকৌ এই দলটোৰ লগতে দেওধনী নৃত্য পৰিৱেশন কৰা প্ৰথম মহিলা গৰাকী হ’ল হাফেজা বেগম। দৰঙ জিলাৰ মোচলমান অধ্যুষিত এলেকা ওজাপাৰা চুবাৰ নাম পৰশু শেখ ওজাৰ পৰাই হ’ল বুলি জনা যায়। আধুনিক বুৰঞ্জীৰ কিছূ পৃষ্ঠা লুটিয়াই চালে দেখা যায় যে বিশ্বসিংহৰ বংশধৰ কোঁচ নৃপতীসকলে দৰঙী কলা-কৃষ্টিৰ বিকাশ তথা প্ৰসাৰৰ বাবে আহোপুৰোষাৰ্থ কৰিছিল। এই দৰঙী ৰজাসকল আছিল সাক্তধৰ্মী। তেখেতসকলেই মাৰৈ পুজা কৰিছিল (অসমত অঞ্চলবিশেষে ইয়াক মাৰে পুজা বুলিও জনা যায়) আৰু এই পুজাত পৰিৱেশ্য কলা হিচাবে ওজাপালি আৰু দেওধনী নৃত্যৰ পোষকতা কৰিছিল। ৰজাই এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা খুটিতাল, বৰতাল, ঢোল, জয়ঢোল ইত্যাদিৰ যোগানো ধৰিছিল। আনকি নৃপতিসকলে গায়নৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা শুকনানি পুথিও ওজাসকলক যোগান ধৰিছিল। জনশ্ৰুতি মতে কোঁচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে ১০,৫০০ পদেৰে শুকনানি বা পদ্মপুৰাণখন ৰচনা কৰিছিল। কিন্তু, মনসা পুজা বা মাৰৈপুজাৰ লগত ই কেনেধৰণেৰে আৰু কোন সময়ত জঢ়িত হ’ল সেয়া জনাটো কঠিন। কিছুৰ মতে সুকবি নাৰায়ন দেবৰ নামেৰে ই সুকনানি নাম পায়। ওজাপালিৰ পৰম্পৰাগত গীত-পদ সমুহকেই প্ৰণালীবদ্ধভাৱে সুকবি নাৰায়নদেবে ওজাপালীয়ে গাব পৰাকৈ মনসাদেৱীক লৈ পদ্মপুৰাণ আৰু আন মনসা কাব্যকেইখন লিখি উলিয়াই। পাচলৈ দুৰ্গাবৰ আৰু মনকৰে ওজাপালিসকলে গাব পৰাকৈ ইয়াত সুৰ-সঞ্চাৰ আৰু অলংকৰণ কৰে।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. মনোৰঞ্জন কলিতা. "Higligting Ojapali". দ্য আসাম ট্ৰিবিউন. http://www.assamtribune.com/nov2108/mosaic1.html। আহৰণ কৰা হৈছে: নৱেম্বৰ ৩০, ২০১২. 
  2. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা-৫৪)

১/ অসমৰ পৰিৱেশ্য কলা ওজাপালি- ড0 নবীন চন্দ্ৰ শৰ্মা । ২/ সুকনানি সংগীতৰ ৰূপৰেখা- উমাকান্ত নাথ । ৩/ অসমীয়া লোকসংস্কৃতিৰ আভাস- ড0 নবীন চন্দ্ৰ শৰ্মা । ৪/ শ্ৰী ললিত চন্দ্ৰ নাথ ওজাৰ ওপৰত প্ৰাপ্ত কিছু সমলভিত্তিক লেখা ।