অগ্নিস্নান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অগ্নিস্নান
পৰিচালক ভবেন্দ্ৰনাথ শইকীয়া
কাহিনী ভবেন্দ্ৰনাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰনাথ শইকীয়া
অভিনয়ত ইন্দ্ৰ বণিয়া
কাশ্মীৰি শইকীয়া বৰুৱা
চেতনা দাস
অশোক ডেকা
মলয়া গোস্বামী
অৰ্জুন গুহ ঠাকুৰীয়া
অৰুণ নাথ
বিজু ফুকন
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক তৰুণ গোস্বামী
মুক্তি
২৭ ডিচেম্বৰ, ১৯৮৫
দৈৰ্ঘ্য
১৭২ মিনিট
দেশসমূহ অসম,  ভাৰত
ভাষা অসমীয়া

অগ্নিস্নান (ইংৰাজী: Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে। ভবেন্দ্ৰনাথ শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[1]

কাহিনী[সম্পাদনা কৰক]

ছবিখনৰ কাহিনী মনোবৈজ্ঞানিক আৰু অগতানুগতিক। এজন সম্পদশালী ব্যৱসায়ীয়ে দ্বিতীয় বিবাহ কৰিবলৈ মন মেলে। তেওঁৰ এই সিদ্ধান্তই তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মনত তীব্ৰ খং আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। স্বামীৰ প্ৰতি তেওঁৰ অপৰিসীম প্ৰেম আৰু সমৰ্পণৰ বিনিময়ত প্ৰথমা পত্নীয়ে প্ৰৱঞ্চনা পোৱা যেন অনুভৱ কৰে আৰু তেওঁ ইয়াৰ প্ৰতিশোধ লয়।[1][2]

অভিনয়ত[সম্পাদনা কৰক]

  • সঞ্জীৱ হাজৰিকা[2]


কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰনাথ শইকীয়া
  • সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, গৌতম বৰা
  • সংগীত- তৰুণ গোস্বামী[1]
  • চিত্ৰগ্ৰহণ- কমল নায়ক
  • সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য


সন্মান[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিত্ৰনাট্য, ভবেন্দ্ৰনাথ শইকীয়া, ১৯৮৫
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৰজত কমল, আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ (অসমীয়া ভাষা), ১৯৮৫
  • 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।
  • ফ্ৰান্সৰ নেণ্টিছ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।
  • উত্তৰ কোৰিয়াৰ প্যংয়াং চলচ্চিত্ৰ মহোৎসৱ বাবে নিৰ্বাচিত।
  • বাংলাদেশৰ ঢাকা চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত।
  • আলজেৰিয়াৰ স্বাধীনতা ৰূপালী জয়ন্তী মহোৎসৱৰ বাবে নিৰ্বাচিত।[1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "Agnisnaan". http://onlinesivasagar.com/movies/agnisnaan.htm। আহৰণ কৰা হৈছে: 26 January 2010. 
  2. 2.0 2.1 "AGNISNAAN (1985)". BFI. http://explore.bfi.org.uk/4ce2b6e940302। আহৰণ কৰা হৈছে: 5 মাৰ্চ 2015. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]