অসমীয়া বান্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া বান্দৰ (Assamese Macaque)

Assam macaque[1]

সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. assamensis
বৈজ্ঞানিক নাম
Macaca assamensis
M'Clelland, 1840
অসমীয়া বান্দৰৰ বিতৰণ

অসমীয়া বান্দৰ (ইংৰাজী: Assamese macaque) অসমকে ধৰি দক্ষিণ-পূব এছিয়াৰ বিভিন্ন অঞ্চলত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে৷ পূব দেশীয় অসমীয়া বান্দৰ আৰু পশ্চিম-দেশীয় অসমীয়া বান্দৰ৷ পূব দেশীয় অসমীয়া বান্দৰৰ নেজডাল পশ্চিম দেশীয় উপপ্ৰজাতিতকৈ চুটি৷ অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্য, খেতি পথাৰ আদিত সাগৰ পৃষ্ঠৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে পোৱা যায়৷ অসমীয়া বান্দৰে সাধাৰণতে ফল-মূল, পাত, পোক-পৰুৱা, খেতিত হোৱা শস্য আৰু পাচলি আদি আৰু কেতিয়াবা সৰু জীৱ-জন্তু যেনে জেঠী আদি খায়৷ অসমীয়া বান্দৰ ত্ৰিছ বছৰ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷[2]

দৈহিক গঠন[সম্পাদনা কৰক]

অসমীয়া বান্দৰৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত ৷ ইয়াৰ দেহ মুগা-মটীয়া বৰণৰ নোমেৰে আবৃত, পেটৰ অংশ বগা আৰু চকুৰ চাৰিওফালে শেঁতা বগা বৰণৰ৷ ইয়াৰ গাল দুখন দীঘল নোমেৰে আৱৰা৷ মতা বান্দৰবোৰৰ মুখত দাড়ি থাকে৷ ইয়াৰ দেহৰ ওজন ৪.৬-১২ কি.গ্ৰা., মতা বান্দৰৰ দৈৰ্ঘ্য  ৭৩ ছেমি আৰু মাইকীৰ ৫৯ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷ [3]

বিতৰণ[সম্পাদনা কৰক]

অসমীয়া বান্দৰৰ দুটা মূল উপ-প্ৰজাতি আছে [4] -

বিভিন্ন ধৰণৰ পৰিৱেশত জীৱন-ধাৰণ কৰাৰ দক্ষতা থকাৰ ফলত বিভিন্ন ধৰণৰ অৰণ্যত এই প্ৰজাতিটো দেখা পোৱা যায়৷ভাৰতবৰ্ষত অসমীয়া বান্দৰ মূলত: চিৰসেউজীয়া তথা শুকান পৰ্ণপাতী অৰণ্যত পোৱা যায়৷ [5]

বিচৰণ[সম্পাদনা কৰক]

অসমীয়া বান্দৰ হিংস্ৰ নহয়৷ মলুৱা বান্দৰৰ তুলনাত ইহঁত শান্ত প্ৰকৃতিৰ৷ মানুহৰ ওচৰে-পাঁজৰে এই প্ৰজাতিটোৱে বাধ্য হৈয়ে বিচৰণ কৰে৷ ইহঁতে ১৫-২০ টাৰ দল বান্ধি থাকে৷ [2]

অসমীয়া বান্দৰে সাধাৰণতে খাদ্য, ফল-মূল, পাত, পোক-পৰুৱা ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰে৷ ই মানুহৰ খেতিত হোৱা শস্য আৰু পাচলি আদিও খায়৷

প্ৰজনন[সম্পাদনা কৰক]

অসমীয়া বান্দৰ সাধাৰণতে পাঁচ বছৰ বয়সত প্ৰজননৰ বাবে সাজু হয়৷ এই বয়সত মতা বান্দৰে দল এৰি অন্য দলত যোগ দিয়ে কিন্তু মাইকীবোৰ একেটা দলতে ৰৈ যায়৷ সাধাৰণতে অসমীয়া বান্দৰে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰজনন কৰে কিন্তু ঠাইবিশেষ এই সময়ৰ তাৰতম্য হোৱা দেখা যায়৷ [6]মাইকী বান্দৰ প্ৰায় ১৬৫ দিন গৰ্ভৱতী হৈ থাকি এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত এটা পোৱালীৰ জন্ম দিয়ে৷ মতা বান্দৰে পোৱালিৰ যত্নত মাকৰ সমানে অংশ লোৱা দেখা যায়৷[7][6]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

চাংহাই চিৰিয়াখানা ত অসমীয়া বান্দৰ

বসতিস্থল ধ্বংস, চোৰাং চিকাৰ আদি বিভিন্ন কাৰণত এই প্ৰাণীবিধৰ জনসংখ্যা অতি দ্ৰুত গতিক হ্ৰাস পোৱাৰ বাবে ২০০৮ চনত ইয়াক আই.ইউ. চি. এন (International Union for Conservation of Nature, IUCN)-এ সংকতাসন্ন প্ৰজাতি (Near Threatened) বুলি ঘোষণা কৰিছে।[2] ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনে (Indian Wildlife Protection Act,1972) এই প্ৰজাতিবিধক ১নং তালিকাভুক্ত প্ৰাণী হিচাপে স্বীকৃতি দিছে৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আইন মতে দণ্ডনীয় অপৰাধ[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 161. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100530. 
  2. 2.0 2.1 2.2 2.3 Boonratana, R., Chalise, M., Das, J., Htun, S. and Timmins, R. J. (2008). "Macaca assamensis". IUCN Red List of Threatened Species. Version 2010.4. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/12549. 
  3. Françis, C. M. (2008) A field guide to the mammals of South-East Asia. New Holland Publishers. ISBN 1845377354
  4. Groves, C. P. (2001) Primate taxonomy. Smithsonian Institution Press, Washington, DC, USA.
  5. Srivastava, A. and Mohnot, S. M. (2001) Distribution, conservation status and priorities for primates in Northeast India. ENVIS Bulletin: Wildlife and Protected Areas 1(1): 102–108.
  6. 6.0 6.1 Fürtbauer, I., Schülke, O., Heistermann, M., & Ostner, J. (2010). Reproductive and Life History Parameters of Wild Female Macaca assamensis. International journal of primatology, 31(4), 501–517. https://doi.org/10.1007/s10764-010-9409-3
  7. https://www.neprimateconservancy.org/assam-macaque.html
  8. "অসমৰ প্ৰাইমেট'-সৌম্যদ্বীপ দত্ত, নেচাৰ্চ বেকন

বহিঃসংযোগ[সম্পাদনা কৰক]