ৱিকিপিডিয়া:ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা যোগ চিহ্ন

ভাল প্ৰবন্ধ (good article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰ ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষন কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে ভাল প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ 3,143 টা প্ৰবন্ধৰ মাজত ১৪ 'টা ভাল প্ৰবন্ধ আছে।

ভাল প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ যোগ চিহ্ন (Symbol support vote.svg) দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

ভাল প্ৰবন্ধৰ তালিকা

ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:

ভাল প্ৰবন্ধ কোনবোৰ?[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ ভাল প্ৰবন্ধসমূহ হৈছে—

  1. ভালদৰে-লিখিত:
    (a) প্ৰবন্ধৰ ব্যৱহৃত তথ্যসমূহ স্পষ্ট আৰু লঘূ হোৱাৰ উপৰিও, কপিৰাইট নীতিসমূহক সন্মান জনাৱাৰ লগতে বানান আৰু ব্যাকৰণৰ শুদ্ধ প্ৰয়োগ হ’ব লাগে। আৰু
    (b) ৱিকিপিডিয়াৰ মনোমত সজ্জাৰ গঠনৰ নীতি নিৰ্দেশনাসমূহত উল্লেখিত শীৰ্ষ খণ্ড, গঠন, আৰু তালিকাৰ গঠন অনুসৰণ কৰিব লাগে।.
  2. তথ্যগতভাৱে সঠিক আৰু সত্যাপনযোগ্যতা:
    (a) প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ প্ৰমাণ আৰু উদ্ধৃতি নিৰ্দ্ধাৰিত নিয়ম নীতি অনুসৰি কৰাটো বাঞ্চনীয়;
    (b) প্ৰবন্ধটোত বিশ্বাসযোগ্য উত্‍সৰৰ পৰা পৰ্যাপ্ত পৰিমাণে তথ্যৰ উদ্ধৃতি দিয়াৰ আৱশ্যক।; আৰু
    (c) ইয়াত কোনো মৈলিক গৱেষণাসমৃদ্ধ তথ্য থাকব নালাগে।
  3. বিষয়বস্তুৰ ব্যপকতা:
    (a) প্ৰবন্ধটোৰ বিষয়বস্তু দিশসমূহ ভালদৰে উল্লেখ কৰা উচিত। আৰু
    (b) প্ৰবন্ধটোত সন্নিবিষ্ট তথ্যসমূহ মূল দিশসমূহৰ পৰা যাতে ফালৰি কাটি অন্য দিশলৈ গতি নকৰে (সাৰাংশ সজ্জা চাওক) ।.
  4. নিৰপেক্ষ: প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত ভাৱে শুদ্ধ আৰি ইয়াক লৈ কোনো বিতৰ্ক নাই।.
  5. স্থিৰ: প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰণৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।.
  6. বৰ্ণনামূলক, যদি সম্ভৱ তেনে চিত্ৰসমূহৰ দ্বাৰা:
    (a) চিত্ৰসমূহৰ কপিৰাইট স্থিতিৰ সম্পৰ্কে বিৱৰণত ভালদৰে উল্লেখিত আৰু লগতে অ-মুক্ত সমলসমূহৰ বাবে বৈধ আংশিক ভাল ব্যৱহাৰ যুক্তি ভালদৰে উল্লেখ কৰা হয়। আৰু
    (b) চিত্ৰসমূহৰ বিষয় সম্পৰ্কীয় হয় আৰু লগতে ভাল শিৰোনাম দিয়াটো বাঞ্চনীয়।.

ভাল প্ৰবন্ধ[সম্পাদনা কৰক]

পাৰম্পৰিক এনিমেছনৰ উদাহৰণ। ঘোঁৰাটোৰ দৌৰি থকা মূহুৰ্তৰ কেবাখনো ছবি ক্ৰমত সজাই এই এনিমেছন নিৰ্মাণ কৰা হৈছে।

এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচ্চিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিকভাৱে ছেকেণ্ডত ২৪ খন) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম' বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। বৰ্তমান কম্পিউটাৰৰ সহায়ত এনিমেছন নিৰ্মাণ কৰাটো এক জনপ্ৰিয় উপায়। (বিতংকৈ পঢ়ক............)

প্ৰথম অসমীয়া ছবি জয়মতীৰ এটি দৃশ্য

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত o ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। (সবিশেষ পঢ়ক .....)

চাৰ্লি চেপলিন-ৰ 'দা বণ্ড' চলচ্চিত্ৰৰ কেইটামান মূহুৰ্ত

চলচ্চিত্ৰ বা 'বোলছবি' বা চমুকৈ অকল 'ছবি' (ইংৰাজী চিনেমা বা ফিল্ম), মূলত: স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মান কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মান কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মান কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মান একেসময়তে এটা শিল্প আৰু উদ্যোগ। এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয়ো এখন সমাজক প্ৰভাৱান্বিত কৰাৰ ক্ষমতা ৰাখে। একে সময়তে সমাজৰ দাপোন আৰু পৰিবৰ্তনৰ কাৰক হিচাপে কাম কৰিব পৰাৰ ক্ষমতাৰ বাবে চলচিত্ৰক এটা অতি গুৰুত্বপূৰ্ণ কলা জ্ঞান কৰা হয়। চলচিত্ৰই সফল মনোৰঞ্জনৰ আৰু জ্ঞানৰ ক্ষমতাশালী বাহক হিচাপে কাম কৰিব পাৰে। চলচিত্ৰই একেসময়তে ছবি, শব্দ, সংলাপ সকলো সাঙুৰি লয় বাবে ই যোগাযোগৰ এটা বিশেষ প্ৰভাৱশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। বহুতো চলচিত্ৰই স্থান, কাল-ৰ পৰিধি ভাঙি বিশ্বব্যাপি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। চলচিত্ৰ কাহিনী-ভিত্তিক, শৈক্ষিক বা এবষ্ট্ৰেক্ট (abstract) যিকোনো বিধৰ হ'ব পাৰে। চলচ্চিত্ৰ মূলতে এলানি ক্ৰমিক স্থিৰচিত্ৰ। প্ৰতিখন স্থিৰ ছবিক 'ফ্ৰেম' (Frame) বোলা হয়। এই ক্ৰমিক স্থিৰ ছবিসমূহক ইখনৰ পাছত সিখনকৈ খৰ গতিৰে দেখুৱাই গ'লে আমাৰ চকুৰ দৃষ্টি জড়তাৰ বাবে ইখনৰ পাচত সিখন অহাটো ধৰিব নোৱাৰি। আন এটা পৰিঘটনা 'বিটা গতি'-ৰ বাবে ক্ৰমে সলনি হৈ থকা এই ছবিসমূহ প্ৰত্যক্ষ কৰিলে গতিৰ ভ্ৰমৰ সৃষ্টি হয়, অৰ্থাৎ স্থিৰ চিত্ৰৰ ক্ৰমটোৱে গতি কৰা দেখিবলৈ পোৱা যায়। (সবিশেষ পঢ়ক ........)

Devi phoolan.jpg

ফুলন দেৱী (ইংৰাজী: Phoolan Devi, হিন্দী: फूलन देवी) প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল; যাৰ জনপ্ৰিয় নাম আছিল দস্যু ৰাণী ফুলন দেৱী। তেওঁ একাধিকবাৰ পুৰুষৰ নিষ্ঠুৰতাৰ বলি হৈছিল। আৰক্ষীৰ ওচৰলৈ গৈয়ো তেওঁ ন্যায় পোৱা নাছিল; যাৰ বাবে তেওঁ ডকাইতৰ জীৱন আঁকোৱালী লৈছিল। উত্তৰ প্ৰদেশৰ বেহমাই গাঁওৰ কেইজনমান ঠাকুৰে ফুলনক ২৩ দিন ধৰি ধৰ্ষণ কৰিছিল। ১৯৮১ চনত সেই গাঁওৰ ২২ জন ঠাকুৰক হত্যা কৰা হৈছিল আৰু এই হত্যাকাণ্ডৰ বাবে ফুলন দেৱীক অভিযুক্ত কৰা হৈছিল। বেছি ভাগ অপৰাধ তেওঁ নিপিড়িক মহিলাসকলক, বিশেষকৈ নিম্ন বৰ্গৰ মহিলাসকলক ন্যায় প্ৰদান কৰিবলৈ সংঘটিত কৰিছিল। কুৰি বছৰো নোহোৱা এগৰাকী নিম্নবৰ্গৰ, প্ৰায় নিৰক্ষৰ কিশোৰীয়ে সমগ্ৰ ভাৰতত আলোড়নৰ সৃষ্টি কৰিছিল। পাছলৈ তেওঁ আত্ম-সমৰ্পন কৰিছিল আৰু ভাৰতৰ ৰাজনীতিত যোগদান কৰিছিল। ভাৰতবৰ্ষৰ অন্তৰ্গত উত্তৰ প্ৰদেশৰ জালৌন জিলাৰ অন্তৰ্গত 'ঘোৰা কা পুৰৱা' গাঁওত মাল্লা সম্প্ৰদায়ত ফুলন দেৱীৰ জন্ম হৈছিল। মাল্লা সম্প্ৰদায়ক নিম্ন বৰ্ণৰ বুলি গণ্য কৰা হয়। ফুলন আছিল দেৱীদিন আৰু মুলাৰ দ্বিতীয় সন্তান। ফুলনৰ দেউতাকৰ এক একৰৰ এখন নিমৰ বাগিছা আছিল। দেউতাকৰ আশা আছিল, এই মূল্যবান গছবোৰ বেছি জীয়েকহঁতৰ বাবে যৌতুকৰ ধন গোটাব। ফুলনৰ এঘাৰ বছৰ বয়স হওঁতে ককাদেউতাক ঢুকাই থাকিল আৰু তেওঁৰ বৰদেউতাকে নিজকে ঘৰখনৰ মুৰব্বী বুলি ঘোষণা কৰিলে আৰু প্ৰৱঞ্চনাৰে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। বৰদেউতাকৰ মায়াদিন নামৰ এজন পুত্ৰ আছিল। সি বাগিছাৰ গছবোৰ কাটি বিক্ৰি কৰিবলৈ ধৰিলে। ফুলনে ইয়াৰ ঘোৰ বিৰোধ কৰিলে। ৰাজহুৱাকৈ মায়াদিনক চোৰ বুলি নিন্দা কৰিলে আৰু বায়েকৰ সৈতে ফুলনে সেই মাটিত বহি থাকি প্ৰতিবাদ সাব্যস্ত কৰিলে। হিংসাৰ আশ্ৰয় লৈয়ো মায়াদিনে ফুলনক সেও মনাব নোৱাৰিলে। অৱশেষত সম্পৰ্কীয় ভায়েকজনে পুট্টিলাল নামৰ এজন ত্ৰিশ বছৰীয়া ব্যক্তিৰ সৈতে ফুলনৰ বিয়াৰ আয়োজন কৰিলে। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ এঘাৰ বছৰ। (সবিশেষ পঢ়ক .............)

১৯১২ চনৰ ২ এপ্ৰিল তাৰিখে টাইটানিকয়ে সামুদ্ৰিক পৰীক্ষণৰ বাবে বেলফেষ্ট এৰাৰ মূহুৰ্ত

