আলোকৰ আহ্বান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলোকৰ আহ্বান
Alokar Ahban

ছবিৰ এটা দৃশ্যত বিমল জ্যোতি চৌধুৰী, পূৰৱী দাস
পৰিচালক চাৰু কমল হাজৰিকা
প্ৰযোজক ডো-ৰে-মি ফিল্মচ্
অভিনয়ত বিমল জ্যোতি চৌধুৰী
পূৰৱী দাস
চিত্ৰগ্ৰহণকাৰী অভয় শঙ্কৰ
সম্পাদনা তৰুণ দত্ত
সংগীত পৰিচালক নয়ন
মুক্তি
১৯৮৩
দৈৰ্ঘ্য
৬০ মিনিট
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

আলোকৰ আহ্বান (ইংৰাজী: Alokar Ahban) ১৯৮৩ৰ এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মচৰ। সঙ্গীত নয়নৰ। ছবিখনে ১৯৮৩ৰ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষা শিতান শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। বিমল আৰু পূৰবীৰ ভাওত অভিনয় কৰিছিল বিমল জ্যোতি চৌধুৰী আৰু পূৰৱী দাসে।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

আলোকৰ আহ্বানৰ এটি দৃশ্য

এজন নিষ্ঠাবান সমবায় বিষয়া বিমলে ৰেচম সমবায় সমিতি গঠন কৰিবলৈ এখন গাঁৱলৈ যায়, যাতে মহাজনৰ শোষণৰ পৰা গাঁওবাসী ৰক্ষা পায়। গাঁওখনৰ একমাত্ৰ গ্ৰেজুৱেট, গাঁওবুঢ়াৰ জীয়ৰী মালতীয়ে।[1] তেওঁৰ এই মহৎ কামত সহায়ৰ হাত আগবঢ়ায়। লক্ষ্যত উপনীত নহওঁতেই তেওঁলোকে বিভিন্ন বাধাৰ সন্মুখীন হয়; কেৱল মহাজন বা তেওঁৰ অনুগামীৰ পৰাই নহয়, গাঁওবাসীৰ পৰাও বাধা পায়। গাঁওবাসীয়ে বিমলক বহিৰাগত বুলি ঠাৱৰ কৰাই নহয়, মালতীৰ সৈতে অবৈধ সম্পৰ্ক আছে বুলি দোষাৰোপ কৰে। অৱশেষত সকলো বাধা অতিক্ৰমি সমবায় সমিতিখন কেনেকৈ গঠন কৰা হয়, তাৰে চিত্ৰায়ণ কৰা হৈছে আলোকৰ আহ্বান ছবিখনত।[1]

বঁটা[সম্পাদনা কৰক]

আলোকৰ আহ্বান আছিল অসমৰ হস্ততাঁত খণ্ডৰ গ্ৰামীণ সমবায়ৰ এক বাস্তৱবাদী পৰিৱেশন; যাৰবাবে ছবিখনে লাভ কৰিছিল অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮৩)। এই বঁটাত ৰূপৰ মেডেলৰ সৈতে প্ৰযোজক আৰু পৰিচালকলৈ ক্ৰমে নগদ ১৫,০০০ টকা আৰু ৭,৫০০ টকা আগবঢ়োৱা হৈছিল।[1]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "31st Nation Film Film Award Catalouge". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 24, 46. http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 25 July 2020.