অসমীয়া লোক-সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি৷ বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল৷

অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতীক[সম্পাদনা কৰক]

বিভিন্ন প্ৰতীক আৰু বস্তুৱে সংস্কৃতি এটাৰ পৰিচয় বহন কৰে৷ অসমীয়া সংস্কৃতিৰ মাজত দেখা এনে কিছুমান সম্পদ হ'ল-

তামোল-পাণ[সম্পাদনা কৰক]

বঁটাত যতনাই দিয়া তামোল-পাণৰ সৈতে চূন চাধা

তামোল-পাণৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিৰ এটা প্ৰধান অংগ[1]। ইয়াৰ ব্যৱহাৰ অসমৰ ঘাইকৈ গাঁৱৰ বাসিন্দাসকলৰ বাবে এক অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু। তেওঁলোকে সাধাৰনতে ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে। গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে। সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনায়। দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে। অসমৰ কিছুমান ঠাই বিশেষে ইয়াক ইয়াক গুৱা-পাণ বুলিও কোৱা হয়।

শৰাই[সম্পাদনা কৰক]

শৰাই.jpg

শৰাই (ইংৰাজী: Xorai) অসমীয়া লোক সংস্কৃতিৰ এক অনৱদ্য সম্পদ[1]। ই একেধাৰে সন্মানৰ প্ৰতীক, থাপনাৰ আসন, নৈৱেদ্য-পাত্ৰ আৰু উপহাৰ তথা গৃহ-সজ্জাৰ কলাত্মক সামগ্ৰী। পিতল আৰু কাঁহ উভয়েৰে শৰাই নিৰ্মান কৰিলেও পিতলৰ শৰাইৰ প্ৰচলন অধিক। ৰূপ নতুবা তামেৰে সজা শৰাইৰো প্ৰচলন দেখা যায়। ঢাকনি থকা আৰু নথকা দুই ধৰণৰ শৰাই পোৱা যায়। অসমত শৰাইৰ প্ৰচলন কেতিয়াৰ পৰা হ’ল, সেই সম্পৰ্কে তথ্যৰ অভাৱ। মধ্যযুগত সিংহাসনৰ সন্মূখত নৈৱেদ্য দিবলৈ আৰু সত্ৰাধিকাৰ সকলক সেই বিষ্ণু নৈৱেদ্য আগবঢ়াই দিবলৈ সন্মানাৰ্থে শৰাইৰ ব্যৱহাৰ কৰা হৈছিল। অসমীয়া সমাজত বৰ্ত্তমান সময়ত সামাজিক কৰ্মাদি যেনে পূজা-পাৰ্ৱন, সকাম, উৎসৱ আদিত নৈৱেদ্য বা প্ৰসাদ আদি সজাবৰ বাবে শৰাইৰ ব্যৱহাৰ বহুলভাৱে কৰা হয়। বাঁহ, বেত তথা কাঠেৰে সজা শৰাই উপহাৰ তথা গৃহ সজ্জাৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। আহোম ৰাজত্ব কালত ৰজা, ডা-ডাঙৰীয়া আৰু গুৰুজনাক অসমীয়া লোকে শৰাই আগবঢ়াই সন্মান যাচিছিল। ব’হাগ বিহুৰ সময়ত হুঁচৰি গাবলৈ অহা ৰাইজক ফুলাম গামোচা এখনেৰে তামোল-পান সহ টকা এটি শৰাইত আগবঢ়োৱাটো পূণ্যৰ কাম হিচাপে গণ্য কৰা হয়।

গামোচা[সম্পাদনা কৰক]

এখন পূৰ্ণাঙ্গ ৰূপত গামোচা

গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ[1]৷ সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ৷ কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়৷ গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও ব্যৱহাৰ কৰে, অৱশ্যে অসমীয়া গামোচাৰ লগত তেওলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিছাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। নামনি অসমত গামোচাক "গাম্‍চা", "মুক্‍চা" বা "দুহেইটা" আদি নামেৰে জনা যায়। কে৷ কপাহী, পাট আদি সূঁতাৰে ইয়াক তৈয়াৰ কৰা হয়৷

জাপি[সম্পাদনা কৰক]

জাপি.jpg

জাপি, অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ লোককলাৰ এক সুন্দৰ নিদৰ্শন জাপি, অসমীয়াৰ বাবে যেন এক গৌৰৱৰ প্ৰতীক। বিহু উৎসৱৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্য্যসূচীত জাপিৰ ব্যৱহাৰ আজিও প্ৰচলিত। বহু পুৰণি কালৰে পৰা অসমত জাপি ব্যৱহৃত হৈ আহিছে। মুলতঃ আগৰ দিনত ৰ'দ বৰষুণ আদিৰ পৰা ৰক্ষা পৰিবলৈকে জাপি ব্যৱহৃত হৈছিল।জাপি কেইবাপ্ৰকাৰৰো আছে, তাৰে ভিতৰত কিছুমান হ'ল বৰ জাপি, গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, সৰুদৈয়া জাপি ইত্যাদি। ইয়াৰে কিছুমান উকা আৰু কিছুমান ফুলাম। উকা বৰজাপিবোৰ সাধাৰণতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কৃষক বনুৱা সকলে ব্যৱহাৰ কৰিছিল। আনহাতে ফুলাম জাপিবোৰ ব্যৱহাৰ কৰিছিল সম্ভ্ৰান্ত ঘৰৰ মানুহে। পুৰণি বিহু গীতত জাপি শব্দটোৰ প্ৰয়োগ ঘটিছিল বহুলভাবে।। আগৰ দিনত বিভিন্ন উৎসৱ পাৰ্বনতো সম্ভ্ৰান্ত ঘৰৰ মানুহে আৰু সত্ৰাধিকাৰ সকলে বৰজাপি ব্যৱহাৰ কৰিছিল। নাম প্ৰসঙ্গ আদিত খুটা এটা পুতি তাত ফুলাম বৰজাপি এটা থৈ তাৰ তলত মাহ প্ৰসাদ এক নিয়ম আছিল।আহোম ৰাজত্ব কালতো জাপিৰ ব্যাপক প্ৰচলন আছিল। বিষয়ববীয়াৰ পদৰ ওপৰত ভিত্তি কৰি জাপিৰ প্ৰচলন আছিল। উদাহৰণস্বৰূপে, বুঢ়াগোঁহাই, বৰগোঁহাই, বৰপাত্ৰগোঁহাই আদি বিষয়াসকলে সোণৰ চুলাৰে নিৰ্মত পানী জাপি আৰু টুপী জাপি ব্যৱহাৰ কৰিছিল। বৰফুকন সকলে পিন্ধিব পাৰিছিল ৰূপৰ চুলাৰে নিৰ্মিত পানী আৰু টুপি জাপি।পাছলৈ অসমীয়া সমাজত ছাতিৰ প্ৰচলন ঘটাত জাপিৰ ব্যৱহাৰ কমি গ'ল। অৱশ্যে এতিয়াও গাওঁ অঞ্চলত কৃষক সকলৰ মাজত বৰজাপিৰ প্ৰচলন দেখা যায়। পুৰনি কালত বিহু নৃত্যত জাপিৰ প্ৰচলন নাছিল, ই আছিল মাত্ৰ ৰ'দ বৰষুণৰ পৰা আত্মৰক্ষাৰ এক উপায়। আজিকালি প্ৰায়ে বিহুত সৰু সৰু জাপি লৈ নাচনীয়ে বিহু নৃত্য কৰা দেখা যায়। এইবিধেই হ'ল সৰুদৈয়া জাপি।বিহুত জাপিৰ প্ৰচলন নতুন। আজিকালি হয়তো কৰ্মক্ষেত্ৰত জাপিৰ প্ৰচলন প্ৰায়েই নাই। কিন্তু প্ৰত্যেক ঘৰ অসমীয়াৰ বাসগৃহত এটাকৈ হলেও জাপি ওলমি থকা দেখা যায়, এক গৌৰৱৰ প্ৰতীক ৰূপে।

অসমীয়া সংস্কৃতিৰ উৎসৱ-অনুষ্ঠান[সম্পাদনা কৰক]

বিহু[সম্পাদনা কৰক]

বিহু নাচ

বিহু অসমৰ জাতীয় উৎসৱ, অসমীয়া লোকসকলে পালন কৰা তিনিটা লোক উৎসৱৰ সমষ্টি। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট হ'ল ই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা- খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত"[2]