আৰ. এম. এছ. টাইটানিক বা চমুকৈ টাইটানিক এখন মানৱ পৰিবাহী জাহাজ আছিল। এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়তেই এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে। এইখন ইংলেণ্ডৰ চাউথএম্পটনৰ পৰা আমেৰিকানিউয়ৰ্ক চহৰলৈ যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাটোত মুঠ ১৫১৪ জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তীশীল লোকো আছিল। ইয়াৰ উপৰিও ইংলেণ্ড, আয়াৰলেণ্ড স্কেনদিনেভিয়ৰ প্ৰৱাসী লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল। ইয়াৰ ভিতৰতেই ব্যায়ামাগাৰ, বিলাসী ৰেষ্টুৰেণ্ট,গ্ৰন্থাগাৰ আৰু ছুইমিঙ পুলৰ উপলব্ধ আছিল। ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিকত বহুতো আগশাৰীৰ সুবিধা যেনে পানী প্ৰতিৰোধ কৰিব কোঠা আৰু দূৰৰ পৰা নিয়ন্ত্ৰত কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ আছিল। তথাপি ইয়াত যাত্ৰীৰ উপযোগীকৈ লাইফব’টৰ সংখ্যা যথেষ্ট নাছিল। এইখনে লগত ১,১৭৮ জন যাত্ৰীৰ বাবেহে লাইফব’ট কঢ়িয়াই নিছিল। এই সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথো এক-তৃতীয়াংশহে আছিল। (সবিশেষ পঢ়ক .....)

ষ্টিফেন কেট্‌লৰদ্বাৰা নিৰ্মিত আৰু ব্লেচলি পাৰ্কত অৱস্থিত এলান ট্যুৰিঙৰ মূৰ্তি।

এলান ট্যুৰিং (ইংৰাজী: Alan Turing সম্পূৰ্ণ নাম: এলান মেথিছন ট্যুৰিং Alan Mathison Turing) (pron.: /ˈtjʊərɪŋ/ tewr-ing; ২৩ জুন, ১৯১২ – ৭ জুন, ১৯৫৪), এগৰাকী ইংৰাজ গণিতজ্ঞ, তৰ্কবিজ্ঞানী, সংকেতবিশ্লেষক আৰু কম্পিউটাৰ বিজ্ঞানী। কম্পিউটাৰ বিজ্ঞানৰ বিকাশত এখেতৰ বৰঙনি বিশেষভাৱে উল্লেখনীয়। এখেতে 'এলগৰিথম' আৰু 'গণনা'ৰ তাত্বিক ধাৰণাৰ বিকাশ সাধন কৰি 'ট্যুৰিং মেচিন'ৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। 'ট্যুৰিং মেচিন'ক 'সৰ্বাত্মক কম্পিউটাৰ' বুলিব পাৰি। ট্যুৰিঙক আধুনিক কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জনক বুলি অভিহিত কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ কালত ট্যুৰিঙে ব্ৰিটিছ চৰকাৰৰ হৈ 'চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়'লৈ নিজৰ অৱদান আগবঢ়ায়। এই কালত জাৰ্মান বাহিনীৰ সংকেত পাঠোদ্ধাৰৰ বাবে ট্যুৰিঙে কেবাটাও উল্লেখযোগ্য সমাধান সূত্ৰ নিৰ্ণয় কৰে। (সবিশেষ পঢ়ক.....)

পিটাৰ পল ৰিউবেনছৰ দ্বাৰা ১৬৩৮ খ্ৰীষ্টাব্দত তৈয়াৰী খোদন শিল্প

হিপ'ক্ৰেটিছ (ইংৰাজী: Hippocrates বা Hippocrates of Cos বা Hippokrates of Kos), (খ্ৰী.পূ. ৪৬০ - খ্ৰী.পূ. ৩৭০) প্ৰাচীন গ্ৰীক চিকিৎসক। এখেতক পাশ্চাত্য চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়। হিপ'ক্ৰেটিছেই চিকিৎসা বিজ্ঞানক দৰ্শন আৰু ধৰ্ম শাস্ত্ৰৰ আয়ত্ত্বৰ বাহিৰলৈ আনি স্বকীয় বৈশিষ্ট্যৰ বিজ্ঞান বুলি চিহ্নিত কৰে। হিপ'ক্ৰটিছৰ অৱদান সমূহৰ বিষয়ে ঘাইকৈ জনা যায় হিপ'ক্ৰটিছৰ কৰ্পাছ (Hippocratic Corpus) লিখনী সমূহৰপৰা। এই লিখনীৰ সংগ্ৰহত বহুকেইজন ব্যক্তিৰ পৰীক্ষা-নিৰীক্ষা আৰু অভিজ্ঞতাৰ ফছল সোমাই আছে। সেয়ে ইয়াৰে কিমানখিনি হিপ'ক্ৰটিছৰ নিজৰ লিখা সেয়া সঠিককৈ জানিব পৰা নাযায়। কিন্তু প্ৰাচীন জগতৰ এজন প্ৰখ্যাত চিকিৎসক হিচাপে হিপ'ক্ৰেটিছক আটায়ে মানি লয়।চিকিৎসা শাস্ত্ৰত প্ৰণালীবদ্ধ অধ্যয়নৰ পাতনি মেলাত হিপ'ক্ৰেটিছৰ ভূমিকা সৰ্বজনগৃহীত। বিগত সময়ৰ জ্ঞানৰ লগত নিজৰ গৱেষণালব্ধ জ্ঞান যোগ দিয়াৰ ওপৰিও হিপ'ক্ৰেটিছে চিকিৎসা বৃত্তিক এটা সন্মানীয় পেছা হিচাপে গঢ় দিয়ে। চিকিৎসাক পেছা হিচাপে গ্ৰহন কৰা সকলে মানি চলিবলগীয়া নীতি-নিয়ম আদি হিপ'ক্ৰেটিছে প্ৰণয়ন কৰা 'চিকিৎসকৰ শপতনামা'ত লিখি থৈ গৈছে। ঐতিহাসিকৰ মত অনুসৰি হিপ'ক্ৰেটিছৰ জন্ম হৈছিল খ্ৰী.পূ. ৪৬০, গ্ৰীছ দেশৰ কছত। চিকিৎসা বিজ্ঞানৰ প্ৰচলিত গ্ৰীক মতবাদৰ বিপৰীতে যোৱা বাবে তেখেতক বিছ বছৰৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। বন্দী অৱস্থাতে তেওঁ লিখি উলিয়াই বিখ্যাত পুথি 'জটিল মানৱ দেহ'। ইয়াৰে বহুতো মতবাদ এতিয়াও সত্য বুলি প্ৰতিপন্ন হৈ আছে। হিপ'ক্ৰটিছৰ জীৱনৰ বিষয়ে লিখা বাকীখিনি কথা অলৌকিকতাৰে ভৰপূৰ। (সবিশেষ পঢ়ক ......)

ইলেক্‌ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে হেপাটাইটিছ বি ভাইৰাছ

হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃতৰ প্ৰদাহ (Inflammation) সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশৰ জীৱনকালত এবাৰ হ'লেও সংক্ৰমণ হয়। ইয়াৰে ৩৫০ নিযুত লোক ৰোগটোৰ দীৰ্ঘদিনীয়া বাহক হিচাপে থাকে। ভাৰতত এই ৰোগৰ বাহকৰ সংখ্যা প্ৰায় ৪০ নিযুত। সংক্ৰামক তেজ বা শৰীৰ ৰস (body fluids) যেনে বীৰ্য আৰু যোনী ৰসৰ জৰিয়তে (অসুৰক্ষিত যৌন সম্পৰ্ক) ভাইৰাছটো দেহত প্ৰবেশ কৰে । দীৰ্ঘদিনীয়া বাহকৰ লেলাউটি, চকুপানী আৰু প্ৰস্ৰাৱত ভাইৰাছৰ ডি এন এ ধৰা পেলোৱা হৈছে। উন্নয়নশীল দেশসমূহত মাকৰ পৰাও সন্তানলৈ প্ৰসৱকালত ভাইৰাছবিধ যাব পাৰে। সংক্ৰমণৰ আন কাৰকসমূহ হ'ল চিকিৎসাক্ষেত্ৰত জড়িত থকা, ৰক্ত সঞ্চাৰণ আৰু ডায়ালাইচিছ, আকুপাংচাৰ, টাটুকৰণ, দীঘলীয়া বিদেশ ভ্ৰমণ আৰু কোনো চিকিৎসা প্ৰতিষ্ঠানত বসতি। হাতেৰে চুলে, লগে-ভাগে খালে, চুমা খালে, সৱাটিলে, কাঁহ মাৰিলে, হাঁচি মাৰিলে আৰু দুগ্ধপান কৰালে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণ নহয়। (বাকী অংশ পঢ়ক.......)

"ইন মাই চিটি"ৰ এটা দৃশ্যত প্ৰিয়ংকা চোপ্ৰা।

প্ৰিয়ংকা চোপ্ৰা (ইংৰাজী: Priyanka Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী। অভিনয় জগতত খোজ পেলোৱাৰ আগতে তেওঁ মডেল হিচাপে কাম কৰে আৰু ২০০৮ চনত মিছ ৱৰ্ল্ড খিতাপ জয় কৰি জনপ্ৰিয়তা লাভ কৰে। বৰ্তমানলৈকে তেওঁ এটা ৰাষ্ট্ৰীয় পুৰস্কাৰ আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তামিল ছবি থামিজানেৰে ছবিজগতত পদাৰ্পণ কৰি তেওঁ "দা হিৰো" (২০০৩)ৰ জৰিয়তে বলীউডত অভিষেক ঘটাই আৰু তাৰ পিছত জনপ্ৰিয় ছবি "অন্দাজ"ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ এতৰাজ, মুঝছে শাদী কৰোগী (২০০৪), ক্ৰিশ্ব (২০০৬), ডন (২০০৬) আদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে। ২০০৮ চনত তেওঁৰ কেৰিয়াৰে এক নতুন মোৰ লয় যেতিয়া তেওঁ ফেশ্বন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ আৰু ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। তাৰ পিছত তেওঁ কমিনে (২০০৯), হোৱাট্‌ছ ইয়'ৰ ৰাছী (২০০৯) আৰু ৭ খুন মাফ (২০১১) ত অভিনয় কৰে যাৰ বাবে তেওঁ ফিল্মফেয়াৰ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। এনেকৈয়ে তেওঁ বলীউডত এক শীৰ্ষমানৰ প্ৰতিভাৱান অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে। (বিতং ভাৱে পঢ়ক............)

ভূপেন হাজৰিকাৰ স্থিৰচিত্ৰ, আলোকচিত্ৰ সৌজন্য: উত্‍পল বৰুৱা, ইউ বি ফটো।

ড° ভূপেন হাজৰিকা (হিন্দী: भूपेन हाजोरिका, ইংৰাজী: Bhupen Hazarika) (১৯২৬-২০১১), অসম তথা ভাৰতৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী। তেওঁ জীৱনকালতেই অসমৰ সংগীত জগতত কিম্বদন্তিস্বৰূপ সৰ্বপৰিচিত। ওৰে জীৱন গান গাই গাই বিশ্বখনকে মন্ত্ৰমুগ্ধ কৰি ৰখা ভূপেন হাজৰিকাৰ একমাত্ৰ পৰিচয় এজন গীতিকাৰ বুলিয়েই নহয়, তেখেত আছিল এজন সুৰকাৰ, চিত্ৰকৰ, কবি, প্ৰবন্ধলেখক, শিক্ষক, ৰাজনীতিবিদ, বোলছবি পৰিচালক, সংগীত পৰিচালক, আলোচনীৰ সম্পাদকো। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো তেখেত এজন অত্যন্ত জনপ্ৰিয় শিল্পী। উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গানত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাবে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজীয়ে অসমৰ কলা-সংস্কৃতি জগতৰ প্ৰভূত উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাটো অৱদান আগবঢ়াই আহিছে। সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত অক্লান্ত কৰ্মী ভূপেন হাজৰিকা কেৱল অসম ৰাজ্যতে নহয় দেশ-বিদেশত বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান শংকৰদেৱ বঁটা, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় বঁটা ‘সংগীত নাটক একাডেমী বঁটা’ উপৰি ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছে। (বিতং ভাৱে পঢ়ক............)

২০১২ চনৰ ৬ ডিচেম্বৰত হোৱাইট হাউছৰ অভেল অফিছৰ ৰিছল্যুৎ ডেস্কৰ সন্মুখত অ'বামা।

বাৰাক হুছেইন অ'বামা (Barack Hussein Obama) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিস্থিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়। বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ) কেনিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে মাতৃ এন ডানহাম কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, কেনিয়াৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেওঁ হাৱাইলৈ পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। অ’বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল জাকাৰ্টালৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেওঁ হাৱাইৰ বিখ্যাত ‘পুনাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল। এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। তাৰ পাছত তেওঁ লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত নাম ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়।... (বিতং ভাৱে পঢ়ক............)

Madan Mohan Malaviya.png

মদন মোহন মালৱীয় (ইংৰাজী: Madan Mohan Malaviya; হিন্দী: मदन मोहन मालवीय) (এই শব্দটোৰ বিষয়ে pronunciation (১৮৬১-৪৬) এগৰাকী শিক্ষাবিদ আৰু ভাৰতীয় স্বাধীনতা আন্দোলন আৰু হিন্দু জাতীয়তাবাদৰ উত্থানৰ বাবে বিশিষ্ট্য ভূমিকা লোৱা এগৰাকী ৰাজনৈতিক নেতা আছিল। তেখেতক সন্মানেৰে পণ্ডিত মদনমোহন মালৱীয়[1] আৰু 'মহামনা' বুলি সম্বোধন কৰা হৈছিল।[2] মালবীয়ক কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰাৰ বাবে সৰ্বাধিক স্মৰণ কৰা হয়; যিখন বিশ্ববিদ্যালয় বাৰণসীত ১৯১৬ চনত স্থাপন কৰা হৈছিল। এইখন এচিয়াৰ ভিতৰত সবাতোকৈ ডাঙৰ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়,[3] য’ত কলা, বিজ্ঞান, অভিযান্ত্ৰিকী আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিভাগত ১২০০তকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। মালৱীয় ১৯১৯ৰ পৰা ১৯৩৮লৈ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।[4][5]

মালৱীয় ১৯০৯, ১৯১৩, ১৯১৯ আৰু ১৯৩২ত চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয়। ১৯৩৪ চনত তেখেতে কংগ্ৰেছ ত্যাগ কৰে। তেখেত হিন্দু মহাসভাৰ এগৰাকী প্ৰাৰম্ভিক কালৰ নেতা আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰো প্ৰতিস্থাপক আছিল।[6] তেখেতে এখন অতিকৈ প্ৰভাৱশালী ইংৰাজী বাতৰিকাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। এই কাকতখন ১৯০৯ত এলাহাবাদৰ পৰা প্ৰকাশ হৈছিল।[7] তেখেত ১৯২৪ৰ পৰা ১৯৪১লৈ হিন্দুস্তান টাইমচৰো চেয়াৰমেনৰ দায়িত্বত আছিল। তেখেতৰ প্ৰচেষ্টাতে ১৯৩৬ৰ পৰা এই কাকতখনৰ হিন্দী সংস্কৰণ প্ৰকাশ হৈছিল।[7] তেখেতক ১৫৩তম জন্মদিৱসৰ এদিন আগত, ১৯১৪ৰ ২৪ ডিচেম্বৰ দিনা মৰণোত্তৰভাৱে ভাৰতৰ আটাইতকৈ সন্মানীয় অসমাৰিক বঁটা ভাৰতৰত্নৰে বিভূষিত কৰা হব বুলি ঘোষণা কৰা হয়।[8] বিতংকৈ পঢ়ক

style="background:#B5A0C7; border:1px solid #cedff2; padding:10px; vertical-align:top; width:45%"|
বেনিটো মুছ'লিনি (বাওঁফালে) আৰু এডল্‌ফ হিট্‌লাৰ (সোঁফালে)

দ্বিতীয় বিশ্বযুদ্ধ (ইংৰাজী: World War II) বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত, সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে, প্ৰায় সকলোবোৰ দে‍শেই জড়িত হৈ পৰা এই যুদ্ধত দুটি বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়, মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয়, য’ত ১০ কোটিতকৈয়ো অধিক লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতি সমূহে এই সময়চোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল, যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। ‘হ’ল’কাষ্ট’ (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা) কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ, ইত্যদিৰ বাবে কুখ্যাত এই যু্দ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। এই পৰিসংখ্যাৰ পৰা ক’ব পাৰি যে, দ্বিতীয় বিশ্বযুদ্ধ মানৱ ইতিহাসৰ সকলোতকৈ ঘাটক যুদ্ধ আছিল।

যদিও জাপানৰ সম্ৰাট ইতিমধ্যেই ১৯৩৭ চনত চীন গণৰাজ্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল, তথাপি ১৯৩৯ চনত ১ ছেপ্টেম্বৰত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰে আৰু তাৰ ফলশ্ৰুতিত, ফ্ৰান্সৰ লগতে ব্ৰিটিছ সাম্ৰাজ্য আৰু ৰাষ্ট্ৰমণ্ডলৰ (commonwealth) দেশ সমূহে জাৰ্মানীৰ ওপৰত যুদ্ধ ঘোষণা কৰাকে, আধিকাৰিক ভাৱে ২য় বিশ্বযুদ্ধৰ আৰম্ভনি বুলি ধৰা হয়।

আৰু পঢ়ক...



  1. https://books.google.com/books?id=BX3wIjJ9mvMC&lpg=PA340&dq=Madan%20Mohan%20Malviya&pg=PA340#v=onepage&q=Madan%20Mohan%20Malviya&f=false
  2. "Mahamana's life as exemplary as Mahatma's: BHU V-C". The Times of India. 27 December 2009. http://articles.timesofindia.indiatimes.com/2009-12-27/varanasi/28102158_1_bhu-v-c-bhu-alumni-cell-birth-anniversary-celebrations. 
  3. Singh, Binay (13 March 2009). "BHU set to realise future goals". প্ৰকাশক VARANASI: The Times of India. http://articles.timesofindia.indiatimes.com/2009-03-13/varanasi/28042346_1_rajiv-gandhi-south-campus-mahamana-madan-mohan-malviya-banaras-hindu-university। আহৰণ কৰা হৈছে: 3 June 2011. 
  4. "History of BHU". Banaras Hindu University website. http://www.bhu.ac.in/history1.htm. 
  5. "University at Buffalo, BHU sign exchange programme". Rediff News. 4 October 2007. http://www.rediff.com/news/2007/oct/04univ.htm. 
  6. Our Leaders (Volume 9 of Remembering Our Leaders). Children's Book Trust. 1989. পৃষ্ঠা. 61. ISBN 81-7011-842-5. http://books.google.co.in/books?id=2NoVNSyopVcC&pg=PA61&lpg=PA61&dq=Madan+Mohan+Malaviya+Scouting&source=bl&ots=4oVY8PFiXf&sig=bzIWnjpIp9KGyErYK9A3C6A_x4I&hl=en&ei=AntIS9WNIYqTkAWe6oD4Ag&sa=X&oi=book_result&ct=result&resnum=1&ved=0CAcQ6AEwADgo#v=onepage&q=&f=false. 
  7. 7.0 7.1 "C. Y. Chintamani (10 April 1880 – 1 July, 1941)". The Tribune. 7 May 2000. http://www.tribuneindia.com/2000/20000507/spectrum/main2.htm#3. 
  8. http://pib.nic.in/newsite/erelease.aspx?relid=114017