ৱিকি

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

'ৱিকি' (wiki) হৈছে এক ধৰণৰ 'ৱেবচাইট' য'ত 'ইণ্টাৰনেট' দৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা 'ব্ৰাউজাৰ'ৰ যোগেদিয়েই 'ৱেবপৃষ্ঠা' এটা নতুনকৈ সৃষ্টি কৰিব পাৰি বা ইতিপূৰ্বে থকা পৃষ্ঠা এটা সম্পাদনা কৰিব পাৰি।[1][2][3] 'ৱিকি'সমূহক সাধাৰণেতে 'ৱিকি ছফ্‌টৱেৰ'-এ চলায়, আৰু কেইবাজনো ব্যৱহাৰকাৰীয়ে সামূহিক ভাৱে ব্যৱহাৰ কৰে। কিছুমান উদাহৰণ: সামাজিক ৱেবছাইটসমূহ (community websites), কোম্পানীৰ অন্ত:জাল (corporate intranets), জ্ঞান পৰিচালনা প্ৰণালী (knowledge management systems), আৰু টোকা-সেৱা (note services)। ব্যক্তিগত টোকা-ৰখাৰ বাবেও ৱিকি ব্যৱহাৰ কৰিব পাৰি। অৱস্থা ভেদে ৱিকি এটাৰ সম্পাদনা ক্ষমতা সীমিত কৰি ৰাখিব পাৰি।

প্ৰথম 'ৱিকি ছফ্‌টৱেৰ', 'ৱিকিৱিকিৱেব'-ৰ (WikiWikiWeb) স্ৰষ্টা আছিল 'ৱাৰ্ড কানিংহাম' (Ward Cunningham)। তেখেতে ইয়াক "সৰলতম আন্ত:জাল তথ্যসূচী, সম্ভৱত: ব্যৱহাৰযোগ্য" (the simplest online databse that could possible work) বুলি উল্লেখ কৰিছিল।

হনলুলু (হাৱাই) আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ সন্মুখত "ৱিকি ৱিকি চাটল" (Wiki Wiki Shuttle)

ৱিকি আহিছে 'হাৱাই' দেশীয় শব্দ, 'ৱিকি'ৰপৰা (উচ্চাৰণ: ৱিটি)। যাৰ অৰ্থ: তৎক্ষণাৎ।

[সম্পাদনা কৰক] বাহ্যিক সংযোগ

  • WikiIndex.org ৱিকি সমূহৰ তালিকা পৃষ্ঠা
  • ৱিকিৰ বিষয়ে জানো আহক ৱাৰ্ড কানিংহামৰ সতে বিল ভাৰ্ণাৰছ-ৰ সাক্ষাৎকাৰ
  • WikiMatrix ৱিকি ছফ্‌টৱেৰ আৰু ৱিকি সংযোগ স্থানৰ পৰ্যালোচনা

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত