বানপানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বানপানী হ'ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা। সাধাৰণতে কোনো হ্ৰদ বা নদীৰ পানী বাঢ়ি ওফন্দি বানপানীৰ সৃষ্টি কৰে। অত্যাধিক বৰষুণ, বৰফ গলা আদি কাৰণতো বানপানী হয়। এনে পানী বৈ থাকে। এই বোৱতী পানীয়ে গছ-গছনি, ঘৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। ই বৰ্তমান যুগৰ এটা ভয়ংকৰ প্ৰাকৃতিক দূৰ্যোগ। নদীৰ পানী বহন কৰা ক্ষমতাতকৈ বেছি পানী বহন কৰিবলগীয়া হলেও পানপানী হয়, বিশেষকৈ নদীপথৰ কেঁকুৰী বা চাঁপযুক্ত অঞ্চলত। বানপানী সাম্ভাব্য অঞ্চলৰ গৃহ আৰু ব্যৱসায় প্ৰায়েই বানপানীয়ে নষ্ট কৰে। যিহেতু নদীৰ কাষৰীয়া ঠাইসমূহ যাতায়ত, কৃষি আদিৰ বাবে উপযোগী সেইবাবে বানপানী মানৱজাতিৰ বাবে অতি ডাঙৰ সমস্যা।

কুফল[সম্পাদনা কৰক]

প্ৰাথমিক কুফল[সম্পাদনা কৰক]

বানপানীয়ে প্ৰাণহানি কৰে, ঘৰ-দুৱাৰ নষ্ট কৰে, দলং, ৰাস্তা আদিও ধংশ কৰে, বিদ্যুৎ যোগান ব্যাহত কৰে, খেতি-বাতি নষ্ট কৰে। বানপানী হৈ যোৱাৰ পাছত কলেৰা, টাইফইড আদি ৰোগ হোৱা দেখা যায়, উপযুক্ত ব্যবস্থা নললে এনে ৰোগে মহামাৰী ৰূপ ধাৰণ কৰিবও পাৰে।

গৌণ কুফল[সম্পাদনা কৰক]

বানপানীৰ ফলত দেশৰ অৰ্থনীতি,পয্যটন আদিৰ ওপৰতো প্ৰভাৱ পৰে।

সুফল[সম্পাদনা কৰক]

বানপানীয়ে অনুৰ্বৰ স্থলভাগ উৰ্বৰ কৰি তোলে।