বন-ৰৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনৰৌ (Pangolin)[1]
জীৱাশ্ম কাল: Paleocene–Recent
Sunda Pangolin, Manis javanica
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
অনুশ্ৰেণী: Eutheria
মহাবৰ্গ: Laurasiatheria
বৰ্গ: Pholidota
Weber, 1904
পৰিয়াল: Manidae
Gray, 1821
গণ: Manis
Linnaeus, 1758
Species

Manis culionensis
Manis gigantea
Manis temminckii
Manis tricuspis
Manis tetradactyla
Manis crassicaudata
Manis pentadactyla
Manis javanica

বন-ৰৌ(ইংৰাজী: Pangolin) আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু ।

দৈহিক গঠন[সম্পাদনা কৰক]

জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত । ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু । দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায় ।

বিতৰণ[সম্পাদনা কৰক]

আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান , ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায় ।

বসতিস্থল[সম্পাদনা কৰক]

ছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে । ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায় ।

আচৰণ[সম্পাদনা কৰক]

ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে ।

ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে । ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে ।

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Schlitter, Duane A. (16 November 2005). Wilson, Don E., and Reeder, DeeAnn M., eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press, 2 vols. (2142 pp.). পৃষ্ঠা. 530–531. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.bucknell.edu/msw3.