কাটাৰ
|
|
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয়। (বিশদ নিৰ্দেশনা চাওক।) সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
| State of Qatar
دولة قطر
Dawlat Qaṭar |
||||||
|---|---|---|---|---|---|---|
|
|
||||||
| ৰাষ্ট্ৰীয় সঙ্গীত السلام الأميري (Arabic) "As Salam al Amiri" (transliteration) Amiri Salute |
||||||
| ৰাজধানী (আৰু বৃহত্তম নগৰ) |
ড’হা 25°18′N 51°31′E / 25.3°N 51.517°E |
|||||
| ৰাষ্ট্ৰভাষা (সমূহ) | আৰবিক | |||||
| জাতীয়তাসূচক বিশেষণ | Qatari | |||||
| চৰকাৰ | পূৰ্ণ ৰাজতন্ত্ৰ | |||||
| - | আমিৰ | Hamad bin Khalifa Al Thani | ||||
| - | Crown Prince | Tamim bin Hamad Al Thani | ||||
| - | Prime Minister | Hamad bin Jassim bin Jaber Al Thani | ||||
| স্বাধীন | ||||||
| - | from the Ottoman Empire | 1913 | ||||
| - | from United Kingdom | 3 September 1971 | ||||
| মাটিকিলি | ||||||
| - | মুঠ | 11 বৰ্গ কিমি (164th) 4 বৰ্গ মাইল |
||||
| - | জলভাগ (%) | negligible | ||||
| জনসংখ্যা | ||||||
| - | 2010 লোকপিয়ল | 1,853,563[1] (148th) | ||||
| জিডিপি (পিপিপি) | 2011 আনুমানিক | |||||
| - | মুঠ | $182.591 billion[2] (57th) | ||||
| - | জনমুৰি | $103,275[2] (1st) | ||||
| জিডিপি (নামমাত্ৰ) | 2011 আনুমানিক | |||||
| - | মুঠ | $194.270 billion[2] (49th) | ||||
| - | জনমুৰি | $109,881[2] (2nd) | ||||
| মানৱ উন্নয়ন সূচক (2011) | ||||||
| মুদ্ৰা | ৰিয়াল (QAR) |
|||||
| সময় স্থান | AST (ইউটিচি+3) | |||||
| - | গ্ৰীষ্মকালীন (ডিএছটি) | (not observed) (ইউটিচি+3) | ||||
| গাড়ী চলোৱা হয় | Right | |||||
| ইণ্টাৰনেট টিএলডি | .qa, قطر. | |||||
| কলিং ক'ড | +974 | |||||
কাটাৰ পশ্চিম এছিয়াৰ এখন এখন সৰু দেশ। ইয়াৰ ৰাজধানী হ'ল ড'হা। কাটাৰৰ মাটিকালি হ'ল ১১,৪৩৭ বৰ্গ কিলোমিটাৰ৷ ভাৰতৰ ৰাজধানী দিল্লীৰ পৰা কাটাৰৰ ৰাজধানী ড'হালৈ দূৰত্ব ২৫৭২ কিলোমিটাৰ৷ অসমৰ গুৱাহাটীৰ পৰা কাটাৰলৈ দূৰত্ব হ'ল ৪০১৯ কিলোমিটাৰ৷ ইয়াৰ বৰ্তমান জনসংখ্যা হ'ল ১৬ লাখ, তাৰে ১২ লাখ পুৰুষ আৰু ৪ লাখ মহিলা৷ কিন্তু তাৰে প্ৰায় শতকৰা আশী ভাগেই হ'ল বহিৰাগত৷ আকৌ দেশখনৰ শতকৰা আশীজনে বাস কৰে ৰাজধানী চহৰ ড'হাত৷ দেশখন ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হয় ৩ চেপ্তেম্বৰ, ১৯৭১চনত৷ কাটাৰৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকুলীয় চহৰ দোহ্কানত ১৯৪০চনত পোন প্ৰথম বাৰৰ বাবে খাৰুৱা তেলৰ আবিস্কাৰ হয়৷ দেশৰ অৰ্থনীতি খাৰুৱা তেলেই টনকিয়াল কৰি ৰাখিছে৷