  1. ব’হাগ বিহু বা ৰঙালী বিহু: ব’হাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজ জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিছাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।[3]
  2. কাতি বিহু বা কঙালী বিহু: আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়৷ সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ গতিকে এই বিহুক কঙালী বিহু বোলে৷ এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়৷
  3. মাঘ বিহু বা ভোগালী বিহু: পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু হয়৷ এই বিহু তিনিদিন পালন কৰা হয়৷ পুহত শালি ধান, মাহ, তিল, মগু, আদি শষ্য চপাই মানুহে ভঁৰাল ভৰায়৷ এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে৷ সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়৷ এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে৷ মাঘ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা৷

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে৷ উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে৷ ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে৷ জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে৷ মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়৷ অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়৷ এই বিহুৰ মেজি পোৰা অগ্নি পুজাৰেই নামান্তৰ বুলিব পাৰি৷

মে-ডাম-মে-ফী[সম্পাদনা কৰক]

মে-ডাম-মে-ফী (ইংৰাজী: Me-Dam-Me-Phi) হ’ল টাই-আহোমসকলৰ এক ধৰ্মীয় সামাজিক উত্সৱ। এই উত্সৱ আহোমসকলে উদযাপন কৰা পিতৃ পুৰুষৰ পূজা৷ এই পূজাৰ জৰিয়তে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে প’মিং বা আশীৰ্বাদ বিচৰা হয়৷ মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফী মানে হ’ল দেও বা দেৱতা৷ অন্যান্য পূজাৰ দৰে মে-ডাম-মে-ফী পালনৰ বাবেও এখন পূজাবিধি আছে যাক আহোম ভাষা বা টাই ভাষাত খেক্-লাই বুলি জনা যায়৷

প্ৰচলিত বিশ্বাস অনুসৰি এই পূজাবিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে৷ বৰ্তমান সময়ত প্ৰতিবছৰে জানুৱাৰী মাহৰ ৩১ তাৰিখে পালন কৰা এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজ গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে আৰু ইয়াত আঠখন মেহেঙা (শৰাই) পাতি তেওঁলোকৰ আদি পিতা লেংডন দেৱতা প্ৰমুখ্যে আঠজন ‘ফী’ক উপাসনা কৰে৷ এই পূজাত ফু-ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডাম খাম্ অংকিত পতাকা উত্তোলন কৰি সমূহীয়াভাৱে ভোজ দিয়া হয়৷ এই পূজা অসমত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল তিপামবুঢ়াডাঙৰীয়াৰ থানত৷ ৰাজহুৱাভাৱে আয়োজিত এই মে-ডাম-মে-ফিৰ উপৰিও আহোমসকলে ঘৰুৱাভাৱে এই পূজা আয়োজন কৰে৷ ঘৰুৱাভাৱে আয়োজিত এই পূজাৰ স্থান ৰান্ধনিঘৰৰ দাম খুটাৰ কাষত বাচনি কৰা হয় আৰু পাঁচখন মাইহাং আগবঢ়াই পূৰ্বপুৰুষক উপাসনা কৰা হয়৷ [4]

আলি আঃয়ে লৃগাং[সম্পাদনা কৰক]

আলি আঃয়ে লৃগাং উপলক্ষে কৰা পূজাৰ দৃশ্য

অসমমিচিং জনজাতিসকলৰ উৎসৱ আলি-আই-লৃগাং[5] এটা কৃষি বিষয়ক উৎসৱ৷ প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়৷ এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়৷ প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৫ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত ইয়াক পালন কৰি আহিছে৷[6] মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচা বুজায়৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে৷

চমাংকাং[সম্পাদনা কৰক]


পৰাগ[সম্পাদনা কৰক]



অসমীয়া সংগীত[সম্পাদনা কৰক]

সঙ্গীত.jpg

শাস্ত্ৰীয় সংগীত বৰগীত বিহুগীত আধুনিক সংগীত


অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত সাজ-পাৰ[সম্পাদনা কৰক]

সাজ-পাৰ.jpg

চেলেং চাদৰ মেখেলা

অসমীয়া সংস্কৃতিৰ পৰম্পৰাগত আ-অলংকাৰ[সম্পাদনা কৰক]

দুগদুগী কেৰুমণি থুৰীয়া গাম খাৰু জোনবিৰি ঢোলবিৰি


অসমীয়া সংস্কৃতিৰ শিল্প-কলা[সম্পাদনা কৰক]


অসমীয়া সংস্কৃতিৰ বোলছবি[সম্পাদনা কৰক]

প্ৰথম অসমীয়া ছবি জয়মতী (১৯৩৫)-ৰ এটি দৃশ্য

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ[7] জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য।
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে।[8]
অসমৰ চলচ্চিত্ৰ উদ্যোগতোক জলিউড[উদ্ধৃতিৰ প্ৰয়োজন] বুলিও জনা যায়।


অসমীয়া সংস্কৃতিৰ খাদ্য[সম্পাদনা কৰক]

অসমৰ খাদ্য বা অসমীয়া আহাৰ, অসম প্ৰদেশৰ স্থানী বাসিন্দা সকলৰ খাদ্য প্ৰণালী। অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়ুটা প্ৰভাৱেই বিদ্যমান। বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলতোৰ খাদ্যাভ্যাসৰ মাজতো বিভিন্নতা বিৰাজমান। অসমৰ খাদ্যৰ কেইটিমান চকুত পৰা বৈশিষ্ট হ’ল:-

  • অসমীয়া খাদ্যত নুন্যতম মচলা আৰু চৰ্বীৰ (Fat) ব্যৱহাৰ
  • সুগন্ধিযুক্ত পাত-লতিকাৰ ব্যৱহাৰ
  • সেউজীয়া শাকৰ সমাহাৰ
  • টেঙা সোৱাদৰ উপকৰণৰ বহুল ব্যৱহাৰ
  • মাছৰ অধিক ব্যৱহাৰ
  • ৰেড মীট (Red meat) বা কঠিন মাংসৰ কম ব্যৱহাৰ, চৰাই জাতীয় মাংসৰ পয়োভৰ
  • ঔষধি উপকৰণৰ সুলভতা

অসমৰ মূল খাদ্য হ’ল ভাত (coocked rice), প্ৰায় সকলো খাদ্যই ভাতৰ লগত সম্পৰ্ক থকা। অসমীয়া আহাৰ সাধাৰণতে “খাৰ” বা শাকেৰে আৰম্ভ হয় আৰু ‘টেঙা’ ব্যঞ্জণেৰে সমাপ্ত হয়। খাৰ আৰু টেঙাৰ ব্যৱহাৰ অসমীয়া খাদ্য অন্যতম বৈশিষ্ট। ভাত খোৱাৰ পাছত তামোল-পাণ খাই মুখশুদ্ধি কৰাও এক প্ৰাচীন পৰম্পৰা। খাৰ অসমীয়া ব্যঞ্জনৰ এক বিখ্যাত উপকৰণ। ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল, যিহেতু সেই সময়ত অসমত নিমখ সতকাই পোৱা নগৈছিল। সেইবাবে অসমীয়াৰ মাজত "খাৰখোৱা অসমীয়া" যোজনাটো বৰ্তমানেও প্ৰচলন আছে।



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Assam General Knowledge. Bright Publications. পৃষ্ঠা. 20–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA20। আহৰণ কৰা হৈছে: 21 November 2012. 
  2. অসমৰ সংস্কৃতি- ড° লীলা গগৈ
  3. অসমীয়া সংস্কৃতিৰ কণিকা- সম্পাদনা-ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী- পৃষ্ঠা- ২৪০,২৪১,২৪২
  4. ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস. অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী. 
  5. মিচিংসকলৰ জাতীয় উত্সৱ আলি আঃয়ে লৃগাং, লেখক - অমিয় কুমাৰ চিৰাং, সাদিন, ২৪ ফেব্ৰুৱাৰী, ২০১২
  6. [1] আলি-আয়ে-লৃগাং, বিজু বৰি, দৈনিক জনমভূমি, সংগ্ৰহৰ সময়- ১৫ ফেব্ৰুৱাৰী ২০১২
  7. Joymoti (1935), IMDB.com
  8. Lakshmi B. Ghosh, "A rare peep into world of Assamese cinema", the [http://www.sproutseo.com seo services Hindu, 2006]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]