ৱিকিমিডিয়া ফাউণ্ডেশ্যন

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন
Wikimedia Foundation RGB logo with text.svg
ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ল'গ'
প্ৰকাৰ 501(c)#501(c)(3)
প্ৰতিষ্ঠা ছেইণ্ট পিটাৰ্ছবাৰ্গ, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ
জুন 20, 2003 (2003-06-20)
স্থান চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ / লছ এঞ্জেলছ্‌, কেলিফ'ৰ্নিয়া (পঞ্জীভূত এজেণ্ট)
মুখ্য ব্যক্তি টিং ছেন, Chair of the Board
জিম্মী ৱেলছ, Chairman Emeritus[1]
চ্যু গাৰ্ডনাৰ, কাৰ্যবাহী পৰিচালক
পৰিবেশনৰ ঠাই বিশ্বজুৰি
লক্ষ্য বিনামূলীয়া, মুক্ত বিষয়বস্তু, ৱিকি-নিৰ্ভৰ ইণ্টাৰনেট প্ৰকল্প
পদ্ধতি ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্‌ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্‌ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ আৰু মেটাৱিকি
ৰাজহ ১০,৬৩২,২৫৪ মাৰ্কিন ডলাৰ(জুলাই-ডিচেম্বৰ ২০০৯)[2]
স্বেচ্ছাসেৱক ৩৫০,০০০ (২০০৫)[3]
কৰ্মচাৰী ৭৫ (জুলাই ২০১১)[4]
ৱেবচাইট wikimediafoundation.org
Edit 01-12-09 small.ogg
ৱিকিমিডিয়াৰ ভিতৰচৰাৰ ভিডিঅ'

ৱিকিমিডিয়া ফাউণ্ডেশ্যন, ইন্‌ক'ৰ্প'ৰেছন হৈছে এটা আমেৰিকান অব্যৱসায়ীক দাতব্য সংস্থাফ্ল'ৰিডাৰ আইনৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় চান ফ্ৰান্সিচ্‌ক', কেলিফ'ৰ্নিয়াত অৱস্থিত। ই কেইবাটাও অনলাইন সহযোগিতামূলক ৱিকি প্ৰকল্প পৰিচালনা কৰে, যেনে-ৱিকিপিডিয়া, ৱিক্সনেৰী, ৱিকিক্কোৱ'ট, ৱিকিবুক্‌ছ, ৱিকিচ'ৰ্ছ, ৱিকিমিডিয়া কমন্‌ছ, ৱিকিস্পিচিজ, ৱিকিনিউজ, ৱিকিভাৰ্চিটী, ৱিকিমিডিয়া ইনকিউবেটৰ, মেটাৱিকি আৰু বৰ্তমান নিষ্ক্ৰিয় ন্যুপিডিয়াৰ মালিকীস্বত্ব আছে। ইয়াৰ মুখ্য প্ৰকল্প ৱিকিপিডিয়া বিশ্বজুৰি সৰ্বোচ্চ দৰ্শিত দহটা ৱেবচাইটৰ এটা।[5] ২০০৩ চনৰ ২০ জুনত ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক জিম্মী ৱেল্‌ছএ ৱিকিমিডিয়া ফাউণ্ডেশ্যন আনুষ্ঠানিকভাৱে মুকলি ঘোষণা কৰে।[6] তাৰ আগতে তেওঁ "ব'মিছ" নামৰ নিজৰ প্ৰতিষ্ঠানটোৰ নামত ৱিকিপিডিয়া পৰিচালনা কৰি আছিল।[7]

সূচী

[সম্পাদনা কৰক] উদ্দেশ্য

ৱিকিমিডিয়া ফাউণ্ডেশ্যন এক ৰাজহুৱা সাহায্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীন ৰাজহ ক'ড 501(c)(3)ৰ অন্তৰ্গত। ইয়াৰ National Taxonomy of Exempt Entities (NTEE) ক'ড হৈছে C60 (প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ)।[8][9] ফাউণ্ডেশ্যনটোৰ আইনী নীতিয়ে শিক্ষামূলক বিষয়বস্তুৰ সংগ্ৰহ আৰু উন্নয়ন কৰি সেইবোৰক বিশ্বজুৰি সফলতাৰে বিয়পাই দিয়াৰ উদ্দেশ্য ঘোষণা কৰে।[10]

ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ঘোষিত লক্ষ্য হৈছে মুক্ত বিষয়বস্তু থকা, ৱিকি-নিৰ্ভৰ প্ৰকল্পৰ নিৰ্মাণ আৰু সমগ্ৰ বিষয়বস্তু ৰাইজক বিনামূলীয়াকৈ বিতৰণ কৰা।[11] এয়া ফাউণ্ডেশ্যনৰ ব্যৱহাৰিক চৰ্ত্তসমূহৰ বাবেই সম্ভৱপৰ হৈছে (জুন ২০০৯ত CC-BY-SA লাইচেঞ্চ আদৰি ল'বলৈ আপডেট আৰু অনুমোদন কৰা হয়)।

[সম্পাদনা কৰক] ইতিহাস আৰু বিকাশ

ডিচেম্বৰ ২০০৮ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক জিম্মী ৱেলছ
Beyond the Encyclopedia: The Frontiers of Free Knowledge - presentation by Erik Möller about the state of the Wikimedia Foundation's projects in 2010

২০ জুন, ২০০৩ চনত ৱিকিপিডিয়া আৰু ন্যুপিডিয়াৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সৃষ্টি হয়।[12] ই ১৭ চেপ্তেম্বৰ, ২০০৪ চনত United States Patent and Trademark Officeত ৱিকিপিডিয়া ট্ৰেডমাৰ্ক হিছাপে ব্যৱহাৰ কৰিবলৈ আবেদন জনায়। ১০ জানুৱাৰী, ২০০৬ চনত এই চিহ্নটোৰ পঞ্জীয়ন অনুমোদিত হয়। ১৬ ডিচেম্বৰ ২০০৪ত জাপানত আৰু ২০ জানুৱাৰী ২০০৫ত ইউৰোপীয়ান ইউনিয়নত ট্ৰেডমাৰ্ক সুৰক্ষা প্ৰদান কৰা হয়। কাৰিকৰীগতভাৱে চাৰ্ভিছ মাৰ্কটোৰ পৰিসীমাৰ ভিতৰত আছে: "ইণ্টাৰনেটৰ জৰিয়তে সাধাৰণ বিশ্বকোষীয় জ্ঞানৰ ক্ষেত্ৰত তথ্যৰ ব্যৱস্থা" (Provision of information in the field of general encyclopedic knowledge via the Internet ।[উদ্ধৃতিৰ প্ৰয়োজন] গ্ৰন্থ আৰু ডি.ভি.ডি.ৰ দৰে আন কিছু সামগ্ৰীৰ বাবেও ৱিকিপিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ পৰিকল্পনা আছে।[13]

"ৱিকিমিডিয়া" নামটো আমেৰিকান লেখক শ্বেল‌ডন ৰেম্পটনে ২০০৩ চনৰ মাৰ্চত ইংৰাজী মেইলিং তালিকালৈ লিখোঁতে উদ্ভাৱন কৰে।[14]

ফাউণ্ডেশ্যনৰ ঘোষণাৰ লগে লগে ৱিকিপিডিয়া, ৱিক্স্যনেৰী আৰু ন্যুপিডিয়াৰ সকলো ড'মেইন নামৰ লগতে ব'মিছ বা ৱেল‌ছে নিজেই তৈয়াৰ কৰা এই প্ৰকল্পবোৰত জড়িত সকলো সামগ্ৰীৰ অনুজ্ঞাপত্ৰ ৱিকিমিডিয়ালৈ স্থানান্তৰ কৰা হয়। ৱিকিমিডিয়া প্ৰকল্পৰ বাবে ব্যৱহৃত কম্পিউটাৰ সঁজুলিসমূহো ৱেল্‌ছে ফাউণ্ডেশ্যনলৈ দান কৰে। ফাউণ্ডেশ্যনে "wikimedia.org" আৰু "wikimediafoundation.org" ড'মেইন নাম লাভ কৰে।

২০০৫ চনৰ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ Internal Revenue Serviceএ "প্ৰাপ্তবয়স্ক শিক্ষা, শিক্ষাৰ প্ৰসাৰ" শ্ৰেণীত শৈক্ষিক ফাউণ্ডেশ্যন হিছাপে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অনুমোদন জনায়, আৰু ইয়ালৈ প্ৰদান কৰা সাহায্য আমেৰিকাত উপাৰ্জন কৰ-মুক্ত হোৱাৰ পথ সূচল হয়।

২০০৬ চনৰ ১১ ডিচেম্বৰত ৱিকিমিডিয়া ফাউণ্ডেশ্যন ব'ৰ্ডে লক্ষ্য কৰে যে ফ্ল'ৰিডাৰ আইন পঞ্জীয়নৰ নীতি পালন কৰিব নোৱাৰাৰ ফলত প্ৰতিষ্ঠানটো পূৰ্বে পৰিকল্পনা কৰাৰ দৰে সহযোগিতামূলক প্ৰতিষ্ঠান হ'ব নোৱাৰিলে। তাৰপিছত ব'ৰ্ডে সদস্যতাৰ সকলো অধিকাৰ আৰু কাৰ্যৰ প্ৰসংগ আঁতৰাবলৈ নিয়মৰ সালসলনি কৰে।[15]

২০০৭ চনৰ ২৫ চেপ্তেম্বৰত প্ৰতিষ্ঠানৰ সকলো কাৰ্যকলাপ চান ফ্ৰান্সিচ্‌ক' উপকূল অঞ্চললৈ স্থানান্তৰ কৰাৰ অৰ্থে ব'ৰ্ডে জাননী জাৰি কৰে। ইয়াৰ কাৰণ আছিল একে ভাৱসম্পন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্ভাব্য সহযোগীৰ নিকট অৱস্থিতি, আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গতকৈ অধিক সুলভ বা সূচল আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ব্যৱস্থা।[16][17][18]

২০১০ চনৰ ১৬ এপ্ৰিলত কোনো ৱিকিমিডিয়াৰ প্ৰকল্পত এশকোটিতম সম্পাদনা কৰা হয়।[19]

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Cbrown1023. "Board of Trustees". Wikimedia Foundation. Archived from the original on 2008-01-15. http://wikimediafoundation.org/w/index.php?title=Board_of_Trustees&oldid=24547. Retrieved 2008-01-19. 
  2. "2009 Mid Year Financials" (PDF). http://upload.wikimedia.org/wikipedia/foundation/8/83/Jul_Dec09_Mid_Year_Financials.pdf. Retrieved 2011-12-05. 
  3. (ফৰাছী ) Open for business (2007), Jaap Bloem & Menno van Doorn (trad. Audrey Vuillermier), éd. VINT, 2007 (ISBN 978-90-75414-20-2), p. 93. No official number available since 2006
  4. "Staff Page (Homepage from Wikimeda)". Wikimedia Foundation. http://wikimediafoundation.org/wiki/Staff. Retrieved 2011-02-07. 
  5. "Top 500". Alexa. http://www.alexa.com/site/ds/top_sites?ts_mode=global&lang=none. Retrieved 2007-12-04. 
  6. Neate, Rupert (2008-10-07). "Wikipedia founder Jimmy Wales goes bananas". The Daily Telegraph. http://www.telegraph.co.uk/finance/newsbysector/mediatechnologyandtelecoms/3399843/Wikipedia-founder-Jimmy-Wales-goes-bananas.html. Retrieved 2009-10-25. "The encyclopedia's huge fan base became such a drain on Bomis's resources that Mr Wales, and co-founder Larry Sanger, thought of a radical new funding model – charity." 
  7. Wales, Jimmy (2003-06-20). "Wikipedia English mailing list message". http://lists.wikimedia.org/pipermail/wikipedia-l/2003-June/010743.html. 
  8. "NTEE Classification System". http://www.guidestar.org/npo/ntee.jsp. Retrieved 2008-01-28. 
  9. "NCCS definition for Adult Education". http://nccs2.urban.org/ntee-cc/b.htm#b60. Retrieved 2008-01-28. 
  10. Jd. "Wikimedia Foundation bylaws". Wikimedia Foundation. Archived from the original on 2007-04-20. http://wikimediafoundation.org/w/index.php?title=Wikimedia_Foundation_bylaws&oldid=20641#ARTICLE_II_-_STATEMENT_OF_PURPOSE. Retrieved 2008-01-28. 
  11. Devouard, Florence. "Mission statement". Wikimedia Foundation. Archived from the original on 2007-09-01. http://wikimediafoundation.org/w/index.php?title=Mission_statement&oldid=21859. Retrieved 2008-01-28. 
  12. Jimmy Wales: "Announcing Wikimedia Foundation", June 20, 2003, <Wikipedia-l@wikipedia.org>
  13. Nair, Vipin (December 5, 2005). "Growing on volunteer power". Business Line. http://www.thehindubusinessline.com/ew/2005/12/05/stories/2005120500070100.htm. Retrieved 2008-12-26. 
  14. Rampton, Sheldon (2003-03-16). "Wikipedia English mailing list message". http://mail.wikipedia.org/pipermail/wikien-l/2003-March/001887.html. 
  15. Bylaws revision.
  16. Carlos Moncada (2007-09-25). "Wikimedia Foundation Moving To Another Bay Area". The Tampa Tribune. http://www2.tbo.com/content/2007/sep/25/wikimedia-foundation-moving-another-bay-area/?news-breaking. 
  17. Richard Mullins (2007-09-26). "Online Encyclopedia To Leave St. Petersburg For San Francisco". The Tampa Tribune. http://www.tbo.com/news/money/MGBNF5F517F.html. 
  18. Kim, Ryan (2007-10-10). "Wikipedia team plans move to San Francisco". San Francisco Chronicle. http://www.sfgate.com/cgi-bin/article.cgi?f=/c/a/2007/10/10/BU69SNMQ2.DTL&tsp=1. 
  19. "Twitter". Twitter. https://twitter.com/1BillionEdits. Retrieved 2011-12-05. 

[সম্পাদনা কৰক] বহিঃসংযোগ

[সম্পাদনা কৰক] নথিপত্ৰ (সংবাদ, পৰিকল্পনা আদি)

[সম্পাদনা কৰক] অন্যান্য

Coordinates: 37°47′13″N 122°23′59″W / 37.786971°N 122.399677°W / 37.786971; -122.399677

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত