কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Kaziranga National Park

—  ৰাষ্ট্ৰীয় উদ্যান  —
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°40′00″N 93°21′00″E / 26.666667°N 93.35°E / 26.666667; 93.35
দেশ  ভাৰত
ৰাজ্য অসম
জিলা   গোলাঘাট, নগাওঁ
স্থাপিত ১৯৭৪
নিকটৱর্তী চহৰ যোৰহাট
সময়াঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স. ০৫:৩০)
মাটিকালি

উচ্চতা


80 m (262 ft)

জলবায়ু

অধঃক্ষেপন
উষ্ণতা
• গ্ৰীষ্মকালিন
• শীতকালিন


     2,220 mm (87.4 in)

     37 °C (99 °F)
     5 °C (41 °F)

দৰ্শনাৰ্থী ৫,২২৮
প্ৰশাসক ভাৰত চৰকাৰ, অসম চৰকাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (উচ্চাৰণ [kazirɔŋɡa rastrijɔ udːan] ( শুনক)) অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যানপৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যবাহী স্থান সমূহৰ এখন।[1] কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), ম'হ (wild water buffalo (Wild Asiatic Water Buffalo) আৰু হৰিণা (swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। 'আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন' (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় 'জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান'ত (biodiversity hotspot) অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়।

কাজিৰঙা ওখ ঘাঁহ (elephant grass (Miscanthus sinensis)) আৰু ঘন 'গ্ৰীষ্মপ্ৰধান সেমেকা বহলপৰ্ণী অৰণ্য' (tropical moist broadleaf forest)। ইয়াৰে মাজেৰে ব্ৰহ্মপুত্ৰকে ধৰি চাৰিখন গুৰুত্বপূৰ্ণ নৈ বৈ গৈছে। অৰণ্যৰ মাজত আন কেবাটাও বিল আছে। কাজিৰঙাক লৈ কেবাখনো কিতাপ, গান ৰচনা কৰা হোৱাৰ উপৰিও কেবাখনো তথ্য-চিত্ৰ নিৰ্মাণ কৰা হৈছে। ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল (reserve forest) হিচাপে এশ বছৰ অতিক্ৰম কৰে। ১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল।

সূচী

[সম্পাদনা কৰক] ইতিহাস

[[মেৰী কাৰ্জন, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ (১৮৭০-১৯০৬) পত্নী। এই মহিলাই ভাৰতত গঁড় সংৰক্ষণৰ দাবী তুলিছিল।]]

১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন।[2] এই যাত্ৰাত তেখেতে অকল গঁড়ৰ খুৰাৰ ছাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নাপালে। তেখেতৰ লগত যোৱা 'পশু সন্ধানক' (animal tracker) 'বলোৰাম হাজৰিকা'ই (নিগনা চিকাৰী [3]) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত দাঙি ধৰে।[4] ইয়াৰ পাছতেই তেখেতে স্বামী লৰ্ড কাৰ্জনক গঁড়ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ায়। লৰ্ড কাৰ্জনেই গঁড়ৰ সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে।[4] ১৯০৫ চনৰ ১ জুনত 'কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল'ৰ পট্টন কৰা হয়। সেই সময়ত ইয়াৰ মাটি-কালি আছিল ২৩২ বৰ্গ কি.মি.।[5]

পাছৰ তিনিটা বছৰত উদ্যানৰ পৰিসৰ আৰু ১৫২ বৰ্গ কি.মি. বঢ়াই ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বিস্তাৰ কৰা হয়।[6][বিসংগতিপূৰ্ণ উত্স] ১৯০৮ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' ঘোষণা কৰা হয়। ১৯১৬ চনত ইয়াক 'অভয়াৰণ্য' ঘোষণা কৰা হয়। "কাজিৰঙা চিকাৰ অভয়াৰণ্য" (Kajiranga Game Sanctuary) নামটো ১৯৩৮ চনলৈ বাহাল থাকে। এই সময়চোৱাত কাজিৰঙাৰ ভিতৰত চিকাৰ কৰাৰ ওপৰত বাধা-নিষেধ আছিল আৰু ভ্ৰমণকাৰীক দৰ্শনৰ অৰ্থে অৰণ্যৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

১৯৫০ চনত অৰণ্য সংৰক্ষক (forest conservationist), পি.ডি. ষ্ট্ৰেচীৰ উদ্যোগত 'কাজিৰঙা অভয়াৰণ্য' নাম সলনি কৰি 'কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্য' (Kaziranga Wildlife Sancutuary) কৰা হয়। মূলত: আগৰ নামটোত সংপৃক্ত 'চিকাৰ' (game) শব্দটোৱে ভুল তাৎপৰ্য বহন কৰে বুলি নামটো সলনি কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৫৪ চনত অসম চৰকাৰে 'অসম (গঁড়) আইন' (Assam (Rhinoceros) Bill) প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে চোৰাংকৈ গঁড় হত্যাৰ বিৰূদ্ধে শাস্তিৰ কঠোৰ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৬৮ চনত চৰকাৰে প্ৰণয়ন কৰে 'অসম ৰাষ্ট্ৰীয় উদ্যান আইন, ১৯৬৮ চন' (The Assam National Park Act of 1968) আৰু এই আইনৰ জৰিয়তে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ ময্যদা দিয়া হয়।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় চৰকাৰে ৪৩০ বৰ্গ কি.মি. মাটি-কালিৰে আগুৰা কাজিৰঙাক আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে। ১৯৮৫ চনত কাজিৰঙাক ইউনেস্কোৰ (UNESCO) 'বিশ্ব ঐতিহ্যবাহী স্থান' (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

কাজিৰঙাই বিগত কেইটামান দশকত বহুতো প্ৰাকৃতিক আৰু মানৱ-সৃষ্ট দুৰ্যোগৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে। ব্ৰহ্মপুত্ৰৰ বানপানী যথেষ্ট সংখ্যক পশুৰ মৃত্যুৰ কাৰণ হৈ পৰে।[7] কাজিৰঙাৰ আশ-পাশে চলি থকা বেদখলে উদ্যানখনৰ সীমা চেপি আনি পশুৰ বাবে স্থান সীমিত কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন] আলফা আৰু অন্যান্য উগ্ৰপন্থী গোটৰ চলিত কাৰ্যকলাপে অঞ্চলটোৰ অৰ্থনৈতিক ক্ষেত্ৰত হানিৰ সৃষ্টি কৰিছে।[8] অৱশ্যে আলফাৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে কাজিৰঙাৰ কোনো হানি হোৱা নাই--বৰং--কিছুমান ক্ষেত্ৰত আলফা সদস্যই উদ্যানৰ পশু হত্যা বন্ধ কৰিবলৈ চেষ্টা কৰা দেখা যায়। ১৯৮০ চনৰপৰাই আলফা সদস্যৰ দ্বাৰা চোৰাং চিকাৰী নিধনৰ কথা জানিব পৰা গৈছে।[4]

২০০৫ চনত উলহ-মালহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰা হয়। এই উপলক্ষত মেৰী কাৰ্জন আৰু লৰ্ড কাৰ্জনৰ বৰ্তমান বংশধৰক বিশেষ সন্মান প্ৰদৰ্শন কৰা হয়। একে উৎসৱত 'নিগনা চিকাৰী'ৰ নাতি হাতীৰ মাউত 'বাপিৰাম হাজৰিকা'কো সন্মান জনোৱা হয়।[3] ২০০৭ চনৰ প্ৰথম ভাগত কেইটামান হাতী আৰু দুটা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পঠিওৱা হয়। এয়া ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাতী পুনৰ্বাসৰ প্ৰথম প্ৰচেষ্টা।[9]

[সম্পাদনা কৰক] নামৰ উৎস (etymology)

কাজিৰঙা নামৰ উৎপত্তি সম্পৰ্কে নিশ্চিত তথ্য পোৱা হোৱা নাই, অৱশ্যে বিভিন্ন জনশ্ৰুতি বিৰাজমান। এটা এনে প্ৰবাদ অনুসৰি ৰঙা নামৰ ছোৱালী এজনীয়ে কাৰ্বি ডেকা কাজিক ভাল পাইছিল। কিন্তু সমাজৰ বাধাৰ বাবে দুয়ো এক হ'ব নোৱাৰিলে। এদিন দুয়ো পলাই গৈ কাষৰ হাবিত সোমাল আৰু কেতিয়াও উভতি নাহিল। সেই হাবিখনেই বৰ্তমানৰ কাজিৰঙা।[উদ্ধৃতিৰ প্ৰয়োজন] আন এটা প্ৰবাদ মতে, শ্ৰীমন্ত শংকৰদেৱ-এ কাজি আৰু ৰঙাই নামে এহাল অপুত্ৰক দম্পতিক সন্তান লাভৰ বাবে সেই ঠাইত এটা বৃহৎ পুখুৰী খন্দাবলৈ কৈছিল। তেওঁলোকৰ নামৰপৰাই ঠাইখনৰ নাম হ'ল কাজিৰঙা। [10]

কাজিৰঙা নামটোৰ প্ৰাচীনত্ব সম্পন্ধে যথেষ্ট সমল পোৱা যায়। সপ্তদশ শতিকাৰ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ সেই ফালেৰে যাওঁতে সেই ঠাইৰ মাছৰ সোৱাদত আকৃষ্ট হৈ ঠাইখিনিৰ নাম সোধাত 'কাজিৰঙা' বুলি উত্তৰ দিয়াৰ উল্লেখ পোৱা যায়।[11] কাজিৰঙাৰ আন এটা উৎস হ'ব পাৰে কাৰ্বি ভাষাৰ শব্দ 'কাজি' (অৰ্থ: ছাগলী) আৰু 'ৰঙাই' (অৰ্থ: ৰঙা), অৰ্থাৎ 'ৰঙা ছাগলীৰ স্থান' (Land of red goats (deer))।[11]

কিছু সংখ্যক বুৰঞ্জীবিদৰ মতে কাজিৰঙা কাৰ্বি ভাষাৰ 'কাজিৰ-এ-ৰং' শব্দৰপৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 'কাজীৰ গাঁও'। কাৰ্বিসকলৰ মাজত ছোৱালীৰ নাম হিচাপে 'কাজিৰ' বহুল প্ৰচলিত।[উদ্ধৃতিৰ প্ৰয়োজন] বিশ্বাস কৰা হয় যে এটা সময়ত 'কাজিৰ' নামৰ এগৰাকী মহিলাই এই অঞ্চল শাসন কৰিছিল। এই অঞ্চলত সিঁচৰতি হৈ থকা কাৰ্বি ৰাজ্যৰ বিভিন্ন শিলাকৃতিয়ে এই মতবাদৰ সপক্ষে সাক্ষ্য আগবঢ়ায়।

[সম্পাদনা কৰক] ভৌগোলিক বিৱৰণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানচিত্ৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি অক্ষাংশ ২৬°৩০' উ. আৰু ২৬°৪৫' উ.-ৰ মাজত আৰু দ্ৰাঘিমাংশ ৯৩°০৮' পূ. আৰু ৯৩°৩৬' পূ.উ.-ৰ মাজত। নগাঁও জিলাৰ কলিয়াবৰ মহকুমা আৰু গোলাঘাট জিলাবোকাখাট মহকুমাত উদ্যানখন অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন]

উদ্যানৰ দৈৰ্ঘ্য প্ৰায় ৪০ কিমি (পূব-পশ্চিম) আৰু প্ৰস্থ প্ৰায় ১৩ কি.মি. (উত্তৰ-দক্ষিণ)।[12] কাজিৰঙাৰ মুঠ মাটিকালি ৩৭৮ বৰ্গ কি.মি., ইয়াৰে প্ৰায় ৫১.১৪ বৰ্গ কি.মি. বিগত দশককেইটাত গৰাখহনীয়াৰ বুকুত জাহ গৈছে।[12] উদ্যানৰ বৰ্তমান চাৰিসীমাৰ বাহিৰৰ ৪২৯ বৰ্গ কি.মি. কাজিৰঙাৰ লগত সাঙুৰি অইন এখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছে। এই সংযোজনে বন্যপ্ৰাণীৰ বাবে আৱাসিক পৰিসৰ বঢ়োৱা উপৰিও কাৰ্বি আংলং পাহাৰলৈ বন্য জন্তুৰ অহা-যোৱাৰ বাবে নিৰাপদ বাট উলিয়াই দিছে।[13] সমুদ্ৰ পৃষ্ঠৰপৰা কাজিৰঙাৰ উচ্চতা ৪০ মিটাৰৰপৰা ৮০ মিটাৰলৈ বিস্তৃত।[উদ্ধৃতিৰ প্ৰয়োজন] উদ্যানৰ পূব আৰু উত্তৰ সীমা ব্ৰহ্মপুত্ৰ নদীৰে আগুৰা। উদ্যানৰ দক্ষিণ সীমা মৰা ডিফলু নৈয়ে আগুৰি ৰাখিছে। কাজিৰঙাৰ মাজেৰে ডিফলু আৰু মৰা ধনশিৰী নৈ বৈ গৈছে।[14]

কাজিৰঙাত পলসুৱা ভূমিৰ বিস্তৰ ক্ষেত্ৰ বিৰাজমান। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই উটুৱাই নি জমা কৰা পলসুৱা মাটিৰে এনে ক্ষেত্ৰ গঠিত হয়।[উদ্ধৃতিৰ প্ৰয়োজন] উদ্যানৰ বুকুত বালিচৰ আৰু বানপানীৰে সৃষ্ট বিলৰ পয়োভৰ দেখা যায়। এনে বিলসমূহে মুঠ মাটিকালিৰ প্ৰায় ৫% আৱৰি আছে,[উদ্ধৃতিৰ প্ৰয়োজন] ওখ অংশক চাপৰি বোলা হয়। বানপানীৰ সময়ত চাপৰিতে বন্য-প্ৰাণী জমা হয়। বন্য প্ৰাণীৰ সহায়ক হ'বলৈ ভাৰতীয় সেনাৰ সহযোগত কেবাটাও কৃত্ৰিম চাপৰি সজোৱা হৈছে।[15][16] হিমালয়ৰ পাদদেশত কাজিৰঙা এক বৃহৎ সংৰক্ষিত ভূমি। প্ৰজাতিৰ উল্লেখযোগ্য বিবিধতা আৰু দৰ্শনৰ বাবে এই ভূমিক 'জৈৱবৈচিত্ৰৰ উল্লেখনীয় ক্ষেত্ৰ' (biodiversity hotspot) বোলা হৈছে।[17] উদ্যানখন ইণ্ডো-মালয় পৰিবেশিক ক্ষেত্ৰৰ (Indomalaya ecozone) অন্তৰ্গত। উদ্যানত বিৰাজমান পৰিস্থিতি তন্ত্ৰসমূহ হৈছে: 'গ্ৰীষ্মমণ্ডলীয় আৰু অৰ্ধগ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ বহলপত্ৰী বনাঞ্চল'ৰ (tropical and subtropical moist broadleaf forests) অন্তৰ্গত 'ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৰ্ধ-চিৰসেউজ বনাঞ্চল' (Brahmaputra Valley semi-evergreen forests) আৰু 'গ্ৰীষ্মমণ্ডলীয় আৰু অৰ্ধগ্ৰীষ্মমণ্ডলীয় ঘাঁহনি, ছাভানা আৰু জোপোহা পৰিস্থিতি তন্ত্ৰ'ৰ (tropical and subtropical grasslands, savannas, and shrublands) অন্তৰ্গত 'টেৰাই-ডুয়াৰ ছাভানা আৰু ঘাঁহনি'ৰ (Terai-Duar Savanna and grasslands) সঘনাই বানপানী হৈ থকা প্ৰকাৰ।

[সম্পাদনা কৰক] জলবায়ু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা ঋতু অনুভূত হয়: গ্ৰীষ্ম, বৰ্ষা আৰু শীত। শীতকালটো শুকান আৰু নাতিশীত, নৱেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈ শীত অনুভূত হয়। এই সময়ত সৰ্ব্বোচ্চ উষ্ণতা গড়ে ২৫°ছে. আৰু সৰ্বনিম্ন গড় উষ্ণতা ৫°ছে.।[উদ্ধৃতিৰ প্ৰয়োজন] বিল, নলা আদি শুকাই যায়।[14]:p.06 মাৰ্চ আৰু মে মাহত গ্ৰীষ্ম ঋতু বিৰাজ কৰে। এই সময়ত সৰ্ব্বোচ্চ গড় উষ্ণতা ৩৭°ছে হয়গৈ।[উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰীষ্মকালত পানীৰ উৎসৰ কাষতে জীৱ-জন্তুবোৰ বেছিকৈ দেখা যায়।[14]:p.06 জুন মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ বৰষুণ আহে। কাজিৰঙাৰ বাৰ্ষিক বৰষুণৰ বুজন অংশ এই কালতে হয়। বছেৰেকীয় বৰষুণৰ পৰিমাণ ২২২০ মি.মি.।[উদ্ধৃতিৰ প্ৰয়োজন] বৰ্ষা ঋতুৰ প্ৰকোপ সৰ্ব্বোচ্চ হোৱাৰ সময়ত (জুলাই, আগষ্ট মাহ) উদ্যানখনৰ পশ্চিমৰ প্ৰায় তিনি চতুৰ্থাংশ পানীৰে ভৰি থাকে। ব্ৰহ্মপুত্ৰৰ উত্থিত জলপৃষ্ঠৰ লগত উদ্যানৰ পানী একাকাৰ হৈ পৰে। এই সময়ত বেছি বন্য জীৱই উদ্যানৰ দক্ষিণৰ 'মিকিৰ পাহাৰ'ত আশ্ৰয় লয়।[18] বানপানীৰ দৰেই কেতিয়াবা, অতিমাত্ৰা খৰাং অৱস্থায়েও বন্যপ্ৰাণীৰ বাবে খাদ্যৰ সমস্যা সৃষ্টি কৰে।[19][সংযোগবিহীন উৎস]

[সম্পাদনা কৰক] প্ৰাণীকুল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৩৫-বিধ স্তন্যপায়ী প্ৰজাতিৰ বসবাস আৰু প্ৰজনন স্থলী[20] ইয়াৰে ১৫ টা প্ৰজাতি 'প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংঘ'ৰ IUCN Red List তালিকাত 'বিপদশংকুল' (threatened) বুলি ঘোষিত।[উদ্ধৃতিৰ প্ৰয়োজন] এই উদ্যান নিম্নোক্ত প্ৰজাতিকেইটাৰ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ বাসভূমি: এশিঙীয়া গঁড় (Great Indian One-Horned Rhinoceros)(সংখ্যা: ১,৮৫৫),[21][22] বনৰীয়া ম'হ (Wild Asiatic Water Buffalo) (সংখ্যা: ১,৬৬৬)[23] আৰু শৰ পহু/দল-হৰিণা (Eastern Swamp Deer) (সংখ্যা: ৪৬৮)।[24] বৃহৎ সংখ্যক ডাঙৰ জন্তুৰ ভিতৰত হাতী (সংখ্যা: ১,৯৪০),[25] মেথোন (Indian Bison, gaur)(সংখ্যা: ৩০) আৰু সম্বৰ হৰিণ (Sambar Deer) (সংখ্যা: 58)। সৰু জাতৰ তৃণভোজী প্ৰাণীৰ ভিতৰত সুগৰী পহু (Indian Muntjac), বনৰীয়া বৰা (wild boar) আৰু খটীয়া হৰিণ (hog deer) আদি যথেষ্ট পৰিমানে পোৱা যায়।[18][26] সমগ্ৰ পৃথিৱীৰ প্ৰায় ৫৭% বনৰীয়া (পানী) ম'হ (Wild Water Buffalo) কাজিৰঙাতে পোৱা যায়।[27]

মেকুৰীজাতীয় বৃহদাকাৰ প্ৰাণী, যেনে ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘৰ বাবে আফ্ৰিকাৰ বাহিৰত থকা অল্পসংখ্যক প্ৰজননস্থলীৰ ভিতৰত কাজিৰঙা অন্যতম।[20] ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ (Tiger Reserve) হিচাপে ঘোযণা কৰা হয়। ২০০০ চনৰ গণনা অনুসৰি কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা ৮৬, প্ৰতি বৰ্গ কি.মি.ত ৫-টাকৈ বাঘৰ সংখ্যা হিচাপে ই পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ঘনত্বৰ বাঘ বহুল ক্ষেত্ৰ।[21] মেকুৰীজাতীয় অন্যান্য প্ৰাণীৰ ভিতৰত বন মেকুৰী (Jungle Cat), Fishing Cat, আৰু কুকুৰ-নেচীয়া বাঘ (Leopard Cat) প্ৰধান।[20] সৰু স্তন্যপায়ী প্ৰাণী যেনে বিৰল প্ৰজাতিৰ শহাপহু (Hispid Hare), বৰ নেউল (Indian Gray Mongoose), সৰু নেউল (Small Indian Mongoose), চিভেট (Large Indian Civet), জহামাল (Small Indian Civet), শিয়াল (Bengal Fox), সোণালী শিয়াল (Golden Jackal), ভালুক (Sloth Bear), বন-ৰৌ (Chinese Pangolin আৰু Indian Pangolin), নলগাহৰি (Hog Badger), Chinese Ferret Badgers, আৰু বাংকেক (উৰণীয়া কেৰ্কেটুৱা (Particolored flying squirrels)) উল্লেখযোগ্য।[18][20][উদ্ধৃতিৰ প্ৰয়োজন] ভাৰতত পোৱা ১৪ বিধ বান্দৰজাতীয় প্ৰজাতিৰ (primate) ৯ বিধ কাজিৰঙাত পোৱা যায়।[4] ইয়াৰ ভিতৰত অন্যতম হৈছে অসমীয়া বান্দৰ (Assamese Macaque), লুটং/টুপীমূৰীয়া বান্দৰ (Capped Lutung), সোণালী বান্দৰ (Golden Langur); লগতে ভাৰতত পোৱা একমাত্ৰ বন-মানুহ হলৌ বান্দৰ (Hoolock Gibbon).[18][20][উদ্ধৃতিৰ প্ৰয়োজন] কাজিৰঙাৰ বুকুৰে বৈ যোৱা নৈ-সমূহত লুপ্ত-প্ৰায় (endangered) শিহু (Ganges Dolphin) দেখা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

An Indian Roller at Kaziranga

কাজিৰঙাক Birdlife International-ৰ দ্বাৰা 'গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ' (Important Bird Area) হিচাপে চিহ্নিত কৰা হৈছে।[28] এই উদ্যান কেবাবিধৰ পৰিভ্ৰমী, জলচৰ, চিকাৰী, শৱখাদক আৰু চিকাৰৰ চৰাইৰে বাসস্থান। Lesser White-fronted Goose, Ferruginous Duck, Baer's Pochard duck আৰু Lesser Adjutant, Greater Adjutant, Black-necked Stork, আৰু Asian Openbill stork আদি চৰায়ে মধ্য এছিয়াৰপৰা শীতকালত কাজিৰঙালৈ প্ৰব্ৰজন কৰে।[29] জলচৰ চৰাইৰ ভিতৰত মুখ্য হৈছে: Blyth's Kingfisher, White-bellied Heron, Dalmatian Pelican, Spot-billed Pelican, Nordmann's Greenshank, আৰু Black-bellied Tern.[29]:p.10 চিকাৰী চৰাইৰ ভিতৰত ঈগল (Eastern Imperial Eagle), Greater Spotted, White-tailed, Pallas's Fish Eagle, Grey-headed Fish Eagle, আৰু Lesser Kestrel প্ৰধান।[30]

আগতে কাজিৰঙাত সাতোটা ভিন্ন প্ৰজাতিৰ শগুন দেখা গৈছিল। কিন্তু বৰ্তমান শগুনৰ বিলুপ্তপ্ৰায় অৱস্থা হৈছে। ইয়াৰ মূল কাৰণ হিচাপে ডাইক্লোফেনাক (diclofenac) নামৰ ঔষধ থকা শৱ আহাৰ হিচাপে গ্ৰহন কৰাকে ভবা হৈছে।[31] বৰ্তমান Indian Vulture, Slender-billed Vulture, আৰু Indian White-rumped Vulture, এই তিনিটা প্ৰজাতিৰ শগুনহে দেখিবলৈ পোৱা যায়।[31] Game birds include the Swamp Francolin, Bengal Florican, and Pale-capped Pigeon.[29]:p.03

অন্যান্য চৰাইৰ ভিতৰত Great Indian Hornbill আৰু Wreathed Hornbill, Old World babbler-ৰ ভিতৰত Jerdon’s আৰু Marsh Babbler, পাতসিয়া চৰাই (weaver bird)-ৰ ভিতৰত সাধাৰণতে দেখিবলৈ পোৱা Baya Weaver আৰু লুপ্তপ্ৰায় (threatened) Finn's Weaver; thrushes-ৰ ভিতৰত Hodgson's Bushchat; আৰু Old World warblers-ৰ ভিতৰত Bristled Grassbird আদি উল্লেখযোগ্য। অন্যান্য লুপ্তপ্ৰায় চৰাই, Black-breasted Parrotbill আৰু Rufous-vented Prinia দেখিবলৈ পোৱা যায়।[29]:p.07–13

পৃথিৱীৰ ভিতৰতে বৃহৎ আকাৰৰ দুবিধ সাপ ক্ৰমে Reticulated Python আৰু Rock Python; লগতে আটাইতকৈ দীঘল বিষধৰ সাপ ৰজাফেঁটী (King Cobra) এই উদ্যানত বিদ্যমান। ইয়াৰ উপৰিও ফেঁটী সাপ (Indian Cobra), Monocled Cobra, Russell's Viper, আৰু Common Krait দেখিবলৈ পোৱা যায়।[20] Monitor lizard প্ৰজাতিসমূহৰ Bengal monitor আৰু Water Monitor কাজিৰঙাত দেখা যায়।[20] অন্যান্য সৰীসৃপৰ ভিতৰত কাছ (turtle), যেনে Assam Roofed Turtle সঘনাই দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও Brown Tortoise পোৱা যায়।[20] Tetraodon-কে ধৰি ৪২ বিধ ভিন্ন প্ৰজাতিৰ মাছৰ বাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।[20]

[সম্পাদনা কৰক] উদ্ভিদকুল

কাজিৰঙাৰ পৰ্ণপাতী অৰণ্য আৰু ঘাঁহনি

মূলত: চাৰি প্ৰকাৰৰ উদ্ভিদসমষ্টি (vegetation) দেখিবলৈ পোৱা যায়:[32] পলসুৱা মাটিৰ ঘাঁহনি alluvial inundated grasslands, পলসুৱা মাটিৰ ঘাঁহনি আৰু অৰণ্য alluvial savanna woodlands, গ্ৰীষ্মপ্ৰধান আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য tropical moist mixed deciduous forests, আৰু গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য tropical semi-evergreen forests। ১৯৮৬ চনৰ জৰীপ অনুযায়ী উদ্যানখনৰ উদ্ভিদসমষ্টিৰ অংশ: ওখ ঘাঁহনি ৪১%, চাপৰ ঘাঁহনি ১১%, মুকলি জংগল ২৯%, পিটনি ৪%, নদী আৰু অন্য জলাশয় ৮%, বালিভূমি ৬%[33]

কাজিৰঙাৰ এটা পহৰা-চকীৰপৰা ঘাঁহনি আৰু মুকলি অৰণ্যৰ মাজত লঠঙা এডাল গছ।

উদ্যানখনৰ পূব আৰু পশ্চিম অংশৰ মাজত উচ্চতাৰ পাৰ্থক্য আছে। পশ্চিম অংশ পূবতকৈ নামনিত। পশ্চিম অংশ ঘাঁহনিৰে আৱৰা। ওখ ঘাঁহ ওখ অংশত পোৱা যায়, আনহাতে চাপৰ ঘাঁহ পোৱা যায় আপেক্ষিক ভাৱে কম উচ্চ আৰু জলাশবসমূহৰ পাৰে পাৰে।[উদ্ধৃতিৰ প্ৰয়োজন] বছৰেকীয়া বানপানী, তৃণভোজীৰ চাৰণ আৰু নিয়ন্ত্ৰিত ভাৱে জ্বলাই দিয়াৰ বাবে ঘাঁহনি আৰু খাগৰি অক্ষুণ্ণ থাকে। ওখ ঘাঁহৰ ভিতৰত কুঁহিয়াৰ (sugarcanes), spear grass, elephant grass, আৰু নল-খাগৰি (Phragmites/common reed) প্ৰধান। ঘাঁহৰ মাজে মাজে বিভিন্ন বনৰীয়া ফুল (forb) বিৰাজমান। ঘাঁহনিৰ মাজে মাজে কেবাটাও প্ৰজাতিৰ গছ দেখিবলৈ পোৱা যায়। ঘাঁহনিক ছাঁয়া দি ৰখা এই ওখ গছসমূহৰ ভিতৰত ছাভানা ঘাঁহনিত kumbhi, Indian gooseberry, শিমলু (cotton tree), আৰু পলসুৱা ঘাঁহনিত elephant apple গছেই প্ৰধান।[উদ্ধৃতিৰ প্ৰয়োজন]

কাঞ্চনঝুৰি, পানবাৰী আৰু তামূলীপথাৰ ব্লকসমূহত চিৰসেউজ অৰণ্য বিৰাজমান। এই চিৰসেউজ অৰণ্যত দেখা পোৱা গছ সমূহ হৈছে Aphanamixis polystachya, Talauma hodgsonii, Dillenia indica, Garcinia tinctoria, Ficus rumphii, Cinnamomum bejolghota, আৰু Syzygium বিভিন্ন প্ৰজাতি। বাগৰি, বিমলী, আৰু হালধীবাৰী ব্লকত গ্ৰীষ্মপ্ৰধান অৰ্ধ-চিৰসেউজ অৰণ্য দেখা যায়। এই অংশত পোৱা যায় Albizia procera, Duabanga grandiflora, Lagerstroemia speciosa, Crateva unilocularis, Sterculia urens, Grewia serrulata, Mallotus philippensis, Bridelia retusa, Aphania rubra, Leea indica, আৰু Leea umbraculifera.[34]

কাজিৰঙাৰ জলাশয় সমূহতো বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখা যায়। পানী মেটেকা (water hyacinth) কাজিৰঙাত সতকাই চকুত পৰা এবিধ আগ্ৰাসী জল-উদ্ভিদ। পানী-মেটেকাই জলাশয়সমূহ ঢাকি পেলায় যদিও বানপানীয়ে বছৰি মেটেকা নিৰ্মূল কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] আন এবিধ আগ্ৰাসী উদ্ভিদ Mimosa invisa, যি তৃণভোজী প্ৰাণীৰ বাবে হানিকাৰক। ২০০৫ চনত Wildlife Trust of India-ৰ সহযোগত কাজিৰঙাৰ কৰ্মচাৰীয়ে ইয়াক নিৰ্মূল কৰে।[35]

[সম্পাদনা কৰক] প্ৰশাসন

উদ্যানৰ জৈৱিক ঐতিহ্যৰ বাৰ্তা বহন কৰা এখন জাননী

অসম চৰকাৰৰ বন বিভাগৰ বন্যজীৱন (Wildlife) শাখাৰ বোকাখাটস্থিত সদৰ কাৰ্যালয়ৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসন কাৰ্য্য চলোৱা হয়।[14]:p.05 উদ্যান প্ৰশাসনৰ মূৰব্বী হৈছে সঞ্চালক, এখেত সংৰক্ষক পৰ্য্যায়ৰ বিষয়া (conservator-level officer)। এজন সংমণ্ডল বন প্ৰাধিকাৰী উদ্যান প্ৰশাসনৰ মুখ্য কাৰ্য্যবাহী বিষয়া। দুজন সহকাৰী বন সংৰক্ষকৰ (conservator of forest) পদাধিকাৰীয়ে এখেতক সহযোগিতা আগবঢ়ায়। উদ্যানখনক চাৰিখন ক্ষেত্ৰত ভাগ কৰা হৈছে, একোখন ক্ষেত্ৰ 'ক্ষেত্ৰ বন বিষয়া'ৰ (ranger) দ্বাৰা পৰিচালিত হয়।[14]:p.11 এই ক্ষেত্ৰ চাৰিখন হৈছে বুঢ়াপাহাৰ, বাগৰি, মধ্য আৰু পূৰ্ব। প্ৰতিখনৰ সদৰ ক্ৰমে ঘোঁৰাকাটি, বাগৰি, কঁহৰা আৰু অগৰাতলী। একোখন ক্ষেত্ৰক আকৌ কেবাখনো 'পহৰা ক্ষেত্ৰ'ত (beat) ভগোৱা হৈছে। বিটসমূহৰ পৰিচালনা একোজন 'বনপালক'ৰ (forester) তত্বাৱধানত থাকে। বিটসমূহক 'উপবিট'ত ভগোৱা হয়, যাৰ মূখ্য দায়িত্ব এগৰাকী বনৰক্ষীয়ে (forest guard) বহন কৰে।[14]:p.11

উদ্যানৰ বাবে অৰ্থনৈতিক সাহায্য ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ বিভিন্ন পৰিকল্পিত আৰু পৰিকল্পনা বহীৰ্ভূত বিভিন্ন শিতানৰ যোগেদি আগবঢ়োৱা হয়। কেন্দ্ৰ চৰকাৰৰ হাতী প্ৰকল্পৰ (Project Elephant) পৰাও সাহায্য আহে। ১৯৯৭-১৯৯৮ চনত বিশ্ব ঐতিহ্য নিধিৰ (World Heritage Fund) 'নিৰাপত্তা প্ৰৱলনৰ বাবে কাৰিকৰী সহযোগিতা আঁচনি'ৰ (Technical Co-operation for Security Reinforcement scheme) অধীনত ১০০,০০০ আমেৰিকান ডলাৰৰ অনুদান আগবঢ়োৱা হৈছিল।[16]:p.02 বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় অনা-চৰকাৰ সংস্থাৰপৰাও অনুদান পোৱা যায়।

[সম্পাদনা কৰক] সংৰক্ষণ ব্যৱস্থা

কাজিৰঙাত হাতি আৰু গঁড় গণনাৰ লেখ

ভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ 'অসম বন নিয়ন্ত্ৰণ আইন'ৰপৰা (Assam Forest Regulation of 1891) আৰম্ভ কৰি ২০০২ চনৰ 'জৈৱবৈচিত্ৰ সংৰক্ষণ আইন'লৈ (Biodiversity Conservation Act of 200) কেবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে।[16]:p.01 ঘাইকঁ গঁড়ৰ চোৰাং-চিকাৰ এই উদ্যানৰ বাবে এটা চিন্তাৰ বিষয়। ১৯৮০ চনৰপৰা ২০০৫ চনলৈ ৫৬৭-টা গঁড় চোৰাং-চিকাৰীৰ হাতত নিধন হৈছে।[14]:p.10 বিগত কেইটামান বছৰত এই হাৰ কমি আহি ২০০৭ চনত ১৮-টা গঁড় চোৰাংকৈ হত্যা কৰা হৈছে।[36] সন্ত্ৰাসবাদী সংগঠনৰ উপাৰ্জনৰ লগত চোৰাং-চিকাৰ জড়িত থকাৰ বিষয়েও তথ্য পোৱা গৈছে।[37][38] অৱশ্যে বিগত বছৰকেইটাত এনে তথ্য পোৱা হোৱা নাই। চোৰাং চিকাৰ ৰোধ কৰাৰ বাবে বিশেষ কেম্প সজাৰ উপৰিও ইতিপূৰ্বে থকা কেম্পসমূহক উন্নত কৰা, পহৰা দিয়া, খবৰ সংগ্ৰহ কৰা আৰু উদ্যানৰ পাৰ্শৱৰ্তী এলেকাত বন্দুক-বাৰুদ নিষিদ্ধ কৰা আদি ব্যৱস্থাই চোৰাং চিকাৰ কিছু দূৰ নিয়ন্ত্ৰণলৈ আনিছে।[39][40]

কাজিৰঙাত ঘাঁহৰ নিয়ন্ত্ৰিত জ্বলন

বছেৰেকীয়া বানপানী আৰু মাত্ৰধিক বৰষুণ বন্য জীৱৰ মৃত্যুৰ এটা বৃহৎ কাৰণ, লগতে সংৰক্ষণৰ কাঠামোৰো ই ক্ষতিসাধন কৰে।[13]:p.21 বানপানীৰপৰা পৰিত্ৰাণৰ বাবে বহুতো জীৱই উদ্যান এলেকাৰ বাহিৰৰ ওখ ঠাইলৈ গুচি যায়, য'ত সহজে চিকাৰ হোৱাৰ উপৰিও তীব্ৰ-বেগী যানবাহনৰ খুন্দাতো প্ৰাণ দিবলগীয়া হয়। জনবসতিৰ খেতি নষ্ট কৰাৰ বাবেও কেতিয়াবা এনে জীৱক হত্যা কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] এনে সমস্যা হ্ৰাস কৰিবলৈ উদ্যান প্ৰশাসনে পহৰা চকীৰ সংখ্যা বঢ়োৱাৰ লগতে পানীৰ মাজেৰে সূচল পহৰাৰ বাবে বেগী নাৱৰ ব্যৱস্থা কৰিছে। উদ্যানৰ ভিতৰতে কৃত্ৰিম ওখ স্থানৰ ব্যৱস্থাও কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন] কাজিৰঙা দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ-ৰ ওপৰেৰ নিৰাপদে জীৱ-জন্তু পাৰ হ'বলৈ কেবাটাও ক'ৰিডৰ নিৰ্মাণ কৰা হৈছে।[41] ঘৰুৱা প্ৰাণীৰ বেমাৰৰ জীৱাণু উদ্যানৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰাকৈ পালিত পশুক প্ৰতিষেধক প্ৰদান কৰা আৰু বন্য জীৱসমূহৰ জিনীয় বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ পালিত পশুৰ লগত প্ৰজনন কৰিব নোৱাৰাকৈ সংবেদনশীল ক্ষেত্ৰসমূহ বেৰ দিয়া আদি পদ্ধতি পালন কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী চাহবাগিচাৰ কীটনাশক আৰু নুমলীগড় শোধনাগাৰৰপৰা নিৰ্গত আৱৰ্জনাৰে হোৱা জল প্ৰদূষণ উদ্যানখনৰ পৰিস্থিতিতন্ত্ৰৰ বাবে এক ভাবুকি।[14]:p.24 মিমোছা (Mimosa) আৰু বন গোলাপৰ (wild rose) দৰে আগ্ৰাসী উদ্ভিদে উদ্যানখনৰ থলুৱা উদ্ভিদৰ প্ৰতি আশংকা আনিছে। এনে আগ্ৰাসী উদ্ভিদ নিয়ন্ত্ৰণৰ বাবে জৈৱিক উপায় যেনে, হাতেৰে উভলা, বীজ বোৱাৰ আগেয়েই এনে উদ্ভিদ নাশ কৰা আদি নিয়মিতভাৱে অৱলম্বন কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] বনজুই নিয়ন্ত্ৰণৰ বাবে ঘাঁহনিৰ 'নিয়ন্ত্ৰিত জ্বালন' (controlled burning) আদি বছৰি প্ৰয়োগ কৰা হয়।[18]

[সম্পাদনা কৰক] পৰ্যটকৰ বাবে কৰ্ম

অসম চৰকাৰৰ দ্বাৰা পৰিচালিত বনশ্ৰী পৰ্যটক আৱাস

উদ্যানৰ ভিতৰত আৰু কাষৰীয়া ঠাইত ঘাইকৈ বন্যপ্ৰাণী দৰ্শন আৰু পক্ষী দৰ্শন পৰ্যটকৰ বাবে আকৰ্ষণীয়। হাতী আৰু জীপ গাড়ীৰে অৰণ্য দৰ্শনলৈ লৈ যোৱা হয়। মানুহ আৰু জন্তুৰ সংঘাট নহ'বলৈ উদ্যানৰ ভিতৰত হাইকিং নিষিদ্ধ। বন্যপ্ৰাণী দৰ্শনৰ বাবে ছহলা, মিহিমুখ, কাঠপৰা, ফলিয়ামাৰী, আৰু হৰমতীত 'দৰ্শন স্তম্ভ' (observation tower) আছে। উদ্যানৰ বিল-গছ-ঘাঁহনিৰ নৈসৰ্গিক দৃশ্যাৱলীক নামনি হিমালয়ৰ শৃংগসমূহে আৱৰি ৰাখিছে। পৰ্যটকক উদ্যানৰ বিষয়ে অধিক জনাবলৈ বাগৰিত এটা 'বিশ্লেষণ কেন্দ্ৰ' (interpretation center) অৱস্থিত।[42] এপ্ৰিল মাহৰ মাজভাগৰপৰা অক্টোবৰৰ মাজভাগলৈ হোৱা তীব্ৰ বৰষুণৰ বাবে উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হয়। অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ দ্বাৰা পৰিচালিত পৰ্যটক আৱাস গৃহৰ চাৰিটা কঁহৰাত আৰু তিনিটা অৰণ্যৰ ভিতৰত অৱস্থিত। ব্যক্তিগত খণ্ডৰ কেবাটাও ৰিজোৰ্ট উদ্যান পৰিসীমাৰ বাহিৰত আছে।[13]:p.19 পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে কাষৰীয়া অঞ্চলত পৰ্যটনৰ লগত জড়িত কাৰ্যৰ জৰিয়তে অৰ্থালাভৰ বাট মোকলাই দিছে। ইয়াৰ জৰিয়তে উদ্যান সংৰক্ষণৰ প্ৰয়োজনীয়তা কাষৰীয়া মানুহৰ মাজত অনুভূত হৈছে।[11]:pp.16–17 পৰ্যটকৰ মাজত চলোৱা এটা জৰীপত ৮০% শতাংশই গঁড় দৰ্শন আটাইতকৈ আনন্দদায়ক বুলি মন্তব্য আগবঢ়ায়। বিদেশী পৰ্যটকে উদ্যানখনৰ ৰক্ষণা-বেক্ষণৰ বাবে অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে যদিও স্থানীয় পৰ্যটকে ঘাইকৈ পশু সেৱাত গুৰুত্ব দিয়ে বুলি জৰীপত জানিব পৰা গৈছে।[43]

[সম্পাদনা কৰক] পৰিবহন

ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭-ত কাজিৰঙালৈ আদৰণি শৰাই

সকলো পৰ্যটককে বন-বিভাগৰ দ্বাৰা অনুমোদিত 'গাইড'ৰ লগতহে উদ্যানৰ ভিতৰলৈ যোৱাৰ অনুমতি দিয়া হয়। মাউতৰ দ্বাৰা পৰিচালিত হাতীৰে বা জীপ আৰু 'চাৰিচকীয়া ড্ৰাইভ'ৰ অইন গাড়ীৰে অৰণ্যৰ ভিতৰলৈ যাবলৈ আগতীয়াকৈ 'বুক' কৰিব লাগে। কঁহৰাত থকা উদ্যান প্ৰশাসন কেন্দ্ৰৰপৰা (Park Administrative Centre) গাড়ী যাব পৰা তিনিটা বাটেৰে উদ্যানখনৰ তিনিটা ক্ষেত্ৰ কঁহৰা, বাগৰি আৰু অগৰাতলীৰ মাজেৰে সৰু গাড়ীৰে ভ্ৰমণ কৰিব পাৰি। এই বাট নৱেম্বৰ মাহৰপৰা মে মাহৰ মধ্যভাগলৈ খোলা থাকে। গাইড লগত থাকিলে পৰ্যটকে নিজৰ গাড়ীৰেও এই বাটেৰে ভ্ৰমণ কৰিব পাৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

গুৱাহাটী, তেজপুৰৰপৰা উজনি অসমলৈ চলাচল কৰা অসম ৰাজ্যিক পৰিবহন নিগম আৰু ব্যক্তিগত মালিকানাধীন বাছেৰে গৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই-পথত অৱস্থিত কাজিৰঙাৰ মূখ্য প্ৰৱেশদ্বাৰ, কঁহৰাত নামিব পাৰি। আটাইতকৈ ওচৰৰ নগৰ বোকাখাটলৈ দূৰত্ব ২৩ কি.মি.। উদ্যানৰ ওচৰৰ চহৰ হৈছে গুৱাহাটী (দূৰত্ব ২১৭ কি.মি.) আৰু যোৰহাট (দূৰত্ব ৯৭ কি.মি.)। ফৰকাটিং (দূৰত্ব ৭৫ কি.মি.) আটাইতকৈ ওচৰৰ ৰেল-ষ্টেচন।[উদ্ধৃতিৰ প্ৰয়োজন] কাষৰীয়া বিমানকোঠ যোৰহাটৰ ৰৰৈয়া। তেজপুৰৰ শালনিবাৰী বিমানকোঠলৈ দূৰত্ব ১০০ কি.মি.। গুৱাহাটীত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ আটাইতকৈ ওচৰৰ মূখ্য বিমানবন্দৰ।[উদ্ধৃতিৰ প্ৰয়োজন]

[সম্পাদনা কৰক] জনপ্ৰিয় মাধ্যমত

কাজিৰঙাক কেন্দ্ৰ কৰি কেবাখনো কিতাপ, গান আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰবীন বেনাৰ্জীৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ কাজিৰঙা ১৯৬১ চনত বাৰ্লিন দূৰদৰ্শনত প্ৰচাৰিত হোৱাৰ পাছতেই কাজিৰঙা আন্তৰ্জাতিক ভাৱে আলোচিত হয়।[44][45][46] আমেৰিকা যুক্তৰাষ্ট্ৰৰ কল্পবিজ্ঞান লেখক 'এল. স্প্ৰিউগ ডি কেম্প'-এ কাজিৰঙাক লৈ কাজিৰঙা, অসম (Kaziranga, Assam) নামে এটা কবিতা ৰচনা কৰে। ১৯৭০ চনত প্ৰকাশিত ডেম'নছ্‌ এণ্ড ডাইন'ছ'ৰ নামৰ কাব্য সংকলনত কবিতাটো প্ৰথমে প্ৰকাশ হয়। ২০০৫ চনত 'কাজিৰঙা' নামেৰে কবিতাটো পুনৰ মুদ্ৰণ হয় Years in the Making: the Time-Travel Stories of L. Sprague de Camp গ্ৰন্থত।[উদ্ধৃতিৰ প্ৰয়োজন]

কাজিৰঙাৰ গঁড়ৰ চোৰাং চিকাৰক উপজীৱ্য হিচাপে লৈ ৰছিত অৰূপ দত্তৰ শিশু উপন্যাস কাজিৰঙা ট্ৰেইল-এ (Kaziranga Trail) শংকৰ বঁটা লাভ কৰে। এইখন ১৯৭৯ চনত 'চিল্ড্ৰেন্‌ছ বুক ট্ৰাষ্ট'ৰ দ্বাৰা প্ৰকাশিত হৈছিল।[47] ড° ভূপেন হাজৰিকাই কাজিৰঙাক উপলক্ষে কৰি এটা গান ৰছনা কৰিছিল।[24] কাজিৰঙাৰ বৰ্তমানৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱাক লৈ বিবিচিৰ পৰিবেশ সংৰক্ষক আৰু ভ্ৰমণ কাহিনী লেখক 'মাৰ্ক শ্বেণ্ড'-এ (Mark Shand) এখন কিতাপ ৰছনা কৰে আৰু তথ্য-চিত্ৰ কুইন অৱ দা এলিফেণ্ট্‌ছ (Queen of the Elephants) নিৰ্মান কৰে। কিতাপখনে ১৯৯৬ চনৰ থমাছ কুক ভ্ৰমণ গ্ৰন্থ বঁটা (Thomas Cook Travel Book Award) আৰু ফ্ৰান্সৰ Prix Litteraire d'Amis বঁটা লাভ কৰে। কিতাপখনে কাজিৰঙা আৰু হাতীৰ মাউতৰ বৃত্তিক বিশ্বব্যাপী প্ৰচাৰৰ মাজলৈ আনে।[48]

[সম্পাদনা কৰক] তথ্য-সংগ্ৰহ

  1. Bhaumik, Subir (17 April 2007). "Assam rhino poaching 'spirals'". BBC News. http://news.bbc.co.uk/2/hi/south_asia/6564337.stm. Retrieved 2008-08-23. 
  2. Kaziranga accessed on February 23, 2007
  3. 3.0 3.1 Rashid Parbina (8/28/2005) "Here conservation is a way of life" the Sunday Tribune - Spectrum, আহৰণ কৰা তাৰিখ: ১৪-০৪-২০১২
  4. 4.0 4.1 4.2 4.3 Bhaumik, Subir (2005-02-18). "Kaziranga's centenary celebrations". BBC News. http://news.bbc.co.uk/2/low/south_asia/4274927.stm. Retrieved 2008-08-23. 
  5. Talukdar, Sushanta (2005-01-05). "Waiting for Curzon's kin to celebrate Kaziranga". The Hindu. http://www.hinduonnet.com/2005/01/05/stories/2005010503052000.htm. Retrieved 2008-08-23. 
  6. "Kaziranga National Park–History and Conservation". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com. Retrieved 2008-08-23. 
  7. Kaziranga Factsheet (Revised), UNESCO, Retrieved on 2007-02-27 Archived জুলাই 18, 2008 at the Wayback Machine
  8. সাঁচ:Cite web 2008
  9. Bhattacharjee, Gayatri (2007-03-20). "Animals relocated to Manas National Park". NDTV. Archived from the original on 2007-09-29. http://web.archive.org/web/20070929121059/http://www.ndtv.com/environment/WILDLIFE.asp?id=102370&callid=1. Retrieved 2008-08-23. 
  10. Official Support Committee, Kaziranga National Park (2009). "History-Legends". Assam: AMTRON. http://assamforest.in/knp-osc/linkpages.php?u=hr&sm=lg. Retrieved 4 January 2010. [সংযোগবিহীন উৎস]
  11. 11.0 11.1 11.2 Mathur, V.B.; Sinha, P.R. and Mishra, Manoj. "UNESCO EoH Project_South Asia Technical Report No. 7–Kaziranga National Park" (PDF). UNESCO. pp. 15–16. Archived from the original on May 30, 2008. http://web.archive.org/web/20080530041002/http://www.enhancingheritage.net/docs/UNESCOEoH_Project_South_Asia_Technical_Report_07_v1.pdf. Retrieved 2008-08-23. 
  12. 12.0 12.1 Lahan, P; Sonowal, R. (March 1972). "Kaziranga WildLife Sanctuary, Assam. A brief description and report on the census of large animals". Journal of the Bombay Natural History Society 70 (2): 245–277 
  13. 13.0 13.1 13.2 :p.7-8 (PDF) Section II: Periodic Report on the State of Conservation of Kaziranga National Park, India. UNESCO. 2003. Archived from the original on 2006-05-24. http://web.archive.org/web/20060524154236/http://whc.unesco.org/archive/periodicreporting/cycle01/section2/337.pdf. Retrieved 2008-08-23. 
  14. 14.0 14.1 14.2 14.3 14.4 14.5 14.6 14.7 :p.05Mathur, V.B.; Sinha, P.R. and Mishra, Manoj. "UNESCO EoH Project_South Asia Technical Report–Kaziranga National Park" (PDF). UNESCO. Archived from the original on May 30, 2008. http://web.archive.org/web/20080530040957/http://www.enhancingheritage.net/docs/UNESCOEoH_Project_South_Asia_Technical_Report_04_v1.pdf. Retrieved 2008-08-23. 
  15. "Kaziranga National Park". Archived from the original on 2006-05-01. http://web.archive.org/web/20060501222012/http://www.wildphototoursindia.com/kaziranga_national_park.htm. . WildPhotoToursIndia(Through Archive.org). Retrieved on 2007-02-27
  16. 16.0 16.1 16.2 :p.03 "State of Conservation of the World Heritage Properties in the Asia-Pacific Region –Kaziranga National Park" (PDF). UNESCO. http://whc.unesco.org/archive/periodicreporting/APA/cycle01/section2/337-summary.pdf. Retrieved 2008-08-23. 
  17. Phatarphekar, Pramila N. (2005-02-14). "Horn of Plenty". Outlook India. http://www.sosrhino.org/news/rhinonews021405.php. Retrieved 2007-02-26. 
  18. 18.0 18.1 18.2 18.3 18.4 "UN Kaziranga Factsheet". UNESCO. Archived from the original on July 18, 2008. http://web.archive.org/web/20080718175321/http://www.unep-wcmc.org/sites/wh/kazirang.html. Retrieved 2008-08-23. 
  19. AFP English Multimedia Wire (29 August 2006). "Rare rhinos in India face food shortage". HighBeam Research, Inc. http://www.highbeam.com/doc/1P1-127919619.html. Retrieved 2007-04-25. 
  20. 20.0 20.1 20.2 20.3 20.4 20.5 20.6 20.7 20.8 "Wildlife in Kaziranga National Park". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com/wildlife-in-kaziranga-national-park.shtml. Retrieved 2008-08-23. 
  21. 21.0 21.1 Hussain, Syed Zakir (2006-08-10). "Kaziranga adds another feather - declared tiger reserve". Indo-Asian News Service. http://www.savethetigerfund.org/AM/Template.cfm?Section=Home&TEMPLATE=/CM/ContentDisplay.cfm&CONTENTID=2738. Retrieved 2008-08-23. 
  22. http://www.rhinoresourcecenter.com/pdf_files/122/1223282785.pdf
  23. 'Wild buffalo census in Kaziranga', The Rhino Foundation for Nature in NE India, Newsletter No. 3, June 2001
  24. 24.0 24.1 Rashid, Parbina (2005-08-28). "Here conservation is a way of life". The Tribune. http://www.tribuneindia.com/2005/20050828/spectrum/main2.htm. Retrieved 2008-08-23. 
  25. (PDF) Elephant Survey in India. Ministry of Environment and Forests, Government of India. 2005. p. 01. http://envfor.nic.in/pe/census_ereserves2005.pdf. Retrieved 2008-08-23 
  26. "Kaziranga National Park–Animal Survey". Kaziranga National Park Authorities. http://www.kaziranga-national-park.com/wildlife-in-kaziranga-national-park.shtml. Retrieved 2008-08-23. 
  27. Choudhury, A.U. (2010)The vanishing herds : the wild water buffalo. Gibbon Books, Rhino Foundation, CEPF & COA, Taiwan, Guwahati, India
  28. "Wildlife in Kaziranga National Park". Kaziranga National Park Authorities. Archived from the original on December 14, 2007. http://web.archive.org/web/20071214201216/http://www.kaziranga-national-park.com/birding-in-kaziranga-national-park.shtml. Retrieved 2008-08-23. 
  29. 29.0 29.1 29.2 29.3 :pp.07–10Barua, M.; Sharma, P. (1999). "Birds of Kaziranga National Park, India" (PDF). Forktail (Oriental Bird Club) 15: 47–60. http://www.orientalbirdclub.org/publications/forktail/15pdfs/Barua-Kaziranga.pdf. Retrieved 2008-08-23 
  30. Choudhury, A.U. (2003) Birds of Kaziranga : a check list. Gibbon Books & Rhino Foundation, Guwahati, India
  31. 31.0 31.1 R Cuthbert, RE Green, S Ranade, S Saravanan, DJ Pain, V Prakash, AA Cunningham (2006). "Rapid population declines of Egyptian vulture (Neophron percnopterus) and red-headed vulture (Sarcogyps calvus) in India". Animal Conservation 9 (3): 349–354. doi:10.1111/j.1469-1795.2006.00041.x. http://www3.interscience.wiley.com/journal/118731687/abstract. 
  32. Talukdar, B. (1995). Status of Swamp Deer in Kaziranga National Park. Department of Zoology, Guwahati University, Assam.
  33. Kushwaha, S.& Unni, M. (1986). Applications of remote sensing techniques in forest-cover-monitoring and habitat evaluation—a case study at Kaziranga National Park, Assam, in, Kamat, D.& Panwar, H.(eds), Wildlife Habitat Evaluation Using Remote Sensing Techniques. Indian Institute of Remote Sensing / Wildlife Institute of India, Dehra Dun. pp. 238–247
  34. Jain, S.K. and Sastry, A.R.K. (1983). Botany of some tiger habitats in India. Botanical Survey of India, Howrah. p71 .
  35. Silent Stranglers, Eradication of Mimosas in Kaziranga National Park, Assam; Vattakkavan et al.; Occasional Report No. 12, Wildlife Trust of India, pp. 12–13(PDF). Retrieved on 2007-02-26
  36. "Another rhino killed in Kaziranga". Times of India. 2008-02-06. http://timesofindia.indiatimes.com/India/Another_rhino_killed_in_Kaziranga/articleshow/2759996.cms. Retrieved 2008-02-06. 
  37. "Poachers kill Indian Rhino". New York Times. 2007-04-17. http://www.nytimes.com/aponline/world/AP-India-Rhino-Poaching.html?_r=4&oref=slogin&oref=slogin&oref=slogin&oref=slogin. Retrieved 2007-04-17. [সংযোগবিহীন উৎস]
  38. Roy, Amit (2006-05-06). "Poaching for bin Laden, in Kaziranga". The Telegraph. http://www.telegraphindia.com/1070506/asp/nation/story_7740713.asp. Retrieved 2008-08-23. 
  39. "Kaziranga National Park–Heroes of Kaziranga". Kaziranga National Park Authorities. http://www.kaziranga100.com/The%20Heroes.htm. Retrieved 2008-08-23. 
  40. "Two poachers killed in Kaziranga - Tight security measures, better network yield results at park". The Telegraph. 25 April 2007. http://www.telegraphindia.com/1070425/asp/northeast/story_7692141.asp. Retrieved 2008-08-23. 
  41. Bonal, BS & Chowdhury, S (2004), Evaluation of barrier effect of National Highway37 on the wildlife of Kaziranga National Park and suggested strategies and planning for providing passage: A feasibility report to the Ministry of Environment & Forests, Government of India.
  42. "Information Safari". The Telegraph. 2007-03-31. http://www.telegraphindia.com/1070331/asp/northeast/story_7583733.asp. Retrieved 2008-08-23. 
  43. Shrivastava, Rahul; Heinen, Joel (2003). "A pilot survey of nature-based tourism at Kaziranga National Park and World Heritage Site, India". "American Museum of Natural History: Spring Symposium". Archived from the original on 2005-12-30. http://web.archive.org/web/20051230155026/http://research.amnh.org/biodiversity/symposia/archives/tigerintheforest/posters.html.  
  44. Personalities of Golaghat district. Retrieved on 2007-03-22[সংযোগবিহীন উৎস]
  45. Robin Banerjee. Retrieved on 2007-03-22[সংযোগবিহীন উৎস]
  46. Lover of the wild, Uncle Robin no more. The Sentinel (Gauhati) 6 August 2003
  47. Khorana, Meena. (1991). The Indian Subcontinent in Literature for Children and Young Adults. Greenwood Press
  48. Bordoloi, Anupam (2005-03-15). "Wild at heart". The Telegraph. http://www.telegraphindia.com/1050313/asp/look/story_4480991.asp. Retrieved 2008-08-23. 

[সম্পাদনা কৰক] অধিক তথ্যৰ বাবে

[সম্পাদনা কৰক] বাহ্যিক সংযোগ



ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত