ওৰাং ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)
IUCN category II (national park)
এশিঙীয়া গঁড়
এশিঙীয়া গঁড়
মানচিত্ৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ৰ অৱস্থিতি
অসমত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
অৱস্থান দৰং আৰু শোণিতপুৰ জিলা, অসম, ভাৰত
নিকটতম চহৰ তেজপুৰ
স্থানাংক 26°33′41″N 92°19′00″E / 26.5614°N 92.3166°E / 26.5614; 92.3166স্থানাংক: 26°33′41″N 92°19′00″E / 26.5614°N 92.3166°E / 26.5614; 92.3166
ক্ষেত্ৰফল 78.81
প্ৰতিস্থা ১৯৯৯
গভাৰ্নিং বডী ভাৰত চৰকাৰ, অসম চৰকাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)(Pron: ɒˈræŋ or ɒˈrɑ:ŋ), ব্ৰহ্মপুত্ৰনদীৰ উত্তৰে অসমদৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান৷ ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ৷ ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স’তে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক ‘মিনি কাজিৰঙা’ বুলিও আখ্যা দিয়ে৷ এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত খু্বেই চহকী৷ ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়৷ এইবোৰৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান৷[1][2][3][4][5]

ইতিহাস[সম্পাদনা কৰক]

প্ৰায় ১৯০০ চনলৈকে ই স্থানীয় জনজাতীয় লোকেৰে অধ্যুষিত আছিল| মহামাৰী ৰোগৰ কবলত পৰি স্থানীয় জনজাতীয় লোক সকলে এই ঠাই পৰিত্যাগ কৰিলে | ১৯১৫ চনৰ ৩১ মে’ তাৰিখে ব্ৰিটিচ সকলে ২২৭৬/R নং চৰকাৰী বিজ্ঞপ্তি যোগে এলেকাটোক ওৰাং গেম (Game) অভয়াৰণ্য হিচাপে ঘোষোণা কৰে| ১৯৮৫ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ইয়াক FRS 133/85/5 নং চৰকাৰী বিজ্ঞপ্তি যোগে অভয়াৰণ্যৰূপে প্ৰতিস্থা কৰা হয়| কিন্তু, ১৯৯২ চনত ইয়াক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাবে নামাকৰণ কৰা হয়| অৱশেষত, ১৯৯৯ চনৰ ৮ এপ্ৰিল তাৰিখে FRW/28/90/154 নং চৰকাৰী বিজ্ঞপ্তি যোগে ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা হয়| [6]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি ৭৮.৮১ বৰ্গ কি.মি. (৩০.৪৩ বৰ্গ মাইল)| ই ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে দৰং আৰু শোণিতপূৰ জিলাত 26°28′59″N 92°15′58″E / 26.483°N 92.266°E / 26.483; 92.266 আৰু 26°39′58″N 92°27′00″E / 26.666°N 92.45°E / 26.666; 92.45 মাজত ভৌগলিকভাৱে অৱস্থিত| উদ্যানখনৰ সীমাত পাচনৈ (মধ্য), বেলশিৰি নৈ(পূৱ) আৰু ধনশিৰিনৈ (পশ্চিম) অৱস্থিত| এই নৈবোৰ উদ্যানখনৰ দক্ষিণে অৱস্থিত ব্ৰহ্মপুত্ৰ নদীত মিলিত হৈছে| বাৰিষা কালত উদ্যানখনৰ বেছিভাগ অঞ্চল প্লাৱিত হৈ পৰে| ইয়াত ১২ টা জলাশয় আৰু ২৬ খন মানৱ নিৰ্মিত পুখুৰী আছে|[7] সেইবাবে উদ্যানখন ইন্দো-মালয় জৈৱবৈচিত্ৰ হটস্পটৰ অন্তৰ্গত পাললিক প্লাৱনভূমি ৰ এক অবিচ্ছেদ্য অংগ| উদ্যানখ মুঠ এলেকাটো ইষ্টাৰ্ণ হিমালয়ান আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য- ১৫.৮৫ বৰ্গ কি.মি., ইষ্টাৰ্ণ ঋতু জলাশয় অৰণ্য - ৩.২৮ বৰ্গ কি.মি., ইষ্টাৰ্ণ আৰ্দ্ৰ পাললিক তৄণভূমি- ৮.৩৩ বৰ্গ কি.মি., চাভানাহ তৄণভূমি - ১৮.১৭ বৰ্গ কি.মি., নিকৄষ্ট তৄণভূমি - ১০.৩৬ বৰ্গ কি.মি., জলাশয় - বৰ্গ কি.মি., আৰ্দ্ৰ বালিচৰ (Sandy area)- ২.৬৬ বৰ্গ কি.মি. আৰু শুষ্ক বালিচৰ - ৪.০২ বৰ্গ কি.মি. আদি শ্ৰেণীত বিভক্ত| ই উত্তৰৰ পৰা দক্ষিণলৈ মৃদু ঢালযুক্ত সমভূমি| এলেকাটো সাগৰপৃষ্ঠৰ পৰা প্ৰায় ৪৫ মিটাৰ ৰ পৰা ৭০ মিটাৰ লৈ উচ্চ| ইয়াৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ অসংখ্য সুঁতি আৰু চৰ এলেকা আছে| ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল এলেকাটো দুইভাগে বিভক্ত: উত্তৰৰ প্ৰায় ৫০% এলেকা উচ্চভুমিৰ সমতল আৰু দক্ষিণৰ প্ৰায় ৫০% এলেকা ব্ৰহ্মপুত্ৰ বান্পানী আৰু গঢ়াসহনীয়াৰ দ্বাৰা সৃষ্টি হোৱা পাললিক প্লাৱনভূমি| গোটেই উদ্যানখনৰ চাৰিওকাষে থকা জনবসতি পূৰ্ণ গাঁওবোৰৰ বাবে ইয়াৰ নৃতাত্ত্বিক চাপ যথেষ্ট বেছি|[1][4][7]

বতৰ[সম্পাদনা কৰক]

উদ্যানখনত তিনিটা ঋতু উল্লেখযোগ্য, সেইবোৰ গ্ৰীষ্ম, বৰ্ষা আৰু শীত; যদিও মে’ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ বছৰৰ বেছিভাগেই বৃষ্টিপাত সহিত ক্ৰান্তিয় বৰ্ষা জলবায়ু পৰিলক্ষিত হয় | গড় বাৰ্ষিক বৃষ্টিপাত ৩০০০ মি.মি.|[1]

তথ্য অনুসৰি শীত কালত অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ ৰাতিপূৱা ৫-১৫ °চে ৰ পৰা আবেলি ২০-২৫ °চে, এপ্ৰিল মাহত ৰাতিপূৱা ১২-২৫ °চে ৰ পৰা আবেলি ২৫-৩০ °চে আৰু গ্ৰীষ্ম ঋতুত মে’ মাহৰ পৰা জুন মাহলৈ ৰাতিপূৱা ২০-২৮ °চে ৰ পৰা আবেলি ৩০-৩২ °চে ভিন্ন উষ্ণতা পৰিলক্ষিত হয় |[1]

উদ্যানখনৰ আৰ্দ্ৰতা ৬৬% ৰ পৰা ৯৫% হয়.[7]

প্ৰাণীকুল[সম্পাদনা কৰক]

হাতী, গড় and [[নল গাহৰি (Porcula salvania)]] (সৰু বন গাহৰি ৰ এটা বিপন্নপ্ৰায় প্ৰজাতি )ৰ চিত্ৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন স্তন্যপায়ী প্রজাতিৰ উল্লেখযোগ্য প্রজননকুল আছে| গুৰুত্বপূৰ্ণ এশিঙিয়া গড় (শেষ গণনা মতে ১০০ টা)ৰ বাহিৰেও আন কেতবোৰ বিশেষ প্ৰজাতি হ’ল ঢেঁকীয়াপটীয়া বাঘ (Panthera tigris tigris), হাতী, নল গাহৰি, খটিয়া পহু আৰু বন গাহৰি|[4][8] তলত কিছুমান গুৰুত্বপূর্ণ অতি বিপন্নপ্ৰায় আৰু বিপন্নপ্ৰায় প্রজাতি উল্লেখ কৰা হল|

ক্ৰমিক নং অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম চিত্ৰ IUCN Redlist category
মাছুৱৈ মেকুৰি Fishing Cat Prionailurus viverrinus Endangered
বৰ নেউল Indian Gray Mongoose Herpestes edwardsii Least Concern
শহাপহু Indian Hare Lepus nigricollis Least Concern
বন মেকুৰি (হেপা) Jungle cat Felis chaus Least Concern
লতামাকৰি Leopard cat Prionailurus bengalensis Least Concern
জহাম’ল Common Palm Civet Paradoxurus hermaphroditus Least Concern
ফুটুকী জহাম’ল Small Indian Civet Viverricula indica Least Concern
কেটেলা পহু Indian Crested Porcupine Hystrix indica Least Concern

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

চিকাৰ, এক প্ৰাচীন খেল - আলেখ্য, বাবৰনামাএশি‌ঙিয়া গঁড় চিকাৰৰ আলেখ্য

১৯৯১ চনৰ পিছৰ পৰা ৰাজনৈতিক বিদ্রোহ তথা উদ্যানৰ চাৰিওকাষে অবৈধ ভুমি বেদখলৰ বাবে উদ্যান তথা ইয়াৰ বন্যপ্ৰাণীৰ বাবে গুৰুতৰ সংকট কঢ়িয়াই আনিছে| অপর্যাপ্ত জনবল, চোৰংচিকাৰ, তহল আৰু নিৰাপত্তা অভাৱ, বহল নদী, অপর্যাপ্ত অবকাঠামো সুবিধা তথা ৰাইজৰ মাজত সংৰক্ষণ সম্পৰ্কে নূন্যতম সচেতনতা আদিও মূল সংকট হিচাবে চিহ্নিত হৈছে| বন্য প্রাণীৰ চোৰংচিকাৰ, বিশেষকৈ এশি‌ঙিয়া গঁড়ৰ বাবে ই যথেষ্ট গুৰুতৰ| চোৰংচিকাৰৰ বাবে ১৯৯১ চনত এশি‌ঙিয়া গঁড় ৯৭ টাৰ পৰা ৪৮ লৈ কমি যায় | চোৰাংচিকাৰৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰাৰ বাবে ২০০৬-০৭ ইয়াৰ সংখ্যা কিছু বাঢ়ি ৬৮ টা হয় যদিও চোৰাংচিকাৰ ও গঁড়হত্যা অব্যাহত থাকে| গঁড়হত্যা ৰোধৰ বাবে বন বিভাগ অসমৰ কর্মকর্তা আৰু দৰং, শোণিতপূৰ আৰু মৰিগাঁও জিলাৰ কর্মকর্তাসহ এটি "সমন্বয় কমিটি" গঠন কৰা হয়| ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সংৰক্ষণ আৰু উন্নয়নৰ সহায়তা কৰাৰ বাবে নীতি ও কর্মসূচী বিকশিত কৰিবলৈ World Association of Zoos and Aquariums (WAZA)ৰ দ্বাৰা এটি উদ্যোগ লোৱা হৈছিল| Zoo Basel (Switzerland) ৰ সহযোগত WWF-India, অসম চৰকাৰ আৰু International Rhino Foundation (IRF) এ Indian Rhino Vision (IRV)2020 কৰ্মসূচী চলি আছে| [3] [9] [10] [11] WWF-India আৰু ভাৰত চৰকাৰে গ্ৰহন কৰা এই Indian Rhino Vision (IRV)2020 কৰ্মসূচীৰ অধীনত ভাৰতত ২০২০ চনৰ ভিতৰত এশি‌ঙিয়া গঁড়ৰ সংখ্যা ৩০০০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে|[9][3][9][10][11] [9]

ঢেঁকীয়াপটীয়া বাঘৰ সংকটৰ বাবে World Association of Zoos and Aquariums (WAZA) আৰু Bush Gardens এ মিলিত হৈ [[Species Survival Plan (SSP)] নামৰ এটি প্ৰকল্প চালিত হয়| এই প্ৰকল্পৰ অধীনত মূলত ঢেঁকীয়াপটীয়া বাঘআনুবংশিক প্ৰকাৰ উন্নত কৰাৰ কৰ্মসূচী হাতত লোৱা হয়| তাৰোপৰি স্থানীয় গবেষকৰ দ্বাৰা মনিটৰিং, ৰাইজৰ অংশগ্ৰহণ আদিৰ দ্বাৰা ঢেঁকীয়াপটীয়া বাঘৰ সংৰক্ষণৰ কৰ্মসূচী হাতত লোৱা হৈছে|[12][12]

পৰ্যটকৰ বাবে[সম্পাদনা কৰক]

উদ্যানখনলৈ যাতায়তৰ সুব্যৱস্থা আছে| বাছ, ৰেল আৰু বিমানযোগে ওচৰৰ চহৰবোৰ সংযুক্ত| তেজপুৰ ৬৪ কি.মি. নিলগৰ একেবাৰে নিকটবর্তী চহৰ তাৰোপৰি গুৱাহাটি পৰা উদ্যানখনলৈ দূৰত্ব প্ৰায় ১৪০ কি. মি.|[4][8]

গুৱাহাটি পৰা উদ্যানখনলৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথএৰে তলত দিয়াধৰণে আহিব পাৰি:

