শ্বেখ মুজিবুৰ ৰহমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শেখ মুজিবুৰ ৰহমানৰ পৰা পুনঃনিৰ্দেশিত)

শ্বেখ মুজিবুৰ ৰহমান (বঙালী: শেখ মুজিবুর রহমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব। ভাৰত বিভাজন আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু পিছলৈ পূব পাকিস্তানক স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত কেন্দ্ৰীয় নেতৃত্ব প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত তেওঁ আৱামী লীগৰ সভাপতি তাৰপিছত বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু পিছলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1][2] ১৯৭১ চনত পূব পাকিস্তানৰ ৰাজনৈতিক স্বায়ত্তশাসনৰ অভিযান আৰু তাৰ পিছত বাংলাদেশৰ স্বাধীনতা আন্দোলন আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ আঁৰৰ কেন্দ্ৰীয় ব্যক্তি হিচাপে তেওঁৰ কৃতিত্বক স্বীকৃতি দি শ্বেখ মুজিবুৰ ৰহমানক বাংলাদেশৰ "জাতিৰ জনক" বা "জাতিৰ পিতৃ" বুলি জনা যায়।[3] তেওঁক প্ৰাচীন বাংলা সভ্যতাৰ আধুনিক স্থপতি আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঙালী বুলি গণ্য কৰা হয়। তেওঁক জনপ্ৰিয়ভাৱে "শ্বেখ মুজিব" বা "শ্বেখ চাহিব" আৰু "বংগবন্ধু" উপাধিৰে জনা যায়। তেওঁৰ কন্যা শ্বেখ হাছিনা বৰ্তমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী।

  1. "Mujibur Rahman". Britannica. 11 August 2023. 
  2. "Who is Sheikh Mujibur Rahman, whose birth centenary Bangladesh is observing today" (en ভাষাত). The Indian Express. 17 March 2020. https://indianexpress.com/article/explained/explained-who-is-sheikh-mujibur-rahman-whose-birth-centenary-bangladesh-is-observing-6317512/. 
  3. "First Schedule". Laws of Bangladesh. http://bdlaws.minlaw.gov.bd/upload/act/2022-04-18-13-27-54-Scheudle__367.pdf.