সূচী |
[সম্পাদনা কৰক] ইতিহাস
দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে। ইয়াত আমীৰ হ'ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ৷ আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে৷ ১৮ শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল৷ তাৰ পিছত কাটাৰ, বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাত ব্ৰিটিছৰ অধীন হ'ল৷ ১৯৭১ চনৰ ৩ চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ'ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷ কাটাৰৰ শাসনভাৰ ১৮ ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে৷
বৰ্তমানৰ শাসক হ'ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি৷ তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতত তুলি লয়৷ এজন পুত্ৰ যুৱৰাজ শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে৷ শ্বেখ হামাদ বিন জাচেন অল থানিক প্ৰধান মন্ত্ৰী পাতে ৷
১৮ ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি আহিছে৷ বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড'হাত জাকজমকতাৰে ৰাষ্ট্ৰীয় দিৱসপালিত হৈ আহিছে৷
বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে৷ মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ'ল৷ ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত৷ সাংসদৰ কাৰ্য্যকাল হৈছে ৪ বছৰীয়া৷ বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ'ল - চৌদি আৰব আৰু বাহৰেইনৰ সৈতে থকা সীমা বিবাদ ২০০১ চনত নিষ্পত্তি কৰা৷ ১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা৷ কাটাৰত বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয়, তাৰে ৮ খন আৰবী, ৪ খন ইংৰাজী৷ ১৯৯৬ চনৰ শেষৰ ফালে ড'হাত অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়৷ বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়৷
[সম্পাদনা কৰক] ভূগোল
কাটাৰৰ ভৌগলিক অবস্থান ২৪° ৰ পৰা ২৭° উত্তৰ অক্ষাংশ আৰু ৫০° ৰ পৰা ৫২° পূব দ্ৰাঘিমাংশৰ মাজত।
চৌদি আৰবৰ উত্তৰ-পূৱ দিশত সংলগ্নহৈ আছে কাটাৰ দেশ৷ চৌদি আৰব আৰু কাটাৰৰ সেই সীমাৰ দৈৰ্ঘ হ'ল ৬০ কিলোমিটাৰ৷ ইয়াৰ বাহিৰে কাটাৰক তিনিও ফালৰ পৰা সাগৰে আৱৰি ৰাখিছে৷ উত্তৰ আৰু পূবে পাৰস্য সাগৰ, পশ্চিমে বাহৰাইনৰ সমুদ্ৰ অঞ্চল৷ সাগৰৰ ভিতৰলৈ এনেদৰে সোমাই থকা ভূমিখণ্ডক 'পেনিনচুলা' বুলি কয়৷কাটাৰী পেনিনচুলাৰ আকাৰ হ'ল উত্তৰৰ পৰা দক্ষিণলৈ ১৬০ কিলোমিটাৰ৷ পূবৰ পৰা পশ্চিমলৈ অঞ্চল ভেদে দূৰত্ব ৫৫ৰ পৰা ৯০ কিলোমিটাৰ৷
কাটাৰৰ ৰাজধানী দেশখনৰ পূবে প্ৰায় মাজ ভাগত সাগৰ তীৰত অৱস্থিত৷ কাটাৰৰ একেবাৰে উত্তৰৰ শেষ সীমাত থকা সৰু চহৰখন হ'ল মডিনাত অল শ্বামাল৷ ড'হা, অল খোৰ আৰু অল ৱাক্ৰাহ - এই তিনিটা হ'ল সমুদ্ৰৰ বন্দৰ৷ কাটাৰৰ একমাত্ৰ বিমানবন্দৰটো হ'ল ড'হা অন্তৰাষ্ট্ৰীয় বিমানবন্দৰ৷ কাটাৰৰ পশ্চিমে অবস্থিত দোহ্কান হ'ল তেল নগৰী৷ ৰাচ লাফান হ'ল উত্তৰৰ এখন ঔদ্যোগিক নগৰ৷ অল ঘৰীয়া উত্তৰৰ আন এখন সৰু চহৰ - যত পৰ্যাটকে মনোৰঞ্জনৰ বাবে যায়৷
[সম্পাদনা কৰক] অৰ্থতন্ত্ৰ
[সম্পাদনা কৰক] অৰ্থনীতি
কাটাৰৰ অৰ্থনীতিৰ আধাৰ হ'ল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ৷ ইয়াৰে শতকৰা ৮৫ ভাগ ৰপ্তানিৰ দ্বাৰা ৰাজকোষ টনকিয়াল হয়৷ ১৯৪০ চনত খাৰুৱা তেলৰ সন্ধান নোপোৱালৈকে কাটাৰৰ আৰ্থিক অৱস্থা শোচনীয় আছিল৷ আজি দেশখনৰ উন্নতিৰ মূলতেই হ'ল এই পনীয়া সোণ৷
কাটাৰৰ মুদ্ৰা হ'ল - কাটাৰী ৰিয়াল৷ ১৯৭৩ চনৰ পৰা কাটাৰে নিজৰ মুদ্ৰা প্ৰচলন কৰিছে৷ প্ৰচলিত নোটবিলাক হ'ল ১, ৫, ১০, ৫০, ১০০ আৰু ৫০০ ৰিয়ালৰ। খুচুৰা মুদ্ৰা হ'ল - ৫,১০,২৫,৫০ ডিৰহাম আৰু ১ ৰিয়ালৰ৷ সাধাৰণতে ২৫ আৰু ৫০ডিৰহামহে প্ৰচলিত৷ ১০০ডিৰহামে ১ ৰিয়াল হয়৷ ১ ৰিয়াল ভাৰতীয় ১৩.৫৭ টকাৰ সমকক্ষ৷ ১ আমেৰিকান ডলাৰ ৩.৬৪ ৰিয়ালৰ সমান৷
[সম্পাদনা কৰক] জলবায়ু
নৱেম্বৰৰ পৰা এপ্ৰিললৈ বতৰ আৰামদায়ক বা সহ্যকৰ বুলিব পাৰি৷ এই ৬মাহত তাপমান সৰ্বোচ্চ ২৫ ডিগ্ৰী চেন্টিগ্ৰেড আৰু সৰ্বনিম্ন ৪ ডিগ্ৰী চেন্টিগ্ৰেডলৈ যায়। মে মাহৰ পৰা চেপ্তেম্বৰলৈকে গৰমৰ বতৰত তাপমান ৫০ডিগ্ৰী চেন্টিগ্ৰেড পৰ্য্যন্তলৈ উঠে। কাটাৰত বৰষুণ অতি কম হয়৷ কোনো কোনো বছৰত বাৰ্ষিক বৃষ্টি ১০০মিলিমিটাৰৰো কম হয়। কেতিয়াবা কাটাৰত ধূলিৰ ধুমুহাও আহে৷ কাটাৰত পাহাৰ আৰু নদী নাই৷ জলবায়ু শুষ্ক৷ইয়াৰ মাটি অধিকাংশই অনুৰ্বৰ। তথাপিও দেশৰ সমুদ্ৰৰ কাষৰিয়া অঞ্চলত কিছু সংখ্যক গছ-গছনি আছে৷ খেজুৰ, তাল, তেতেলি জাতীয় গছ-গছনিয়েই ঘাইকৈ হয়৷
| কাটাৰৰ জলবায়ুৰ তথ্য | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
| গড় উষ্ণতা - উচ্চ °C (°F) | 22 (72) |
23 (73) |
27 (81) |
32 (90) |
38 (100) |
41 (106) |
41 (106) |
41 (106) |
38 (100) |
35 (95) |
29 (84) |
24 (75) |
32.6 (90.6) |
| গড় উষ্ণতা - নিম্ন °C (°F) | 13 (55) |
13 (55) |
17 (63) |
21 (70) |
25 (77) |
27 (81) |
29 (84) |
29 (84) |
26 (79) |
23 (73) |
19 (66) |
15 (59) |
21.4 (70.6) |
| বৰ্ষাপাতৰ পৰিমাণ mm (inches) | 12.7 (0.5) |
17.8 (0.701) |
15.2 (0.598) |
7.6 (0.299) |
2.5 (0.098) |
0 (0) |
0 (0) |
0 (0) |
0 (0) |
0 (0) |
2.5 (0.098) |
12.7 (0.5) |
71 (2.8) |
| উৎস: weather.com[4] | |||||||||||||
[সম্পাদনা কৰক] সংস্কৃতি
[সম্পাদনা কৰক] ধৰ্ম
কাটাৰৰ বাসিন্দাসকলে সপ্তম শতিকাৰ পৰা ইছলাম ধৰ্মক মানি আহিছে৷ শতকৰা ৯৯ জনেই হ'ল চুন্নী মুছলমান৷ ক্ষুদ্ৰ অংশতোহে চিয়া সম্প্ৰদায়ৰ৷ কাটাৰত গাহৰি নিসিদ্ধ৷ হালাল কৰা মাংসহে কচাইখানাত বিক্ৰী হয়৷ ঈদৰ সময়ত ৰাজহুৱা স্থানত দিনৰ ভাগত খোৱা-লোৱাত কিছু নিয়মানুবৰ্তিতা সকলো নাগৰিকে মানিবলগীয়া হয়৷
[সম্পাদনা কৰক] শিক্ষা
শিক্ষাৰ ক্ষেত্ৰত স্বাধীনোত্তৰ কালত উন্নতি ক্ষিপ্ৰতৰ হব ধৰিলে৷ কাটাৰত প্ৰথম চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৫২ চনত৷ ১৯৫৪ চনত আৰম্ভ হয় প্ৰাপ্ত বয়স্ক শিক্ষা আচনি৷ উদগণি স্বৰূপে তেতিয়া চাৰি বছৰীয়া শিক্ষাৰ প্ৰমাণ-পত্ৰসহ এটি মাহেকীয়া মাননি দিয়া হৈছিল৷ বৰ্তমান দেশখনত আছে ১১৩ খন চৰকাৰী বিদ্যালয়৷ তাৰে ৬০ খন লৰাৰ আৰু ৫৩ খন ছোৱালীৰ৷
ইয়াত প্ৰাথমিক শিক্ষা ৬ বছৰৰ৷ তাৰ পিছত পোনতে ৩ বছৰীয়া মধ্যমীয়া, আকৌ ৩ বছৰীয়া চেকেন্দৰী শিক্ষা৷ চেকেন্দৰী পৰ্য্যায়ত বিজ্ঞান বা কলা শাখা বাচি লব লাগে৷ ১৯৬৭ চনত শিক্ষকৰ বাবেও ট্ৰেইনিং অনুস্থানৰ শুভাৰম্ভ হয়৷ ১৯৭৩ চনত ড'হাত কাটাৰ বিশ্ববিদ্যালয় মুকলি হয়৷ যোৱা দুই দশকৰ ভিতৰত ড'হাত বিশ্বৰ কেইবাটিও আগশাৰীৰ বিশ্ববিদ্যালয়ে নিজৰ শাখা মুকলি কৰিছে৷ চৰকাৰী শিক্ষানুস্থানৰ ওপৰিও আছে এই দেশত অনেক উচ্চমানৰ ব্যক্তিগত শিক্ষানুস্থান৷ আমেৰিকা, ব্ৰিটেইন, ভাৰত, ফিলিপাইন, চুডান, লেবানন আদিৰ দ্বাৰা এইবিলাক স্থাপিত৷ তাত অনেক কাটাৰীয়েও শিক্ষা লাভ কৰে৷ চৰকাৰে ষ্টেচনাৰী, বিদ্যুত, পানী ইত্যাদিৰ সুবিধা দি ব্যক্তিগত শিক্ষানুস্থান সমূহক সহায় কৰে৷ চৰকাৰী শিক্ষানুস্থানত কাটাৰীৰ ওপৰিও ৰেচিডেন্ট ভিছা থকা অইন দেশৰ ছাত্ৰৰো মাছুল নালাগে৷ ব্যক্তিগত শিক্ষানুস্থানসমূহৰ মাছুল বেচ উচ্চ হাৰৰ৷ স্কুলত খেল-ধেমালি,সংগীত, লাইব্ৰেৰী, কম্পিউটাৰ, চুইমিংপুল, কেন্টিন আদিৰ সকলো সুবিধা থাকে৷ প্ৰাইভেট টিউচন কাটাৰত বিশেষ নচলে৷ বিশেষকৈ স্কুলৰ শিক্ষকে টিউচন নলয়। ভাৰতৰ পৰা পৰিয়ালসহ আহি কাটাৰত কৰ্মৰত লোকসকলে নিজৰ লৰা-ছোৱালীক চি বি এচ ইৰ অধীনত থকা ব্যক্তিগত শিক্ষানুস্থানত পঢ়োৱায়৷ ইয়াৰ ভিতৰত প্ৰমুখ হ'ল: ড'হা মডাৰ্ণ ইণ্ডিয়ান স্কুল, আইডিয়েল ইণ্ডিয়ান স্কুল,এম ই এচ ইণ্ডিয়ান স্কুল,ডি পি এচ ইণ্ডিয়ান স্কুল, বিৰলা পাব্লিক স্কুল।
[সম্পাদনা কৰক] চিকিৎসা ব্যৱস্থা
কাটাৰৰ চিকিৎসা ব্যৱস্থাৰ মানদণ্ড বিশ্বমানৰ৷ এই দেশে স্বাধীনতা লভিবৰ চাৰিটা দশক সম্পূৰ্ণ হৈছে মাথো, কিন্তু চিকিৎসাৰ দিশত সৰ্বতোপ্ৰকাৰে অভাৱনীয় উন্নতি পৰিলক্ষিত হৈছে৷ চৰকাৰৰ তত্বাবধানত সৰ্ব -সাধাৰণৰ বাহিৰেও শিশু, নবজাতক, মহিলা, মানসিক ৰোগী, কেঞ্চাৰ ৰোগী, দন্ত চিকিৎসাৰ, অস্থিৰোগৰ, ক্ৰীড়াৰ ফলত হোৱা আঘাতৰ ৰোগীৰ বাবে পৃথক পৃথক চিকিৎসালয় স্থাপিত হৈছে, আৰু আছে ৰোগ পৰীক্ষাৰ অত্যাধুনিক সা-সৰঞ্জামযুক্ত লেবৰেটৰী৷ স্বাস্থ্যখণ্ডত উন্নতিৰ প্ৰধান কাৰণসমূহ হ'ল- বছেৰেকীয়া স্বাস্থ্য বাজেটত এক বুজন ধনৰ বিনিয়োগ, এই দেশলৈ অহা নবাগত সকলৰ কঠোৰ স্বাস্থ্য পৰীক্ষা ,আৰু দেশখনৰ সীমিত জনসংখ্যা। তদুপৰি পৰিস্কাৰ-পৰিছন্ন পৰিবেশও ৰোগ বৃদ্ধি নোহোৱাৰ এক উল্লেখযোগ্য কাৰণ৷
বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত খণ্ডই প্ৰদান কৰি আছে৷ প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এই দেশত তেনেই নগণ্য৷ মেডিকেল শিক্ষাৰ ক্ষেত্ৰত কাটাৰ অৱশ্যে নবাগত৷২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড'হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷৩৮০খন বিচনা মেডিকেল কলেজত পৰিসৰৰ ভিতৰত অলপতে মুকলি হব৷বৰ্তমান শিক্ষাৰ্থী সকলে কাটাৰৰ সৰ্ববৃহৎ চৰকাৰী চিকিৎসালয় (হামাড মেডিকেল কৰ্পৰেচনত) প্ৰেক্টিকেল শিক্ষা লয়৷মেডিকেল কলেজখন কাটাৰ ফাউণ্ডেচনৰ এডুকেশ্বনেল চিটিৰ ভিতৰত অৱস্থিত৷৷মুঠ ৬ বছৰৰ শিক্ষাৰ অন্তত আমেৰিকাৰ বিশ্ববিদ্যালয়ে ছাত্ৰসকলক এম,ডি ডিগ্ৰী প্ৰদান কৰে৷ ১৯৫৭ চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড'হাত মুকলি হয়৷১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূত উন্নতি সাধে৷ ১৯৮২ চনত ৬২১খন বিচনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷ ১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী চিকিৎসালয় মুকলি হ'ল৷যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ'ল৷এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে ভাৰতৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ - "চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে" কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড'হাত ২০০৯ চনত মুকলি কৰা হৈছে - অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ "এচপিটাৰ হস্পিতেল"৷ ২০০৬ চনত য'ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷ উল্লেখযোগ্য ২০২২ চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ'ল কাটাৰ৷
কাটাৰত ভাইৰেল ফিভাৰ, হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ, ডেংগু, মেলেৰিয়া আদি ৰোগ দেখা পাবলৈ নাই৷ মহ আৰু মাখিৰ সংখ্যা কম৷ মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷ ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷
কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ খাদ্যাভাসত এটা কথাত কিছু মিল থকা দেখা যায় - সেইটো হ'ল খাদ্যত মাংস,কণী, মাখন, চীজ,পনীৰ, গাখীৰ , ড্ৰাই ফ্ৰুইটচ্ ,বিভিন্ন ক'ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য। শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়৷অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা। লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ প্ৰচুৰ অলিভ তেল উৎপাদন হোৱা দেশসমূহতহে অলিভ তেল আটাইতকৈ সুলভ৷ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷ আনহাতে টুনা, চালমন মাছ আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী অমেগা- ৩ ফেটি এচিড থাকে৷ অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
This article incorporates public domain material from the CIA World Factbook document "Qatar".
- ↑ "Populations". Qsa.gov.qa. http://www.qsa.gov.qa/QatarCensus/Populations.aspx। আহৰণ কৰা হৈছে: 2 October 2010.
- ↑ 2.0 2.1 2.2 2.3 International Monetary Fund, World Economic Outlook Database, September 2011: Report for Selected Countries and Subjects. Data for the year 2011.
- ↑ http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf
- ↑ "Monthly Averages for Doha, Qatar". weather.com. The Weather Channel. http://www.weather.com/outlook/travel/businesstraveler/wxclimatology/monthly/graph/QAXX0003?from=36hr_bottomnav_business। আহৰণ কৰা হৈছে: 26 October 2009.
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| কাটাৰ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত |
|
| চিত্ৰ আৰু মিডিয়া কমন্সত |
|
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত |
|
| বা-বাতৰি ৱিকিসংবাদত |
|
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত |
|
| কিতাপ, লিখনি আদি ৱিকিউৎসত |
|
| পাঠ্যপুথি ৱিকিগ্ৰন্থত |
|
- Amiri Diwan official government website
- Qatar entry at The World Factbook
- কাটাৰ web resources provided by GovPubs at the University of Colorado at Boulder Library
- কাটাৰ বিষয়ে অডিপি (মুক্ত নিৰ্দেশিকা প্ৰকল্প)ত থকা তথ্য
Qatar ভ্ৰমণ নিৰ্দেশিকা, ৱিকিট্ৰেভেলৰ পৰা- Wikimedia Atlas of Qatar
- HSBC Bank in Qatar
- Qatar-based channel Aljazeera live stream
- Key Development Forecasts for Qatar from International Futures
|
|||||||||||||||||||||
