বান (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বান
Baan
পৰিচালক চাৰু কমল হাজৰিকা
প্ৰযোজক ডো-ৰে-মি ফিল্মচ্
অভিনয়ত পূৰ্ণিমা পাঠক শইকীয়া
চন্দ্ৰ নাৰায়ণ বৰুৱা
চিত্ৰগ্ৰহণকাৰী অভয় শঙ্কৰ
সম্পাদনা তৰুণ দত্ত
সংগীত পৰিচালক নয়ন
মুক্তি
১৯৮৬
দৈৰ্ঘ্য
১০৮ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বান (ইংৰাজী: Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

নদীদ্বীপ মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান।প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই মাজুলীক জুৰুলা কৰি আহিছে। বান নিয়ন্ত্ৰণৰ নামত চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলে দুৰ্নীতিৰ পোহাৰ মেলে। এই দুৰ্নীতিৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামী এজনৰ ডেকা পুত্ৰই ঠিয় দিয়ে। থুলমূলকৈ এয়ে ছবিখনৰ কাহিনী।[1]

বঁটা[সম্পাদনা কৰক]

৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৬) ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।এই বঁটাত প্ৰযোজক আৰু পৰিচালকলৈ ৰজত কমলৰ সৈতে নগদ ধন ক্ৰমে ২০,০০০ টকা আৰু ১০,০০০ টকা আগবঢ়োৱা হৈছিল[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "34th Nation Film Film Award Catalouge". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 49, 105. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 25 July 2020.