আৰ. এম. এছ. টাইটানিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
RMS Titanic 3.jpg
১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে চাউথএম্পটন (Southampton)ৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ত
Career White Star flaga.svg
নাম: আৰ. এম. এছ. টাইটানিক
মালিক: White Star flaga.svg হোৱাইট ষ্টাৰ লাইন
পঞ্জীয়নভূত বন্দৰ: United Kingdom of Great Britain and Ireland লিভাৰপুল, যুক্তৰাজ্য
পথ: চাউথএম্পটনৰ পৰা নিউইয়ৰ্ক মহানগৰী
নিৰ্মান আদেশ: ১৯০৮ চনৰ ১৭ চেপ্টেম্বৰ
নিৰ্মাতা: বেলফেষ্টৰ হাৰলেণ্ড এণ্ড ৱ’ল্ফ
য়াৰ্দৰ সংখ্যা: ৪০১
আৰম্ভ: ১৯১১ চনৰ ১১ মে’
কাম সম্পূৰ্ণ: ১৯১২ চনৰ ২ এপ্ৰিল
প্ৰথম যত্ৰা: ১৯১২ চনৰ ১০ এপ্ৰিল
চিনাক্তকৰণ: ৰেডিঅ’ শ্ৰেণীচিহ্ন "MGY"
বিশেষ ঘটনা: প্ৰথম যাত্ৰাৰ সময়তেই ১৫ এপ্ৰিল, ১৯১২ তাৰিখে ডুব যায়
সাধাৰণ তথ্যসমূহ
শ্ৰেণী আৰু প্ৰকাৰ: অলিম্পিক ক্লাছ, অ’ছেন লিনিয়েৰ
কৰ: ৪৬,৩২৮ গ্ৰ’ছ ৰেজিষ্টাৰ টন(Gross Register Ton)
ভৰ: ৫২,৩১০ টন
দৈৰ্ঘ: ২৬৯.০ মিটাৰ
প্ৰস্থ: ২৮.০ মিটাৰ
উচ্চতা: ৫৩.৩ মিটাৰ (নিম্নভাগৰপৰা ওপৰৰ চিমনিলৈকে)
পানীৰ তলৰ অংশ: ১০.৫ মিটাৰ
ডেকৰ সংখ্যা: ৯টা (A–G)
শক্তি: ৪৬,০০০ অশ্বক্ষমতা (মুঠ ২৯টা ব্ৰইলাৰ)
প্ৰপেলিং শক্তি: দুখন ৩-পাংখাযুক্ত প্ৰপেলাৰ আৰু ৪-খন পাংখাযুক্ত এখন মূখ্য প্ৰপেলাৰ
বেগ: সাধাৰণ: ২১নট (৩৯কি.মি. প্ৰতি ঘণ্টা) সৰ্বাধিক: ২৪নট (৪৪কি.মি. প্ৰতি ঘণ্টা)
বহনক্ষমতা: যাত্ৰী:২,৪৩৫, নাবিক:৮৯২
টোকা: লাইফব'ট: ২০খন (১,১৭৮জন মানুহৰ বাবে)

আৰ এম এছ টাইটানিক এখন ব্ৰিটিছ মানৱ পৰিবাহী জাহাজ আছিল। ইংলেণ্ডৰ চাউথএম্পটন (Southampton) ৰপৰা আমেৰিকাৰ নিউয়ৰ্ক চহৰলৈ ইয়াৰ প্ৰথম যাত্ৰা কৰাৰ সময়তেই এটুকুৰা আইচবাৰ্গত খুন্দা মৰাৰ ফলত জাহাজখন উত্তৰ আটলাণ্টিক মহাসাগৰত ডুব গৈছিল। ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল। টাইটানিক ডুব যোৱাৰ ফলত ১,৫০২ জন লোকৰ মৃত্যু হৈছিল। এইয়া ইতিহাসৰ এক শোকাবহ সাগৰীয় দুৰ্ঘটনা। ই প্ৰথম যাত্ৰাৰ সময়ত টাইটানিক বিশ্বৰ সবাতোকৈ ডাঙৰ জাহাজ আছিল। হোৱাইট ষ্টাৰ লাইনে (White Star Line) পৰিচালনা কৰা অলিম্পিক ক্লাছ অ’চেন লাইনাৰ সমূহৰ ভিতৰত ই দ্বিতীয়খন জাহাজ আছিল। বেলফেষ্টহাৰলেণ্ড এণ্ড ৱ’ল্ফ শ্বিপয়াৰ্ডত ইয়াক নিৰ্মাণ কৰা হৈছিল। ইয়াৰ প্ৰথম যাত্ৰাৰ সময়ত ই সৰ্বমুঠ ২,২২৪ জন যাত্ৰী আৰু কৰ্মচাৰী কঢ়িয়াই নিছিল।

এডৱাৰ্ড স্মিথৰ তত্বাৱধনাত টাইটানিকে ইয়াৰ প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ যাত্ৰীসকলৰ মাজত বহুতো বিশ্বৰ কেইগৰাকীমান প্ৰতিপত্তীশীল লোকো আছিল।ইয়াৰ উপৰিও গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড, স্কেনদিনেভিয়ৰ প্ৰৱাসী লোক আৰু উত্তৰ আমেৰিকাত নতুন জীৱন বিচাৰি যোৱা ইউৰোপৰ লোকসকলো এই যাত্ৰাৰ সংগী আছিল। টাইটানিক এখন আৰাম আৰু বিলাসৰে পৰিপূৰ্ণ জাহাজ আছিল।ইয়াৰ ভিতৰতেই ব্যায়ামাগাৰ, বিলাসী ৰেষ্টুৰেণ্ট, গ্ৰন্থাগাৰ আৰু ছুইমিঙ পুলৰউপলব্ধ আছিল। জাহাজ পৰিচালনা তথা যাত্ৰীসকলে ব্যৱহাৰ কৰিবৰ বাবে ইয়াত শক্তিশালী অনাতাঁৰ টেলিগ্ৰাফৰ সুবিধা আছিল। যদিও টাইটানিকত বহুতো আগশাৰীৰ সুবিধা যেনে পানী প্ৰতিৰোধ কৰিব কোঠা (watertight compartment) আৰু দূৰৰ পৰা নিয়ন্ত্ৰত কৰিব পৰা পানী প্ৰতিৰোধী দুৱাৰ (remotely activated watertight door) আছিল, তথাপি ইয়াত যাত্ৰীৰ উপযোগীকৈ লাইফব’টৰ (lifeboat) সংখ্যা যথেষ্ট নাছিল। সমুদ্ৰ যাত্ৰাৰ পুৰণি নিৰাপত্তাৰ নিয়মাৱলীৰ বাবে, ই লগত ১,১৭৮ জন যাত্ৰীৰ বাবেহে লাইফব’ট কঢ়িয়াই নিছিল। লাইফব’টৰ সংখ্যা সেই যাত্ৰাৰ মুঠ যাত্ৰীৰ সংখ্যাৰ আধা তথা মুঠ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰী কঢ়িয়াব পৰা ক্ষমতাৰ মাথো এক-তৃতীয়াংশহে আছিল।

১৯১২ চনৰ ১০ এপ্ৰিল তাৰিখে, টাইটানিকে চাউথএম্পটন চহৰ এৰিছিল। ই নিউয়ৰ্কৰ ফালে পশ্চিমলৈ গতি কৰাৰ আগতে ফ্ৰান্সৰ চেৰবাৰ্গ আৰু আয়াৰলেণ্ডৰ কুইনছটাউন (Queenstown) এতিয়াৰ চ’ভ)ৰ লগত যোগাযোগ কৰিছিল।[1] ১৯১২ চনৰ ১৪ এপ্ৰিল তাৰিখে, যাত্ৰা আৰম্ভ কৰাৰ ৪ দিন পাছত প্ৰায় ৩৭৫ মাইল (600  কিঃমিঃ) অতিক্ৰম কৰাৰ পাছত, নিউফাউণ্ডলেণ্ড)ৰ দক্ষিণ ফালে, ই এটুকুৰা আইচবাৰ্গত ৰাতি প্ৰায় ১১-৪০ বজাত (জাহাজখনৰ সময়মতে; জি.এম.টি -৩)। আংশিক ভাৱে হোৱা সংঘৰ্ষত টাইটানিকৰ হালপ্লেট (Hull Plate)সমূহ বহুতো ঠাইত ভিতৰৰ দিশে বেঁকা হৈ হৈছিল। ইয়াৰ ফলত ষোল্লটা পানী প্ৰতিৰোধিত কোঠাৰ ভিতৰত পাঁচটা কোঠাত সাগৰৰ পানীৰে ভৰি পৰিছিল। লাহে লাহে গোটেই জাহাজখন পানীৰে ভৰি পৰছিল আৰু প্ৰায় ২ বাজি ২০ মিনিটত জাহাজখন আটলাণ্টিক মহাসাগৰৰ বুকুত ডুব যায়। ইয়াৰে কিছু সংখ্যক যাত্ৰী আৰু কৰ্মচাৰীক লাইফ-ব’টৰ দ্বাৰা জীৱন ৰক্ষা কৰা হৈছিল। জাহাজৰ বিষয়াসকলে প্ৰথমতে মহিলা আৰু শিশুসকলক বচোৱাৰ চেষ্টা কৰাৰ ফলত দ্বিতীয় শ্ৰেণীত ৯০%ৰো অধিক পুৰুষ জাহাজখনত আছিল। প্ৰায় ২ বাজি ১০ মিনিটত টাইটানিকৰ ওপৰৰ খলপাসমূহ পানীত ডুব যায়। ইয়াৰ ১০ মিনিটমানৰ ভিতৰতে জাহাজখন ভাগি দুটুকুৰা হৈ পৰে আৰু লগত এক হাজাৰৰো অধিক লোকৰ সৈতে পানীত ডুব যায়। বহুতো যাত্ৰী কেইমিনিট মানৰ ভিতৰতে মহাসাগৰৰ ঠাণ্ডা পানীৰ কাৰণে হাইপ’থাৰমিয়া (hypothermia)ত ভুগি মৃত্যুমুখত পৰিছিল। জাহাজখন ডুব যোৱাৰ পাছত কিছুমান লোকক পানীৰ পৰা উদ্ধাৰ কৰি হৈছিল। দুৰ্ঘটনাৰ দুঘণ্টা মানৰ পাছত আৰ.এম.এছ. কাৰপেথিয়া (RMS Carpathia) আহি দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। এই জাহাজখনে অনুমানিক ৭০৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰিছিল।

টাইটানিকৰ ধ্বংসাৱশেষ সমূহ ১৯৮৫ চনত প্ৰায় ১২,৪১৫ ফুট (৩,৭৮৪ মিটাৰ) গভীৰতাত পোৱা গৈছে। ইয়াক আৱিষ্কৃত হোৱাৰ পিছত সহস্ৰাবিধ প্ৰাচীন মানৱ নিৰ্মিত সামগ্ৰী সমুদ্ৰপৃষ্ঠৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সামগ্ৰীসমূহ বিশ্বৰ বিভিন্ন ঠাইৰ সংগ্ৰাহলয়ত প্ৰদৰ্শনীৰ কাৰণে মুকলি কৰি দিয়া হৈছে। “টাইটানিক”ক ইতিহাসৰ এখন বিশ্ব বিখ্যাত জাহাজ হিচাপে গণ্য কৰা হয়। বিভিন্ন গ্ৰন্থ, লোক গীত, চলচ্চিত্ৰ আদিৰ দ্বাৰা ইয়াৰ স্মৃতি এতিয়াও সজীৱ কৰি ৰখা হৈছে।

পটভূমি

যুক্তৰাজ্যআয়াৰলেণ্ডবেলফেষ্ট, আৰ.এম.এছ. টাইটানিকৰ নিৰ্মাণ কৰা হৈছিল। অলিম্পিক-ক্লাছ অ’চেন লাইনাৰ—ৰ ভিতৰত দ্বিতীয়খন জাহাজ টাইটানিক আছিল। প্ৰথমখনৰ নাম আছিল আৰ.এম.এছ. অলিম্পিক আৰু তৃতীয়খনৰ নাম আছিল এইচ.এম.এইচ.এছ. ব্ৰিটানিক (পূৰ্বতে ইয়াৰ নাম জাইগেণ্টিক ৰখা হৈছিল)।[2] তেতিয়ালৈকে এই জাহাজ কেইখনেই ব্ৰিটিছ শ্বিপিং কম্পেনী হোৱাইট ষ্টাৰ লাইনৰ নৌ-বহৰ (fleet)ৰ আটাইতকৈ ডাঙৰ জাহাজ আছিল। ইয়াক ২৯ টা ভাপ ইঞ্জিনৰ দ্বাৰা পৰিচালিত কৰা হৈছিল।.[3] ১৯০৭ চনৰ মাজভাগত হোৱাইট ষ্টাৰ লাইনৰ অধ্যক্ষ জে. ব্ৰুচ ইচমে আৰু আমেৰিকান পুঁজি যোগান ধৰোঁতা (financier) জে. পিয়েৰপণ্ট মৰগানৰ মাজত এই আটাইকেইখন জাহাজ নিৰ্মাণৰ বিষয়ে আলোচনা হৈছিল। জে. পিয়েৰপণ্ট মৰগান ইণ্টাৰনেচনেল মাৰ্চেণ্টাইল মেৰাইন কম্পেনী (ইয়াৰ পৰাই হোৱাইট ষ্টাৰ লাইন কম্পেনীৰ সৃষ্টি হৈছিল)ৰ দায়িত্বত আছিল। কেইবছৰ মান পূৰ্বে, ১৮৮৮ চনত লৰ্ড পিৰীয়ে চাৰিটা-ফানেলযুক্ত বৃহৎ আকৃতিৰ জাহাজ নিৰ্মাণৰ কথা জে. ব্ৰুচ ইচমেৰ পিতৃ থমাছ হেনৰী ইচমেৰ লগত আলোচনা কৰিছিল। কিন্তু ইমান ডাঙৰ জাহাজখনক চলাবলৈ সেই সময়ত কোনো ইঞ্জিন নাছিল। কুনৰাড লাইনে সেই সময়ত দুখন জাহাজ নিৰ্মাণ কৰি উলিয়াইছিল: লুছিটানিয়া আৰু মৰেটানিয়া। তেতিয়া এই দুখনেই দ্ৰুতবেগী মানৱ পৰিবাহী জাহাজ আছিল। সেই সময়ৰ আন দুখন উল্লেখযোগ্য জাহাজ হৈছে জাৰ্মানীহামবাৰ্গ আমেৰিকা আৰু নৰডেউষ্টাৰ লয়ড। এই সমূহে হোৱাইট ষ্টাৰ লাইনৰ লগত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইচমেই জাহাজখন দ্ৰুতবেগী হোৱাৰ সলনি আকাৰত ডাঙৰ হোৱাটো বিছাৰিছিল। তেওঁ প্ৰস্তাৱ দিয়ে যে, এই জাহাজখন আটাইতকৈ ডাঙৰ হোৱাৰ উপৰিও ইয়াত যাত্ৰীসকলৰ বাবে উন্নতমানৰ সা-সুবিধা আৰু বিলাসিতা প্ৰদান কৰা ‌উচিত।[4] সেই সময়ত সেৱা আগবঢ়াই থকা পুৰণি মানৱ পৰিবাহী জাহাজ: এচ. এচ. টিউটনিক (১৮৮৯) আৰু এচ. এচ. মেজেষ্টিক (১৮৯০)- এই দুখনক সলনি কৰি কম্পেনীটোৱে নিজৰ নৌ-বহৰত উন্নতি সাধন কৰে। টিউটনিকৰ সলনি অ’লিম্পিক আৰু মেজেষ্টিকৰ সলনি টাইটানিকক কম্পেনীটোৱে ব্যৱহাৰ কৰিবলৈ লয়। টাইটানিক ডুব যোৱাৰ পাছত হোৱাইট ষ্টাৰৰ নিউয়ৰ্ক সেৱাই মেজেষ্টিক জাহাজখনক পুনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।

এই জাহাজ কেইখন বেলফেষ্টৰ জাহাজ নিৰ্মাতা হাৰলেণ্ড এণ্ড ৱ’ল্ফে নিৰ্মাণ কৰিছিল। ১৮৬৭ চনৰ পৰা তেওঁলোকৰ হোৱাইট লাইন ষ্টাৰ কম্পেনীৰ লগত সু-সম্পৰ্ক আছিল।[5] হোৱাইট লাইন ষ্টাৰৰ বাবে জাহাজ কেইখন নিৰ্মাণ কৰোঁতে হাৰলেণ্ড এণ্ড ৱ’ল্ফক বহুতো স্বাধীনতা দিয়া হৈছিল। হাৰলেণ্ড এণ্ড ৱ’ল্ফক নিৰ্মাণ কাৰ্য্যত খৰচৰ ক্ষেত্ৰত কোনো সীমা বান্ধি দিয়া হোৱা নাছিল আৰু পাঁচ শতাংশ লাভ দিয়া হৈছিল।[5] অলিম্পিক শ্ৰেণীৰ প্ৰথম দুখন জাহাজৰ বাবে ৩ মিলিয়ন পাউণ্ডৰ লগতে পাঁচ শতাংশ দিয়া পাৰিশ্ৰামিক দিয়া হৈছিল।[6]

হাৰলেণ্ড এণ্ড ৱ’ল্ফে নিজৰ কেইবাগৰাকী উল্লেখযোগ্য নক্সা বনাওঁতাক অলিম্পিক শ্ৰেণীৰ জাহাজ কেইখনৰ নক্সা বনাবলৈ দিয়া হ’ল। হাৰলেণ্ড এণ্ড ৱ’ল্ফ আৰু হোৱাইট ষ্টাৰ লাইনৰ সঞ্চালক, লৰ্ড পিৰী; হাৰলেণ্ড এণ্ড ৱ’ল্ফৰ ডিজাইন বিভাগৰ সঞ্চালক আৰু নৌ স্থপতিবিদ থমাছ এণ্ড্ৰিউছ; জাহাজৰ নক্সা, স্থিৰতা আৰু পৰিপাটি কৰাৰ দায়িত্বত এডৱাৰ্ড ৱিল্ডিঙ (Edward Wilding) আৰু এণ্ড্ৰিউছৰ প্ৰতিনিধি; শ্বিপয়াৰ্ডৰ মুখ্য draughtsman আৰু সাধাৰণ ব্যৱস্থাপক আলেকজেণ্ডাৰ কাৰলিছলিৰ তত্বাৱধানত নক্সাসমূহ তৈয়াৰ কৰা হৈছিল।[7] জাহাজখনৰ সাজ-সজ্জা, সা-সৰঞ্জাম আৰু অন্যান্য সাধাৰণ ব্যৱস্থাসমূহ, যেনে যোগ্য লাইফব’ট ডেভিট ডিজাইনৰ কাৰ্য্যকৰীকৰণ [lower-alpha 1]ৰ দায়িত্বত কাৰলিছলি আছিল।

১৯০৮ চনৰ ২৯ জুলাইত, হাৰলেণ্ড এণ্ড ৱ’ল্ফ-এ জাহাজৰ নক্সাসমূহ জে. ব্ৰুচ ইচমে আৰু হোৱাইট ষ্টাৰ লাইনৰ কাৰ্য্যনিবাহকক দিয়ে। ইচমেই নক্সাসমূহত সন্মতি প্ৰদান কৰে আৰু দুদিন পাছৰ পৰাই জাহাজ কেইখন নিৰ্মাণৰ বাবে সন্মতি দিয়ে।[10] প্ৰথম অৱস্থাত, প্ৰথমখন জাহাজক "Number 400" নামেৰে সূচোৱা হৈছিল। পাছত ইয়াৰ নাম অলিম্পিক ৰখা হয়। টাইটানিক এই নক্সাৰ এটা সংশোধিত ৰূপ আছিল আৰু ইয়াক "Number 401" নামেৰে সূচোৱা হৈছিল।[11]

আকাৰ

আৰ. এম. এছ. টাইটানিকৰ নক্সা

টাইটানিকৰ মুঠ দৈৰ্ঘ্য ৮৮২ ফুট (২৬৯.০৬ মিটাৰ) আৰু সৰ্বাধিক প্ৰষ্ঠ ৯২ ফুট ৬ ইঞ্চি (২৪.১৯ মিটাৰ) আছিল। ইয়াৰ তলৰ ভেটিৰ পৰা ওপৰৰ সাকোঁলৈকে উচ্চতা আছিল ১০৪ ফুট (৩২ মিটাৰ)।[12] ইয়াৰ মুঠ ওজন আছিল ৪৬,৩২৮ গ্ৰ’ছ ৰেজিষ্টাৰ টন[2]

অলিম্পিক-শ্ৰেণীৰ তিনিওখন জাহাজতে দহটাকৈ খলপা (ওপৰত থকা বিষয়াসকলৰ quarterসমূহ বাদ দি) আছিল। ইয়াৰ ভিতৰত আঠোটা খলপা যাত্ৰীসকলৰ বাবে আছিল। ওপৰৰ পৰা তললৈ খলপা সমূহ হৈছে:

আৰ. এম. এছ. টাইটানিকৰ মধ্য অংশ কাটি দেখুওৱা হৈছে
ব’ট খলপা (The Boat Deck)

এই খলপাত লাইফ-ব’ট সমূহ ৰখা হৈছিল। ইয়াৰ পৰাই ১৯১২ চনৰ ১৫ এপ্ৰিলৰ প্ৰথম ক্ষণত উত্তৰ আটলাণ্টিকত মেলি দিয়া হৈছিল।[13][14] সাকোঁ আৰু wheelhouseটো খলপাটোৰ একেবাৰে সন্মুখৰ প্ৰান্তত, কেপ্তেইন আৰু বিষয়াসকলৰ quarterৰ সন্মুখত আছিল। ৮ feet (২.৪ m) দৈৰ্ঘ্যৰ সাকোঁখন খলপাটোৰ ওপৰত আছিল। দুয়োফালে এই সাকোঁখন মেলিব পৰা গৈছিল, যাতে বন্দৰত ৰখাই থোৱাৰ সময়তো যাতে জাহাজখন নিয়ন্ত্ৰণ কৰিব পৰা যায়। wheelhouseটো সাকোঁখনৰ ঠিক পাছতে আৰু ওপৰত আছিল। প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা গ্ৰেণ্ড ষ্টেয়াৰকেছ আৰু ব্যায়ামাগাৰৰ লগতে প্ৰথম শ্ৰেণীৰ বৈঠকখানাটো জাহাজখনৰ মধ্যভাগত অৱস্থিত আছিল। খলপাটোৰ পিছ অংশটোত প্ৰধম শ্ৰেণীৰ ধুমপান কোঠা আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰৱেশদ্বাৰ আছিল। এই খলপাটোত চাৰিটাকৈ সমুদ্ৰৰ প্ৰমোদৰ ঠাই আছিল: বিষয়াসকল, প্ৰথম শ্ৰেণীৰ যাত্ৰী, অভিযন্তা আৰু দ্বিতীয় শ্ৰেণী যাত্ৰীসকলৰ বাবে।[13][14]

এ খলপা (A Deck)

এই খলপাটো প্ৰমোদ ভ্ৰমণ খলপা (Promenade Deck) নামেৰেও জনা গৈছিল। এই খলপাটো বিশাল জাহাজখনৰ ৫৪৬ফুট (১৬৬মিটাৰ) দৈৰ্ঘ্য বিস্তাৰিত আছিল। এই খলপাটো সম্পূৰ্ণৰূপে প্ৰথম শ্ৰেণীৰ যাত্ৰীৰ বাবে সংৰক্ষিত আছিল। ইয়াত প্ৰথম শ্ৰেণীৰ কোঠা, প্ৰথম শ্ৰেণীৰ বৈঠকখানা (Lounge), ধুমপানৰ বাবে কোঠা আৰু পঢ়া-শুনা কৰিবৰ বাবে কোঠা।[13]

বি খলপা বা সাকোঁ খলপা (B Deck, the Bridge Deck)

ই ওপৰৰ ওজন-বহন কৰিব পৰা খলপা আৰু জাহাজৰ সজাঁটোৰ আটাইতকৈ ওপৰৰ অংশ। প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলক ইয়াত থকাৰ সুবিধা কৰি দিয়া আছিল। ইয়াত ছটাকৈ প্ৰসাদীয় কোঠৰী আছিল, য’ত প্ৰথম শ্ৰেণীৰ যাত্ৰী সকলৰ সুবিধাৰ্থে সমুদ্ৰৰ প্ৰমোদৰ কাৰণে ঠাই আছিল। এ লা কাৰ্টে ৰেষ্টুৰেণ্ট (A La Carte Restaurant) আৰু কেফে পেৰিছিয়ানে (Café Parisien)য়ে প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে বিলাসী ভোজনৰ ব্যৱস্থা কৰি দিছিল। এই দুয়োখন চুক্তিবদ্ধ কৰ্মচাৰীয়ে পৰিচালনা কৰিছিল। এই সকলোবোৰ দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে জাহ যায়। এই খলপাটোতে দ্বিতীয় শ্ৰেণীৰ ধুমপান কোঠা আৰু প্ৰৱেশগৃহটো অৱস্থিত আছিল। ১০৬ feet (৩২ m) দৈৰ্ঘ্যৰ এই খলপাটোৰ Aft অংশটো তৃতীয় শ্ৰেণীৰ যাত্ৰীসকলে প্ৰমোদ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিছিল। টাইটানিক ডুব যোৱাৰ সময়ত এই অংশটোতে বহুতো যাত্ৰী আৰু জাহাজৰ কৰ্মীসকল আছিল।[15][16]

চি খলপা বা আশ্ৰয় খলপা (C Deck, the Shelter Deck)

ই আটাইতকৈ সৰ্ব্বোচ্চ খলপা - যি জাহাজখনৰ সন্মুখভাগৰ পৰা পিছ অংশলৈকে মুক্ত আছিল। ইয়াত দুটাকৈ আৱদ্ধ খলপা আছিল। ইয়াৰে এটা তৃতীয় শ্ৰেণীৰ যাত্ৰী সকলৰ সমুদ্ৰৰ প্ৰমোদৰ সুবিধাৰ্থে আছিল।[15][17] জাহাজৰ কৰ্মচাৰীসকলৰ কোঠালিসমূহ forecastleৰ তলত আৰু তৃতীয় শ্ৰেণীৰ ৰাজহুৱা কোঠাসমূহ খলপাটোৰ তলত আছিল। ইয়াৰ মাজতে প্ৰথম শ্ৰেণীৰ কোঠাসমূহ আৰু দ্বিতীয় শ্ৰেণীৰ পুথিভঁৰালটো আছিল।[15][17]

ডি খলপা বা অভ্যৰ্থনা কক্ষ খলপা (D Deck, the Saloon Deck)

এই খলপাত মূলতঃ তিনিটাকৈ বিশাল ৰাজহুৱা কোঠা আছিল - প্ৰথম শ্ৰেণীৰ অভ্যৰ্থনা কক্ষ ( First Class Reception Room), প্ৰথম শ্ৰেণীৰ ভোজন অভ্যৰ্থনা কক্ষ ( First Class Dining Saloon) আৰু দ্বিতীয় শ্ৰেণীৰ ভোজন অভ্যৰ্থনা কক্ষ ( Second Class Dining Saloon)। তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে অলপ মুকলি স্থানৰ সুবিধা কৰা আছিল। প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ কক্ষ ইয়াতেই আছিল। এই খলপাৰ সন্মুখভাগত firemen থকাৰ ব্যৱস্থা আছিল।[15][18]

ই খলপা বা ওপৰৰ খলপা (E Deck, the Upper Deck)

এই খলপাটো মূলতঃ সকলো শ্ৰেণী যাত্ৰীৰ বাবে থকাৰ বাবে বন্দবস্ত কৰা হৈছিল। ৰান্ধনী, ট্ৰিমাৰ (trimmer) আৰু অন্যান্য কৰ্মচাৰীসকলৰ বাবে থকাৰ ব্যৱস্থা আছিল। ইয়াৰ খলপাৰ মাজত এটা দীঘল সংযোগী পথ আছিল। লিভাৰপুলৰ প্ৰখ্যাত স্কটলেণ্ড ৰ’ডৰ অনুসৰি এই পথটোৰ নাম দিয়া হৈছিল। এই সংযোগী পথটো তৃতীয় শ্ৰেণীৰ যাত্ৰী আৰু জাহাজৰ কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিছিল।[15][19]

এফ খলপা বা মধ্য খলপা (F Deck, the Middle Deck)

এই খলপাটো জাহাজখনৰ শেষৰ সম্পূৰ্ণ খলপা। ইয়াত দ্বিতীয় আৰু তৃতীয় শ্ৰেণী যাত্ৰীৰ থকাৰ বাবে বন্দবস্ত আৰু জাহাজৰ কৰ্মচাৰী সকলৰ কেইবাটাও বিভাগ আছিল। ইয়াত তৃতীয় শ্ৰেণীৰ ভোজনালয়, অভ্যৰ্থনা কক্ষ (Saloon) ছুইমিঙ পুল আৰু Turkish bath অৱস্থিত আছিল।[15][19]

জি খলপা বা তলৰ খলপা (G Deck, the Lower Deck)

আটাইতকৈ তলত অৱস্থিত এটা সম্পূৰ্ণ খলপা, য’ত যাত্ৰী কঢ়িওৱা হৈছিল। ইয়াত স্কোৱাছ ক’ৰ্ট আৰু ভ্ৰাম্যমান ডাকঘৰটো অৱস্থিত আছিল। ইয়াত পিয়নসকলে চিঠি আৰু পাৰ্চেল সমূহ ভাগ কৰিছিল যাতে জাহাজখন বন্দৰত উপস্থিত হোৱাৰ লগে-লগে বিতৰণ কৰিব পাৰি। খাদ্য সমূহ ইয়াতেই সংৰক্ষিত কৰা হৈছিল। এই খলপাটোৰ কোনো কোনো অংশত অ’ৰলপ খলপাৰ বইলাৰ, ইঞ্জিন আৰু টাৰবাইন কোঠাসমূহৰ কিছু অংশও অৱস্থিত আছিল।[15][20]

অ’ৰলপ খলপা আৰু টেংক টপ (The Orlop Deck and the Tank Top)

জাহাজখনৰ আটাইতকৈ নিম্ন ভাগৰ অংশ আৰু সমুদ্ৰৰ জলৰেখাৰ তলত আছিল। অ’ৰলপ খলপাটো বয়-বস্তুৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। টেংক টপ অংশত সকলো বইলাৰ, ইঞ্জিন, টাৰবাইন আৰু ইলেকট্ৰিকেল জেনেৰেটৰ সমূহ ৰখা হৈছিল। এই অংশত অৱস্থিত বইলাৰ আৰু ইঞ্জিনৰ কোঠাসমূহ সাধাৰণ যাত্ৰীসকলৰ বাবে দৃশ্যমান নাছিল।[15][20]

বৈশিষ্ট্য

ইঞ্জিন, বইলাৰ আৰু জেনেৰেটৰ

অলিম্পিক জাহাজখনৰ পাছ অংশত থকা ৰাডাৰ, মধ্য আৰু প'ৰ্ট ৱিঙ প্ৰ'পেলাৰখন চিত্ৰত দেখা গৈছে।[21] লগতে চিত্ৰখনৰ তলত এজন মানুহ দেখা গৈছে

টাইটানিক তিনিটা ইঞ্জিনৰ সৈতে সু-সজ্জিত আছিল। ইয়াৰে দুটা পাৰস্পাৰিক ইঞ্জিন (Reciprocating Engine) চাৰিটা চিলিণ্ডাৰ যুক্ত, ত্ৰি-প্ৰসাৰণ (Tri-expansion) ভাপ ইঞ্জিন আৰু আনটো মধ্যভাগত নিম্ন চাপৰ পাৰ্চন টাৰবাইন (Parsons Turbine) আছিল। প্ৰতিটোৰে লগত এখনকৈ প্ৰ’পেলাৰ (Propeller) সংযুক্ত আছিল। দুয়োটা পাৰস্পাৰিক ইঞ্জিনে সন্মিলিত ভাৱে ৩০,০০০ অশ্বশক্তি আৰু টাৰবাইনটোৱে ১৬,০০০ অশ্বশক্তি উৎপাদন কৰাৰ ক্ষমতা ৰাখিছিল।[12] ইয়াৰ পূৰ্বেও হোৱাইট ষ্টাৰ লাইনে ইঞ্জিনসমূহ একেলগে এচ. এচ. লউৰেণ্টিক (SS Laurentic)ত ব্যৱহাৰ কৰি সফলতা লাভ কৰিছিল।[22] এইসমূহে জাহাজখনক ভাল গতি আৰু performance প্ৰদান কৰিছিল। কেৱল পাৰস্পাৰিক ইঞ্জিন সমূহ ৰ দ্বাৰা অ’লিম্পিক শ্ৰেণীৰ লাইনাৰ সমূহত desired গতি দিব পৰাকৈ ইঞ্জিন সমূহ শক্তিশালী নাছিল। আনহাতে টাৰবাইনসমূহ যথেষ্ট শক্তিশালী আছিল, যদিও এই সমূহে কম্পনৰ সৃষ্টি কৰি অসুবিধা কৰিছিল। আৰ এম এচ লুচিটানিয়া (RMS Lusitania) আৰু আৰ এম এচ ম’ৰেটানিয়া ( RMS Mauretania)ত ব্যৱহৃত টাৰবাইনসমূহে জাহাজত কম্পনৰ সৃষ্টি কৰিছিল।[23] পাৰস্পাৰিক ইঞ্জিন আৰু টাৰবাইনসমূহ একেলগে ব্যৱহাৰ কৰিলে ইন্ধনৰ খৰচ হ্ৰাস পায়। ইয়াৰ উপৰিও সম পৰিমাণৰ ভাপ ব্যৱহাৰ কৰি বেছি পৰিমাণৰ শক্তি লাভ কৰিব পৰা যায়।[24]

দুয়োটা পাৰস্পাৰিক ইঞ্জিন বিশাল আকৃতিৰ আছিল। প্ৰতিটো ইঞ্জিনৰ দৈৰ্ঘ্য ৬৩ ফুট (১৯ মিটাৰ) আৰু ওজন ৭২০ টন আছিল। ইয়াৰ প্ৰতিখন বেডপ্লেট (Bedplate)ৰ ওজনো আছিল ১৯৫ টন।[23] এই বিলাকক ২৯ টা বইলাৰৰ পৰা আহৰণ কৰা ভাপেৰে শক্তি প্ৰদান কৰা হৈছিল। ইয়াৰ ভিতৰত ২৪ টা double-ended আৰু ৫ টা single-ended আছিল। ইয়াত মুঠ ১৫৯ টা অগ্নিকুণ্ড (Furnace) আছিল।[25] বইলাৰ বিলাকৰ ব্যাস ১৫ ফুট ৯ ইঞ্চি (৪.৮০ মিটাৰ) আৰু দৈৰ্ঘ্য ২০ ফুট (৬.১ মিটাৰ) আছিল। প্ৰতিটোৰে ওজন ৯১.৫ টন আৰু ইয়াৰ ৪৮.৫ টন পানী ধৰি ৰাখিব পৰা ক্ষমতা আছিল।[26]

বইলাৰ সমূহৰ পানী কয়লা দাহন কৰি বাষ্প কৰা হৈছিল। টাইটানিকৰ বাংকাৰ (Bunker) ত ৬,৬১১ টন কয়লা কঢ়িয়াই নিব পৰাৰ ক্ষমতা আছিল। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে ১,০৯২ টন কয়লা কঢ়িয়াব পৰাৰ সুবিধা আছিল। অগ্নিকুণ্ডত প্ৰতিদিনে ৬০০ টনৰো অধিক কয়লাৰ দৰকাৰ হৈছিল। কয়লাবোৰ বেলচা (Shovel) ৰ সহায়ত অগ্নিকুণ্ডত দিয়া হৈছিল। এই কাৰ্য্যত সকলো সময়তে ১৭৬ জন কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল।[27] প্ৰতিদিনে প্ৰায় ১০০ টন ওজনৰ অৱশেষ সমুদ্ৰত আৱৰ্জনা হিচাবে পেলোৱা হৈছিল।[28] এই কামসমূহ relentless, লেতেৰা আৰু বিপদজনক আছিল। ইয়াত কাম কৰা কৰ্মীসকলক ভাল পৰিমাণৰ বেতন দিয়া হৈছিল।[27] তথাপি তেওঁলোকৰ মাজত আত্মহত্যা কৰা লোকৰ সংখ্যা অধিক আছিল।[29]

পাৰস্পাৰিক ইঞ্জিনৰ পৰা বাহিৰ হোৱা বাষ্পখিনি জাহাজৰ পিছফালে থকা টাৰবাইন চলাবলৈ ব্যৱহাৰ কৰা হৈছিল। তাৰপৰা বাষ্পখিনি condenserলৈ পঠোৱা হৈছিল। condenserত বাষ্পসমূহ ঘঁনীভূত কৰি পানীলৈ পৰিৱৰ্তন কৰা হৈছিল আৰু পানীখিনি পুনৰাই ব্যৱহাৰ কৰা হৈছিল।[30] এই ইঞ্জিনসমূহ দীঘল shaftৰ লগত সংযোগ কৰা আছিল। এই shaft সমূহে প্ৰ’পেলাৰ সমূহ চলাইছিল। প্ৰতিটো ইঞ্জিনত এখনকৈ, মুঠ তিনিখন প্ৰ’পেলাৰ আছিল। বাহিৰৰ ফালে থকা প্ৰ’পেলাৰখন আটাইতকৈ ডাঙৰ আছিল। ২৩.৫ feet (৭.২ m) ব্যাসৰ প্ৰ’পেলাৰখন তিনিখন ব্লেডৰ দ্বাৰা গঠিত আছিল। এই ব্লেডসমূহ মেংগানিজ-ব্ৰঞ্জৰ মিশ্ৰ ধাতুৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।[26] মাজত থকা প্ৰ’পেলাৰখনৰ ব্যাস আছিল ১৭ feet (৫.২ m) আৰু ই বাকীসমূহতকৈ অলপ সৰু আছিল।[31] ইয়াক বন্ধ কৰি থ’ব পৰা গৈছিল যদিও reverse কৰিব পৰা নগৈছিল।

সেই সময়ত টাইটানিকৰ বৈদ্যুতিক প্ৰকল্পটোয়ে এখন চহৰৰ এটা শক্তি প্ৰকল্পতকৈ বেছি শক্তি উৎপাদন কৰিব পৰা ক্ষমতা আছিল।[32] জাহাজ খনৰ পিছ অংশত চাৰিটাকৈ ৪০০ কিল’ৱাটৰ বাষ্প-চালিত বৈদ্যুতিক জেনেৰেটৰ আছিল। ইয়াৰ পৰাই জাহাজ খনত শক্তি যোগান ধৰা হৈছিল। ৩০ কিল’ৱাটৰ আন দুটা সহায়ক জেনেৰেটৰ জৰুৰীকালিন সময়ত ব্যৱহাৰৰ বাবে ৰখা আছিল।[33] বৈদ্যুতিক যন্ত্ৰ সমূহৰ অৱস্থান জাহাজ খনৰ পিছ অংশত হোৱা হেতু ই ডুব যোৱাৰ কেই মিনিটমান আগলৈকে কাৰ্য্যক্ষম হৈ আছিল।[34]

কাৰিকৰী সুবিধাসমূহ

  • জাহাজখনত দুটা বাষ্প-চালিত ইঞ্জিন প্ৰতিষ্ঠা কৰা আছিল। ইয়াৰ যিকোনো এটা ইঞ্জিনহে জাহাজখনৰ পৰিচালনাত ব্যৱহাৰ কৰা হৈছিল। অন্যটো ইঞ্জিন বিকল্প হিচাপে ৰখা হৈছিল।[35]

টাইটানিক নিজৰ পানী-যোগান যন্ত্ৰৰ সৈতে সু-সজ্জিত আছিল। পানী গৰম কৰিব পৰা তথা সকলো স্থানতে এক জটিল নেটৱৰ্কৰ দ্বাৰা পানী যোগানৰ সুবিধা কৰা হৈছিল। ব্যৱহাৰ কৰিবলগীয়া সকলো পানী বন্দৰতে জাহাজখনত ভৰোৱা হৈছিল। তথাপি জৰুৰী অৱস্থাত সাগৰৰ লুণীয়া পানী শোধন কৰি ব্যৱহাৰ কৰাৰ ক্ষমতা আছিল। এই শোধন প্ৰক্ৰিয়াটো ফলপ্ৰসূ নাছিল – কাৰণ ইয়াৰ ফলত ক্ষিপ্ৰতাৰে লৱণ জমা হৈছিল। প্ৰথম শ্ৰেণীৰ কোঠাসমূহত ইলেকট্ৰিক হিটাৰ (electric heater) স্থাপন কৰি কোঠাসমূহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা হৈছিল।[32]

টাইটানিকৰ সাকোঁ খলপাৰ অনাতাঁৰ কক্ষ (Radio Room)ত ১.৫ কিল’ৱাট ক্ষমতাৰ দুটা অনাতাঁৰ টেলিগ্ৰাফ আছিল। ইয়াৰে এটা যন্ত্ৰ বাৰ্তা পঠিয়াবলৈ আৰু আনটো এটা শব্দ প্ৰতিৰোধী কক্ষ (Soundproofed Booth)ত বাৰ্তা গ্ৰহণ কৰিবৰ বাবে ব্যৱহৃত হৈছিল। জাহাজখনৰ মাস্তুল (masts)ৰ মাজত দুডাল সমান্তৰাল তাঁৰৰ সহায়ত সংকেতসমূহ পঠোৱা হৈছিল। ধোঁৱাৰপৰা কোনো অসুবিধা নহ’বলৈ ফানেল (funnel)ৰ ৫০ feet (১৫ m) ওপৰত এই তাঁৰ দুডাল স্থাপন কৰা হৈছিল।[32] সেই সময়ত এই প্ৰণালীটো বিশ্বৰ শক্তিশালী প্ৰণালী (system) সমূহৰ মাজত অন্যতম আছিল। ইয়াৰ দ্বাৰা ১,০০০মাইল দূৰলৈকে বাৰ্তা পঠিয়াব পৰা গৈছিল।[36] ইয়াৰ স্বতাধিকাৰী আৰু পৰিচালনা কৰিছিল মাৰ্কনি কোম্পানীয়ে (Marconi Company)। জাহাজখন কাম-কাজত ব্যৱহাৰ কৰাৰ সলনি বিশেষকৈ যাত্ৰীসকলৰ ব্যৱহাৰৰ বাবেহে এই প্ৰণালীটো ব্যৱহাৰ কৰা হৈছিল। যাত্ৰীসকলৰ ৱায়াৰলেছ টেলিগ্ৰাম পঠিয়াব বা গ্ৰহণ কৰিবৰ বাবে মাৰ্কনি কোম্পানিৰ দুজন অনাতাঁৰ যন্ত্ৰচালক (wireless operator) দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত আছিল। ইয়াৰ উপৰিও তেওঁলোকে বতৰৰ প্ৰতিবেদন আৰু আইচবাৰ্গৰ সতৰ্কবাণী পঠিয়াইছিল।[37]

যাত্ৰীৰ সুবিধাসমূহ

টাইটানিক যাত্ৰীসকলক সৰ্ব্বোচ্চতম মান-দণ্ডৰ বিলাসীতা প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য আছিল । জাহাজখনত মুঠ ৩,৫৪৭ জন যাত্ৰী কঢ়িয়াই নিয়াৰ সুবিধা আছিল। ইয়াৰ ভিতৰত ৮৩৩ জন প্ৰথম শ্ৰেণীৰ যাত্ৰী, ৬১৪ জন দ্বিতীয় শ্ৰেণীৰ যাত্ৰী আৰু ১,০০৬জন তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰোপৰি কৰ্মচাৰীৰ সংখ্যা প্ৰায় ন শতাধিক আছিল। টাইটানিকৰ জাহাজখনৰ মূল সজ্জাত সৰ্বমুঠ ৩,৩৩৯জন যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা আছিল।ইয়াৰ সুবিধা সমূহ সমকালীন উচ্চ শ্ৰেণীৰ হোটেলৰ দৰে প্ৰদৰ্শিত কৰা হৈছিল। প্ৰথম শ্ৰেণীৰ কুঠৰীবিলাক সাম্ৰাজ্য শৈলী (Empire style)ৰ দৰে নিখুঁতকৈ সমাপ্ত কৰি আটক ধুনীয়াকৈ সজ্জিত কৰা হৈছিল।[38] জাহাজৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কুঠৰী আৰু ৰাজহুৱা কক্ষসমূহ পুনৰুত্থান সময় (Renaissance) ৰপৰা ভিক্ট’ৰিয়ান শৈলী (Victorian style)ৰ সহায়ত আটকধুনীয়াকৈ সজ্জিত কৰি তোলা হৈছিল। টাইটানিকৰ সুবিধাসমূহৰ মূল উদ্দেশ্য আছিল যাত্ৰীসকলক সৰ্ব্বোচ্চতম মান-দণ্ডৰ বিলাসীতা প্ৰদান কৰা। যাত্ৰীসকলৰ মাজত এনে ভাৱ উদয় হয় যেন তেওঁলোক জাহাজত নহয় এখন ওপঙা হোটেলতহে আছে।[39]

টাইটানিক প্ৰথম শ্ৰেণীৰ সুবিধা সমূহ[40]

View of the interior of a brightly lit gymnasium. A man is using a rowing machine in the foreground, while a man and a woman ride exercise horse machines. Two more men are visible standing in the background.
ব'ট খলপাত অৱস্থিতব্যায়ামাগাৰ, য'ত নতুন প্ৰযুক্তিৰ ব্যায়াম কৰাৰ যন্ত্ৰ ৰখা আছিল।
View of a wide branching staircase, leading off to the left and right top of the scene. Elaborate balustrades line the steps, down which a woman is walking. At the head of the stairs a wall clock is visible, and above that a segmented dome. A man and a woman sit in chairs in the foreground.
টাইটানিকৰ প্ৰসিদ্ধ গ্ৰেণ্ড ষ্টেয়াৰকেচ্। ই ব'ট খলপা আৰু ই-খলপাৰ মাজত অহা-যোৱাৰ ব্যৱস্থা কৰি দিছিল।
View of an ornate wood-panelled restaurant. Tables with four or five cushioned chairs are visible around the scene, with rolled napkins and table lamps set out on the table tops.
বি-খলপাৰ ওপৰত থকা এ লা কাৰ্টে ৰেষ্টুৰেণ্ট (A La Carte Restaurant)।

ডাক আৰু বয়-বস্তু কঢ়িওৱা সুবিধা

যদিও টাইটানিক সাধাৰণতে এখন যাত্ৰী-পৰিবাহী জাহাজ আছিল, ই লগত বুজন পৰিমাণৰ বয়-বস্তু কঢ়িয়াই নিছিল। ইয়াক ৰাজকীয় ডাক জাহাজ (Royal Mail Ship) ৰূপে নিযুক্তি দিয়া হৈছিল। ই ইয়াকে সূচায় যে ৰাজকীয় ডাক (Royal Mail) আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাক বিভাগৰ লগত চুক্তিবদ্ধ হৈ চিঠি সমূহ কঢ়িয়াইছিল। ২৬,৮০০ বৰ্গফুট (৭৬০ বৰ্গমিটাৰ)ৰ এক বিশাল এলেকা চিঠি আৰু পাৰ্চেল সঞ্চয়ৰ বাবে সুকীয়াকৈ আৱণ্টন কৰা আছিল। জি খলপা (G Deck) ত থকা এই সামুদ্ৰিক ডাকঘৰটো পাঁচজন পোষ্টেল ক্লাৰ্ক (Postal clerk), তিনি জন আমেৰিকান আৰু দুজন ব্ৰিটেইনৰ অধিবাসীয়ে সঞ্চালন কৰিছিল। তেওঁলোকে দৈনিক তেৰ ঘণ্টাকৈ কাম কৰিছিল। তেওঁলোকে দৈনিক ৬০,০০০ বিধ বস্তুলৈকে ভাগ কৰিছিল।[41]

জাহাজখনৰ যাত্ৰীসকলে বুজন পৰিমাণৰ বয়-বস্তু লগত লৈ আহিছিল। প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বয়-বস্তুৱেই ১৯,৪৫৫ cubic feet (৫৫০.৯ m3)ৰ ঠাই আগুৰি আছিল। ইয়াৰ উপৰিও আচবাব, খাদ্য-সামগ্ৰী আৰু মটৰ-গাড়ীৰ দৰে সামগ্ৰীও জাহাজখনত কঢ়িওৱা হৈছিল।[41] ইয়াত সোণ, হীৰা বা আন কোনোধৰণৰ দামী সামগ্ৰী লগত নিয়া হোৰা নাছিল। বয়-বস্তু উঠা-নমা কৰিবৰ বাবে টাইটানিকত আঠটা ইলেকট্ৰিক ক্ৰেন, চাৰিটা ইলেকট্ৰক winches আৰু তিনিটা steam winches আছিল। অনুমান কৰা হৈছে যে, বয়-বস্তু উঠা-নমা কৰিবলৈ, জাহাজখনত উত্তাপ আৰু বিদ্যুৎ যোগান ধৰিবৰ বাবে প্ৰায় ৪১৫ টন কয়লা ব্যৱহাৰ কৰা হৈছিল।[42]

লাইফব'ট

কেনভাচ(Canvas)ত অংকিত এখন জপাব আৰু মেলিব পৰা লাইফব'ট

টাইটানিকে সৰ্বমুঠ ২০ খন লাইফব'ট কঢ়িয়াই নিছিল।

  • ১৪খন হাৰলেণ্ড আৰ ৱ’ল্ফ(Harland and Wolff): প্ৰতিখনত ৬৫জন যাত্ৰী বহন কিব পৰা ক্ষমতা আছিল।
  • চাৰিখন ইংগ’লহাৰ্ড( Englehard)ৰ জপাব আৰু মেলিব পৰা লাইফব'ট (Aৰপৰা Dলৈ চিহ্নিত): প্ৰতিখনত ৪৭জন যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছিল।

ইয়াৰ উপৰিও দুটাকৈ জৰুৰীকালীন কাটাৰ(Emergency Cutter) আছিল। প্ৰতিখনৰে বহন ক্ষমতা আছিল ৪০জন।[43] টাইটানিকে ১৯১১-১২ বৰ্ষত লগত কোনো জপাব আৰু মেলিব পৰা লাইফব'ট (Aৰপৰা Dলৈ চিহ্নিত) নিয়া নাছিল। এই সকলোবোৰ লাইফব'ট ব’ট খলপা(Boat Deck)ত নিৰাপদে ঠাঁহ কৰি ৰখা হৈছিল।

নিৰ্মাণ আৰু সজোৱা

নিৰ্মাণ কাৰ্য্য আৰু ইয়াৰ মুকলি

Photograph of a huge gantry with the bow of a large ship that has been painted in dark colours.
মুকলি কৰাৰ পূৰ্বৱতী সময়ত টাইটানিক

টাইটানিকৰ নিৰ্মাণ কাৰ্য্য ১৯০৯ চনৰ ৩১ মাৰ্চ তাৰিখে আৰম্ভ কৰা হৈছিল।[11] ইয়াক নিৰ্মাণ কৰিবলৈ সুদীৰ্ঘ ২৬ মাহ সময় লাগিছিল। প্ৰয়োজন সাপেক্ষে প্ৰচুৰ পৰিমাণৰ বাকচ পানীত উপঙি থকাকৈ ঘূৰণীয়াকৈ বন্ধা হৈছিল। জাহাজ খনৰ নিম্নাংশ(Keel) ইয়াৰ মেৰুদণ্ড আৰু হাল(Hull)ৰ গাঁথনি সমূহে কামিহাড়(Rib)ৰ নিছিনা কাম কৰিছিল। জাহাজখনৰৰ ভেটিটো ৫ ফুট ৬ ইঞ্চি(১.৬০ মিটাৰ) দৈৰ্ঘ্যৰ দ্বৈত-গভীৰে ৩০০ টা গাঁঠনি ধৰি ৰাখিছিল। প্ৰতিটোৰ মাজত ২৪ ইঞ্চি(৬১ ছেঃমিঃ) আৰু ৩৬ ইঞ্চি(৯১ ছেঃমিঃ) খালী অংশ আছিল আৰু দৈৰ্ঘতা প্ৰায় ৬৬ ফুট(২০মিটাৰ) লৈকে আছিল। এইবিলাক সাঁকো খলপা(Bridge Deck)লৈকে আছিল আৰু ষ্টিল প্লেটৰ সৈতে আৱৰিত আছিল। এই আৱৰণে জাহাজ খনৰ বাহিৰৰ ছাল(Skin)খন গঠিত কৰিছিল। [44]


টাইটানিক জাহাজ খনৰ আভ্যন্তৰীণ অংশক মূলতঃ ১৬টা কোঠালি(Compartment)ত ভাগ কৰা হৈছিল। ১১ খন পানী প্ৰতিৰোধী দুৱাৰ জৰুৰীকালিন সময়ত উলম্ব দিশত বন্ধ কৰি থ’ব পৰা গৈছিল।[45] জাহাজখনৰ উন্মুক্ত খলপা সমূহ পাইন(Pine) আৰু চেগুন(Teak)ৰ দ্বাৰা নিৰ্মিত আছিল। আভ্যন্তৰীণ চিলিং(Ceiling)সমূহ ঘনীভৱন বিৰোধিতা কৰিব পৰাকৈ আৱৰিত আছিল।[46] এই বিশাল জাহাজখন দুটা খলপাৰে গঠিত – সমুদ্ৰৰ প্ৰমোদৰ খলপা(Promenade Deck) আৰু ব’ট খলপা(Boat Deck)। দুয়োটা খলপাৰ দৈৰ্ঘ্য প্ৰায় ৫০০ ফুট(১৫০ মিটাৰ) আছিল। ইয়াত বিষয়াসকলৰ 'আৱাসগৃহ, ব্যায়ামাগাৰ, ৰাজহুৱা কক্ষ, প্ৰথম শ্ৰেণীৰ কোঠা, সাকোঁ আৰু হুইলহাউচ(Wheelhouse) আছিল। লাইফ-ব’ট সমূহ ব’ট খলপা(Boat Deck)ত কঢ়িয়াই নিয়া হৈছিল।{{sfn|Hutchings|de Kerbrech|2011|p=47}

খলপা সমূহৰ ওপৰত চাৰিটা চিমনি(Funnel) আছিল। ইয়াৰে তিনিটাহে কাৰ্যক্ষম আছিল আৰু আনটো প্ৰতিমূৰ্তিহে আছিল। এইটো সৌন্দৰ্য্যবোধৰ বাবে প্ৰতিস্থাপিত কৰা হৈছিল। দুটা মাস্তুল(Mast)ৰ উচ্চতা ১৫৫ ফুট (৪৭ মিটাৰ) আছিল। দুয়োটা মাস্তুলে বয়-বস্তু তুলিবলৈ কপিকল(Derrick) সমূহক সহযোগিতা কৰিছিল।[47]

টাইটানিকৰ নিৰ্মাণ কাৰ্য্য দুঃসাধ্য আৰু বিপজ্জনক আছিল। সেই সময়ত হাৰলেণ্ড আৰু ৱ’ল্ফ(Harland and Wolff)ত কাম কৰা প্ৰায় ১৫,০০০ লোকৰ সুৰক্ষা বাবে সতৰ্কতা তেনেই প্ৰাৰম্ভিক পৰ্য্যায়ৰ আছিল। বহুতো কাম বিপজ্জনক আছিল তাত আৰু কোনো আহিলা সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল। টাইটানিকৰ নিৰ্মাণ কাৰ্য্যত, ২৪৬ জন লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰে ২৮ জনৰ আঘাত গুৰুতৰ আছিল। নিৰ্মাণ কাৰ্য্য চলি থাকোঁতে ৬জন লোক আৰু আন দুজন লোক মৃত্যুমুখত পৰিছিল।[48] জাহাজখন মুকলি কৰাৰ আগ মূহুৰ্তত অন্য এজন কৰ্মীৰ ওপৰত এটুকুৰা কাঠ পৰাত তেওঁৰ মৃত্যু হৈছিল। [49]

টাইটানিকক ১৯১১ চনৰ ৩১ মে’ তাৰিখে মুকলি কৰি দিয়া হৈছিল প্ৰায় ১,০০,০০০ লোকৰ প্ৰত্যক্ষদৰ্শী আগত।ইয়াৰ পিছত পৰৱৰ্তী বৰ্ষত ইয়াৰ ইঞ্জিন, চিমনি আৰু আভ্যন্তৰিণ ভাগটো নিৰ্মাণ কৰা হৈছিল।[50]

পৰীক্ষণ

১৯১২ চনৰ ২ এপ্ৰিল তাৰিখে টাইটানিক-এ সামুদ্ৰিক পৰীক্ষণৰ বাবে বেলফেষ্ট এৰাৰ মূহুৰ্তত

টাইটানিকৰ পৰীক্ষণ ১৯১২ চনৰ ২ এপ্ৰিল সোমবাৰে পুৱা ৬ বজাত শুভাৰম্ভ কৰা হৈছিল। এই পৰীক্ষণ ইয়াৰ নিৰ্মাণ কাৰ্য্য সমাপ্তিৰ দুদিন পাছত আৰু চাউথএম্পটনৰ পৰা প্ৰথম যাত্ৰা আৰম্ভ কৰাৰ আঠ দিন পূৰ্বে কৰা হৈছিল।[51] বেয়া বতৰৰ বাবে ইয়াৰ পৰীক্ষণ এদিন পলমকৈ কৰা হৈছিল। কিন্তু সোমবাৰৰ পুৱাৰ ভাগত বতৰ ফৰকাল আছিল।[52]


ডুব যোৱাৰ পৰিণাম

জীৱিত আৰু পীড়িত লোকসকল

বিভিন্ন কাৰণত এই দুৰ্ঘটনাটোত হতাহত হোৱা লোকৰ সাংখ্যা সঠিককৈ জনা নাযায়। টাইটানিকে যাত্ৰা আৰম্ভ কৰাৰ আগমূহুৰ্তত যিসকল যাত্ৰীয়ে নিজৰ যাত্ৰা বাতিল কৰিছিল, তেওঁলোকৰ নামো যাত্ৰীসকলৰ তালিকাত সন্নিৱিষ্ট হৈ আছিল। আনটো কাৰণ হৈছে কিছু সংখ্যক যাত্ৰীয়ে বিভিন্ন কাৰণত ছদ্মনামত যাত্ৰা কৰিছিল।[53] মৃতকৰ লোকৰ সংখ্যা ১,৪৯০ আৰু ১,৬৩৫ ৰ ভিতৰত ধৰা যায়।[54] তলৰ তালিকাখন ব্ৰিটিছ ব'ৰ্ড অফ ট্ৰেড-এ দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদন হিচাবে দাখিল কৰিছিল।[55]

যাত্ৰীৰ শ্ৰেণী যাত্ৰীৰ সংখ্যা প্ৰাণৰক্ষা হতাহত প্ৰাণৰক্ষা (শতাংশ) হতাহত (শতাংশ)
শিশু, প্ৰথম শ্ৰেণী ৮৩.৪% ১৬.৬%
শিশু, দ্বিতীয় শ্ৰেণী ২৪ ২৪ ১০০% ০%
শিশু, তৃতীয় শ্ৰেণী ৭৯ ২৭ ৫২ ৩৪% ৬৬%
মহিলা, প্ৰথম শ্ৰেণী ১৪৪ ১৪০ ৯৭% ৩%
মহিলা, দ্বিতীয় শ্ৰেণী ৯৩ ৮০ ১৩ ৮৬% ১৪%
মহিলা, তৃতীয় শ্ৰেণী ১৬৫ ৭৬ ৮৯ ৪৬% ৫৪%
মহিলা, কৰ্মচাৰী ২৩ ২০ ৮৭% ১৩%
পুৰষ, প্ৰথম শ্ৰেণী ১৭৫ ৫৭ ১১৮ ৩৩% ৬৭%
পুৰষ, দ্বিতীয় শ্ৰেণী ১৬৮ ১৪ ১৫৪ ৮% ৯২%
পুৰষ, তৃতীয় শ্ৰেণী ৪৬২ ৭৫ ৩৮৭ ১৬% ৮৪%
পুৰষ, কৰ্মচাৰী ৮৮৫ ১৯২ ৬৯৩ ২২% ৭৮%
মুঠ ২২২৪ ৭১০ ১৫১৪ ৩২% ৬৮%


গেলেৰী

Titanikin batmasının təsviri.




টোকা

  1. Carlisle would leave the project in 1910, before the ships were launched, when he became a shareholder in Welin Davit & Engineering Company Ltd, the firm making the ship's davits.[8] Wilding was sacked following the Titanic disaster, having apparently been blamed by Pirrie, unfairly, for the ship's loss.[9]

তথ্য সংগ্ৰহ

  1. "Titanic Ship Listing". Chris' Cunard Page. http://www.chriscunard.com/titanic.php। আহৰণ কৰা হৈছে: 12 April 2012. 
  2. 2.0 2.1 Chirnside 2004, পৃষ্ঠা. 319.
  3. Beveridge & Hall 2011, পৃষ্ঠা. 27.
  4. Bartlett 2011, পৃষ্ঠা. 26.
  5. 5.0 5.1 Bartlett 2011, পৃষ্ঠা. 25.
  6. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 12.
  7. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 14.
  8. "Testimony of Alexander Carlisle". British Wreck Commissioner's Inquiry. 30 July 1912. http://www.titanicinquiry.org/BOTInq/BOTInq20Carlisle01.php। আহৰণ কৰা হৈছে: 8 November 2008. 
  9. McCluskie 1998, পৃষ্ঠা. 20.
  10. Eaton & Haas 1995, পৃষ্ঠা. 55.
  11. 11.0 11.1 Eaton & Haas 1995, পৃষ্ঠা. 56.
  12. 12.0 12.1 McCluskie 1998, পৃষ্ঠা. 22.
  13. 13.0 13.1 13.2 Hutchings & de Kerbrech 2011, পৃষ্ঠা. 47.
  14. 14.0 14.1 Gill 2010, পৃষ্ঠা. 229.
  15. 15.0 15.1 15.2 15.3 15.4 15.5 15.6 15.7 Hutchings & de Kerbrech 2011, পৃষ্ঠা. 48.
  16. Gill 2010, পৃষ্ঠা. 232.
  17. 17.0 17.1 Gill 2010, পৃষ্ঠা. 233.
  18. Gill 2010, পৃষ্ঠা. 235.
  19. 19.0 19.1 Gill 2010, পৃষ্ঠা. 236.
  20. 20.0 20.1 Gill 2010, পৃষ্ঠা. 237.
  21. Beveridge 2008, পৃষ্ঠা. 100.
  22. Gill 2010, পৃষ্ঠা. 120.
  23. 23.0 23.1 Gill 2010, পৃষ্ঠা. 121.
  24. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 79.
  25. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 80.
  26. 26.0 26.1 Gill 2010, পৃষ্ঠা. 126.
  27. 27.0 27.1 Gill 2010, পৃষ্ঠা. 148.
  28. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 86.
  29. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 85.
  30. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 96.
  31. Gill 2010, পৃষ্ঠা. 127.
  32. 32.0 32.1 32.2 Hutchings & de Kerbrech 2011, পৃষ্ঠা. 74.
  33. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 106.
  34. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 107.
  35. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 68.
  36. Gill 2010, পৃষ্ঠা. 165.
  37. Gill 2010, পৃষ্ঠা. 162.
  38. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 57.
  39. Gill 2010, পৃষ্ঠা. 182.
  40. White Line Triple Screw Steamers 1912.
  41. 41.0 41.1 Gill 2010, পৃষ্ঠা. 146.
  42. The Titanic—The Memorabilia Collection, by Michael Swift, Igloo Publishing 2011, ISBN 978-0-85780-251-4
  43. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 112.
  44. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 42.
  45. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 44.
  46. Gill 2010, পৃষ্ঠা. 104.
  47. Gill 2010, পৃষ্ঠা. 107.
  48. Gill 2010, পৃষ্ঠা. 109.
  49. Bartlett 2011, পৃষ্ঠা. 33.
  50. Hutchings & de Kerbrech 2011, পৃষ্ঠা. 15.
  51. Spignesi 1998, পৃষ্ঠা. 22.
  52. Eaton & Haas 1995, পৃষ্ঠা. 44.
  53. Butler 1998, পৃষ্ঠা. 239.
  54. Lord 1976, পৃষ্ঠা. 197.
  55. Mersey 1912, পৃষ্ঠা. 110–111.

গ্ৰন্থপঞ্জী

Journals and news articles:

Web sites:

Investigations:

বাহ্যিক সংযোগ

স্থানাংক: 41°43′57″N 49°56′49″W / 41.7325°N 49.94694°W / 41.7325; -49.94694