গুৱাহাটি (০ কি.মি.)--> মঙ্গলদৈ (৭২ কি.মি.)--> খাৰুপেটীয়া (১৬ কি.মি.)--> দলগাও (৯ কি.মি.)--> শিলবৰি (কৌপাটী হৈ ১২ কি.মি.)--> ওৰাং ৰাষ্ট্ৰীয় উদ্যান (৩ কি.মি.)|

তেজপুৰ পৰা উদ্যানখনলৈ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথএৰে তলত দিয়াধৰণে আহিব পাৰি:

তেজপুৰ(০ কি.মি.)--> ঢেকিয়াজুলি(৩৪ কি.মি.)--> ওৰাং (১৫ কি.মি)--> শিলবৰি (১২ কি.মি.)--> ওৰাং ৰাষ্ট্ৰীয় উদ্যান (৩ কি.মি.)|

নিকটতম ৰেল ষ্টেচন ৰাঙাপাৰা আৰু ই ওৰাংৰ পৰা প্ৰায় ৫০ কি.মি. দূৰৈত অৱস্থিত|

নিকটতম শালনিবাৰী বিমানবন্দৰ তেজপুৰৰ পৰা ১০ কি.মি. দূৰৈত অৱস্থিত|

অক্টোবৰ মাহৰ পৰা এপ্রিল মাহলৈ উদ্যান পৰিদৰ্শন কৰাৰ ভাল সময়| ৰাতিপুৱা ৭:৩০ পৰা ৯:৩০ লৈ আৰু আবেলি ২:০০ ৰ পৰা ৩:০০ লৈ উদ্যান পৰিদৰ্শনৰ বাবে খোলা ৰখা হয়|

আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Orang National Park". http://www.naturesafariindia.com/wildlife_parks_sanctuary/orang_national_park.html। আহৰণ কৰা হৈছে: 2009-11-09. 
  2. "Tezpur". Orang Wildlife Sanctuary. http://assamonline.in/TouristPlaces/places/Tezpur.asp। আহৰণ কৰা হৈছে: 2009-11-09. 
  3. 3.0 3.1 "Spatial modeling and preparation of decision support system for conservation of biological diversity in Orang National Park, Assam, India" (pdf). http://www.rhinoresourcecenter.com/ref_files/1244031710.pdf। আহৰণ কৰা হৈছে: 2009-11-08. 
  4. 4.0 4.1 4.2 4.3 "Orang National Park". http://www.north-east-india.com/assam/orang-national-park.html। আহৰণ কৰা হৈছে: 2009-11-08. 
  5. Bhattacharya, Prasanta (2004). Tourism in Assam: trend and potentialities. Bani Mandir. পৃষ্ঠা. 190. http://books.google.com/books?id=Ge1_AAAAMAAJ&q=Rhinoceros+parks+on+north+bank+of+Brahmaputra+Orang&dq=Rhinoceros+parks+on+north+bank+of+Brahmaputra+Orang&lr=। আহৰণ কৰা হৈছে: 2009-11-11. 
  6. "Flap over renaming Orang". Indian jungles.com. 2005-08-22. http://indianjungles.com/290805f.htm। আহৰণ কৰা হৈছে: 2009-11-09. 
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Ahmed নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. 8.0 8.1 "Rajiv Gandhi Orang National Park". Department of Environment & Forests Government of Assam. http://www.assamforest.co.in/NP_Sanctuaries/np_Orang.php। আহৰণ কৰা হৈছে: 2009-11-09. 
  9. 9.0 9.1 "Poachers posing threat to Orang National Park". International Rhino Foundation. 2009-09-13. http://www.rhinos-irf.org/en/art/749/। আহৰণ কৰা হৈছে: 2009-11-09. 
  10. "Rhinos make healthy comeback at Orang National Park". Northeast Watch. http://ne.icrindia.org/2009/04/08/rhinos-make-healthy-comeback-at-orang-national-park/। আহৰণ কৰা হৈছে: 2009-11-09. [সংযোগবিহীন উৎস]
  11. World Association of Zoos and Aquariums "Conservation of rhinos in Assam and India (Rhinoceros unicornis)". IRV 2020 – protection of Indian Rhinos in Orang National Park on a long-term base, India. The World Association of Zoos and Aquariums (WAZA). http://www.waza.org/about/index.php?main=about&view=aboutThe World Association of Zoos and Aquariums। আহৰণ কৰা হৈছে: 2009-11-09. 
  12. "Animals:Tigers". Ecological Monitoring of Wild Tigers in Orang National Park, Assam, India. Seaworld.org. http://www.seaworld.org/animal-info/info-books/tiger/conservation.htm। আহৰণ কৰা হৈছে: 2009-11-08.