ৱিকিপিডিয়া:আদৰণি

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
Contactus-wmcolors.svg
চমুপথবোৰ:
WP:WEL
WP:WELCOME

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ ।

Welcomebanner.gif

ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ । বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে ।

[সম্পাদনা কৰক] আপুনি যদি এজন পঢ়ুৱৈ

আপুনি বিভিন্ন উপায়েৰে ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সোৱাদ ল'ব পাৰে ।

নির্দিষ্ট কোনো বিষয়ৰ অনুসন্ধান

আপুনি বিচৰা কোনো নিৰ্দিষ্ট শব্দ বা বাক্যাংশ সম্বলিত প্ৰবন্ধ চাবলৈ ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰ ওপৰত থকা অনুসন্ধান ঘৰটোত সেয়া লিখি "Enter" টিপক । মনত ৰাখিব মাজে সময়ে চাৰ্ভাৰৰ ওপৰত অতিৰিক্ত চাপ পৰিলে ৱিকিপিডিয়াৰ নিজস্ব অনুসন্ধান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰখা হয় । তেতিয়া আপোনাক স্বয়ংক্ৰিয়ভাৱে গুগলৰ (Google) অনুসন্ধান পৃষ্ঠালৈ লৈ যোৱা হ'ব । নিশ্চিতভাৱে নাম জনা কোনো বিষয় বিচাৰিবলৈও একে প্ৰক্ৰিয়া অৱলম্বন কৰক ।

অনির্দিষ্ট যিকোনো প্ৰবন্ধ

অ-পূৰ্বনিৰ্ধাৰিতভাৱে কোনো প্ৰবন্ধ চাব খুজিলে ৱিকিপিডিয়াৰ পৃষ্ঠাৰ বাওঁফালে থকা যিকোনো প্ৰবন্ধ সংযোগটোত ক্লিক কৰক ।

বিষয়শ্ৰেণী অনুযায়ী অনুসন্ধান

নিৰ্দিষ্ট বিষয়বস্তু বা বিভাগৰ প্ৰবন্ধ চাব খুজিলে বেটুপাতৰ বিষয়সূচীলৈ যাওক ।

মন্তব্য কৰিবলৈ

যদি আপুনি কোনো প্ৰবন্ধত ভুল তথ্য দেখিছে বা সেইটো উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়াব খুজিছে, তেন্তে প্ৰবন্ধটোৰ আলোচনা পৃষ্ঠালৈ গৈ "সম্পাদনা" বা "বিষয় যোগ" টিপক আৰু খোল খোৱা পৃষ্ঠাত আপোনাৰ গঠনমূলক পৰামৰ্শ লিখক ।

[সম্পাদনা কৰক] আপুনি যদি এজন অৱদানকাৰী/সদস্য

ৱিকিপিডিয়া সকলোৰে বাবে মুকলি । সেইবাবে অৱদানকাৰীয়ে কিছুমান নীতি আৰু নিৰ্দেশাৱলী মানি চলাটো প্ৰয়োজনীয় ।

[সম্পাদনা কৰক] ৱিকিপিডিয়াৰ পৰিচয়

1leftarrow.png সহায়:সমল
পৰিচয়   সম্পাদনাৰ বিষয়ে আৰু জানক   ৱিকিপিডিয়াত বিচৰণ কৰক   সহায়িকা

ৱিকিপিডিয়া কি?

Image of Wikipedia showing the edit link above the page title. Screen readers may show this under the "views" heading.
প্ৰবন্ধ এটাত সালসলনি কৰিবলৈ "সম্পাদনা"ত ক্লিক কৰক
Video inviting you to edit pages on Wikipedia.
ৱিকিপিডিয়াৰ সম্পাদনাৰ সহায়ক ভিডিঅ' (ইং)



ৱিকিপিডিয়া এখন মুক্ত বিশ্বকোষ। সাধাৰণতে ৱিকিপিডিয়া ব্যৱহাৰ কৰা পাঠকসকলৰ নিচিনা সাধাৰণ মানুহেই পৰস্পৰে পৰস্পৰৰ লগত সহযোগিতা কৰি ৱিকিপিডিয়া লিখি উলিয়াইছে। এনেকৈ লিখাকে সহযোগিতামূলক সংকলন বা Collaborative editing বোলে। ৱিকিপিডিয়াৰ ৱেবচাইটটোত এনে কৰাৰ বিশেষ সুবিধা প্রদান কৰা হৈছে, যাতে পৃথিৱীৰ যিকোনো স্থানৰে পৰা কৰিব পৰা সহস্রাধিক সম্পাদনাকাৰ্যও সকলোৱে একেলগে কৰি থাকিব পাৰে। এনে ৱেবচাইটক "ৱিকি" বোলা হয়। সম্পাদনাৰ ৰেকৰ্ডসমূহ যিকোনো পৃষ্ঠাৰ "ইতিহাস চাওক" "টেব"ৰ পৰা বা সাম্প্রতিক সালসলনিসমূহ পৃষ্ঠাৰ পৰা চাব পাৰি। ৱিকিপিডিয়াৰ বিষয়ে আৰু ভালদৰে জানিবলৈ ৱিকিপিডিয়াৰ বিষয়ে (ইংৰাজী) চাওক।


আপুনি কেনেকৈ লিখিব?

প্রথম কথা: লিখিবলৈ ভয় নকৰিব - যি কোনো ব্যক্তিয়ে ৱিকিপিডিয়াৰ প্রায় সকলো পৃষ্ঠাতে লিখিব পাৰে, আৰু আমি তেওঁলোকক সাহসী হ'বলৈ উৎসাহ যোগাইছোঁ! অন্য কামো কৰিব পাৰে - যেনে: বানান, ব্যাকৰণ আদি চাই দিয়া, কোনো এটা প্রবন্ধ উন্নত বা সুখপাঠ্য কৰা, নতুন কিবা সংযোগ-বিয়োগ কৰা ইত্যাদি। নতুন তথ্য যদি যোগ কৰিব খুজিছে তেন্তে অনুগ্রহ কৰি উপযুক্ত প্রসংগ সূত্র যোগ কৰে যেন যাতে প্রয়োজন অনুসৰি মিলাই চাব পৰা যায়। (উত্‍সৰ উল্লেখ আৰু প্ৰামাণ্যতা চাই লওক।) প্রাসংগিক তথ্য প্রবন্ধৰ আলোচনা পৃষ্ঠাতো লিখিব পাৰে। বিতৰ্ক সৃষ্টি হ'ব পৰা বিষয়ে এনেকৈ আলোচনা কৰি লিখাই ভাল।


ভয় নকৰিব, ৱিকিপিডিয়া আপুনি লিখা কাৰণে "বেয়া" হ'ব নোৱাৰে, কিবা হ'লে ইয়াক সহজতে আগৰ নিচিনা কৰিব পৰা যায়, বা আপোনাক কোনেও গালিও নিদিয়ে। লিখা-মেলাত ভুল হ'লেও পাচত কোনোবাই নিশ্চয় শুধৰাই লিখিব।


আহক, এতিয়াই লিখি নাচায় কিয়?

  1. ইয়াত ক্লিক কৰি পৰীক্ষাগাৰত হাতে-কামে কৰি চাব পাৰে (যদি তাত আগৰপৰাই কিবা লিখা আছে, তেন্তে সেইবোৰৰ তলত লিখক।)
  2. বাক্য কেইশাৰীমান টাইপ কৰক।
  3. আপোনাৰ সালসলনি চাবৰ বাবে খচৰা দেখুৱাওক ক্লিক কৰক আৰু ইয়াত যদি আপুনি সুখী তেন্তে পৃষ্ঠা সাঁচক ক্লিক কৰক।
পৰৱৰ্তী অধ্যায়: সম্পাদনাৰ বিষয়ে আৰু জানক
ব্যক্তিগত সৰঞ্জাম

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত